top of page
প্ৰহসন
চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনীয়ে দিনৰ দিনটো (কেতিয়াবা ৰাতিও) , কিমান যে 'ব'ৰ'' হৈ থাকে , সেয়া কিন্তু কোনেও নেদেখে । 'ৰ'বা, ৰ'বা, তুমি নালাগে , মইয়ে ধৰো। মই কিন্তু তুমি ঘৰত নাই বুলি ক'ম দেই'। ' পেছেন্ট ছিৰিয়াছ হ'লে নগ'লে কেনেকৈ হ'ব বাৰু? 'যাব লাগিবই বুলি কোনো কথা নাই? ' 'হেৰা, তোমাৰ মাৰাৰে যে কিবা অসুখ, ক

গীতা মহন্ত শইকীয়া
1 day ago
অমাতৰ মাত
গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে কথা! শান্তনুৱে স্কুল বেগত দুখনমান কমিক বুক আৰু ছবি অঁকা বহীৰ লগতে খেলৰ দুই এপদ বস্তু ভৰোৱা দেখি বায়েক শ্যামলীয়ে হাঁহি ক'লে, অ'ই তই ককাৰ ঘৰত পঢ়িবলৈ যাবিনে ফুৰিবলৈ যাবি? তাই বেগৰ পৰা বস্তুখিনি উলিয়াই থ'বলৈ কোৱাত সি ক'লে নাই এইখিনি নিব লাগিব। চোতালত গাড়ীখন ৰখোৱাৰ লগে লগেই শান্তনু গা

ড° নাজমা বেগম
1 day ago
প্ৰত্যাৱৰ্তন
বয়সৰ এটা পৰ্যায়ত মানুহে কেতিয়াবা অনুভৱ কৰে -জীৱনত বহু দিঘলীয়া পথ অতিক্ৰম কৰা হ’ল অথচ অতি নিকট, নিজা , এনেকুৱা এটা চমুপথ থাকি গ’ল য’ত খোজ দিয়ায়েই নহ’ল৷ হেমন্ত গোস্বামীয়ে এই অনুভৱটোকে বহুদিন ধৰি উপেক্ষা কৰি আহিছিল ৷ হেমন্ত গোস্বামী দগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰপৰা অৱসৰ লৈ লিখা -মেলাত হাত দিছে ৷ ইতিমধ্যে স্থানীয় কেইবাটাও অনুষ্ঠানৰ সভাপতিৰ পদ গ্ৰহণ কৰিছে ৷ অধ্যয়ন কৰা,বিভিন্ন কাকতলৈ দিবলগীয়া প্ৰবন্ধ প্ৰস্তুত কৰা ,সভা-সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰা আদি কামত হেমন্ত গোস্বামী মহাবিদ্যালয়ৰ
ত্ৰিদিৱ লস্কৰ
1 day ago
দিখৌ পাৰৰ দুখ
"অথিৰ ধন-জন, জীৱন-যৌৱন , অথিৰ এহু সংসাৰ" মাজে-মাজে জীৱনলৈ বিৰাগ ভাৱ আহে । সকলো অৰ্থহীন যেন লাগে । ধন-সম্পত্তি, ভোগ-বিলাস সকলো তেনেই ক্ষন্তেকীয়া যেন লাগে । নিয়তিয়ে মানুহৰ ভাগ্যক ভেঙুচালি কৰা যেন লাগে । প্ৰকৃতিৰ প্ৰচণ্ড শক্তিৰ কাষত মানুহক নিচেই ক্ষুদ্ৰ যেন লাগে। ভোগ-বিলাসত মত্ত মানুহে নিজৰ ক্ষুদ্ৰতাক বেছিভাগ সময়তে পাহৰি থাকে । অহংকাৰত উন্মাদ হৈ থাকি প্ৰকৃতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰে । প্ৰকৃতি ধ্বংস কৰি নিজৰ সাম্ৰাজ্য বঢ়াব খোজে । আৰু তাৰ বিষময় ফল ভোগ কৰে সহজ- সৰল মানুহে ।

ডাঃ হেমন্ত কুমাৰ গোস্বামী
1 day ago
দূৰদৰ্শী
বেলি লহিয়াইছে তেতিয়া। দুলুমণিয়ে পিন্ধি থকা চুৰিদাৰৰ পেণ্টটো পানীত তিতিব নোৱাৰাকৈ মুকুতাই দমকলটোৰ ফালে আগবাঢ়ি গ'ল। সোঁহাতে দমকলৰ হেণ্ডেল ডাল তললৈ হেচি ধৰি ভৰি দুটা পানীত তিয়াই ললে।তাই পাকঘৰতে এচুকত পাতি থোৱা কৃষ্ণৰ ফটো খনৰ সৈতে লেপি- মচি থোৱা ভেটিটোৰ কাষত আঠুলৈ মাটিৰ ক'লা হৈ যোৱা চাকিটোত মিঠাতেল ঢালিলে। কণমাণি মাটিৰ ঘটটোৰ ভিতৰৰ পৰা বাৰীৰ কপাহ অলপ লৈ গুটি গুচাই শলিতা পগাই জুইশলাটো মাৰি জ্বলাবলৈ চেষ্টা কৰিলে।হঠাতে অহা বতাহ জাকত বাৰে বাৰে কাঠিটো নুমাই যাবলৈ ধৰিছে।এপাকত তাই স
গুণদা গোস্বামী
1 day ago
শেষ পৰিণাম
অন্য দিনাৰ দৰে সেইদিনাও পুৱতি নিশা হঠাৎ টোপনিৰ পৰা সাৰ পাই উঠিল সংঘমিতা । আন দিনাও ঠিক একেখিনি সময়তে সাৰ পাই যদিও কিছু সময়ৰ পাছত পুনৰ তাইৰ টোপনিতো ঘুৰি আহে । কিন্তু সেই দিনা তাইৰ টোপনিতো ঘুৰি নাহিল ।জোৰকৈ চকুহাল মুদি পূনৰ টোপনিতো ঘূৰাই আনিবলৈ তাই অশেষ চেষ্টা কৰিলে । কিন্তু তাইৰ সকলো চেষ্টাই সেইদিনা বিফল হল । খন্তেক সময় বিচনাখনতে ইছাত সিচাত কৰি থাকি এটা সময়ত সন্তৰ্পনে বিচনাৰ পৰা উঠি তাই কোঠাৰ বন্ধ খিৰিকী খন খূলি দিলে । বাহিৰত তেতিয়া এচাতি পাতলীয়া বতাহৰ লগতে চিপ্ চিপ্ বৰষ
ভোলা কলিতা
1 day ago


অৰণ্যৰ কাহিনী :শৰবিদ্ধ হাতীটো আৰু অৰণ্যৰ টঙীঘৰত এনিশা
আজি ৰাতি ক'ত কটাম বুলি ভাবি থাকোতেই সহকৰ্মীবন্ধুসকলে অৰণ্যৰ মাজত থকা টঙীঘৰটোতে ৰাতিটো থকাৰ পৰামৰ্শ দিলে ।আমি আটায়ে টঙী ঘৰটোলৈ খোজ ল'লো। বাটত বতাটেঙাৰ পাত চোবাই দেহক সক্ৰিয় কৰিলোঁ। বনৰীয়া হাতীৰ দল এটাৰ বাবে বাটত অলপ সময় ৰ'বলৈ বাধ্য হ'লো। সন্ধ্যা সাত বাজি উকলি গ'ল। খৰধৰকৈ গৈ টঙী ঘৰত উঠিলোঁ। সকলোৱে এচুঙাকৈ পানী গিলি বিচনাত বাগৰ দিছিলোহে, ৰাজা ভাইটিয়ে আক' কৌপাতৰ ভাতমুঠি খাবলৈ উঠাই দিলে ।আলুপিটিকা শুকান মাছৰ চাটনিৰে ভাতমুঠি পৰম তৃপ্তিৰে খাই বিচনাত বাগৰি পৰিলোঁ। ভাল টোপনি

মহেশ নাথ
1 day ago
এটা অতৃপ্ত বাসনাৰ মৃত্যু
লাজ বাৰু দেহৰ কোন অংশত লাগে ? 'নাকত আকউ।' 'নাৰীৰ সৌন্দৰ্য্য দেহৰ কোন অংশত থাকে ?' 'যাহ এইজনী।' লাজত ৰঙা-ছিঙা পৰা মোৰ বাইদেউ সবিতাৰ উত্তৰ। সঁচাই, নাৰীৰ সৌন্দৰ্য আনে ক'ত দেখে নাজানো। কিন্ত্ত মই দেখা পাঁও-পকা চুলিৰে সম্পূৰ্ন বগা হৈ পৰা কোনো আদহীয়া নাৰীৰ সেওঁতাৰ সেন্দুৰত। বিয়াই সবাহে য'লৈকে নাযাও কিয়, তেনে এগৰাকী নাৰীৰ সন্ধানত মোৰ চকু দুটা পিত-পিতাই ফুৰে। মোৰ মাৰো চুলিবোৰ পকিছিল। মা' ক'ৰবালৈ ফুৰিবলৈ ওলালে মই সদায়েই সেওঁতাত সেন্দুৰ অলপ সৰহকৈ বোলাই দিছিলো। 'বা: কি সুন্দৰ!' 'পাগলীজ

গীতা মহন্ত শইকীয়া
Aug 3
জেঠাই আহিল
অমলা আজি পাঁচবছৰৰ মূৰত মাকৰ ঘৰলৈ আহিছে । সেইযে মাক ঢুকাওঁতেই অহা, ইমানদিনে অহা নাছিল।হওঁতে অমলাৰ এতিয়া তিনিকুৰি পাচঁবছৰ হৈছে। এই বয়সত ইমান দূৰ অকলে আহিব নোৱাৰে,লগত এটা সাৰথি লাগে।শৰীৰ ভাল থাকোঁতে অমলাই কেতিয়াবা গিৰিয়েকৰ লগত আৰু গিৰিয়েক ঢুকুৱাৰ পিছত অকলেই আহি এবছৰ দুবছৰৰ মূৰত মাক আৰু ভায়েকহঁতৰ খবৰ লৈছিলহি।এইবাৰ অমলা নাতিনী জাহ্নৱীৰ লগত আহিছে, তায়ো মেট্ৰিক পৰীক্ষা দি আজৰি পাইছে, পৰীক্ষা বুলিয়েই এবছৰে পঢ়াৰ দায়িত্বৰ বাবেই ক'তো ফুৰা-চকা কৰা নাই। অমলাহঁতৰ মাকৰ ঘৰ ৰাষ্ট্ৰী

প্ৰফুল্ল কুমাৰ নাথ
Aug 3
সাংঘাতিক
(কাঠনিবাৰী ঘাট স্ৰষ্টা শ্ৰদ্ধাৰ মহিম বৰা ছাৰৰ সোঁৱৰণত) ৰাতিপুৱা শুই উঠি কস্তুৰীয়ে ঘড়ীটোলৈ চাই দেখে সাত বাজিছে। ইতিমধ্যে তাইৰ মানুহজন আৰু ডাঙৰ ল’ৰাটোও নিজৰ কৰিবলগীয়া প্ৰাতঃকৰ্মশেষ কৰি সাজপাৰ পিন্ধি সাজু হৈছে নিজৰ গন্তব্য স্থানলৈ। ল’ৰাটোৱে মা যাওঁ বুলি মাতষাৰ দি পিঠিত কিতাপৰ মোনাটো লৈ বিদ্যালয়লৈ ঢাপলি মেলিছে। আনহাতে মানুহজনো নিজৰ সৰু গাড়ীখনৰে কৰ্ম স্থানলৈ গৈছে। সৰুতো ল’ৰাই আগদিনা ৰাতি বহু দেৰিলৈকে আমনি কৰি থকাত তাই ৰাতি শোৱা পলম হৈছিল। চৰকাৰী আবাসৰ প্ৰথম মহলাৰ চুকৰ সৰু কোঠাট

লখিমী মহন্ত
Aug 2


এটি পুৱাৰ অপেক্ষাত
নদীৰ পাৰত সূৰুযৰ উজ্জ্বল হালধীয়া পোহৰ ক্ৰমে ম্লান হৈ আহিব ধৰিছে । নদীৰ পাৰত থকা গছবোৰৰ পাত বোৰ ৰ'দৰ সোণোৱালী পোহৰত উজ্বলি উঠিছে । দিনৰ আহাৰ সন্ধানী পক্ষীকুলে বিদায়ৰ আগমুহুৰ্তত কৰা চিঞৰ-বাখৰবোৰে নদীৰ পাৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছে । পাৰ্থিৱে ভাবিলে কিছু সময়ৰ পাছত নদীখন স্তদ্ধ হৈ পৰিব । অসংখ্য আত্মলীন জলজ জীৱৰ মাজত নদীখন নিস্তব্ধ নিৰ্বিকাৰ হৈ তাৰ অস্তিত্বক বজাই ৰাখিব । এনেদৰেই নদীবোৰে বছৰ বছৰ ধৰি একোটা অঞ্চলত নদী-মাটি-ঘাম-তেজৰ মিশ্ৰণত গঢ় লৈ উঠা জীৱন, সমাজ আৰু মান

উপমা মজুমদাৰ
Jun 22


উপহাৰ
প্ৰতিগৰাকী বিবাহিতা মহিলাৰ স্বামীৰ প্ৰতি কিছু ওজৰ আপত্তি থাকেই। প্রথম অৱস্থাত মই ভাবি ছিলো মোৰ স্বামী হে মোৰ লগত কিছুমান ক্ষেত্রত অমিল স্বভাৱৰ। পিছে এতিয়া মহিলা সহকৰ্মীসকলৰ লগত মত-বিণিময় কৰি গম পাইছো প্ৰায় বিলাক পুৰুষেই (গিৰিয়েক) এনেকুৱা, এনেকুৱা মানে বিয়াই-সবাহে গৈ বেয়া পোৱা , মানে ৰভাৰ তলত কেৱল খাবলৈ বুলি অপেক্ষা কৰি এঘণ্টা দুঘন্টা বহি থকা, পত্নীৰ লগত বজাৰ-সমাৰ কৰি বেয়া পোৱা, (পত্নী য়ে দৰদাম কৰি থাকেযে), শহুৰৰ ফালৰ মিতিৰ- কুটুম্বৰ ঘৰলৈ গৈ বেয়া পোৱা, বা শহুৰৰ ঘৰত একে

গীতা মহন্ত শইকীয়া
Jun 20


সময় বাগৰে
এটা সুন্দৰ সময়। যিসময়য়ত অসমৰ আকাশ বতাহ ফৰকাল বতৰৰ দৰেই ঘূৰ্ণীয়মান। সুন্দৰ সুন্দৰ পৰিৱেশেৰে পৰিৱেষ্টিত অসম, অপ্ৰদুষিত স্বচ্ছ জলবায়ু কেওফালে সেউজীয়া আৰু সেউজীয়া। দিচাং ,দিহিং ধনশিৰি, ভোগদৈ, বৰলুইতকে ধৰি অসমৰ সৰু বৰ সকলো নদ-নদী প্ৰদুষণ মুক্ত হৈ লাহি গাভৰুজনীৰ দৰে তড়িৎ গতিৰে বৈ গৈছিল। সেইসময়ৰ সহজ সৰল মনৰ মানুহবোৰৰ অভাৱ নাছিল। শস্যে-মৎস্যে, ফলে-ফুলে জাতিষ্কাৰ অসম । কল-কাৰখানা দূৰৰে কথা গাড়ী মটৰকে ধৰি দোকান পোহাৰৰ ইমান পয়োভৰ নাছিল। সীমিত ব্যৱস্থাত চলিছিল সকলোবোৰ। সেই সময়তে জন্ম

লখিমী মহন্ত
Jun 20
শেষ আশ্বাস
..."হেৰা, শুনিছানে এইটো লোৱাচোন ।যেনেতেনে মাহৰ বাজেট মিলাই এই পোন্ধৰ হাজাৰ টকাটো তোমাৰ বাবে আনিছো । ককায়েৰাৰ বিয়াখন পালেহিয়েই নহয়। নগাঁওলৈ গৈ এযোৰ ধুনীয়া পাটৰ কাপোৰ লৈ লবা দেই ।" এনেতে কলিংবেলটো বাজি উঠিল । দুৱাৰখন খুলি সিহঁতৰ ঘৰতে কাম-বন কৰা জোনাকী সোমাই আহিল । মুখত অনবৰতে লাগি থকা সেই ধুনীয়া হাঁহিটো আজি দেখোন নাই । বৰ উদাস যেন লাগিছে তাইক দেখি । তাইক বহিবলৈ দি সুধিলো- "জোনাকী ৰিপোৰ্ট বোৰ চাই ডাক্তৰে কি ক'লে অ ..!!" তাই ক'লে -"কি ক'ব আৰু বৌ ... এইবোৰ লগতে যোৱা বেমাৰ অ

বৰ্ষা বৰা
May 23
দংশন
দেওবাৰ ,চাকৰিয়াল সকলৰ এটা প্ৰত্যাশিত দিন ।পুৱাই স্বামীয়ে ল'ৰা -ছোৱালী দুটাক লৈ গাৱৰ ঘৰলৈ গৈছে ।নামঘৰত বছেৰেকীয়া বৰ সবাহ ।তেওঁ তাহানিতে চহৰ মুখী হ'ল যদিও গাৱৰ শিপাডাল খামুচি ধৰি ৰাখে । মোৰ বাবে এইবোৰ সস্তীয়া চেন্টিমেণ্ট ।নিজৰ পৃথিৱীত বিচৰণ কৰি ভাল পাওঁ ।পুৱাৰ কাম -বন সামৰি আধা পঢ়া মোৰ প্ৰিয় লেখক গৰাকীৰ উপন্যাস 'মেঘমল্লাৰ কথাৰে' খন হাতত ল'লো । ক্ৰিং ক্ৰিং,কলিং বে'লটো বাজি উঠিল । কি আপদ ,চৰম বিৰক্তিৰে ওলাই গ'লো । এমুখ কেচা -পকা ডাড়িৰে,ওখ,ক্ষীণাঙ্গী এখন ভাবলেশ হীন মুখেৰে এজন লোক

দীপ্তি দেৱী শৰ্মা
May 23
ভালপাওঁ মাথো তোমাক
"হারানো চাবির মতো কতো শব্দ হারিয়ে যায় কিন্তু দুটি শব্দ আমি বুকের ভেতর রাখি, সেই শব্দ আমি কাউকে বলবো না বুকের ভিতরে নিয়ে এই শব্দ আমি তোমার কাছে যাবো ।" -মহাদেব সাহা হাঁহ কণী আকাৰৰ সৰু খিৰিকীখনেৰে পুৱাৰ ৰ'দ আহি তাইৰ মুখত পৰিল।কোমল, উমলগা। কিবা এটা আমেজত চকু মুদি থাকোতেই মিচিকি হাঁহি এটি ফুলি উঠিল তাইৰ দুওঁঠত । এয়াৰহষ্টেছ এজনী আহি তাইক দুবাৰ মেম, মেমকৈ মাতিলে। পুৱতি নিশাতে ফ্লাইটত উঠিছিল তাই। বাংগালোৰৰ পৰা অসম অভিমুখী।টিকেটৰ লগত ব্ৰেকফাষ্ট সোমাই আছিল। জুৱে টিকেট কৰিছিল, গতিকে স
নিবেদিতা শইকীয়া
May 23
অপ্ৰত্যাশিত
বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ বছৰতে মানসীয়ে পুলকেশক লগ পাইছিল । পুলকেশ তাইতকৈ এক শ্ৰেণীৰ আগৰ আছিল । মানসীৰ বান্ধবী অৰুণিমাই এদিন বিশ্ববিদ্যালয়ৰ চৌহদৰ ৰঙা কৃষ্ণচূড়া ফুল গছজোপাৰ তলত ৰৈ পুলকেশৰ লগত তাইক চিনাকি কৰি দিছিল ---" এওঁ পুলকেশদা । মোৰ মাহীৰ ল'ৰা । এওঁ ভাল গান গায় ।" মানসীয়ে তন্ময় হৈ চাই ৰ'ল পুলকেশলৈ । তাৰ চকুত চকু থ'লে আৰু ভাবিলে --হয় , সেইজনেই এই পুলকেশ । ভাৰ্ছিটি উইকত মঞ্চত যাৰ কণ্ঠৰ গীত শুনি তাই অভিভূত হৈ পৰিছিল । যাৰ গীতৰ , কণ্ঠৰ সুৰৰ প্ৰেমিক হৈ পৰিছিল ।--মান

উপমা মজুমদাৰ
May 23
বসন্তৰ ক্রন্দন
'তোমাৰ বাবেই যত অশান্তি'। 'মই আকৌ কি কৰিলো? ' 'এইযে বায়েৰাহঁতক দেখি ল'ৰা-ছোৱালীহালক 'ইংলিছ মেডিয়ামত' পঢ়ুৱাবলৈ তৎ হেৰুৱালা, এতিয়া পাইছা মজা? বিহুৰ পিছদিনাই সিহঁতৰ ' 'ইউনিট টেস্ট' নিদিলেনে পাতি? অসমীয়া স্কুলত পঢ়ুৱা হ'লে অন্তত: বিহু 'ফাংশন' কেইখন শান্তিৰে চাব পাৰিলো হয়-----' 'এতিয়া যাবানে নোযোৱা সেইটো কোৱা? ' ' ওলোৱা, ওলোৱা, নগ'লে গোটেই বছৰটো মোক শান্তিৰে থাকিবলৈ দিবানে'? সেইযে দহ বজাতে ভাত-পানী খাই বিহুতলীলৈ ওলালো, এতিয়া লৈকে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ নাম-গোন

গীতা মহন্ত শইকীয়া
Apr 25


অপৰাহ্নৰ ৰং
বগেনভেলিয়া জোপাই আৱৰি ধৰা বেলকনিখনৰ এচুকত বহি চাই আছোঁ ব্যস্ত চহৰখনৰ ব্যস্ত পথচাৰীক।চ'তমাহৰ প্ৰখৰ ৰ'দক আওকান কৰি সকলো ব্যস্ত নিজকলৈ। এটা সময়ত ময়ো চাইকেলখনলৈ ৰ'দ বৰষুণ একাকাৰ কৰি পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰিছিলো। সেই সময় আৰু এতিয়াৰ সময়ৰ মাজত বহু তফাৎ। জীৱন আৰু জীৱিকাই মানুহক ক'ৰ পৰা ক'লৈ লৈ যায়, সেইয়া কোনেও নাজানে ।নদীৰ পানীৰ দৰেই চলমান এই জীৱন। লক্ষ্য সাগৰ যদিও দুৰত্বৰ উমান নোপোৱাকৈয়ে নদী আগবাঢ়ে । ভৰিখন আগবঢ়াবলৈকে কিমান সম্বন্ধ বিসৰ্জন দিব লগা হয় ,সেইয়া বু
জ্যোতিৰ্ময়ী বৰুৱা
Apr 25


অৰণ্যৰ উচুপনি
সুদীৰ্ঘ আঠ বছৰীয়া এটি প্ৰেম কাহিনী। গৌতম আৰু মনাৰ প্ৰেম কেৱল এটা শব্দ নাছিল, আছিল এটা উশাহ। যিদিনা গৌতমে বন বিভাগৰ ফৰেষ্টাৰ হিচাপে নিযুক্তি পালে, সেইদিনাই যেন তেওঁলোকৰ সপোনবোৰে আশাৰ পোখা মেলিছিল । দুয়োৰে কিমান যে স্ফুৰ্তি ।এবছৰৰ ভিতৰতে বিয়াৰ দিন ধাৰ্য হ'ল। দুয়োখন ঘৰতে বিয়াৰ এক উখল-মাখল পৰিবেশ ...বজাৰ কৰা,মানুহ মতা ইত্যাদি। অৰণ্য ভালপোৱা গৌতমে মনে বিচৰা চাকৰিটো পাই অত্যন্ত সুখী হৈছিল। কিন্তু চাকৰিত যোগদান কৰাৰ পিছতেই গৌতমে অৰণ্যৰ ভিতৰচৰাত এক কদৰ্য ৰূপ দেখা পালে। অৰণ্যৰ

পলী মজুমদাৰ
Apr 25
bottom of page

