top of page


স্মৃতিৰ জোনাকত আশাৰ পম খেদি
'অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।'' আকাশীয়ে বিহু গীতটো গুন গুনাই থকা শুনি ভনীয়েক মইনাই পিছফালৰ পৰা আহি মাত দিলেহি- "আকাশীবা ,গাত বিহু লাগিলেই নেকি?" আকাশীয়ে মইনাক সুধিলে - ''আজিৰ চ'তৰ কেই তাৰিখ হ'ল, তই জান নে ? কুলি চৰাই কোউ কোউ মাতত মোৰ মনটো কিবা বিহু বিহু লাগিছে।" মইনাই অলপ সময় আকাশীলৈ চাই ক'লে- ''হয় দে আকাশী বা । তই যে ইমান ধুনীয়া বিহু গীত গাই বিহু নাচিছিলি !মা আৰু দেউতাই সদায় কৈ থাকে। চ

জ্যোতিকা বৰা
Apr 3


উদ্দীপনা
"উ: পৰীক্ষা, পৰীক্ষা ,পৰীক্ষা.. " চিঞৰি উঠিল শতাব্দীয়ে ।কলেজৰ আহি তাই বিছনাত বাগৰ দিছে ।বিহুৰ বন্ধত ঘৰলৈ যোৱা কথাটো ভাবিয়েই তাইৰ ভাল লাগিল । আইতাক ছাগৈ এইসময়ত খুন্দনাত তামোল খুন্দাত ব্যস্ত । বিহু আহিলে আইতাই মুখত হুচৰি গীত গুনগুনাই থাকে- "কৃষ্ণাইৰ মূৰতে বকুলফুল এপাহি নিঁয়ৰ পাই মৰহি যায় .." বিহু আহিলে বোপাকণ খুড়াদেউ ঘৰখনৰ চৌপাশ সুন্দৰকৈ চাফ-চিকুণ কৰাত ব্যস্ত । মুঠৰ ওপৰত এক উখল-মাখল পৰিৱেশ । ডিব্ৰুগড় জিলাৰ খোৱাং ৰ জমিদাৰ ঘৰ । এইবাৰ বিহুত আগৰ দৰেই হৰ্ষোল্লাস পৰিৱেশ বি

লনী আহোম
Apr 3


যেনে কুকুৰ তেনে টাঙোন
'হেৰা,আলহীক খুৱাবলৈনো কি কৰিছা?'--বৰুণে পাকঘৰৰ দুৱাৰমুখৰপৰাই ভুমুকিয়াই ঘৈণীয়েক ৰেঙণিক সুধিলে। 'লুচি,কাবুলীবুটৰ ঘুগুনি আৰু পায়স।'--ৰেঙণিয়ে সিজাই থকা পায়সখিনি লৰাই থাকিয়েই উত্তৰ দিলে। 'এয়া পাছতহে দিবা,আহি পোৱাৰ পাছতে চাহ একাপ দিব লাগিব নহয়,চাহৰ লগত দিবলৈ 'তাহ' আছেনে নাই?' 'আছে,আছে। আপুনি চিন্তা কৰিব নালাগে। মই নিজে কৰা কে'ক,কাটা নিমকি আৰু লচকৰা আছে। ভুজিয়া আৰু মিঠাইও আছে। হৈ যাব।' বৰুণৰ মনটো ভাল লাগি গ'ল। ঘৈণীয়েকে তেনেহ'লে চাহৰ যোগাৰ ভালকৈয়ে কৰিছে! কৰিবই লাগিব।

ধ্ৰুৱজ্যোতি শৰ্মা
Apr 3


ছাত্রী নিৱাসত ভূত
সেইদিনা কি বাৰ, কি তাৰিখ আছিল আজি আৰু মনত নাই। কিন্তু সময়টো ঠিক মনত আছে --দুপৰীয়া এক মান বাজিছিল। মই নগাঁৱৰ পৰা গৈ হােষ্টেলত উঠিছিলোগৈ। (গু:বি:ৰ ৩নং দুমহলীয়া ছাত্রী নিৱাস।) ৰিক্সাৱালাটোক বিদায় দি সেই নিজন দুপৰীয়া ওপৰ মহলাত থকা মোৰ কোঠালৈ বুলি এটা এটাকৈ চিৰি বগাবলৈ আৰম্ভ কৰিছিলো। সেইকেইদিনত বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ পূৰাদমে চলি আছিল বাবে সমগ্র হােষ্টেল সম্পূৰ্ণ নীৰৱতাত ডুব গৈ আছিল। কেইটামান চিৰি বগোৱাৰ পিছত অতৰ্কিতে মই থমিক ৰ'লো। ক'ৰবাত যেন কিবা এটি বিসংগতি ঘটিছে------। চেঁচ

গীতা মহন্ত শইকীয়া
Apr 3


আশ্ৰয়
ৰশ্মিয়ে আলমাৰিৰ কাপোৰবিলাক ঠিক কৰিবলৈ লৈছিল যদিও ঠিক কৰিব পৰা নাছিল।তাইৰ উগুল থুগুুল মনটোত তাহানিৰ সেই দীঘলীয়া পদুলিটোৰ ছবিখন উদ্ভাষিত হৈছিল। পদুলিৰ মুখতে কাঠৰ চাৰিটা খুঁটাত টিনপাতৰ টুপ দিয়া বাটচ'ৰাটো। সৰুতে যে প্ৰাথমিক বিদ্যালয়ত তাই পঢ়ি থকা সময়ত জিৰণি সময়ত লগৰীয়াৰ লগত কিমানযে চেংগুটি খেলিছিল ! শিলগুটি দিয়া কেঁচা আলি বাটৰ পৰা কাষৰ ৰাস্তাৰে সোমাই আহিলেই প্ৰথমে সেই বাটচ'ৰাটো ।তাৰ পিছতে সোঁহাতে গৰু গোহালিটো, বাওঁহাতে সৰুজুপুুৰী এটা আৰু বেৰ বাটাম দিয়া এটা ঘৰ। ঘৰটোৰ কাষতে খৰিকা

লখিমী মহন্ত
Apr 3


শব্দহীন প্ৰেমৰ শেষ উপহাৰ
ৰেবাৰ প্ৰতিটো জন্মদিনতে দুৱাৰমুখত এটা ৰহস্যময় উপহাৰৰ টোপোলা হাজিৰ হয়।টোপোলাটোৰ ভিতৰত থাকে এখন নতুন কিতাপ। যোৱা ২৫ টা বছৰে এইটোৱেই তাইৰ জন্মদিনৰ আটাইতকৈ আপোন আৰু প্ৰত্যাশিত মূহূৰ্ত।। কিতাপৰ প্ৰথম পৃষ্ঠাটোত কোনো নাম নাথাকে, মাথোঁ নীলা চিয়াঁহীৰে এটাই চুটি বাক্য লিখা থাকে.....' তোমাৰ চকুৰ ভাজত হেৰাই যোৱা শব্দবোৰ কিতাপৰ পাতত বিচাৰি পাবা। জন্মদিনৰ শুভ কামনাৰে।' ৰেবাই নাজানে এই নিৰৱ প্ৰেমিকজন কোন, কিন্তু সেই অচিনাকি আখৰবোৰৰ গোন্ধত তাই এক বিৰল হিয়াৰ স্পন্দন বিচাৰি পাইছিল। আজি ৰ

পলী মজুমদাৰ
Apr 3


মাতৃত্বৰ গৌৰৱ
বাহিৰত কানি-মুনি পোহৰ। ৰাতি পুৱাবৰ হৈছে। কিয় জানো তৰালীৰ আজি বিছনাত পৰি থাকিবলৈ মন যোৱা নাই। কিবা এক অশ্বস্তিয়ে মনটো খেলিমেলি কৰি তুলিছে। কাষতে শুই থকা জোনমনিৰ গাত হাত ফুৰাই চালে, নাই সি টোপনিত লালকাল। জগাই দিবৰ মন নগ'ল, টোপনিটো মানুহক খুউব ধুনীয়া দেখি... তৰালীয়ে পোহৰ হোৱালৈ বাট চালে। হঠাৎ বাহিৰৰ পৰা চিঞৰ বাখৰ ভাঁহি আহিল। তৰালীয়ে কিনো হৈছে। তাৰ উমান লোৱাৰ চেষ্টা কৰিলে। ক্রমান্বয়ে চিঞৰবোৰ বেছি হৈ আহিল। তাই খপ্জপ্কৈ বিচনাৰ পৰা নামি বাহিৰলৈ ওলায় দেখিলে মানুহবোৰে লৰাধপৰা কৰ

ড° নাজমা বেগম
Apr 3


ক্ষুধা
জ্বলি থকা কেৰাচিন তেলৰ চাকিটো ফু মাৰি নুমুৱাই ৰুণিমা বাঁহৰ চাংখনত উঠিল।চাংখনৰ বাঁহবোৰৰ কেৰ্মেৰাই উঠাৰ শব্দত মতিয়ে খেপিয়াই মাকক বিচাৰিলে।টোপনিতে সি বুজি উঠিছে যে তাৰ মাক এতিয়া তাৰ কাষত শুৱলৈ আহিল।ৰুণিমাই মতিৰ অকনমানি দেহাটো সাৱটি গাৰ কাষলৈ আলফুলে চপাই ল'লে।মতি মাকৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গ'ল। ৰুণিমাই সাৱধানে তাৰ গাৰ ওপৰেদি হাতখন মেলি খেপিয়াই চালে সোনটিহঁতৰ গাত লেপখন ঠিকে-ঠাকে আছেনে নাই!বিচনাৰ সিটো মূৰে শুই থকা মনটিৰ গাৰপৰা খহি যোৱা লেপখন ওপৰলৈ তুলি দিলে তাই।তাই ভাবে

কবিতা বৰা কলিতা
Apr 3


প্ৰাপ্তি
লাহে লাহে প্ৰেক্ষাগৃহটো খালি হৈ পৰিল।সকলোকে বিদায় দি এইয়া চকী খনত হেলান দি বহি লৈছোঁ। অলপ ভাগৰুৱা যেন অনুভৱ হৈছে। মোৰ সমুখত বৈ যোৱা সময়ৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ অলেখ কথকতা।পাৰ হৈ যোৱা পঞ্চলিশটা বসন্ত আৰু বাইশবছৰীয়া বৈবাহিক জীৱনৰ অলেখ ছবিয়ে ভিৰ কৰিছেহি। আজিকালিৰ ছোৱালীবোৰে কি পঢ়িলে আগবাঢ়িব পাৰিব, কোনটো ক্ষেত্ৰত মানুহে কমকৈ কাম কৰিছে তেনেধৰনৰ চিন্তাত ডুব গৈ থকাৰ সময়ত দীঘলকৈ ওৰণি টানি সেন্দুৰৰ ডগমগীয়া ৰেঘ লৈ নগৰখনৰ সেই সম্ভ্ৰান্ত পৰিয়ালটোৰ বোৱাৰী হৈছিলোহি। শহুৰ- শাহু,

জ্যোতিৰ্ময়ী বৰুৱা
Mar 3


সপোন
এজনী ছোৱালী ।তাইৰ নাম আছিল “ সপোন”। ছোৱালী জনী সৰুৰে পৰা ভগৱানৰ প্ৰতি খুব শ্ৰদ্ধাৱান আছিল। ৰাতিপুৱাৰ পৰা সন্ধিয়া লৈকে তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। কিবা কামত ব্যস্ত থাকিলেও মনে মনে ভগৱানৰ মন্ত্ৰ গাইছিল।তাই সৰুৰে পৰা পৰিয়ালৰ লগত থাকি, পৰিয়ালৰ লগত সময় কটায় ভাল পাইছিল। পৰিয়ালৰ সকলোৱে তাইক খুব মৰম কৰিছিল ।তাই সকলোৰে ছোৱালী হৈ পৰিছিল।তাই স্কুল যোৱাৰ সময়ত সকলোৰে আশীৰ্বাদ লৈ গৈছিল ।পঢ়াশুনাৰ লগতে খেলা,নচা, ছবি অঁকা এই সকলোবোৰতে পাৰ্গত আছিল। ছোৱালীজনী ডাঙৰ হ’ব ধৰিলে , স্

অংকিতা ভট্টাচাৰ্য
Mar 3
বিহুৱতী সন্মান
ৰশ্মিৰেখাৰ জেঠায়েকৰ ল'ৰা যতিনৰ পৰা পোৱা খবৰটোৱে সিহঁতৰ ঘৰখনক বৰ চিন্তাত পেলালে। কেৱল চিন্তাই নহয় , একপ্ৰকাৰ ঘৰখনত হাহাকাৰ পৰিবেশ এটাৰ সৃষ্টি হ'ল । এমাহ পাছতে বিহু প্ৰতিযোগিতা । এতিয়ালৈকে ঢুলীয়া দল ঠিক হোৱা নাই । ঢুলীয়া দল ঠিক হ'ব কেতিয়া আৰু ৰিহাৰচেল কৰিব কেতিয়া ? ৰশ্মিৰেখাতকৈ মাক আভা দত্তৰহে চিন্তা বেছি হ'ল । অগমুহুৰ্তত যতিনে খবৰ দিছে-- 'যোৱা বাৰৰ ঢুলীয়া ল'ৰাটোৱে এইবাৰ কোনো বিহু প্ৰতিযোগিতাত ঢোল ন বজোৱাৰ সিদ্ধান্ত লৈছে ।' কি কাৰণত এইবাৰ ঢোল নবজাই কথাটো জানিব
ভোলা কলিতা
Feb 3


অপৰাহ্নৰ নেদেখা ৰং
'তোমাৰ গা বেয়া নেকি? ' 'ওহোঁ, কিয় সুধিলা? ' ' অথনিৰে পৰা যে ভাত কেইটা লিৰিক-বিদাৰি আছা? ' এওঁ মোৰলৈ যে লক্ষ্য কৰি আছে, মোৰ খবৰেই নাই। দেউতাই ভাল পাইছিল বাবেই নেকি, যিদিনা লফা শাক আৰু বিলাহীৰ লগত মাগুৰ মাছৰ টেঙা আঞ্জা ৰান্ধো, দেউতালৈ খুব মনত পৰে। এসময়ত ল'ৰা-ছোৱালীয়ে গিজগিজাই থকা সেই ঘৰখন কি যে নিমাওমাও হৈ গ'ল--------! এবাৰ ঘৰলৈ যাওঁতে চ'ৰাঘৰত 'ফুল' 'ভলিউমত' ৰেডিঅ'টো বাজি আছিল। মাক বিচাৰি বিচাৰি পাইছিলোগৈ পিছফালৰ শাকনিবাৰীত। 'ৰেডিঅ'টো কিয় ইমান ডাঙৰকৈ লগাই থৈছা

গীতা মহন্ত শইকীয়া
Feb 2


মই এজনী গাঁৱলীয়া ছোৱালী
নাম কালৰি। দেখাত জুটুলা চুলি, দতুৱা দাঁত ,উঠঙা গাল । গাৰ ৰং বগা ,কণ্ঠ শুৱলা।গান গালে সকলো ওচৰ চাপি আহে।তাই আচলতে কালৰি নহয় ।থাকেহে ক'লা বেঙাৰ দৰে।নিৰ্জন ঠাইত থাকি ভাল পায়। বাৰীত আম ,বগৰী, মধুৰী বিচাৰি ফুৰা এজনী সাধাৰণ ছোৱালী । আকাশৰ তৰাৰ লগত কথা পতা, গছ গছনিৰ লগত খেলি থকা, পথাৰৰ বোকা পানী গছকি ডাঙৰ হোৱা তাই এজনী গাঁৱলীয়া ছোৱালী । গাঁৱৰ ছোৱালী হ'লেও তাইৰ সপোন আছিল আকাশ চোৱাৰ। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন । বন্ধু -বান্ধৱী বা আত্মীয়ৰ আগত মনৰ কথা প্ৰকাশ কৰাৰ পৰিবৰ্ত

জ্যোতিকা বৰা
Feb 2


আহত হৃদয়
কালিৰে পৰা গাটো ভাল নহয়। জ্বৰ হ'ব যেন লাগিছে । ল'ৰা-ছোৱালীহঁতো ঘৰত নাই, সিহঁত স্কুলত। মতা মানুহ ঘৰত নাথাকিলে বজাৰ-সমাৰ কৰা তথা দৰৱ-পাতি কিনি অনাটো বৰ অসুবিধা। তেওঁ থকা হ'লে মই নোকোৱাকৈয়ে ঔষধ যোগাৰ কৰিলেহেঁতেন । মনটো এবোজা বেজাৰে দোলা দি গ'ল! কেনেকৈযে একো উমান নিদিয়াকৈ এজন তেজ-মঙহৰ মানুহ হেৰাই যাব পাৰে...! বাহিৰত কোনোবাই দুৱাৰত টুকুৰিয়াই মতা যেন লাগিল। ইচ্ছা নাছিল যদিও উঠি গৈ দুৱাৰ খুলি দেখিলোঁ সেয়া ৰমলা পেহী । ৰমলা পেহীৰ ঘৰ কাষৰে এখন গাঁৱত । পেহীয়ে কাণেৰে একেবাৰে নুশুনা ল'

ড° নাজমা বেগম
Jan 5


জীৱনৰ ৰং
জীৱনক লৈ মই ভীষণ পজিটিভ । প্ৰতিকুল পৰিস্থিতিৰ বিৰুদ্ধে মোকাবিলা কৰি আগবাঢ়ি যোৱাটোতহে জীৱনৰ মাদকতা থাকে । আমাৰ জ্ঞাতে বা অজ্ঞাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত্তত দৃশ্যপট সলনি হয় । যাৰ সৈতে জড়িত হৈ থাকে কিছুমান কাহিনী বা একোজন মানুহ । মোৰ নাম আকাশ বৰুৱা । মই বৰ্তমান গুৱাহাটীৰ বাসিন্দা । পেছাত মই এজন ডাক্তৰ । মোৰ এখন নিজৰ চেম্বাৰ আছে । মই এখন নাৰ্ছিং হোমতো কাম কৰোঁ ।বহাগ বিহুৰ কাৰণে বন্ধ কৰি ৰখাৰ পিছত সেইদিনা আবেলি ২-৩০ বজাত চেম্বাৰত বহিছিলোঁগৈ । দুজনমান ৰোগী চাই উঠিছোঁহে

উপমা মজুমদাৰ
Jan 5


লজ্জা
অফিচ' টোত সোমায়েই মই হতভম্ব! কােনেও কাৰো মুখলৈ চাবলৈ সময় নাই। মানুহবোৰনো ইমান ব্যস্ত নে? আমাৰ এওঁ দেখোন নিজৰ 'অফিচ'ত 'বেল' টিপিলেই পিয়ন হাজিৰ হয়হি। কিন্তু এইটো 'অফিচ'ত এওঁলৈ চাবলৈ পিয়ন জনৰো সময় নাই। 'আলী, আলী, শুনাচোন। ' এওঁ পিয়নজনৰ খোজত খোজ মিলাই আগলৈ গৈ থাকিল। 'ছাৰ, আপুিন ইয়াতে পাঁচ মিনিট ৰওক। মই সাউতকৈ এইখিনি ('ফাইল' কেইটামান) ছাৰক দি আহো।' হয়, আলী ঠিক পাচ মিনিটতে আহিল। 'আলী, মোৰ কামটো আজি যেনেতেনে কৰি দিয়া। ' 'আপোনাৰ ফাইলটো কোনজন ছাৰৰ টেবলুত আছেবা। ছে: মস্ক

গীতা মহন্ত শইকীয়া
Dec 2, 2025


অনু গল্প: মৰ্গ
সময় তেতিয়া ৰাতি ১০.৪৫ মিনিট , হঠাতে আই চি ইউ ত থকা ডাক্তৰ জনে বাহিৰলৈ ওলাই আহি দুৱাৰ মুখত উৎকণ্ঠাৰে ৰৈ থকা মোৰ লৰা ছোৱালী দুটালৈ চাই কলে"sorry,she is no more ".....তাৰ মানে মোৰ বুজিব বাকী নাথাকিল যে ইতিমধ্যে মোৰ প্ৰাণ বায়ু ওলাই গৈছে । ডাক্তৰ জনৰ কথা শুনি ইহঁত দুটাই জোৰেৰে চিঞৰ মাৰি আই চি ইউ ৰ ভিতৰত সোমাই মোক শুৱাই থকা বিচনা খনৰ ওচৰলৈ গৈ মোৰ গাৰ ওপৰত পৰি দুয়ো ফেকুঁৰি ফেকুঁৰি কান্দিব ধৰিলে।কান্দিবটো সিহঁত দুটাই ,এইকেইদিন মোৰ লগত কম লাগি আছেনে ? টকা পইচাৰ মুখলৈ চোৱা নাই মোৰ

মৌচুমী কাকতি
Dec 1, 2025


মোবাইল
'ক্লিং ক্লিং......... ' কনমাই আইতাই মোবাইলটো হাতত লৈ ক'লে -হেল্লৌ, কোনে কৈছে। সিফালৰ পৰা উত্তৰ আহিল - 'মই সৰু বোপাই কৈছোঁ।আমি কালিলৈ ঘৰলৈ গৈ আছোঁ ' । কনমাইয়ে মোবাইল টো কানত লৈ থাকোঁতেই গ'ল ।একো ক'ব লৈকে নাপালে। সিফালৰ পৰা একো শব্দ নাহিল। মোবাইলটো থৈ কনমাইয়ে খোন্দনাটো আনি তামোল খুন্দি খুন্দি ভাবিলে সংসাৰ খন বৰ জটিল।সময় সলনি হ'ল। যুগৰ পৰিবৰ্তন হৈছে। কোনেও কাকো সময় দিব নোৱাৰে।কি যে দিন আহিল ! মানুহৰ কৰ্ম শক্তিৰে জীৱন সংগ্ৰামত বীৰদৰ্পে যুঁজি নিজৰ পৰিচয় দিব পৰাটোৱেই জীৱ

জ্যোতিকা বৰা
Dec 1, 2025


তৰাৰ সপোনটো
সেউজীয়া পথাৰ আৰু আঁকোৰগোজ নৈখনৰ মাজত সোমাই থকা অসমৰ নগাঁও জিলাৰ এটা ভিতৰুৱা নিস্তব্ধ কোণত আছিল মিছামাৰী নামৰ সৰু গাঁওখন। পুৱাবোৰ চৰাইৰ মাতেৰে আৰম্ভ হৈছিল আৰু সন্ধিয়াবোৰ তেলৰ লেম্পৰ কোমল জিলিকনিৰে শেষ হৈছিল। গাওঁখনত তৰা নামৰ পোন্ধৰ বছৰীয়া ছোৱালী এজনীয়ে বাস কৰিছিল। জীৱনটো সুচাৰুৰূপে চলি থাকিবলৈ অক্লান্তভাৱে কাম কৰা মাকৰ সৈতে তাই খেৰৰ সৰু ঘৰ এটাত আছিল। সিহঁতৰ জীৱনত আছিল টকাৰ অভাৱ ।তথাপি তৰাই কেতিয়াও দুখীয়া বুলি অনুভৱ কৰা নাছিল। তাইৰ চকুত সদায় হাঁহি, আত্মাত সাহস

অনিতা দেবী
Oct 25, 2025


হেৰোৱা শব্দৰ ছন্দ
এৰাবাটৰ গো-পালকৰ পদূলিত এজাক জোনাকে আৱৰা পোহৰ। যি পোহৰত বিজুলী চাকিৰ কোনো প্ৰয়োজন নাই। যেনি তেনি পিয়াপি দি ফুৰে গৰখীয়াসকল। বতাহৰ মধুময় ছন্দত উজ্জ্বলি উঠে গছ গছনিৰ ঝন্ ঝন্ শব্দ। বসন্তৰ আগমণিত সু-উচ্চ নাহৰ গছজোপাই এক অভাৱনীয় সুবাস বিলাই পথিক ৰাইজক দি যায় সুঘ্ৰাণ। যি সুঘ্ৰাণত কেৱল যেন শব্দই বিৰবিৰাই। সপোনৰ চহৰখনৰ ৰঙীন আমেজবোৰে যেন নাহৰজোপাৰ ক্ষতি কৰিব পৰা নাছিল। নাহৰৰ কোমল পাতৰ দৰেই এদিন জিলিকি উঠিছিল সেই গো-পালক গধূলিগোধন।গধূলিগোধনৰ প্ৰিয় গায়কবোৰ আছিল কলাগুৰু, ৰূপক

লখিমী মহন্ত
Oct 24, 2025
bottom of page

