top of page
Image by Patrick Fore

মুখ্য সম্পাদকৰ কলম 

WhatsApp Image 2025-09-09 at 1.12_edited.jpg

দীপিকা লস্কৰ

জেন জি — নতুন যুগৰ চিন্তা আৰু দায়িত্ব

 

    বৰ্তমান সময়ত জেন জি (Generation Z)এটা জনপ্ৰিয় শব্দ । জেন জি মানে ডিজিটেল যুগত জন্ম লোৱা নতুন প্ৰজন্ম । ১৯৯৭চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্মক  জেন জি  (Generation -Z ) বুলি কোৱা হয়। এই প্ৰজন্মৰ লোকসকলে প্রযুক্তি, সামাজিক মাধ্যম আৰু গ্লোবেল তথ্যপ্ৰবাহৰ সৈতে জীৱন যাপন কৰিছে। সমাজ পৰিবৰ্তনত তেওঁলোকৰ ভূমিকা বহুমুখী আৰু গভীৰ। জেন জি সকল প্ৰযুক্তি সচেতন আৰু উদ্ভাৱনশীল। তেওঁলোকে নতুন নতুন চিন্তা, স্টাৰ্টআপ, অনলাইন শিক্ষা আৰু ডিজিটেল বাণিজ্যৰ মাধ্যমৰে সমাজৰ অৰ্থনৈতিক ব্যৱস্হাৰ পৰিবৰ্তন বিচাৰে।এই প্ৰজন্ম লিংগ সমতা, পৰিৱেশ সংৰক্ষণ, জাতিগত ন্যায় আৰু মানৱাধিকাৰ সম্পৰ্কে সচেতন। তেওঁলোকে সামাজিক মাধ্যমক সমাজিক আন্দোলনৰ এক শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। 

   ২০০৩ চনৰ ৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা ছুইডেনৰ বিশিষ্ট পৰিবেশ কৰ্মী  গ্ৰীটা থুনবাৰ্গ(Greta Thunberg) ৰ দৰে  জেন জিয়ে এটা আন্দোলনৰ জৰিয়তে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বজনীন জাগৰণ সৃষ্টি কৰিছে। ২০১৮ চনৰ আগষ্ট মাহত মাত্ৰ 15 বছৰ বয়সত তেওঁ ছুইডিছ সংসদৰ বাহিৰত "School Strike for Climate" নামেৰে এককভাৱে এক আন্দোলন আৰম্ভ কৰে।তেওঁ বিদ্যালয়লৈ নগৈ প্ৰতি শুকুৰবাৰে সংসদৰ সন্মুখত — "Climate justice now" বুলি লিখা প্লেকাৰ্ড লৈ বহি আছিল ।এই আন্দোলন "ফ্ৰাইডেইজ ফৰ ফিউচাৰ" (Fridays for Future) নামৰ এক বিশ্বব্যাপী আন্দোলনলৈ বিকশিত হয়, য'ত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে জলবায়ু সুৰক্ষাৰ দাবী জনাই নিয়মীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰে।গ্ৰীটাৰ মতে, জলবায়ু সংকট (climate crisis) হৈছে মানবজাতিৰ প্ৰতি সৰ্ববৃহৎ ভাবুকি।তেওঁ চৰকাৰ আৰু উদ্যোগপতিসকলক দোষাৰোপ কৰি কৈছে যে, তেওঁলোকে মুনাফাৰ বাবে পৃথিবীক ধ্বংসৰ দিশে লৈ গৈ আছে।তেওঁৰ প্ৰধান আহ্বান — “Act as if your house is on fire — because it is.” অৰ্থাৎ “তুমি যিদৰে জুই লাগিলে দৌৰিবা, সেইদৰে এতিয়া পদক্ষেপ লোৱা ,কিয়নো পৃথিবী সচাঁই জ্বলিছে।” জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত জনসাধাৰণৰ মনোভাৱ আৰু আচৰণৰ পৰিৱৰ্তনৰ বাবে তেওঁৰ প্ৰভাৱশালী সক্ৰিয়তাক বিশ্ববাসীয়ে প্ৰশংসা কৰিছে ।

   গ্ৰীটা থুনবাৰ্গৰ দৰে ২০১১ চনৰ ২ অক্টোবৰত  জন্মগ্ৰহণ কৰা  মনিপুৰৰ লিছিপ্ৰিয়া কংগোজামে (Licypriya Kangujam) মাত্ৰ সাত বছৰ বয়সত  ২০১৮ চনত পৰিবেশ সম্পৰ্কে সচেতন কৰিবলৈ এক আন্দোলন আৰম্ভ কৰিছিল ।এক মিলিয়ন গছ পুলি ৰোপনৰ  লক্ষ্য  লৈ তেওঁ প্ৰতি সোমবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত  Monday for  Mother Nature নামে বৃক্ষৰোপন কাৰ্যসূচী আৰম্ভ কৰি বিশ্বব্যাপী সমাদৰ লাভ কৰিছে। ২০০৭ চনত তামিলনাডুৰ তিৰুভন্নামালাইত জন্মগ্ৰহণ  কৰা ভিনিশা উমাশংকৰক (Vinisha Umashankar ) উদ্ভাৱনশীল চিন্তা আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীলতাই  এক অনন্য পৰিৱৰ্তনকাৰী হিচাপে পৰিচিত কৰিছে। ভিনিশাই ১২ বছৰ বয়সত সৌৰ শক্তিৰে চলা এক ইস্ত্ৰী কাৰ্ট ( Solar Ironing cart)  ডিজাইন কৰিছিল যিটোৱে সৌৰ পেনেলৰূপে কাম কৰে আৰু ইস্ত্ৰী চলাবলৈ প্ৰয়োজনীয় শক্তি যোগান ধৰে। এই উদ্ভাৱনে কয়লাৰ ব্যৱহাৰ কমাই পৰিৱেশ সংৰক্ষণত প্ৰভাৱ পেলাইছে।১৯৯৭চনৰ ১২ জুলাইত জন্মগ্ৰহণ কৰা জেন জি প্ৰজন্মৰ আন এগৰাকী পাকিস্তানৰ যুৱতী মালালা ইউছুফজাই  তালিবানী সেনাৰ অত্যাচাৰৰ ওচৰত শিৰ নত নকৰি ছাত্ৰীৰ শিক্ষা অধিকাৰৰ দাবীত আন্দোলন আৰম্ভ কৰি বিশ্ববাসীক স্তম্ভিত কৰিছে। আমেৰিকাৰ ফ্লৰিডাত ১৯৯৯ চনৰ ১১  ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এম্মা গঞ্জালেজ(Emma González)ৰ সন্মুখতে ২০১৮ চনৰ ফেব্ৰুৱাৰীত ফ্লৰিডাৰ পাৰ্কলেণ্ড চহৰৰ Marjory Stoneman Douglass High School ত হোৱা আততায়ীৰ গুলীবৰ্ষণত বিদ্যালয়খনৰ মুঠ ১৭ জন শিক্ষক- ছাত্ৰৰ মৃত্যু হৈছিল । কথমপি গঞ্জালেজৰ প্ৰাণ ৰক্ষা পৰাৰ পিছত বন্দুক হিংসা (Gun violence) ৰ বিৰুদ্ধে Never Again M S D নামৰ  এক গন আন্দোলন আৰম্ভ  কৰিলে।তেওঁ বিশ্বজুৰি যুৱসমাজক সুৰক্ষা, শান্তি আৰু ন্যায়ৰ বাবে বন্দুক হিংসাৰ বিৰুদ্ধে সচেতন হবলৈ আহ্বান জনাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে । এনেদৰে  বিশ্বৰ বিভিন্ন দেশৰ জেন জি সকলে শিক্ষা,পৰিবেশ,উদ্ভাৱন আদি ভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ লগতে বহুকেইখন ৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিবলৈ সক্ষম হৈছে ।বৰ্তমান জেন জি প্ৰজন্মৰ এনে বহু চিন্তা আৰু কাৰ্যই সুন্দৰ ভৱিষ্যতৰ বতৰা কঢ়িয়াই আনিছে ।

   জেন জিয়ে বৈচিত্ৰ্যক সন্মান কৰে। ধৰ্ম, ভাষা, সংস্কৃতি, আৰু যৌন পৰিচয়ৰ বৈচিত্র্যৰ প্ৰতি তেওঁলোকে সহনশীল মনোভাৱ প্ৰদৰ্শন কৰে।জেন জি প্ৰজন্মই প্ৰচলিত শিক্ষাৰ সীমা ভাঙি অনলাইন লাৰ্নিং, বৃত্তিমূখী শিক্ষা  আৰু উদ্ভাৱনী চিন্তাৰ প্ৰতি আগ্ৰহী। তেওঁলোকে “শিক্ষা মানে চাকৰি নহয়, আত্মোন্নয়ন” বুলি বিশ্বাস কৰে।এই প্ৰজন্মই বিভিন্ন  সময়ত দুৰ্নীতি, বিভ্ৰান্তি আৰু অনৈতিক কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। 

   সমাজত ন্যায়, সততা আৰু দায়িত্ববোধৰ  নতুন মানদণ্ড স্থাপন কৰিছে যদিও জেন জি  প্ৰজন্মৰ সন্মুখত বহুত চেলেঞ্জ আছে। অতি ডিজিটেল নিৰ্ভৰশীলতা, সামাজিক মাধ্যমৰ চাপ, একাকীত্ব আৰু বাস্তৱ জীৱনৰ সৈতে সংযোগ হেৰাই যোৱাৰ ভয় এই প্ৰজন্মৰ জীৱনত অধিক দেখা যায়। প্রযুক্তিৰ অতিৰিক্ত ব্যৱহাৰে মানসিক শান্তিতো প্ৰভাৱ পেলাইছে।বাস্তৱ বন্ধুত্বৰ পৰিৱৰ্তে অনলাইন বন্ধুত্বই অধিক গুৰুত্ব পোৱাৰ ফলত সামাজিক সম্পৰ্কৰ পৰিভাষা সলনি হৈছে।সামাজিক মাধ্যমত  “likes” আৰু “followers”-ৰ ওপৰত মানসিক নির্ভৰতাই এই প্ৰজন্মৰ লোকসকলৰ  মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পাইছে ।ফলস্বৰূপে হতাশা, একাকীত্ব বাঢ়িছে, আনহাতে আত্মবিশ্বাস কমি গৈছে।অতি দ্ৰুত তথ্য লাভৰ অভ্যাসে ধৈৰ্য আৰু গভীৰ চিন্তনশক্তি হ্ৰাস কৰিছে। অতি আধুনিকতাই সমাজত মূল্যবোধৰ পৰিবৰ্তন কৰিছে । বহু ক্ষেত্ৰত সামাজিক মূল্যবোধ যেনে - শ্ৰদ্ধা, ভক্তি,পৰিশ্ৰম আদি উপেক্ষিত হৈছে।জেন জি প্ৰজন্মৰ এটা অংশই বস্তুগত সাফল্যক জীৱনৰ মূল লক্ষ্য বুলি ধৰি লোৱাত ভৌতিক চিন্তাধাৰাৰ অত্যাধিক প্ৰভাৱ পৰিলক্ষিত হৈছে ।অধিক সময় স্ক্ৰীনৰ সন্মুখত ব্যস্ত থকাৰ ফলত এই প্ৰজন্মৰ মাজত দৃষ্টিশক্তি হ্ৰাস, নিদ্ৰাৰ অভাৱৰ দৰে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে । 

  জেন জি দেশৰ ভৱিষ্যতৰ আশা আৰু পৰিৱর্তনৰ প্ৰজন্ম।তেওঁলোকৰ চিন্তা শক্তি, প্ৰযুক্তিগত জ্ঞান,পৰিৱেশ সচেতনতা আৰু সামাজিক দায়িত্ববোধে দেশক উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰাব পাৰে ।সেয়েহে, সমাজ, বিদ্যালয় আৰু অভিভাৱকসকলে একেলগে জেন জিক সঠিক দিশত আগুৱাই নিয়াব লাগিব। কোনো ভূল তথ্য বা ৰাজনৈতিক কুপ্ৰভাৱৰ দ্বাৰা যাতে জেন জি প্ৰজন্ম পৰিচালিত নহয় তাৰ প্ৰতি আমি সকলো সচেতন হব লাগিব। এই প্ৰজন্মৰ  উদ্ভাৱনী শক্তিক উন্নয়নমূলক দিশত ব্যৱহাৰ কৰিব পাৰিলেহে সমাজখন আগবাঢ়িব। জেন জি সঠিক পথত আগুৱাই গ’লেহে ভবিষ্যতৰ সমাজ খন অধিক উদ্ভাৱনী, সচেতন আৰু সমবেদনাপূৰ্ণ হ’ব। 

এই সংখ্যাৰ লেখক সকল

ড০ শৰৎ বৰকটকী

বিশিষ্ট সাহিত্যিক

WhatsApp Image 2025-09-09 at 1.14_edited.jpg

প্ৰয়াগ শইকীয়া

বিশিষ্ট কবি

WhatsApp Image 2025-10-24 at 12.47_edited.jpg

বিশিষ্ট সাহিত্যিক

WhatsApp Image 2025-10-24 at 5.44.49 PM.jpeg

থানেশ্বৰ মালাকাৰ

ডা: টংকেশ্বৰ ভূঞা

কবি

WhatsApp Image 2025-10-24 at 12.47_edited.jpg

ববিতা শইকীয়া

সাহিত্যিক

WhatsApp Image 2025-10-24 at 12.48.30 PM.jpeg

গীতা মহন্ত শইকীয়া

সাহিত্যিক

WhatsApp Image 2025-10-24 at 12.50.06 PM.jpeg

জ্যোতিকা বৰা

সাহিত্যিক

WhatsApp Image 2025-09-16 at 4.40_edited.jpg

লখিমী মহন্ত

গল্পকাৰ

WhatsApp Image 2025-10-24 at 12.48.07 PM.jpeg

অনিতা দেবী

গল্পকাৰ

WhatsApp Image 2025-10-24 at 10.47.11 PM.jpeg

হিৰণ্য শৰ্মা

প্ৰৱন্ধকাৰ

WhatsApp Image 2025-09-08 at 6.23.33 PM.jpeg

মোস্তাকিন শ্বেখ

ছাত্ৰ,কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডৰী স্কুল

WhatsApp Image 2025-09-16 at 5_edited.jpg

হিমাংক শৰ্মা

ছাত্ৰ, নগাঁও বিশ্ববিদ্যালয়

WhatsApp Image 2025-10-24 at 5.53.05 PM.jpeg

প্ৰবন্ধ

সাহিত্যৰ নোবেল বঁটা বিজয়ী 

লাছল' ক্রাজনাহ'কাইৰ সৃষ্টিত অভিনৱ শৈলী

লেখক : ড০ শৰৎ বৰকটকী

ডঃ ভূপেন হাজৰিকাৰ দৃষ্টিত শ্রীমন্ত শংকৰদেৱ

লেখক : থানেশ্বৰ মালাকাৰ

তিব্বতৰ থুপতেন ককাইদেউ

লেখক : ববিতা শইকীয়া

অনুশাসন: শৃংখলিত সমাজৰ চাবিকাঠি

লেখক : দীপিকা লস্কৰ

গল্প

চিতল মাছৰ জোল 

লেখক : গীতা মহন্ত শইকীয়া

হেৰোৱা শব্দৰ ছন্দ 

লেখক : লখিমী মহন্ত

তৰাৰ সপোনটো 

লেখক : অনিতা দেবী

আত্ম বিশ্বাস: ভয়ৰ ওপৰত বিজয়

লেখক : দীপিকা লস্কৰ

কবিতা

ডা: প্ৰয়াগ শইকীয়াৰ কবিতা 

ডা: টংকেশ্বৰ ভূঞাৰ কবিতা

জ্যোতিকা বৰাৰ কবিতা

বিজ্ঞানৰ চিন্তা-চৰ্চা

ইলেক্ট্ৰনিক আৱৰ্জনা (ই-আৱৰ্জনা)

লেখক : হিৰণ্য শৰ্মা

চেমনীয়াৰ শিতান

মোস্তাকিনৰ কবিতা

হিমাংক শৰ্মাৰ কবিতা

bottom of page