
মুখ্য সম্পাদকৰ কলম

দীপিকা লস্কৰ
"শব্দৰ জোনাক”—নামটোৱেই যেন স্নিগ্ধতা আৰু আশাৰ প্ৰতীক। জোনাকে অন্ধকাৰ আঁতৰাই নতুন পথৰ দিক দৰ্শন কৰে, ঠিক তেনেকৈ শব্দ জীৱনৰ আৱেগ, চিন্তা আৰু সৃষ্টিশীলতাৰ জোনাক। সাহিত্য কেৱল মনোৰঞ্জন নহয়; ই সমাজৰ দাপোন, য’ত প্ৰতিফলিত হয় আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সপোন |
ডিজিটেল যুগত তথ্যৰ সাগৰত আমি প্ৰতিদিনে বুৰ গৈ আছো। তথাপি কিমান তথ্যই আমাক স্পৰ্শ কৰে? সেয়ে সাহিত্য-সংস্কৃতিৰ সজীৱ চৰ্চাৰ বাবে শব্দৰ জোনাকৰ প্ৰকাশ পাইছে ।এই আলোচনীখন কেৱল লেখনী সংগ্ৰহ নহয়; ই হৈছে চিন্তা-চৰ্চাৰ এক মঞ্চ, য’ত প্রতিটো লেখাই জোনাকৰ স্নিগ্ধ পোহৰৰ দৰে পাঠকৰ হৃদয় স্পৰ্শ কৰি সমাজৰ ইতিবাচক মূল্যবোধ, নৱ চিন্তা আৰু সৃষ্টিশীলতাৰ পোহৰ বিলাব । আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস নিখুঁত হব বুলি নাভাবো; কিন্তু নিষ্ঠা আৰু সততাৰ ওপৰত আমি আত্মবিশ্বাসী। পাঠকসকলে যদি এই আলোচনী পঢ়ি নতুন চিন্তা-বোধৰ বীজ বিচাৰি লব পাৰে—তাতেই হ’ব আমাৰ সাফল্য।
আমাৰ এই যাত্ৰাত পাঠক-লেখকৰ সক্ৰিয় সহযোগিতা কামনা কৰিছো। আপোনাৰ পৰামৰ্শ আৰু সমালোচনাই শব্দৰ জোনাকক দীপ্তিমান কৰি তুলিব। আহক, আমি একেলগে সাহিত্যৰ এই যাত্ৰাত অংশগ্ৰহণ কৰোঁ, যাতে শব্দৰ জোনাকে সমাজ আৰু সংস্কৃতিৰ পথ আলোকিত কৰে। প্ৰস্তাৱনা সংখ্যাৰ প্ৰকাশত সহায় কৰা সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ ।
এই সংখ্যাৰ লেখক সকল
ড০ শৰৎ বৰকটকী
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ

কমলেশ্বৰ কলিতা
বিশিষ্ট কবি
_edited.jpg)
বিশিষ্ট গল্পকাৰ

ধ্ৰুৱজ্যোতি শৰ্মা
পলী মজুমদাৰ
কবি
.jpg)
শেৱালি শৰ্মা বৰকটকী
সাহিত্যিক

হিৰণ্য শৰ্মা
প্ৰৱন্ধকাৰ, শিক্ষাবিদ

ড° জ্যোতিষ্মিতা দাস
প্ৰৱন্ধকাৰ, শিক্ষাবিদ

জ্যোতিকা বৰা
সাহিত্যিক

নীলম শৰ্মা
গৱেষক ছাত্ৰী

পিংগলিকা বৰকটকী
অভিযন্তা, সাহিত্যিক


