top of page


ডিজিটেল ডিটক্স : প্ৰযুক্তিৰ যুগত শিক্ষকৰ দায়িত্ব
প্ৰযুক্তিৰ যুগত এটা স্মাৰ্টফোন বিলাসিতা সামগ্ৰীৰ পৰিৱৰ্তে প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে । দৈনন্দিন কাম-কাজ, অধ্যয়ন, বিনোদন আৰু সামাজিক যোগাযোগৰ বাবে স্মাৰ্টফোনটোৰ প্ৰয়োজন অনস্বীকাৰ্য। শিক্ষকতা কৰি থকা সময়ত মোবাইলটোৰ ব্যৱহাৰ একেবাৰে সীমিত আছিল । অৱসৰৰ পিছত মোবাইলত অধিক সময় ব্যস্ত হৈ পৰিলো। বন্ধু-বান্ধৱ,আত্মীয়-স্বজনৰ লগত প্ৰয়োজনতকৈ অধিক সময় কথা পাতো, ফেচবুক, ইনষ্টাগ্ৰামত ৰীল চাওঁ। সময়বোৰ কেনেকৈ পাৰ হয় গমেই নাপাওঁ ।প্ৰয়োজন হ'লে মোবাইলতে বজাৰ কৰো, ৰান্ধিবলৈ মন নগ'লে খাদ

দীপিকা লস্কৰ
1 day ago


স্বাধীনতা দিৱস : আত্মসমীক্ষা আৰু নতুন সংকল্পৰ সময়
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ জনগণৰ অসীম ত্যাগ, সাহস আৰু আত্মবলিদানৰ ফলস্বৰূপে লাভ কৰা স্বাধীনতাই এই বৰ্ষত আশী বছৰত ভৰি দিলে । এয়া কেৱল এটা বৰ্ষপূৰ্তি নহয় ; ই আত্মসমীক্ষা, কৃতজ্ঞতা আৰু নতুন সংকল্পৰ এক ঐতিহাসিক মুহূৰ্ত । শৈশৱৰ পৰা আমি দেখি আহিছো - প্ৰতি বছৰে ১৫ আগষ্ট আহিলে সমগ্ৰ দেশ স্বাধীনতা দিৱস উদযাপনৰ আনন্দত মুখৰ হৈ উঠে। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন, দেশাত্মবোধক গীত, সাংস্কৃতিক অনুষ্ঠান আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি দেশবাসী

দীপিকা লস্কৰ
Aug 2


বিষাক্ত সংস্কৃতি: মূল্যবোধ অৱক্ষয়ৰ প্ৰতিচ্ছবি
বিষাক্ত সংস্কৃতি (Toxic Culture) বুলিলে এনে এক পৰিৱেশ বা সাংগঠনিক সংস্কৃতিক বুজায়, য'ত নেতিবাচক আচৰণ, মনোভাৱ আৰু কাৰ্যপদ্ধতি সাধাৰণ বা স্বাভাৱিক বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ব্যক্তিৰ মানসিক সুস্থতা, কৰ্মস্পৃহা, সম্পৰ্ক আৰু উৎপাদনশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। এনে সংস্কৃতিয়ে মানুহৰ চিন্তা-চৰ্চা, আচৰণ, সামাজিক সম্পৰ্ক আৰু নৈতিক মূল্যবোধৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ফলস্বৰূপে সমাজত সহনশীলতা, পাৰস্পৰিক সন্মান, দায়িত্ববোধ আৰু মানৱীয় গুণৰ অৱক্ষয় ঘটিবলৈ আৰম্ভ কৰিছে। প্ৰখ্যাত ফৰ

দীপিকা লস্কৰ
Jun 20


প্ৰকৃতি: আমাৰ শিক্ষাগুৰু
অলপতে আমি দক্ষিণ কোৰিয়ালৈ গৈছিলো । দক্ষিণ কোৰিয়াৰ বিভিন্ন ঠাইলৈ যাওঁতে দেশ খনৰ প্ৰাকৃতিক পৰিৱেশে আমাক অভিভূত কৰিছিল । দেশ খনৰ চৌদিশ সেউজীয়া আৱৰণে আবৃত ।ৰাস্তাৰ দুয়োকাষ গছ-গছনিৰে পৰিপূৰ্ণ। বতাহ-বৰষুণত গছ বোৰ বাগৰি নপৰিবৰ বাবে ঠায়ে ঠায়ে গছবোৰ খুব ধুনীয়াকৈ লোহাৰ ৰডেৰে আৱৰি ৰাখিছে । কেইজোপামান গছত আক' চেলাইন দি থৈছে। চিউল চহৰখনৰ ৰাস্তাৰ দুয়োকাষে গছ গছনি,ৰঙ বিৰঙৰ ফুলবোৰে ৰাস্তাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে ।এবছৰ ধৰি কৰ্মসুত্ৰে দক্ষিণ কোৰিয়াত থকা জী- জোঁৱাইক এই বিষয়ে সোধাত

দীপিকা লস্কৰ
May 23


শ্ৰমৰ মৰ্য্যদা আৰু অধিকাৰৰ প্ৰতিশ্ৰুতি
অৱসৰৰ পিছত লণ্ডনত থকা ভাগিনটোৰ অনুৰোধত লণ্ডনলৈ গৈছিলো ।তাৰ লগত লণ্ডনৰ উল্লেখযোগ্য ঠাই সমুহৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে ভিন্ন হোটেলত খাদ্যৰ জুতিও লৈছিলো ।প্ৰায়বোৰ হোটেলত ধুনীয়া যুৱক-যুৱতীক গ্ৰাহকক খাদ্য পৰিবেশন কৰা দেখি সিঁহতৰ বিষয়ে জানিবলৈ মন গৈছিল । মোৰ মনৰ ভাৱটো বুজিব পাৰি ভাগিনটোৱে ক'লে- "মাহী,এই ল'ৰা-ছোৱালীবোৰ কলেজ বা বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ -ছাত্ৰী। নিজৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে ঘন্টাৰ ভিত্তিত কাম কৰে । প্ৰতি ঘন্টাত এওঁলোকে প্ৰায় হাজাৰ টকা উপাৰ্জন কৰে ।ইঞ্জিন

দীপিকা লস্কৰ
Apr 25


মৰমৰ দীঘে দি চেনেহৰ বাণীৰে
" মৰমৰ দীঘে দি চেনেহৰ বাণীৰে হেঁপাহৰ আচুৰে বোৱা ; সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান মনে দি এবেলি লোৱা ।" বসন্তৰ পৰশ লাগি প্ৰকৃতি উন্মনা হওঁতেই বহাগ আহি নঙলামুখ পালেহি। বহাগৰ বিহু আহিল বুলিলেই অসমীয়াৰ গা সাতখন - আঠখন হয়। কাৰণ বিহু অসমীয়াৰ প্ৰাণৰ, হেঁপাহৰ উৎসৱ। অসমীয়া জাতিসত্তাৰ আটাইতকৈ জীৱন্ত সাংস্কৃতিক উৎসৱ হৈছে বিহু। বিহু কেৱল উৎসৱ নহয়; ই অসমৰ কৃষিজীৱী সমাজৰ জীৱনধাৰা, প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক আৰু সামাজিক সম্প্ৰীতি

দীপিকা লস্কৰ
Apr 6


নাৰীৰ দিৱস: উদযাপনৰ পৰা বাস্তৱলৈ
প্ৰতিবছৰে ৮ মাৰ্চ আহিলেই বিশ্বজুৰি নাৰীৰ অধিকাৰ, সন্মান আৰু অৱদানৰ কথা আলোচিত হয় । নাৰী দিৱস উপলক্ষে অভিনন্দন, শুভেচ্ছাৰ জোৱাৰ উঠে। এই দিনটোত নাৰী বন্দিত হয় , চাৰিওফালে নাৰীৰ সৱলীকৰণৰ ওপৰত তত্ত্বগধুৰ বক্তৃতাৰ ফুলজাৰি শুনা যায়, নাৰীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰা হয় । নাৰী দিৱস কেৱল শুভেচ্ছা বিনিময়ৰ দিন নহয়; ই দায়িত্ববোধৰ দিন বুলি সকলোৱে স্বীকাৰ কৰে ।কিন্ত্ত কেৱল এদিনৰ অনুষ্ঠান, ভাষণ বা ফুলেৰে সম্ভাষণ জনালেই প্ৰকৃত অৰ্থত নাৰী সুৰক্ষিত হয় নে

দীপিকা লস্কৰ
Mar 3


আত্ম অহংকাৰ: শক্তিৰ বিভ্ৰম নে চেতনাৰ পতন
আত্ম-অহংকাৰ মানুহৰ জীৱনৰ এটা সূক্ষ্ম কিন্তু গভীৰ প্ৰভাৱ পেলোৱা মানসিক অৱস্থা। নিজৰ ক্ষমতা, জ্ঞান বা অৱস্থানক অতিৰিক্তভাৱে উচ্চ বুলি ভাবি আনক তুচ্ছজ্ঞান কৰা মনোভাৱেই আত্ম-অহংকাৰ। এই অহংকাৰ প্ৰথমতে আত্মবিশ্বাসৰ দৰে দেখা গ'লেও, দীৰ্ঘকালত ই ব্যক্তি, সমাজ আৰু মানৱীয় সম্পৰ্কৰ বাবে ক্ষতিকাৰক হৈ পৰে।মহাত্মা গান্ধীয়ে অহংকাৰক মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰিছিল। মানুহে যেতিয়া নিজৰ সফলতাক কেৱল নিজৰ কৃতিত্ব বুলি ভাবি সমাজ, পৰিস্থিতি বা অন্যৰ অৱদান অগ্ৰাহ্য কৰে,

দীপিকা লস্কৰ
Feb 2


ভোগৰ উৎসৱ ভোগালীৰ এক ৰূপৰেখা
অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰাণস্পন্দন হিচাপে কিছুমান লোক উৎসৱ পালন কৰে।অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মূল জীৱিকা কৃষি হোৱাৰ বাবে তেওঁলোকৰ সংস্কৃতি কৃষিকেন্দ্ৰিক আৰু লোক উৎসৱ সমূহো বিভিন্ন নামেৰে কৃষিকাৰ্য্যৰ আৰম্ভণিত আৰু শস্য চপোৱাৰ সময়ত উদযাপন কৰা হয় । আদিম কালৰ পৰা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কিছুমান উৎসৱ লোক বিশ্বাসৰ মাজেৰে পালন কৰি আহিছে।এই উৎসৱ সমূহৰ মূল লক্ষ্য হ'ল খেতিপথাৰ, হাবি-জংঘল,আকাশ-বতাহ, জল-স

দীপিকা লস্কৰ
Jan 5


নতুন বৰ্ষ ২০২৬ : আশা আৰু দায়িত্ব
নতুন বৰ্ষ মানে নতুন আশা, নতুন উদ্দীপনা আৰু আত্মসমীক্ষাৰ এটা সুযোগ। বিগত বছৰত আনন্দ-দুঃখ, লাভ-ক্ষতি, সফলতা-ব্যৰ্থতা আদি সকলোবোৰ অভিজ্ঞতা স্মৰণ কৰি আত্মসমালোচনা আৰু দৃঢ় সিদ্ধান্ত লৈ আগবাঢ়ি যোৱাটো নতুন বৰ্ষৰ প্ৰকৃত অৰ্থ। নৱ বৰ্ষই প্ৰত্যেক বছৰে আমাৰ জীৱনত এটা নতুন প্ৰভাত লৈ আহে। সময়ৰ এই নতুন অধ্যায় আনন্দ -উৎসৱৰ নহয়, ই চিন্তা, আত্ম–মুল্যায়ন আৰু দায়িত্বৰ জৰিয়তে নতুন পথ মুকলি কৰে । ব্যক্তিগত জীৱনত শৃঙ্খলা, অধ্যৱসায়, সময়ৰ সঠিক ব্যৱহাৰ আৰু মানবীয় মূল্যবোধৰ জড়তা—এইবোৰ ন

দীপিকা লস্কৰ
Jan 5


একাকীত্বৰ প্ৰাসঙ্গিকতা
বৰ্তমান সময়ত “একাকীত্ব” শব্দটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। প্রযুক্তি, সামাজিক মাধ্যম আৰু ব্যস্ততাৰ এই যুগত মানুহে বাহ্যিকভাৱে যিমানেই ব্যস্ত নহওঁক, মানসিকভাৱে বহুসংখ্যক মানুহে একাকী অনুভৱ কৰে।একাকীত্ব মানে কেৱল শাৰীৰিক ভাৱে একেলগে নথকা নহয়; ই মানসিক একান্ততা, অভাৱবোধ আৰু অসহায়তাৰ অনুভূতিৰ সৈতে সম্পৰ্কিত। সমাজত বহুত মানুহৰ মাজত থাকিও মানুহে নিজকে অকলশৰীয়া অনুভৱ কৰে। এই অনুভৱে জীৱনত এক ধৰণৰ শূন্যতা সৃষ্টি কৰে যাক আমি একাকীত্ব বুলি কব পাৰো । বৰ্তমান প্ৰযুক্তিবিদ্যাই জী

দীপিকা লস্কৰ
Dec 1, 2025


অনুশাসন: শৃংখলিত সমাজৰ চাবিকাঠি
'অনুশাসন বিহীন জীৱন বৈঠাহীন নাৱৰ দৰে'- এই নীতিবচন ফাঁকি বিদ্যালয়ত শিক্ষাগুৰু আৰু ঘৰত মা-দেউতাৰ পৰা বহুবাৰ শুনিছিলো । পানীত বৈঠাই নাও এখন স্থিৰ ৰাখি সঠিক দিশত আগবাঢ়িবলৈ সহায় কৰে। জীৱনৰ অনুশাসন হ'ল সেই "আন্তৰিক বৈঠা" যিয়ে আমাক জীৱনৰ উত্থান-পতন, সমস্যা আৰু প্ৰলোভনৰ মাজতো স্থিৰ, সন্তুলিত আৰু সঠিক দিশত আগবাঢ়ি যোৱাত সহায় কৰে। ইয়াৰ অবিহনে জীৱনটো অস্থিৰ আৰু অসন্তুলিত হৈ পৰে। অনুশাসন হ'ল জীৱন-নাওখনি সফলতাৰ গন্তব্যস্থানলৈ লৈ যোৱা একমাত্ৰ সঁজুলি,যিদৰে নদী পাৰ হ'বলৈ বৈঠাৰ প্ৰয়ো

দীপিকা লস্কৰ
Oct 24, 2025


আত্ম বিশ্বাস: ভয়ৰ ওপৰত বিজয়
শৈশৱত আমাৰ মনত আত্মবিশ্বাস গঢ়ি তুলিবৰ বাবে আইতাই বহু কাহিনী কৈছিল । আজি কালি জোনাকৰ স্নিগ্ধ পোহৰত ঘৰৰ চোতালত বিচনিৰ বা লৈ ককা-আইতাৰ কোলাত মূৰ থৈ গল্প বা সাধু শুনাৰ দৃশ্য সততে দেখা নাযায় যদিও আমাৰ দিনত ই এটা মন পৰশা পৰিবেশ আছিল। জেন-জি (Gen-Z)ৰ বাবে এই কাহিনীবোৰ আমনিদায়ক হ'লেও ইয়াৰ গূঢ়াৰ্থ কমি নাযায় ।আইতাই মূৰত হাত বুলাই কোৱা কাহিনীবোৰে আজিও আমাক উজ্জীৱিত কৰে । এদিন মোৰ লগতে মোৰ ভন্টী আৰু ভাইটিক কাষত বহুৱাই লৈ এটা সুন্দৰ কাহিনী কৈছিল -পাহাৰৰ নামনিত এখন সৰু গাঁও আছ

দীপিকা লস্কৰ
Sep 9, 2025
bottom of page

