top of page

যেনে কুকুৰ তেনে টাঙোন


'হেৰা,আলহীক খুৱাবলৈনো কি কৰিছা?'--বৰুণে পাকঘৰৰ দুৱাৰমুখৰপৰাই ভুমুকিয়াই ঘৈণীয়েক ৰেঙণিক সুধিলে।


'লুচি,কাবুলীবুটৰ ঘুগুনি আৰু পায়স।'--ৰেঙণিয়ে সিজাই থকা পায়সখিনি লৰাই থাকিয়েই উত্তৰ দিলে।


'এয়া পাছতহে দিবা,আহি পোৱাৰ পাছতে চাহ একাপ দিব লাগিব নহয়,চাহৰ লগত দিবলৈ 'তাহ' আছেনে নাই?'

  

'আছে,আছে। আপুনি চিন্তা কৰিব নালাগে। মই নিজে কৰা কে'ক,কাটা নিমকি আৰু লচকৰা আছে। ভুজিয়া আৰু মিঠাইও আছে। হৈ যাব।'

  

বৰুণৰ মনটো ভাল লাগি গ'ল। ঘৈণীয়েকে তেনেহ'লে চাহৰ যোগাৰ ভালকৈয়ে কৰিছে! কৰিবই লাগিব। বহু বছৰৰ মূৰত তাৰ কলেজীয়া বন্ধু বসন্ত সিহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিব। ভালকৈ নুখুৱালে কেনেকৈ হ'ব? বসন্ত এনেয়ো পেটুক মানুহ। এনেকুৱা মানুহক খুৱাই ভাল লাগে। একেকোবতে বিছ-পঁচিছখন লুচি,দহ-বাৰটা কণী,আধা কেজি-এক কেজি মাংস খোৱাটো বসন্তৰ কাৰণে তেনেই সাধাৰণ কথা। তাৰ ভাতৰ পৰিমাণ দেখি হোষ্টেলত সকলোৱে তাক চাউল পূৰীয়া বুলি মাতিছিল। সন্তুষ্টিৰে ভৰা মন এটা লৈ বৰুণ পাকঘৰৰ দুৱাৰমুখৰ পৰা ড্ৰয়িংৰুম পালেগৈ। পেপাৰখন আধা পঢ়া হৈ আছিল। তাতে বহি,পেপাৰখন মেলি লৈ বৰুণে আলহীলৈ অপেক্ষা কৰি থাকিল।

  

বসন্তৰ ইমান দিনৰ পুৰণি বন্ধু এজন আহিব বুলি জানি ৰেঙণিৰো ভাল লাগিছিল। বসন্তৰ লগত তাৰ ঘৈণীয়েকো আহিব। আগেয়ে কেতিয়াও লগ নোপোৱা,ৰেঙণিৰ কাৰণে নতুন আলহীখিনিৰ আগত তাই আৰু যেনে-তেনে ওলাবনে! সেয়ে তাই চুলিত হেনা কৰিছিল। থ্ৰেডিং কৰাইছিল। নতুনকৈ নেইল পলিশ্ব লগাইছিল। আজি কোনযোৰ মেখেলা-চাদৰ পিন্ধি আলহীৰ আগত ওলাব,পৰহিয়েই বাছি থৈছিল। ৰেঙণিয়ে মানুহক খুৱাই-বুৱাই,দি-কৰি ভাল পায়। সেয়ে তাই আজি আলহীক কি কি খুৱাব কালিয়েই থিৰাং কৰি থৈছিল। আলহীক দিবলৈ দুপদ উপহাৰো দোকানৰ পৰা আনি থৈছিল। তাইৰ কথা হ'ল–আজিকালি মানুহৰ ঘৰলৈ তেনেকৈ আলহী নাহেই। সকলো নিজক,নিজৰ কামক,নিজৰ পৰিয়ালক লৈ ব্যস্ত। আত্মকেন্দ্ৰিক। তেনেস্থলত আজিকালি কোনোবা আলহীক আপ্যায়ন কৰিবলৈ পোৱাটো পৰম ভাগ্যৰ কথা বুলিব পাৰি। আকৌ সৰহভাগেই  আহি পোৱাৰ ক্ষন্তেক পাছতে নিজৰ ফোনটোক লৈহে ব্যস্ত হৈ পৰে। আধা ঘণ্টাৰ ভিতৰত গৃহস্থৰ লগত খুব বেছি পাঁচ মিনিটমান কথা হয়।

   

যথা সময়ত বসন্ত আৰু তাৰ পৰিবাৰক বৰুণে পদুলিমুখৰ পৰাই আগবঢ়াই আনিলেগৈ। প্ৰায় কুৰি বছৰৰ মূৰত সিহঁতৰ দেখা-দেখি। পদুলিমুখতে দুয়ো পৰস্পৰক সাৱটি ধৰিলে। ড্ৰয়িংৰুমত বহাৰ পাচত বৰুণে বসন্তক ক'লে–'তই কিন্তু বহুত শকত হ'লি দেই! বাটত দেখা হ'লে চিনিয়ে নাপালো হয়।'

  

'তই হ'বলা খীণ হৈ আছ? মোৰ সমান নহ'লেও তয়ো বহুত শকত হ'লি।'


'তোমাৰ সমান শকত হ'বলৈ তেখেতে আকৌ তোমাৰ সমান খাবও পাৰিব লাগিব নহয়!'-- বসন্তৰ পৰিবাৰে মাজতে ক'লে।


'তই তেনেহ'লে খানা-পিনা কমোৱা নাই! আগৰ সমানেই ৰাখিছ?'


'কেনেকৈ কমাওঁ কচোন? সৰুৰে পৰাই সৰহকৈ খাওঁ। খাই ভাল পাওঁ।'


'হ'লেও তোৰ এতিয়া বয়স হৈছে। খোৱাটো অলপ নিয়ন্ত্ৰণলৈ আন। নহ'লে দেহত ছুগাৰ, প্ৰেছাৰ সৱেই বাহ ল'ব। কথাতে নকয় জানো–কম খাবা, বেছি খাবা। বেছি খাবা,কম খাবা।'


'মানে?'


'মানে কমকৈ খালে মানুহ বেছি দিন জীয়াই থাকে। গতিকে মানুহে বেছিকৈ খাবলৈ পায়। আকৌ বেছিকৈ খালে মানুহ কম দিন জীয়াই থাকে। গতিকে মানুহে কমকৈ খাবলৈ পায়। আজিকালি মানুহ নাখাই নমৰে,খাইহে মৰে।'

  

'এইটো কিন্তু তই বৰ লায়েকৰ কথা ক'লি দেই! ছুগাৰে অৱশ্যে এতিয়ালৈকে মোক পোৱা নাই। কিন্তু মাজতে প্ৰেছাৰটো অলপ হাই হৈছিল। এতিয়া জোখতে আছে। পিছে তোক এইবোৰে পাইছে নেকি?'

  

'নাই,নাই। ভগৱানৰ কৃপাত এতিয়ালৈকে এইবোৰ একোৱেই পোৱা নাই।'

  

তেনেতে বৰুণৰ ঘৈণীয়েক ৰেঙণি কোঠাটোলৈ সোমাই আহিল। বৰুণে তাইক বসন্তহঁতৰ লগত চিনাকি কৰাই দিলে। ৰেঙণিৰ চাহৰ যোগাৰ সকলোখিনিয়েই হৈ গৈছিল। গতিকে তায়ো বৰুণহঁতৰ লগতে বহি কথাৰ মহলা মৰাত লাগিল। কৰ'না, মূল্য বৃদ্ধি,বানপানী, বেচৰকাৰীকৰণৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ ফলাফল,ড্ৰাগছ, এনকাউণ্টাৰ, সীমা সমস্যালৈকে নানা বিষয়ে সিহঁতৰ আড্ডাত ভিৰ কৰিলেহি। কলেজীয়া জীৱনৰ কথাও ওলাল। সিহঁতে ক'ত, কেনেকৈ ছোৱালী জোকাইছিল,কাক ৰেগিং কৰি কন্দুৱাইছিল,কাৰ ঘৰৰ নমতা বিয়া খাইছিল, চিনেমা হলৰ ব্লেকাৰৰ লগত কেনেকৈ কাজিয়া কৰিছিল–এইবোৰ কথা স্মৰণ কৰি সিহঁতে এক বিশেষ নষ্টালজিক আনন্দ অনুভৱ কৰিলে। কথাৰ মাজতে বৰুণে লক্ষ্য কৰিলে–বসন্তই যেন বেলেগ কিবা এটা কথা ক'বলৈ উচপিচাই আছে! ৰেঙণি চাহ বাকিবলৈ পাকঘৰলৈ উঠি যোৱাৰ পাচতে বসন্তই ক'লে–'তোৰ ওচৰলৈ আচলতে বেলেগ এটা কথাৰ কাৰণেহে আহিছিলো।'

  

বৰুণ আচৰিত হ'ল। ইমান দিন যোগা-যোগ নথকা মানুহটোৰ তাৰ লগতনো কি বেলেগ কথা থাকিব পাৰে!

  

'কচোন কি কথা।'--বৰুণৰ দুচকুত কৌতূহলে ভুমুকি মাৰিলে।

  

বসন্তই ঘৈণীয়েকলৈ চালে। ঘৈণীয়েকে চকুৰেই ইংগিত দিয়াত সি ক'লে–'মানে…আমাৰ এওঁৰ ভনীয়েক এজনীৰ বিয়া ঠিক কৰিব পৰা নাই। ছোৱালীজনী দেখাই-শুনাই ভালেই। মাত্ৰ অলপ বয়স হৈছে। আমাৰ লগৰ দীপকৰ পৰা গম পালো,তোৰো ভায়েৰ এটা হেনো বিয়া নোহোৱাকৈ আছে। ভাবিলো,মোৰ খুলশালীজনীৰ তোৰ ভায়েৰৰ লগতে সংসাৰখন পাতি পেলাওঁ।'... বসন্তই খুলশালীয়েকৰ গুণ বখানি আৰু ঢেৰ কিবাকিবি বলকিলে। কিন্তু সেইবোৰৰ একোৱেই বৰুণৰ কাণত নোসোমাল। সি অন্যমনস্ক হৈ পৰিল। তাৰ মন হতাশাৰে ভৰি পৰিল। তাৰ মানে বসন্তই তাৰ খা-খবৰ ল'বলৈ অহা নাই,নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেহে আহিছে! তাৰ কাৰণে বন্ধুত্বটো আচলতে এখন ঢালহে–যিখনৰ আঁৰত সি স্বাৰ্থৰ তীক্ষ্ণ যাঠীপাট লুকুৱাই আনিছে!

   

কথাৰ মাজতে বৰুণে বসন্তহঁতক অকণমান ৰ'বলৈ কৈ ভিতৰলৈ সোমাই গ'ল। সি পাকঘৰত ব্যস্ত থকা ৰেঙণিৰ একেবাৰে ওচৰলৈ গৈ ফুচ ফুচাই ক'লে–'হেৰা, আলহীক শুদা চাহ একাপ দিলেই হ'ব বুইছা?'

  


'কিয়,তেওঁলোকে ক'ৰবাত কিবা খাই আহিছে নেকি?তেওঁলোকৰ ভোক নাই নেকি?'--লচকৰাৰ টেমাটো খুলিবলৈ লৈও ৰেঙণি ৰৈ গ'ল।

  

'নহয়, কথাটো অলপ বেলেগ।'--এইবুলি বৰুণে যেতিয়া ৰেঙণিক বসন্তহঁতৰ আগমনৰ আচল উদ্দেশ্যটো বখানিলে,তাইৰো মন হতাশাৰে ভৰি পৰিল। খঙো উঠিল তাইৰ। আজিকালি মানুহবোৰ ইমান মতলবী হৈ গৈছেনে? নিৰ্ভেজাল,স্বাৰ্থহীন আত্মীয়তা ক'তোৱেই নোহোৱা হৈ গ'ল নেকি?

  

'হ'ব যাওক। আলহীক যি খুৱাব লাগে মই খুৱাম।'–এইবুলি ৰেঙণিয়ে বৰুণক ড্ৰয়িংৰুমলৈ পঠাই দিলে। কথাটোৱে বৰুণতকৈও তাইৰ মনত বেছি আঘাত হানিলে। কিয়নো তাই বৰ আগ্ৰহেৰে খোৱাৰ যোগাৰখিনি কৰিছিল। এতিয়া সেই আগ্ৰহখিনি নিমিষতে ধূলিসাৎ হৈ গ'ল।

  

অলপ সময় পাচতে ৰেঙণিয়ে বটা এটাত চফগুটি কেইটামান লৈ ড্ৰয়িংৰুমত বহি থকা বসন্তহঁতক উৎকণ্ঠাৰে,কন্দনামুৱা হৈ ক'লেহি–'হঠাতে বৰ বেয়া খবৰ এটা আহিল বুইছে? আমাৰ সৰুমাহীৰ মহাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল। তেওঁক হস্পিটেলত ভৰ্তি কৰাইছে। মাহীহঁতৰ কোনো নাই। সেয়ে আমি তুৰন্তে তালৈ যাব লাগে। আজি আপোনালোকক এনেকৈয়ে বিদায় দিলোঁ। বেয়া নাপাব। বেলেগ এদিন চাহ-তাহ খোৱাকৈ আহিব দেই!'--ৰেঙণিয়ে চফগুটিৰ বটাটো বসন্তহঁতলৈ আগবঢ়াই দিলে।

  

বসন্তহঁতে আৰু কথা নবঢ়াই সেমেনা-সেমেনি কৰি বৰুণহঁতৰ ঘৰৰ পৰা ওলাই আহিল। বসন্তই পিচে এইবাৰ সিহঁতক পদূলি মূৰত আগবঢ়াই নথ'লেগৈ। ড্ৰয়িংৰুমৰ দুৱাৰমুখৰ পৰাই ঘূৰি আহিল সি। ভিতৰ সোমাই সি হাঁহি হাঁহি ৰেঙণিক ক'লে–'হেৰা, তোমাৰতো কোনো মাহীয়েৰা নাই! এইজনী আকৌ ক'ৰ পৰা ওলালহি? বাংলাদেশৰ পৰা নে পাকিস্তানৰ পৰা?'

  

'মনৰ পৰা।'--ৰেঙণিয়ে গপচত ক'লে।

  

'তুমি কিন্তু ভাল এক্টিং কৰিলা দেই!'

  

'এনেয়ে কিবা কলেজত বে'ষ্ট এক্ট্ৰেছ হৈছিলো নেকি? আপুনিতো মোৰ এক্টিং দেখিয়েই মোৰ প্ৰেমত পৰিছিল!'

  

'হ'লেও তুমি এইটো বৰ ভাল কাম নকৰিলা নেকি!'


'ওহোঁ,এনেকুৱা মানুহক এনেকৈয়ে শিক্ষা দিব লাগে। যেনে কুকুৰ তেনে টাঙোন!'

   

ধ্ৰুৱজ্যোতি শৰ্মা

নগাঁও, অসম

দূৰভাষ নং: ৯৮৬৪৭০৮৭১৫

           

       

 

 

 


Comments


bottom of page