top of page

দশ মহাবিদ্যাঃঃ

প্ৰথমতে মহাকালী

দুখ কষ্ট বিনাশিনী

তোমাৰ ৰূপ ভংকৰী

মহামায়া তুমি তেজস্বিনী


দ্বিতীয়তে মা তাৰা

মুক্তিৰ পথ সজীৱ কৰা

জ্ঞান বুদ্ধি প্ৰদান কৰা

তুমি মা মহামায়া


তৃতীয়তে ষোড়শী ৰূপ

ষোল কলাৰ পূৰ্ণ স্বৰূপ

শক্তি তুমি উজাগৰা

হ'লা মা ত্ৰিপুৰা


চতুৰ্থতে ভুৱনেশ্বৰী

মহাশক্তিৰ আধাৰ তুমি

উজ্বলিত দীপশিখা

সৰ্বজগতৰ আলোক ধৰা


পঞ্চমতে ভৈৰৱী

অগ্নিৰ জ্যোতি মাতৃ তুমি

নিশাৰ নীৰৱ নীৰৱতা

মন্ত্ৰৰ ধ্বনিত কল্যাণী


ষষ্ঠমতে ছিন্নমস্তা

মোহ মায়া সহি নিয়া

ৰক্তৰ ধাৰাত জ্ঞান দিয়া

মা তুমি দয়া কৰা


সপ্তমতে ধূমাবতী

ধূমৰ দৰে ক্ষণস্থায়ী

নিজৰ স্বামীক ভক্ষণকাৰী

দৰিদ্ৰতা নাশকাৰী


অষ্টমতে বগলামুখি

সৰ্বশত্ৰু দমনকাৰী

ৰাজশ্ৰী মা ক্ষমতাদায়ী

মঙ্গলৰ অধিষ্ঠাত্ৰী


নৱমতে মাতঙ্গী

জ্ঞান বুদ্ধি প্ৰদায়িনী

সৰস্বতীৰ তান্ত্ৰিক ৰূপ

অমৃত জ্ঞান দীক্ষা স্বৰূপ


দশমতে কমলাত্মিকা

ধন সম্পদ সুখৰ দাতা

অভয় হস্তে মঙ্গলকাৰী

মা তুমি কল্যাণী


হিমাংক শৰ্মা

নগাঁও বিশ্ববিদ্যালয়,নগাঁও।

মো:নং- ৬০০১৩ ০২৫১২

Recent Posts

See All
মধুচন্দ্ৰিকা

এখন ওখ দেৱাল প্ৰেমৰ বল্লৰীৰ পৰিছে তাক বগোৱাৰ পাল পাখি জপাই দুটি পখী দেৱালৰ চূড়াত আছে উঠি প্ৰেমে দেখা নাপায় কালনিষাদ চন্দ্ৰিকা মধুচন্দ্ৰিকা জোনৰ আধা প্ৰেমে থাকে ঢাকি অ' প্ৰেম শব্দ নোহোৱা লৈকে নুৰিবি

 
 
 

Comments


bottom of page