top of page


কৃতজ্ঞতা বোধে সমাজ সুন্দৰ কৰে
ৰাল্ফ ৱাল্ডো এমাৰ্ছন (Ralph Waldo Emerson) এজন আমেৰিকান দাৰ্শনিক, কবি, প্ৰবন্ধকাৰ আৰু চিন্তাবিদ আছিল। তেখেতে কৈছিল - “Gratitude is not only the greatest of virtues, but the parent of all others.” "কৃতজ্ঞতা কেৱল সৰ্বশ্ৰেষ্ঠ গুণ নহয়, ই সকলো গুণৰ জননী। " যি উপকাৰ, সহায় বা মৰম আমি আনৰ পৰা লাভ কৰোঁ, তাৰ প্ৰতি আমি হৃদয়ৰ পৰা দিয়া স্বীকৃতিকে কৃতজ্ঞতা বুলি আমি ক'ব পাৰো । ই এক মানৱীয় গুণ, যিয়ে আমাক মানুহ হিচাপে মহৎ কৰি তোলে। আজিৰ সমাজত অকৃতজ্ঞ মানুহৰ সংখ্যা কম নহয়। এই অকৃতজ্ঞ চাম

সুৰজিৎ গোস্বামী
Mar 4


প্ৰগতিশীল চিন্তাৰ বাটকটীয়া শংকৰদেৱ
বিশ্বৰ কমিউনিজমৰ বাস্তব ৰূপ দিওঁতা প্ৰথম কোন বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰত ক'ব পাৰো যে শ্ৰীমন্ত শংকৰদেৱেই প্ৰথম বাটকটীয়া ; কিন্তু সকলোয়েই ভাবে যে কমিউনিজমৰ বাটকটীয়া কাৰ্লমাক্স আৰু এঞ্জেলচহে । কোৱা হয় সাম্যবাদৰ চিন্তা চৰ্চা পাচশ পঞ্চাশ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত বৰ্ষত প্ৰচাৰ কৰা থৈ গৈছে । কাৰ্লমাক্স এঞ্জেলচছ আদি ব্যক্তিসকলে সৌ সিদিনাহে অৰ্থাৎ উনৈশ শতিকাত তাৰ প্ৰচলন কৰিছে । আজিৰ মাৰ্ক্সীয় দৰ্শনত শোষক ,ধনী আৰু দুখীয়া শ্ৰেণীৰ কথা চৰ্চিত হৈছে ,গুৰুজ


মানৱ সম্পদ বিকাশত নাৰীৰ প্ৰভাৱ
পৌৰাণিক যুগৰ পৰাই নাৰীৰ বিষয়ে চৰ্চিত হৈ আহিছে। অতীততে সনাতন সভ্যতাত নাৰীক কিমান উচ্চস্থান দিয়া হৈছিল আৰু নাৰী শক্তিয়েও পতিব্ৰতা ,নিয়ম আৰু আস্থাৰ মাজেৰে কিদৰে নিজক মহীয়ান কৰি তুলিছিল তাৰ সুন্দৰ নিদৰ্শন ঋষি মুনি সকলে ৰচনা কৰা চাৰিবেদ,ব্ৰহ্মসুক্ত, উপনিষদ, মহাভাৰত, ৰামায়ণ আদিত উল্লেখিত। নাৰীৰ জীৱন কেৱল সন্তান উৎপাদন কৰায়েই উদ্দেশ্য নাছিল। তাৰ সমান্তৰালভাৱে সমাজখনক পূৰ্ণতা প্ৰদান কৰাৰ ধৰ্ম ও পালন কৰিছিল । সেয়েহে লক্ষ্মীস্বৰূপা নাৰীৰ সন্দৰ্ভত আচাৰ্য মনুৱে উল্লেখ কৰিছে __

জ্যোতিকা বৰা
Mar 3


দেশে দেশে যুদ্ধক্ষেত্ৰত লেডী আৰ্মি ব্ৰিগেড
স্বাধীনতা সংগ্ৰামত অস্ত্ৰ লৈ যুদ্ধ কৰা ঝাঁসীৰাণী লক্ষ্মীবাইৰ সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি "শেষ তৰোৱালৰ শব্দ " নামৰ হিন্দীত লিখা নাটক এখন বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে চাইছিলোঁ। নাটকৰ পটভূমি আছিল ১৮৫৮ চনৰ গোৱালিয়ৰৰ যুদ্ধৰ । সন্মুখৰ মঞ্চ যুদ্ধৰ ধোঁৱাই আকাশ ঢাকিছে।মঞ্চৰ মাজত আহত অৱস্থাত নাৰী যোদ্ধা ৰাণী লক্ষ্মীবাইৰ হাতত এখন তৰোৱাল আছিল আৰু চকুত ক্লান্তি অথচ মুখত দৃঢ়তা অটুট আছিল। ৰাণী লক্ষ্মীবায়ে কৈ গৈছিল- " নাৰী যোদ্ধাই পলায়ন নকৰে।মই যদি পলাই যাওঁ ইতিহাসে মোক ঘিণ ক

ড০ শৰৎ বৰকটকী
Mar 3


বিদেশত মহাত্মা গান্ধীৰ স্মৃতিসৌধ দৰ্শন
সৰুতে কিতাপত পঢ়িছিলোঁ -- 'আমাৰ বাপুজী মানুহ নাছিল নৰৰূপী ভগবান গোটেই বিশ্বই সমস্বৰে যাৰ গাইছে বন্দনা গান --' এই গৰাকী মহামনীষাৰ এক বিশাল স্মৃতিসৌধ দেখাৰ সৌভাগ্য ঘটিছিল উত্তৰ আমেৰিকাৰ টেক্সাচ প্ৰদেশৰ আৰভিং নগৰত। বিদেশৰ মাটিত বাপুজীৰ বিশাল আবক্ষ মূৰ্তি দেখি গৌৰৱত বুকু ফুলি উঠিছিল। বৰ্তমান সেই ঠাই পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হৈ পৰিছে ।শাৰী শাৰী বিজুলি বাতিৰে তিৰবিৰাই থকা ৰাজ পথেৰে গৈ আমি যি ঠাইত উপস্থিত হ'লোঁগৈ সেয়া আমাৰ বাবে আশ্চৰ্য। স

দীপ্তি দেৱী শৰ্মা
Feb 3


যুৱ উচ্ছৃংখলতা আৰু আজিৰ সমাজ
বৰ্তমান সমাজ ব্যবস্থাত এটি মন কৰিবলগীয়া বিষয় হৈছে যুৱ উচ্ছৃংখলতা। বৰ্তমান সময়ত যুৱ সমাজ এখনেহে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। যুৱ শক্তিক কেন্দ্র কৰি গা কৰি উঠা প্ৰধান সমস্যা যুৱ উচ্ছৃংখলতাই ভয়াবহ ৰূপ লৈ উঠিছে। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতাত এচাম যুৱক-যুৱতীয়ে আত্ম নিয়ন্ত্রণ হেৰুৱাৰ ফলতেই যুৱ উচ্ছৃংখলতাৰ সৃষ্টি হয়। যুৱ সমাজৰ এচাম বিপথে পৰিচালিত হোৱাৰ মূল কাৰণেই হৈছে পৰিয়াল, সমাজ, ৰাজ্য তথা দেশৰ পাৰিপাৰ্শ্বিক অৱস্থা। এটি শিশুৱে জন্ম হোৱাৰে পৰা পৰিয়ালৰ লোকসকলক অনুসৰণ কৰে। অস
ভাস্বতী কলিতা
Feb 2


উত্তৰ আধুনিক চিন্তাত লোকবিশ্বাস,বিজ্ঞান আৰু দৰ্শনৰ সংঘাত
ঘটনাটো ভাৰতৰ এখন মহানগৰৰ। মটৰ গাড়ী, ৰেল, উৰাজাহাজৰ শব্দ,চকু চমক লগা বিজুলীৰ পোহৰৰ মাজতো এবাৰ এজন বন্ধুৰ দেহত অপশক্তি লম্ভিল বুলি পূজা অৰ্চনা কৰি পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খাইছিল। কিতাপৰ পাতত পালো অপশক্তিৰ প্ৰতি থকা আদিম মানুহৰ কিমান বিশ্বাস।মোৰ মায়ে কৰতি পুথিৰ বিষয়ে কোৱা কথা মনত আছে। বায়ু কৰতি, মৎস কৰতি,গুৰু কৰতি বিষয়ে কৈছিল। ভূত - প্ৰেত ,যক্ষ - যখিনী, পিশাচ, বীৰা, বুঢ়া ডাঙৰীয়া আদি জয়াল কাহিনীবোৰে শৈশৱত আমাক তীব্ৰ আকৰ্ষণ কৰিছিল। ড০ নিৰ্মল প্ৰভা বৰদলৈয়ে লোক

ড০ শৰৎ বৰকটকী
Feb 2


প্রতিবিম্ব
আজিকালি প্রায়েই অভিযোগ শুনা যায় ল'ৰা-ছোৱালীয়ে বৃদ্ধ অৱস্থাত মাক-দেউতাকক নাচায়। দোষটো কেৱল ল'ৰা-ছোৱালীৰ নে? নে মাক-দেউতাকে জীৱনৰ পথ প্রদর্শন কৰোঁতে ক'ৰবাত ত্রুটি ৰাখি থৈ যায়? ঘৰলৈ মগনীয়া এটা আহিছে। ঘৰৰ গৃহস্থ দুই ধৰণৰ হ'ব পাৰে। এজনে বিনা বাক্যব্যয়ে যি পাৰে ভিক্ষা দি বিদায় দিব অন্য এজনে আকৌ ধমকি মাৰি খেদি পঠিয়াই, নতুবা কিবা এটা দি আজিৰ পৰা নাহিবি ধৰণৰ কথা কৈ ভিক্ষাৰীক বিদায় দিয়ে।'খুৰাক বা বৰদেউতাকৰ অৱস্থা তুলনামূলকভাবে ভাল নহয়।' কিবা সাহায্য বিচাৰি আহিলে কোনো কোনোৱে ভাতৃস

মনোজ কুমাৰ শৰ্মা
Feb 2


সফলতা আৰু সুখ
আমি জীৱনজুৰি সুখৰ সন্ধানত ঘূৰি ফুৰোঁ, সফলতাৰ পিছে পিছে দৌৰিবলৈ শিকো; কিন্তু মনত প্রশ্নৰ উদয় হয় সফল হোৱা প্রতিজন ব্যক্তি সুখী জানো? বা সুখী হোৱা প্রতিজন ব্যক্তি সফলনে? কি সম্পর্ক বাৰু সুখ আৰু সফলতাৰ মাজত। পাৰস্পৰিক নিৰ্ভৰশীলতা নে ইটো আনটোৰ পৰা পৃথক? সুখৰ সংজ্ঞানো কি? সুখ আৰু সফলতাই জীৱনৰ উদ্দেশ্যনে? দুয়োটা চিৰস্থায়ী জানো? বিজ্ঞানৰ মতে সুখ হৈছে একপ্ৰকাৰৰ হৰম'নৰ ক্ৰিয়া। সুখৰ অনুভূতিৰ ক্ষেত্রত জড়িত হৈ থাকে বিভিন্ন হৰম'ন। আমাৰ শৰীৰত হৰম'নে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
বেনজিন চুলতানা
Feb 2


শুভ কামনা
আমি দৈনন্দিন জীৱনত বিভিন্ন উপলক্ষত এজনে আনজনক শুভ কামনা জনাওঁ। আপোনাৰ 'ভাল হওঁক ' বা আপুনি 'সফল হওঁক ' বুলি কোৱা এটা সৰল কথাই আন এজনৰ মনত নতুন উৎসাহ আৰু আত্ম বিশ্বাস জগাই তোলে । বৰ্তমান ব্যস্ত জীৱনত মানুহে বহু সময়ত অনুভূতি প্ৰকাশ কৰিবলৈ পাহৰি যায়। কিন্তু শুভ কামনাৰ দৰে সৰু অথচ মূল্যৱান আচৰণে সমাজখন অধিক সুন্দৰ আৰু মানৱিক কৰি তুলিব পাৰে। মানৱ সমাজত সৌহার্দ্য, সহানুভূতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাত শুভ কামনাৰ ভূমিকা অপৰিসীম। এজন মানুহে আন এজনৰ মংগল, সুখ আৰু সফলতাৰ বাবে যি আন

সুৰজিৎ গোস্বামী
Feb 2


ভোগৰ মজিয়াৰ পৰা
শীত আহিলেই চকুৱে মণিব পৰালৈকে চিনাকি পথাৰখনত কুঁৱলিয়ে ছাউনি পাতে। নিশা নিয়ৰৰ টোপালবোৰেও শীত অহাৰ সংবাদ দিয়েহি। শীত অহা মানে ৰ'দ হৈ পৰে সোণৰ সোলেং। শীতৰ দোকমোকালিত বননিখনে শুকান পাত সৰোৱাই নিয়ৰ সিঁচা বতাহত ৰ'দৰ কোলাত ডাৱৰ ওমলি থকাৰ খবৰ দিয়ে। শীত অহাৰ খবৰ পালে ধাননি ডৰাত ৰ'দ আৰু ছাঁয়ে লুকাভাকু খেলে। হেমন্তৰ ৰঙা ডাকৰ বাকচটোত শীত অহাৰ খবৰটো কোনে জানো থৈ আহিছিল! তাৰ পিছতেই কমলা, আপেল, আমলখিৰে বিপুল ফলৰ সম্ভাৰ, নার্জি-ডালিয়া-ইন্দ্ৰমালতীৰ সৌন্দৰ্য-সম্ভাৰে হৃদয়ত থৌকিবাথৌ লগায়।.

ড০ শৰৎ বৰকটকী
Jan 5


ভোগালী- স্মৃতিৰ ফাঁকেদি
দূৰদৰ্শনত 'ভোগালী'ৰ অনুষ্ঠানবোৰ চাই থাকোতে স্মৃতিয়ে লৈ যায় আমাৰ দিনবোৰলৈ- য'ত আমাৰ শৈশৱ,কৈশোৰ, যৌৱন নিহিত হৈ আছে । উৰুকাৰ ৰাতি পথাৰত সজা 'ভেলাঘৰ' ত ভোজ-ভাত খাই বহু ৰাতি হোৱাকৈ ঘৰ পাওঁ, কেতিয়াবা খেৰৰ পুঁজিটো কটাও । বিহুৰ দিনা ব্ৰহ্ম পুৱাতে 'মায়ে' জগাই দিয়ে ।বাৰীৰ তামোল- নাৰিকল গছ কেইডালত বাহেৰে কোবাই চিঞঁৰো- "লাগ লাগ লাগ ঐ আমাৰ তামোল ডাল লাগ ঐ লাগ লাগ লাগ ঐ আমাৰ নাৰিকল ডাল লাগ ঐ" কপি কপি ঠাণ্ডা পানীৰে গা ধুই নতুন

থানেশ্বৰ মালাকাৰ
Jan 5


ঠেঙাল সকলৰ মাঘ বিহুৰ পৰম্পৰা
ঠেঙাল সকল অসমৰ এটি অতি ক্ষুদ্ৰ জনগোষ্ঠী । জনসংখ্যাৰ হিচাপত প্ৰায় তিনি লক্ষত কৈ বেছি নহয়। ঠেঙাল জনগোষ্ঠীৰ মূল শিপা ডাল তিব্বতীয় মংগোলীয় বড়োমূলৰ হ'লেও ডিমাচা সকলৰ লগতহে সম্বদ্ধটো বেছি ওচৰৰ । অসমৰ যোৰহাট জিলাৰ তিতাবৰত, গোলাঘাট জিলাৰ দৈয়াং অঞ্চল ঠেঙাল সকলৰ জনবসতি প্ৰধান হলেও শিৱসাগৰ ,লক্ষ্মীমপুৰ , ধেমাজি , ডিব্ৰুগড় , ঢকুৱাখানা আদি অঞ্চলতো ঠেঙাল জনগোষ্ঠীৰ লোক সিচঁৰিত হৈ আছে । কছাৰী বুৰঞ্জী মতে ১৫২৬ খৃষ্টাব্দত কছাৰীসকল আহোম সকলৰ লগত যুদ্ধত পৰাস্ত হৈ প্ৰথমে ডিমাপ


প্ৰেম আৰু দুখ -- হৃদয়ৰ অলিন্দ আৰু নিলয়
আমি কওঁ , প্ৰেম মানৱ-মনৰ সবাতোকৈ সুন্দৰ অনুভূতি ; সকলো শক্তিৰ ভিতৰত শ্ৰেষ্ঠ শক্তি । আমি কওঁ-- প্ৰেমতেই ঘূৰে ভূমণ্ডল , প্ৰেমতেই ফুলে শতদল । তেনেহ'লে পৃথিৱীত ইমান অপ্ৰেম কিয় ? ইমান ঘৃণাৰ বিষবাষ্প কিয় ? বহুযুগ ধৰি পৃথিৱীৰ সৰ্বদিশত প্ৰেমৰ বাণী প্ৰচাৰিত হৈ থকা স্বত্বেও মানুহক সুখ-শান্তি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰেম ব্যৰ্থ হৈ আহিছে কিয় ? কাৰণ ,পৃথিৱীত যিধৰণৰ প্ৰেম প্ৰচলিত হৈ আহিছে , সেই প্ৰেমত ক্ষুদ্ৰ স্বাৰ্থ অধিক পৰিমাণে জড়িত হৈ থাকে । তেনে প্ৰেমে কেতিয়াবা বন্ধনৰ সৃষ্টি কৰে , কেতি

ডাঃ হেমন্ত কুমাৰ গোস্বামী
Dec 2, 2025


বিদেশত অসমীয়া সাহিত্যৰ সাধনা
অসমৰ আকাশত স্বাধীনতাৰ সোণালী পোহৰ আৰু মুক্ত বতাহে চুই যোৱাৰ কেইবছৰমান পাছতেই উচ্চ শিক্ষা, কৰ্ম জীৱনৰ অভিজ্ঞতা আৰু জীৱনৰ এটা নতুন দিশ বিচাৰি এমুঠি অসমীয়াই দেশ এৰি বিদেশ অভিমুখে যাত্ৰা কৰিছিল। অধিক সংখ্যকৰ লক্ষ্যস্থান আছিল যুক্তৰাষ্ট্ৰ ,গ্রেইটব্রিটেইন। নিজৰ পৰিয়াল, সংস্কৃতি, সঙ্গীতৰ লগতে অসমৰ সুৱদি ভাষাটোৰ লগতো বন্ধন ছিঙি দেশ এৰি বিদেশৰ ভাষা সংস্কৃতি, নতুন জীৱন নীতি আঁকোৱালি ললে। লগত বান্ধি লৈ অহা সামগ্রীৰ লগতে কেইজনমান ভাষা প্রেমীয়ে অসমীয়া ভাষাৰ প্রেমৰ কঠিয়াও গোপনে হৃ

নিৰলা বৰুৱা
Dec 1, 2025


উপহাৰ: সাধাৰন মানুহৰ পৰা জননেতালৈ
উপহাৰ মানৱ সংস্কৃতিৰ এক সুকীয়া ভাষা,যাৰ শব্দ নাথাকিলেও হৃদয়ৰ বাণী থাকে। উপহাৰ মানুহৰ প্রতি স্নেহ নিবেদন ,হৃদয়ৰ মাজত ঠাই বিচাৰি পোৱাৰ এক অমূল্য মাধ্যম। কোনো আনন্দ, মৰম বা সামাজিক দায়িত্ব বুজাবলৈ মানুহে উপহাৰ বিনিময় কৰে। উপহাৰ মানে মানসিক, সাংস্কৃতিক আৰু সামাজিক মূল্যবোধৰ প্ৰতীক। বিভিন্ন পৰিস্থিতিত উপহাৰ বাচনিৰ উদ্দেশ্য আৰু অৰ্থ বেলেগ হয়। উপহাৰ হৈছে সৌজন্য আৰু মৰমৰ সূক্ষ্ম কলা। উপহাৰ হৈছে সম্পৰ্ক গঢ়ি তোলাৰ এক সেঁতু। উপহাৰৰ সৈতে মান-সম্মান বা সামাজিক মর্যাদা প্ৰকাশ পায়। বহু

ড০ শৰৎ বৰকটকী
Dec 1, 2025


ডঃ ভূপেন হাজৰিকাৰ দৃষ্টিত শ্রীমন্ত শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ সম্পর্কত অসমৰ ওপৰিও দেশ-বিদেশৰ গুণীজনে বিভিন্ন সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য কৰি আহিছে। তেনে গুণীজনৰ তালিকা অতি দীঘলীয়া। তাৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণু প্রসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডঃ ভূপেন হাজৰিকাৰ মন্তব্য বা তেখেতসকলৰ দৃষ্টিভংগী অতি গুৰুত্বপূৰ্ণ ,যুগান্তকাৰী। মহাপুৰুষ মাধৱদেৱৰ পিছত এই চাৰিগৰাকী মহান ব্যক্তিয়েই গুৰুজনা সম্পর্কত যিখিনি কথা কৈছে- গুৰুজনাক জানিবলৈ, তেৰাৰ মহত্ত্ব উপলব্ধি কৰিবলৈ সেইখিনিয়েই যথেষ্ট বুলি

থানেশ্বৰ মালাকাৰ
Oct 25, 2025


তিব্বতৰ থুপতেন ককাইদেউ
আমি ফেচবুকৰ কথা প্ৰথম শুনিছিলো ২০০৭ চনত ৷ শুনিহে আছিলো, ভাৰততো ফেচবুক উপলব্ধ ২০১০ চনতে হব বুলি ভবাই নাছিলো। ভাৰতত ফেচবুক উপলব্ধ হোৱা গম পোৱাৰ পাচতেই আমি ফেচবুক একাউণ্ট এটা খুলিলো ৷ সেই সময়ত ফেচবুকত আজিৰ দৰে ভিৰ ভাৰ নাছিল ৷ আমাৰ বন্ধুৰ তালিকাখনো আজিৰ দৰে ইমান দীঘল নাছিল ৷ বন্ধু বান্ধবীৰ সংখ্যা কম আছিল কিন্তু বন্ধু বান্ধবী সকলৰ মাজত এটা সুন্দৰ সম্পৰ্ক আছিল ৷ সন্ধিয়া কাম বন শেষ কৰি লেপটপটো খুলি লৈ ফেচবুক খুচৰি যি কেইজন বন্ধু আছিল তেওঁলোকৰ লগত কথা বতৰা পতাৰ লগতে তেওঁলোকৰ পোষ্

ববিতা শইকীয়া
Oct 24, 2025


সাহিত্যৰ নোবেল বঁটা বিজয়ী লাছল' ক্রাজনাহ'কাইৰ সৃষ্টিত অভিনৱ শৈলী
“Style is the man himself”- ফ্ৰান্সৰ ১৮শ শতিকাৰ প্ৰসিদ্ধ সাহিত্যিক জৰ্জ-লুই লেক্লাৰ, কম্ত দ্য বুফ’ন (Georges-Louis Leclerc, Comte de Buffon) ৰ বিশেষ উক্তি । তেওঁ কৈছিল: “Le style c’est l’homme même.” অৰ্থাৎ বুফ’নৰ মতে, এজন লেখকৰ শৈলী (style) মানে তেওঁৰ ব্যক্তিত্ব, চিন্তা-চেতনা আৰু অন্তৰ আত্মাৰ প্ৰতিফলন। এজন মানুহৰ অন্তৰৰ মানসিক গুণ, বুদ্ধি, সংবেদনশীলতা আৰু জীৱন দৃষ্টিভংগী তেওঁৰ লিখনশৈলীত প্ৰকাশ পায়। এইবছৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী লাছল' ক্রাজনাহ'কাইৰ ক্ষেত্ৰত এই কথাষাৰ প্ৰ

ড০ শৰৎ বৰকটকী
Oct 24, 2025


“মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়েই কাঞ্চনজংঘা।”
অসমৰ সাংস্কৃতিক আকাশৰ এটি উজ্বল নক্ষত্ৰ অনাকাংক্ষিত ভাৱে অকালতে সৰি পৰিল, উকা হৈ গ’ল এটি জ্যোতিস্কৰ অসাধৰন অম্লান জ্যোতি।যি জ্যোতিৰ...
ড০ বলেন্দ্ৰ কুমাৰ দাস
Sep 23, 2025
bottom of page


