top of page

প্রতিবিম্ব

Updated: Feb 3

 

     

     আজিকালি প্রায়েই অভিযোগ শুনা যায় ল'ৰা-ছোৱালীয়ে বৃদ্ধ অৱস্থাত মাক-দেউতাকক নাচায়। দোষটো কেৱল ল'ৰা-ছোৱালীৰ নে? নে মাক-দেউতাকে জীৱনৰ পথ প্রদর্শন কৰোঁতে ক'ৰবাত ত্রুটি ৰাখি থৈ যায়?

  

ঘৰলৈ মগনীয়া এটা আহিছে। ঘৰৰ গৃহস্থ দুই ধৰণৰ হ'ব পাৰে। এজনে বিনা বাক্যব্যয়ে যি পাৰে ভিক্ষা দি বিদায় দিব অন্য এজনে আকৌ ধমকি মাৰি খেদি পঠিয়াই, নতুবা কিবা এটা দি আজিৰ পৰা নাহিবি ধৰণৰ কথা কৈ ভিক্ষাৰীক বিদায় দিয়ে।'খুৰাক বা বৰদেউতাকৰ অৱস্থা তুলনামূলকভাবে ভাল নহয়।' কিবা সাহায্য বিচাৰি আহিলে কোনো কোনোৱে ভাতৃস্নেহত না ক'ব নোৱাৰি যি পাৰে সহায় কৰে আৰু আন কোনোৱে 'মোৰ গছত টকা লাগে নেকি?জোকাৰিলে সৰি পৰিব।' জাতীয় কথা কৈ সহায় কৰাৰ পৰা বিৰত থাকে।

     

যৌথ পৰিয়ালত থকাসকলৰ কিছু সংখ্যকে নিজ পৰিয়ালটোৰ বাবে ফল-মূল, গাখীৰ আদি

 নিজৰ শোৱনি কোঠাত জমা ৰাখি পৃথককৈ ভোগ কৰা দেখা যায়।সৰু সৰু ল'ৰা-ছোৱালীকেইটাৰ মাজত কাজিয়া লাগিলে মাক-দেউতাকসকলে নিজ নিজ সন্তানক দোষমুক্ত কৰি আনৰটোৰ ওপৰত দোষ জাপি দিয়া দেখা যায়। কোনোবা সময়ত ল'ৰা-ছোৱালীয়ে ঘৰৰপৰা খোৱা বস্তু নি লগৰ সমনীয়াৰ লগত ভগাই খাব বিচাৰে। কোনো কোনো গৃহস্থই নিজৰ ল'ৰা-ছোৱালীক কয়- 'ইমান দামৰ বস্তু এনেকৈ ভগাই দিব নালাগে নহয়, তোমালোকৰ বাবেহে আনিছোঁ।'


কিছু সংখ্যক মাক-দেউতাকে ল'ৰা-ছোৱালীক কেৱল পঢ়া-শুনাতে লগাই থকা দেখা যায়। খেল, নাচ, গান, আর্ট জাতীয় মনৰ দিগন্ত বিকশিত কৰিব পৰা কামত জড়িত কৰাব নিবিচাৰে। পৰীক্ষাত প্রথম হোৱাটোৱেই একমাত্র কৰ্তব্য বুলি ল'ৰা-ছোৱালীৰ কোমল মনত সুমুৱাই দিয়ে।

ঘৰলৈ আলহী আহিলে ওলাই আহি এষাৰ মাত দিয়া আৰু ককাক-আইতাকৰ দৰে নিকট সম্বন্ধীয় কোনো লোক আহিলে ল'ৰা-ছোৱালীক অলপ সময় কথা পাতিবলৈ এৰি দিয়া ধৰণৰ ন্যূনতম সুবিধাখিনিও পঢ়াৰ অজুহাততেই ল'ৰা-ছোৱালীক দিব নিবিচৰা গৃহস্থৰ সংখ্যাও তাকৰ নহয়। তেনে লোকৰ লগত আত্মীয়তাৰে কথা এষাৰ পতাত মাক-দেউতাকে ল'ৰা-ছোৱালীক উৎসাহ দেখুওৱা কার্য আজিকালি কিছুমান পৰিয়ালত দুৰুঢ় হৈ পৰিছে। কোনো কোনোৱে নিজৰ বংশ-পৰিয়াল, মিতিৰ-কুটুম্ব বা ওচৰ-চুবুৰীয়াৰ ঘৰৰ সকামত ল'ৰা-ছোৱালীক যাবলৈ নিদিয়াৰ কথাও শুনা যায়। তেনে অনুষ্ঠানত যোগ দিবলৈ ল'ৰা-ছোৱালীৰ আগ্রহ জন্মোৱাৰ সলনি ঘৰতে বহি টি ভি, কম্পিউটাৰ চাই সময় কটালে বহুতো অভিভাৱকে ভালপোৱা দেখা যায়।

   

এনেধৰনৰ আলোচনাৰ পৰা এটা কথা ফটফটীয়াকৈ ওলাই পৰে যে একাংশ অভিভাৱকে আওপকীয়াকৈ ল'ৰা-ছোৱালীক পাৰিবাৰিক, সামাজিক পৰিৱেশৰপৰা আঁতৰাই একান্তভাৱে ব্যক্তিকেন্দ্রিক জীৱন শৈলী এটাৰ সৃষ্টি কৰাত অৰিহণা যোগায়। আমাৰ সমাজত আজিও বহুতেই বিশ্বাস কৰে যে এজন লোকে নিজ মাক-দেউতাকৰ লগত যি ধৰণৰ সম্পৰ্ক ৰক্ষা কৰি চলে তেনেধৰণৰ কথা-বতৰাবোৰ ল'ৰা-ছোৱালীয়ে স্বাভাবিকভাবেই অনুধাৱন কৰে আৰু সময়ত সেইবোৰ তেওঁলোকৰ মাজেদি প্রকাশ পায়। দেউতাক-মাকৰ কথা-কামত যদি কিবা লুক-ঢাক থাকে সেইবোৰ ল'ৰা-ছোৱালীৰ চকুত পৰিবই আৰু সন্তান-সন্ততিসকলে নিজে গম নোপোৱাকৈ শিকি থ'ব। সময়ত সেইবোৰেই ল'ৰা-ছোৱালীৰ মন আকাশত গোট খোৱা মেঘৰ পৰা বৰষিব, প্রকাশ হ'ব। সদায় আনৰ দোষ দেখি সমালোচনা কৰি থকা ঘৰ এখনত থাকোঁতে থাকোঁতে ল'ৰা-ছোৱালীয়ে নিজৰ দোষবোৰকো গুণ হিচাপেই চিহ্নিত কৰে ফলত কালক্ৰমত মানুহৰ সহোদৰ হিচাপে জন্ম পোৱা বিবেকৰ দাঁতবোৰ ভোটা হৈ পৰে বা কামুৰিলেও সেয়া গুৰি পৰুৱাৰ কামোৰৰ দৰে ক্ষন্তেকীয়া ধৰণৰ হৈ পৰে। ফলত বেয়া কাম বা আনৰ মনত দুখ দিব পৰা কাম কৰোঁতে তেওঁলোক সিদ্ধহস্ত হৈ পৰে।

      

মানৱ জীৱনৰ ওপৰত ধৰ্মৰ প্ৰভাৱটো বিচাৰ কৰি চাবলগীয়া বিষয়। মন্দিৰ, মছজিদত গ'লেই এজন মানুহ ধার্মিক হ'ব নোৱাৰে বুলি বহুতেই ক'ব খুজিলেও এটা কথা সত্য যে মানুহ এজনৰ দোষ ধৰিবলৈ, শাস্তি বিহিবলৈ বা আশীর্বাদ দিবলৈ কোনোবা এজন আছে বুলি যেতিয়া এজনে বিশ্বাস কৰে তেওঁ কেতিয়াও নিজকে সর্বশক্তিমান বুলি ভাবি অহংকাৰ কৰিব নোৱাৰে।দেউতাক-মাকে ভগৱানক প্রার্থনা কৰা দেখিলে ল'ৰা-ছোৱালীয়েও কৰিব বিচাৰে বা কৰে। ফলত তেনে ল'ৰা-ছোৱালী অহংকাৰত মত্ত হোৱাৰ আশংকা কম থাকে। বয়সৰ লগে লগে তেওঁলোকে যেতিয়া কনিষ্ঠই জ্যেষ্ঠক, শিষ্যই গুৰুক, মাক-দেউতাকে ককাক-আইতাকক নমস্কাৰ, সেৱা কৰা দেখিব সেই সংস্কাৰবোৰ তেওঁলোকৰ নিজৰ হৈ পৰিব। নম্র-বিনয়ী ল'ৰা-ছোৱালীক দুর্জন তথা অহংকাৰীজনেও মৰম কৰিবলৈ, আশীৰ্বাদ দিবলৈ অন্তৰৰ কোনোবা চুকত সুপ্ত হৈ থকা বিবেকৰ নির্দেশত বাধ্য হয়। ফলত সমাজৰ স্বীকৃতি পাই সৎপাত্ৰত পৰিণত হোৱা সেই ল'ৰা-ছোৱালী বিলাকে আনক বিপদত সহায় কৰি পোৱা আত্মতৃপ্তিৰ পৰা বঞ্চিত নহ'বৰ বাবে কিম্বা অন্ততঃ নিজৰ সামাজিক স্থান নেহেৰুৱাবৰ বাবেই নিজকে অসৎ কামৰ পৰা আঁতৰাই ৰাখি সৎ তথা আদর্শনিষ্ঠ কামত নিজকে নিয়োজিত কৰিব । তেনে মানসিকতাৰে গঢ় লোৱা ল'ৰা-ছোৱালী ব্যক্তিকেন্দ্রিক হৈ বৃদ্ধ বয়সত নিজৰ মাক- দেউতাকক মনোকষ্ট দিয়াটো দূৰৰে কথা সমাজৰ যিকোনো এজন ব্যক্তিক বিপদত পৰা দেখি সহায়ৰ হাত আগনবঢ়োৱাকৈ থকা, হোটেলৰ সন্মুখত হাত পাতি থকাজনক কিবা এটা নিদিয়াকৈ নিজে পোলাও খাবলৈ বহা আদি কৰিব নোৱাৰিব।

                 

মনোজ কুমাৰ শৰ্মা

অভিযন্তা ।

নগাঁও, অসম ।

মো:নং- ৯৪৩৫১৬০৫৩২

Comments


bottom of page