ভোগৰ উৎসৱ ভোগালীৰ এক ৰূপৰেখা
- দীপিকা লস্কৰ

- Jan 5
- 6 min read

অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰাণস্পন্দন হিচাপে কিছুমান লোক উৎসৱ পালন কৰে।অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মূল জীৱিকা কৃষি হোৱাৰ বাবে তেওঁলোকৰ সংস্কৃতি কৃষিকেন্দ্ৰিক আৰু লোক উৎসৱ সমূহো বিভিন্ন নামেৰে কৃষিকাৰ্য্যৰ আৰম্ভণিত আৰু শস্য চপোৱাৰ সময়ত উদযাপন কৰা হয় ।
আদিম কালৰ পৰা ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কিছুমান উৎসৱ লোক বিশ্বাসৰ মাজেৰে পালন কৰি আহিছে।এই উৎসৱ সমূহৰ মূল লক্ষ্য হ'ল খেতিপথাৰ, হাবি-জংঘল,আকাশ-বতাহ, জল-স্থল আদিৰ লগত জড়িত দেৱ-দেৱতাক সন্তুষ্ট কৰা । এই উৎসৱ সমূহ বিভিন্ন জনগোষ্ঠীৰ লোকে বেলেগ বেলেগ নীতি নিয়মৰ মাজেৰে পালন কৰে যদিও এই উৎসৱ সমূহৰ ইটোৰ লগত সিটোৰ এৰাব নোৱাৰা সম্বন্ধ আছে । ই যেন এডাল সূতাৰে গঁথা বিভিন্ন ৰঙ- বিৰঙৰ ফুলৰ মালা সদৃশ। যি সময়ত জোতিষৰ কোনো চৰ্চা নাছিল, দিন-মাহ-বছৰ গণনাৰ হিচাপ নাছিল, সেই সময়তো অসমৰ মানুহে এটা উৎসৱ পালন কৰিছিল যি উৎসৱ বিহু নামেৰে জনাজাত হৈছিল। 'বিহু' শব্দটো অসমীয়া সাহিত্যৰ লগত চিনাকি হোৱাৰ আগৰ পৰাই ইয়াক কৃষিপ্ৰধান উৎসৱ হিচাপে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে পালন কৰি আহিছে।বিহু শব্দৰ মূলগত অৰ্থ হ'ল আনন্দ প্ৰকাশৰ উৎসৱেই হ'ল বিহু ।সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল-'বিহুৱে কাকো দুখ নিদিয়ে,সকলোকে ৰং দিয়ে ।'
পুহ মাহ শেষ হোৱাৰ লগে লগে সূৰ্য মকৰ ৰাশিত অৱস্হান কৰে আৰু ভাৰতীয় সমাজত ইয়াক মকৰ সংক্ৰান্তি বোলা হয় । অসমত এই সময়চোৱাত খেতিয়ক সকলে অতি কষ্টৰে কৰা খেতিৰ শস্য চপোৱাৰ কাম শেষ হয় আৰু খেতি চপোৱাৰ অন্তত এটা উৎসৱ উদযাপন কৰে । এই উৎসৱক অসমত মাঘ বিহু বা ভোগালী বিহু বোলা হয় ।পণ্ডিতসকলে এই বিহুক 'খেতি চপোৱা উৎসৱ ' বুলি অভিহিত কৰে । ভোগৰ প্ৰাচুৰ্য্য অধিক হোৱাৰ বাবে ইয়াক 'ভোগালী উৎসৱ ' বুলিও কোৱা হয় ।
অসমৰ অন্যতম জনগোষ্ঠী কাৰ্বি জনজাতি সকলৰ সংস্কৃতি কৃষিক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে। কাৰ্বি সকলৰ মাজত ধান খেতি পৃথিৱীলৈ অহা সম্পৰ্কে এটা লোক বিশ্বাস প্ৰচলিত আছে। এই লোক বিশ্বাস মতে পৃথিৱীলৈ ধানখেতি আদৰি আনিছিল এজনী 'আকালাং' অৰ্থাৎ অকুমাৰী ছোৱালীয়ে ।এদিন আকালাং ছোৱালীজনী মা-দেউতাকৰ লগত ভৈয়ামৰ এজন মাছমৰীয়া লোকৰ ঘৰত আলহী হিচাপে গৈছিল। মাছমৰীয়াজনে মাছ ধৰিবলৈ যাওঁতে পানীত ভাঁহি থকা এথোক ধান ঘৰলৈ আনি ঘৰৰ বাৰান্দাৰ চালত খুঁচি থৈছিল। আকালাং ছোৱালীজনীয়ে ধানথোক দেখি মাছমৰীয়াজনক ধানথোক বিচাৰি খাটনি ধৰিলে । ছোৱালীজনীৰ অনুৰোধ এৰাব নোৱাৰি মাছমৰীয়াজনে ধানথোক ছোৱালীজনীক দি দিলে । ছোৱালীজনীয়ে ধানথোক ঘৰলৈ আনি ঘৰৰ পানীপতাত সিঁচি দিলে ।কিছুদিনৰ পিছত ধানথোকৰ পৰা গজালি মেলিলে আৰু সময়ত ধান হবলৈ ধৰিলে । সেই পকা ধানৰ পৰা চাউল উলিয়াই ছোৱালীজনীয়ে ভাত ৰান্ধিলে আৰু সেই ভাত প্ৰথমে ঘৰৰ কুকুৰ আৰু কুকুৰা কেইটাক খাবলৈ দিলে । ভাত খাই কুকুৰ আৰু কুকুৰা কেইটাৰ একো অপকাৰ নোহোৱাত ছোৱালীজনীৰ মনত আনন্দ লাগিল আৰু তেতিয়াৰ পৰাই ধানৰ সৃষ্টি হ'ল বুলি কাৰ্বি সকলে বিশ্বাস কৰে ।
ধান খেতি তথা কৃষিৰ লগত সংগতি ৰাখিয়েই কাৰ্বি সকলে কিছুমান উৎসৱ পালন কৰে।পাহাৰীয়া আৰু ভৈয়ামৰ কাৰ্বি সকলে এনে উৎসৱ ভিন্ন ধৰণে উদযাপন কৰে । পাহাৰীয়া কাৰ্বি সকলে পালন কৰা উৎসৱ হ'ল ' হাচা কেকান'।ই শস্য চপোৱাৰ লগত জৰিত এটা উৎসৱ। ' হাচা কেকান 'ৰ অৰ্থ হৈছে কৃষি উৎসৱৰ নৃত্য। শস্য চপোৱাৰ পিছত মাঘ মাহত কাৰ্বি ডেকা-গাভৰুসকলে লগ লাগি হাচা কেকান নৃত্য কৰে ।গোটেই ৰাতি নৃত্য কৰি পিছদিনা সকলোৱে মিলি ভোজ-ভাত খায় -
' হি ছং ৱচক টালিৰাং
কেকান আ হনে চল'নাং ।'
জঅৰ্থাৎ সপ্তৰ্ষি মণ্ডলে পশ্চিমলৈ গতি কৰিছে। ৰাতি পুৱাবৰ হ'ল,নৃত্য গীত সামৰি ভোজ খাব লাগে ।
চাওতালসকলক ভাৰতৰ আদিম জনগোষ্ঠী বুলি কোৱা হয় ।উনৈশ শতিকাৰ আগভাগত প্ৰব্ৰজন সূত্ৰে অসমলৈ আহি বসবাস কৰা চাওতাল সকলে অসমৰ সংস্কৃতি গ্ৰহণ কৰিছে আৰু অসমৰ লোক উৎসৱ সমূহো নিজৰ উৎসৱ হিচাপে পালন কৰিছে । চাওতাল সকলে মাঘবিহুৰ দিনটোক 'ছাকৰাত' বোলে।পথাৰৰ শস্য চপাই অনাৰ পিছত খেতিয়ক সকলৰ বিশেষ কাম নাথাকে আৰু এইখিনি সময়ত তেওঁলোকৰ হাতত ধন-ধান প্ৰচুৰ পৰিমাণে থাকে ।সেইবাবে চাওতাল সকলে 'ছাকৰাত' উৎসৱত ভোজভাত খোৱাৰ লগতে নৃত্য গীত কৰি আনন্দত মতলীয়া হৈ পৰে । মাঘ মাহত চাওতাল সকলে 'মাঘচিম' বা 'বাস্তু পূজা' কৰে ।মাঘচিম হ'ল নিগাজিকৈ বসবাস কৰাৰ কাৰণে হাবি-জংঘল পৰিস্কাৰ কৰি পূজা-পাঠৰ ব্যৱস্হা কৰা ।
মাঘ মাহত চাওতাল সকলৰ 'ছহৰাই' পৰৱ আৰম্ভ হয় । এই পৰৱ হ'ল প্ৰাচুৰ্য্যৰ উৎসৱ। ইয়াক চাওতাল সকলৰ বিজয় উৎসৱ বা শত্ৰু জয় কৰাৰ উৎসৱ বোলা হয় ।ছহৰাই উৎসৱ আৰম্ভ হোৱাৰ লগেলগে চাওতাল তিৰোতা সকলে নদীৰ পাৰৰ পৰা বগা আলতীয়া মাটি আনি ঘৰবোৰ লেপি লয়। ঘৰৰ বেৰবোৰত গছ-লতা,ফুল-চৰাই আদি নানা ধৰণৰ ছবি আঁকে আৰু পিঠাপনা আদি ভাজি মিতিৰ-কুটুম্বক খুৱাই আনন্দ উপভোগ কৰে ।
অসমত বাস কৰা জনজাতি সকলৰ ভিতৰত হাজঙসকল অন্যতম। মংগোলীয় জনগোষ্ঠীৰ এই হাজঙ সকলে পালন কৰা এটা উল্লেখযোগ্য উৎসৱ হ'ল 'থুবো মাগা' উৎসৱ। দক্ষিণ গোৱালপাৰা আৰু গাৰো পাহাৰৰ হাজঙ সকলে ইয়াক 'শিৱ- শেৱো' বুলিও কয় ।এই উৎসৱত গাঁৱৰ ডেকাসকলে গাঁৱত মানুহৰ ঘৰত মাগিবলৈ যায় ।পুহ মাহৰ প্ৰথম কাঁচি জেন ওলোৱা দিনৰ পৰা পূৰ্ণিমালৈকে গোটেই পষেক টো মানুহৰ ঘৰে ঘৰে ডেকাসকলে হাতত একোডাল টোকোন লৈ মাটি খুন্দিয়াই গীত পৰিবেশন কৰি মাগন দিয়ে -
'থুবো থুবো,থুবো মাগা আইলুংৰে
দশ টাকা পাইলুংৰে ।'...
শিৱ শিৱো,শিৱ শিৱোৰে লিবো ?
কাচ কলাটা ঝুমুৰ বাজ
বাজক ঝুমুৰ বাজক তাল
এই মাটি খান যুক্তি মাল ।'
এই থুবো মাগাত পোৱা ধনেৰে মাঘ বিহুৰ উৰুকাৰ দিনা গাঁৱৰ ডেকা সকলে মেজি ঘৰৰ সন্মুখত বা গাঁৱৰ মুকলি ঠাইত লগ লাগি ভোজ-ভাত খায় । হাজঙ সকলৰ থুবো মাগাৰ দৰে মাঘ বিহুৰ সময়ত চৰ-চাপৰিত মুছলমান সকলে 'পুষুৰা' উৎসৱ পালন কৰে ।পুষুৰা শব্দটো পৌষ বা পুহ শব্দৰ পৰা আহিছে আৰু পুহৰ সংক্ৰান্তিৰ দিনা এই উৎসৱ পালন কৰা হয় । সেই দিনা গৰুক তিতা খুওৱা হয় । গাঁৱৰ ডেকা সকলে ভোজ-ভাত খাবলৈ দল বান্ধি মানুহৰ ঘৰে ঘৰে গীত গাই মাগি ফুৰে আৰু এনে গীতক 'মাগন গীত' বোলা হয় -
"আইলামৰে ভাই এই বাড়ী
পাছ দুৱাৰে কলাগাছ গাৰি
কলাগাছে ধলা ফুল
নাৰীৰ মাথায় নাইকা চুল
সেইযে নাৰী চুল গুঞ্জে
খাইজৰ কাটা বৰবিষ
ধান দে উগো ডিস ডিস
যেদিব খালী চালা
তাৰ হবে মেয়েৰ পালা
যে দিব কুলাৰ আগে ,,,,,,,,,"
পুষুৰা উৎসৱত 'কবিগান ' নামেৰে এটা মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰায় মাজনিশালৈকে চলা এই কবিগান ওজাপালিৰ দৰে মনোৰঞ্জন মূলক লোক অনুষ্ঠান। পুষুৰা উৎসৱত মেজি জ্বলোৱা নিয়ম নাই যদিও নতুন ধানৰ চাউলেৰে পিঠাপনা ভাজি মাহ -কৰাই, চিৰা -দৈ আদি খায় আনন্দ উপভোগ কৰে । পুষুৰা উৎসৱত 'ষাড় গৰুৰ যুঁজ ' আৰু 'লাঠি ঝাৰি খেল ' নামৰ দুটা আকৰ্ষণীয় অনুষ্ঠানো অনুষ্ঠিত হয় ।
অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলেও ভোগালী উৎসৱ পৌষ পৰৱ বা টুচু পৰৱ নামেৰে পালন কৰে ।টুচু পৰৱ মকৰ সংক্ৰান্তিৰ আগদিনা অৰ্থাৎ উৰুকা দিনা আৰম্ভ হয় আৰু মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘ বিহুৰ দিনা সমাপ্ত হয় ।টুচু দেৱীৰ পূজা এই উৎসৱৰ উল্লেখযোগ্য বৈশিষ্ট্য। চাহ জনগোষ্ঠীৰ লোক সমাজত টুচুক শস্যৰ দেৱী হিচাপে জ্ঞান কৰি পূজা-পাঠ কৰে যদিও এই পূজাত কোনো পুজাৰী নাথাকে । পুহ মাহ আৰম্ভ হোৱাৰ লগে লগেন এজনী অকুমাৰী ছোৱালীক টুচু মা সাজি লোৱা হয় আৰু এই টুচুমাৰ ঘৰতে টুচু মূৰ্তি প্ৰতিষ্ঠা কৰা হয় । টুচু মূৰ্তি হল বাহন ফেঁচাবিহীন লক্ষ্মী দেৱী । চাহ জনগোষ্ঠীৰ জন বিশ্বাস মতে পুহত লক্ষ্মী দেৱীৰ লগত ধন-ধান নাথাকে আৰু তেওঁৰ বাহন ফেঁচা ও লগত নাথাকি আতৰি যায় । মকৰ সংক্ৰান্তিৰ তথা মাঘ বিহুৰ দিনা লক্ষ্মীৰ হাতলৈ ধন- ধান আহে আৰু ফেঁচা আৰু লক্ষ্মী দেৱীৰ ওচৰলৈ আহে । পুহমাহৰ লক্ষ্মী দেৱীকহে টুচু বোলা হয় । আনহাতে এই টুচু দেৱীক শিৱৰ পুত্ৰী, মনসাৰ ভগ্নী আৰু কালী,দুৰ্গা, সীতা আদি ভিন্ন ৰূপতো কল্পনা কৰা হয় । টুচু পৰৱৰ গীতত পোৱা যায়-
'অশোক বনে পাতেৰ ঘৰে
সীতাকে ৰামে ৰাখেছে
যোগীৰ বেশে ৰাৱণ আসে
সীতা হৰণ কৰেছে ।'
কৃষিকেন্দ্ৰিক লোক উৎসৱ ভোগালী ভোগৰ উৎসৱ। মুকলি পথাৰৰ মেজিৰ কাষত ওৰে ৰাতি থাকি ভোজ-ভাত খাই আনন্দত উত্ৰাৱল হোৱা ভোগালী উৎসৱ 'অসমীয়াৰ খেতি-খোলা সামৰাৰ উৎসৱ, ভোগ আৰু আনন্দৰ উৎসৱ ।' নামনি অসমৰ দৰঙত ভোগালী উৎসৱৰ গুৰুত্ব অধিক। দৰঙত ' মাঘ দোমাহী' নামেৰে পৰম্পৰাগত ভাৱে পালন কৰা ভোগালী উৎসৱত খোৱা তালিকাত প্ৰাধান্য লাভ কৰে ভলুকাবাঁহৰ চুঙাত বৰাধানৰ চাউল ভৰাই জুইত পোৰা পঠাই হৈছে চুঙা পিঠা । এইবিধ খাদ্য দৰঙৰ লগতে পূব কামৰূপ অঞ্চলৰ ভোগালী উৎসৱতো অপৰিহাৰ্য খাদ্য হিচাপে পৰিগণিত । উৰুকাৰ দিনা ৰাতিপুৱা বাৰীৰ তামোল, পাণ,নাৰিকল,আম,কঠাল,লেটেকু, পনিয়ল, ৰবাব টেঙা, মধুৰিআমকে ধৰি ফল লগা গছবোৰৰ গুৰিত একোছা গেঁৰ বা কল চোঁচনিৰে বান্ধ দিয়ে । ফল ধৰাৰ বয়স হোৱা অথচ ফল ধৰা নাই তেনে গছৰ গুৰিত এনেদৰে বান্ধ দিয়া ৰীতি আমাৰ সমাজত প্ৰচলিত ।ইয়াক 'গছ বন্ধা ' বোলা হয় । লোকবিশ্বাস মতে এনেদৰে গছ বান্ধিলে গছত ফল উপচি পৰে ।তাৰোপৰি খেতিয়কে উৰুকাৰ আগতেই পথাৰৰ শস্য ঘৰলৈ আনি ভঁৰালত ভৰাই থয় আৰু মাঘ মাহৰ ভিতৰত ভঁৰালৰ দুৱাৰ খুলিব নালাগে বুলি এক পৰম্পৰা মানি চলে ।মাঘ দোমাহীৰ দিনা ৰাতিপুৱা বাঁহ গছৰ গুৰিত নতুন মাটি নিদিলে বাঁহৰ বংশ বৃদ্ধি নহয় বুলি আমাৰ সমাজত এক জনবিশ্বাস প্ৰচলন আছে । তাৰোপৰি গঞা ৰাইজৰ মাজত এনে কিছুমান জনবিশ্বাস প্ৰচলিত হৈ আছে,যাৰ সহযোগত মাঘমাহৰ দোমাহীৰ দিনাই আগন্তুক বাৰিষাৰ সংকেত পায় । দোমাহীৰ দিনা দোকমোকালিত যদি গোহালিৰ গৰু-গাই শুই থাকে তেন্তে বুজিব লাগিব সেই বছৰ বানপানী নহয় ।ইয়াৰ বিপৰীতে যদি গোহালিত গৰু-গাই থিয় হৈ থাকে তেন্তে সেই বছৰ যে বানপানী হব তাত কোনো সন্দেহ নাই। মাঘৰ দোমাহীৰ দিনা পল্টা ( পঁইতা ভাত) আৰু কাঠ আলু খালে গাত বল বৃদ্ধি হয় বুলিও সমাজত জনবিশ্বাস আছে-
' পুহৰ পল্টা মাঘত খায়
বাঘৰ সমান বল পায় ।'
কৃষিজীৱি সমাজে পৰিশ্ৰমৰ ক্লান্তি পাহৰিব লৈ আৰু সমূহীয়া ভাৱে প্ৰাচুৰ্য্যৰ আনন্দ উপভোগ কৰিবলৈ খেতি-বাতি সামৰাৰ পিছত একোটা উৎসৱ পতাৰ নিয়ম পৃথিৱীৰ প্ৰায়বোৰ জাতিৰ মাজত আছে ।আমেৰিকাত এনে উৎসৱক 'থেংকছ গিভিং চেৰিমনি' বুলি কোৱা হয় ।
বৰ্তমান যুগৰ বিবৰ্তন ঘটিছে ।কৃষিজীৱি জীৱনৰ সোণালী পথাৰত শিল্প যুগৰ স্থায়িত্বহীনতা আৰু অনিশ্চয়তাৰ ছাঁ পৰিছে । কৃষিপথাৰ আৰু কাৰখানা,কৃষক আৰু বনুৱা,অতীত আৰু বৰ্তমানৰ নিকৰুণ পৰিস্হিতিৰ মাজত সংঘাত সৃষ্টি হৈছে । অতি চেনেহৰ ভোগালীৰ ভোগৰ প্ৰাচুৰ্য্য সংকুচিত হৈছে ।পথাৰত আজি ধানৰ মেতমৰা ডাঙৰিৰ স্বপ্ন নাই। পাকঘৰৰ মজিয়াত নাই ভোগৰ হাত বাউলি । বিশ্বায়নৰ প্ৰভাৱত কোমল চাউল, বৰা চাউল,পিঠাগুৰি,কৰাইগুৰি,তিলপিঠা,ঘিলাপিঠা, চুঙাপিঠা আদি বিভিন্ন খাদ্য সামগ্ৰী প্লাষ্টিকৰ মোনাত সোমাই খোৱা টেবুল শুৱনি কৰিছে । বিশ্বায়নে পথাৰক 'পথ' ,পথৰুৱাক 'পথিক' কৰিলেও অসমৰ বিভিন্ন জনগোষ্ঠীৰ কৃষিকেন্দ্ৰিক সংস্কৃতিৰ ৰূপ এতিয়াও একেবাৰে ম্লান কৰিব পৰা নাই। আমাৰ জনগোষ্ঠীসমূহে ভোগালীৰ সময়ত বিভিন্ন লোক উৎসৱ পালন কৰি জাতীয় ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিক উজ্জীৱিত কৰি ৰাখিছে ।
দীপিকা লস্কৰ
মো: নং- ৯৪৩৫২২৪৩৬৩





Comments