top of page
আমি খিলঞ্জীয়া মুছলমান,গৰিয়া-মৰিয়া
ইতিহাসে গৰকা আমাৰ প্ৰাগজ্যোতিষপুৰ । এই প্ৰাগজ্যোতিষপুৰৰ লোক-সংস্কৃতি, সমাজ গঠন আৰু জাতীয়তাবাদৰ এক অভিন্ন অংগ অসমত বাস কৰা অসমীয়া মুছলমানসকল । অসমত বাস কৰি অহা গৰিয়া, মৰিয়া, দেশী, চৈয়দ, মাইমল, ভাটিয়া আদি ইছলাম ধৰ্মাৱলম্বী থলুৱা লোকসকলৰ ক্ষেত্ৰত 'খিলঞ্জীয়া মুছলমান' শব্দটো ব্যৱহাৰ কৰা হয় । পূৰ্বাঞ্চলত বসতিৰ ইতিহাস : পূৰ্বাঞ্চলৰ ইতিহাসত মুছলমানসকলৰ ইতিহাস প্ৰায় আঠশ বছৰীয়া । ১২০৫-০৬ খ্ৰীষ্টাব্দত সম্ৰাট কুতুবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলিজিয়ে প্ৰাচীন অসমৰ মাজেদি তিব্বত

মোস্তাকিন শ্বেখ
Feb 3


বাণলিঙ্গ
বাণলিঙ্গক নর্মদেশ্বৰ শিৱলিঙ্গ বুলিও কোৱা হয় বা জনা যায় । কিয়নো বাণেশ্বৰ শিৱলিঙ্গ বা বাণলিঙ্গৰ উৎপত্তিস্থল মূলত নর্মদা নদী । নর্মদা নদীৰ অন্য নাম হৈছে “ৰেবা”। এই নামটো সংস্কৃত “ৰেব” শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে পাথুৰীয়া নদী । বায়ু পুৰাণ আৰু স্কন্দ পুৰাণৰ মতে নর্মদা নদীৰ উৎপত্তি শিৱৰ দেহৰ পৰা হৈছিল। সেইকাৰণে নর্মদা নদীক “শংকৰী” বুলিও কোৱা হয়, অৰ্থাৎ শিৱৰ কন্যা । মা নর্মদাই শিৱৰ পৰা বৰ লাভ কৰিছিল যে নর্মদা নদীৰ ডাঙৰ–সৰু সকলোবোৰ পাথৰ প্ৰাণ-প্ৰতিষ্ঠা নকৰাকৈয়ে শিৱলিঙ্গ হিচা

হিমাংক শৰ্মা
Feb 2
দশ মহাবিদ্যাঃঃ
প্ৰথমতে মহাকালী দুখ কষ্ট বিনাশিনী তোমাৰ ৰূপ ভংকৰী মহামায়া তুমি তেজস্বিনী দ্বিতীয়তে মা তাৰা মুক্তিৰ পথ সজীৱ কৰা জ্ঞান বুদ্ধি প্ৰদান কৰা তুমি মা মহামায়া তৃতীয়তে ষোড়শী ৰূপ ষোল কলাৰ পূৰ্ণ স্বৰূপ শক্তি তুমি উজাগৰা হ'লা মা ত্ৰিপুৰা চতুৰ্থতে ভুৱনেশ্বৰী মহাশক্তিৰ আধাৰ তুমি উজ্বলিত দীপশিখা সৰ্বজগতৰ আলোক ধৰা পঞ্চমতে ভৈৰৱী অগ্নিৰ জ্যোতি মাতৃ তুমি নিশাৰ নীৰৱ নীৰৱতা মন্ত্ৰৰ ধ্বনিত কল্যাণী ষষ্ঠমতে ছিন্নমস্তা মোহ মায়া সহি নিয়া ৰক্তৰ ধাৰাত জ্ঞান দিয়া মা তুমি দয়া কৰা সপ্তমতে ধূমাবতী ধূ

হিমাংক শৰ্মা
Jan 5


বন্ধু
হেৰৌ বন্ধু জীয়াই থকাৰ পথটো বহুত জটিল, আছে খলা বমা, আৰু যে আন্ধাৰে ঘিত্ মৰা তথাপিও জীৱনটো কিমান যে সুমধুৰ ! আজিৰ যুগত মানুহ পাবলৈ টান , শুনিছোঁ মৰম দিলেই মানুহ পোৱা যায় তথাপিও সেইটো বহু জটিল... সেয়ে বন্ধু আঁচল পাতি ধৰ চোন মোৰ মৰমবোৰেই ধৰ. .... সাঁচি ৰাখিবি মৰমবোৰ হৃদয়ৰ চন্দুকত, সেইবোৰ স্মৃতি কৰি জীয়াই ৰাখিবা মনৰ মাজত... জীৱন নামৰ নৌকাখন বায় মই ভাগৰি পৰিছোঁ মোৰো হৈছে এতিয়া জিৰণিৰ সময়... হেৰৌ বন্ধু, সকলোৱে এদিন যাব লাগিব যে বৈতৰণী পাৰ হৈ.. বানে খহাই নিয়া গৰাৰ দৰেই, ত

যশ গৌৰৱ বৰদলৈ
Dec 1, 2025


কেকটাছৰ বাগিছা
বুকুজুৰি গঢ়িছোঁ এখন বিশাল মৰুভূমি তাতে ৰুইছোঁ কেকটাছৰ পুলি, লহপহকৈ বাঢ়ি আহি মোৰ বুকুৰ মৰুভূমিৰ পৰিধি চুমি হ'ব এখন বাগিছা- কেকটাছৰ কাঁইটীয়া বাগিছা... তাতে উমলিব হেজাৰ হেঁপাহৰ ৰুক্ষ কল্পনাৰ মৰিচিকা; কাঁইটীয়া শৰীৰে আজুৰি ছিঙিব ধূলিয়ৰী বতাহৰ শুষ্ক কণ্ঠেৰে নিগৰা শেঁতা কলিজাৰ বিষন্নতাৰ স্বৰলিপি.. গঢ়িছোঁ সেয়ে বুকুৰ গোপন মৰুভূমিত কেকটাছৰ এখন কাঁইটীয়া বাগিছা বিষন্ন হৃদয়ৰ অতন্দ্ৰ প্ৰহৰী ৰূপে চিৰদিন চিৰকাললৈ।। পর্ণা বশিষ্ঠ, নগাঁও বিশ্ববিদ্যালয় মো:নং ৮৭৬১৮৫৫৫৩২

পর্ণা বশিষ্ঠ
Dec 1, 2025


খন্তেকীয়া জীৱন
জীৱনৰ পৰিভাষা কি ? পলে পলে নতুন আশা পলে পলে প্ৰতিযোগিতা... কিন্তু !! জীৱন মাথোঁ খন্তেকীয়া । সুখ-দুখৰ দোমোজাত হেৰাই সীমা কালিলৈ বাট চাওঁতে চকুত ভাঁহে চিতাৰ ধোঁৱা... জীৱন মাথোঁ খন্তেকীয়া । পোৱা নোপোৱাৰ হাজাৰটা অভিযোগ শেষত কেৱল উদং দেহা কবিয়ে কোৱাৰ দৰে বহুতৰ মাজত মই মাথোঁ এটি সামান্য ধূলিকণা । হিমাংক শৰ্মা 6001302512

হিমাংক শৰ্মা
Oct 24, 2025


ক্ৰান্তি
মই শিক্ষিত সমাজৰ তাত্ত্বিক উৎস, মোৰ ধাৰাতেই বিকশিত মোৰ ধাৰাতেই ৰুদ্ধ । তেজ নীলা ঢৌৱে হৃদয়ৰ গান মই ন্যায়ৰ ভিত্তিত দোষীয়েও কৰে ভয় । প্ৰজ্ঞাৰ প্ৰান্তত শান্তিৰ আলোড়ন, দানৱৰ বিৰুদ্ধে ঘনঘোৰ গৰ্জন । নদী বোৱতী হৈ বিদ্যাত জাহ গৈ জ্ঞানৰ পোহৰেৰে বিকশিত হওঁ, সভ্যতা সোণালীৰ ইতিহাসৰ পৃষ্ঠাত ক্ৰান্তিৰ নাম মই লওঁ । মোস্তাকিন শ্বেখ 8638864220

মোস্তাকিন শ্বেখ
Oct 24, 2025


এটি যুগৰ অন্ত পৰিল
তোমাক কেতিয়াও প্রিয় গায়ক বুলি কৈ পোৱা নাই ! তুমি নাই বুলি দেখোন মোৰ বিশ্বাসেই হোৱা নাই ! অভিব্যক্তিৰ স্খলন ঘটি নিগৰি আহিছে অশ্রু ! কিয়...

মোস্তাকিন শ্বেখ
Sep 23, 2025


অখ্যাত কবি
নিজৰ সান্নিধ্যত মই বিচাৰিছোঁ নিজৰেই সংজ্ঞা ! মই মোৰ বুলি মৃত্যুঞ্জয়ী হৈ অহংকাৰৰ ফিৰিঙতি জলাওঁ, সেই জুই ফিৰিঙতিত জ্বলি-পুৰি মই নিজৰ...

মোস্তাকিন শ্বেখ
Sep 16, 2025


সময়ো এক শিল্প
সময়ো এক শিল্প ! যাৰ সৌন্দৰ্য্যত জীৱনৰ প্ৰত্যেক মূহুৰ্ত প্ৰতিফলিত । মানুহৰ পৰা মানুহলৈ হৃদয়ৰ পৰা হৃদয়লৈ, এয়া সময়ৰ আহ্বান য'ত নেকি...

মোস্তাকিন শ্বেখ
Sep 16, 2025
bottom of page

