top of page


এই সময়
সময় নদীৰ দৰে বৈ যায়, নীৰৱ অথচ অবিৰাম॥ একে সোঁত দুবাৰ কেতিয়াও নাহে, ঠিক একেদৰে একে দিন, একে অনুভৱ, একেই মনো কেতিয়াও নাহে উভতি॥ আমি ভাবোঁ আকৌ পাম, আকৌ ক’ম, সময় থাকিবই॥ কিন্তু সময়ে অপেক্ষা নকৰে, সি মাথোঁ আগলৈ বৈ যায়, পিছলৈ ঘূৰি নাচায়॥ সেয়ে অলপ থামি ৰওক, এই ব্যস্ততাৰ মাজতেই॥ শ্বাস এটা গভীৰকৈ লওক, আকাশখন চাওক, বতাহৰ সৰু স্পৰ্শটো অনুভৱ কৰক, আগত যি আছে তাক সন্মান কৰক । এই সৰু সুখবোৰ, এই নীৰৱ সন্ধিয়াবোৰ, এই অলপ হাঁহিবোৰ॥ এইবোৰেই এদিন স্মৃতি হৈ ৰ’ব॥ জীৱনটো সদায় ডাঙৰ কাহিন

প্ৰাঞ্জল লস্কৰ
Feb 2


লুইতৰ সুৰীয়া সুবাস
(শিল্পী দিৱস উপলক্ষে) সেয়া এক কালজয়ী যাত্ৰা, যি যাত্ৰাত তুমি দিলা পোহৰৰ বৰ্ণমালা। লুইতৰ পাৰত বহি তুমি আঁকিছিলা এটি জাতিৰ সপোনৰ ৰামধেনু, য'ত সাতুৰি-নাদুৰি জিলিকি উঠিছিল আই অসমীৰ তেজস্বী মুখখনি। তুমি দিলা সুৰৰ মূৰ্চ্ছনা, ভাষাৰ অলংকাৰ আৰু কৃষ্টিৰ দাপোণ। অন্ধকাৰৰ বুকুত তুমি সিঁচিলা জ্যোতিৰ জ্যোতিষ্মান অক্ষয় বীজ, যাৰ সুবাসত আজিও জিপাল হয়— আমাৰ সমাজ, আমাৰ কৃষ্টি, আমাৰ মন। অ' তিনিও কালৰ,কালজয়ী শিল্পী, তোমাৰ লেখনীৰ প্ৰতিটো শব্দত আজ
নিপু কুমাৰ দাস
Feb 2


জুই
তুমি সিহঁতক বীৰ্য দিছা কেতিয়াবা ৰুটি তাতেই তোমাৰ অতপালি। আৰু বীৰ্যও দিয়া বুলি ক'ব নোৱাৰি ই টো তোমাৰ কেৱল পাশবিকতাৰ অৱশ্যাম্ভবী পৰিণাম। ৰুটীটো তোমাৰো পেটৰ দাবী তুমি কি ভাবা বীৰ্য আৰু ৰুটীৰেই মানুহ জীয়াই থাকিব পাৰি? পাৰিনে জীৱন জীয়াব? প্ৰশ্নবোৰ মোৰ আছিল কাহানিবা মোৰ অজানিতে সি শুলে সেই তেতিয়াৰ পৰাই সভ্যতা এটিও গজিছিল কাঠফুলাৰ দৰে আকাশমুখী ঘৰ অথবা বন্দুক বাৰুদ মিছাইল পাৰমাণবিক বোমাৰ সভ্যতা। প্ৰশ্নবোৰ এতিয়া সাৰ পাইছে প্ৰতিগৰাকী সদ্য পুস্পিতা কুমাৰী আৰু গোফ থুকিওৱা কিশ
প্ৰীতিমণি দাস
Feb 2


তোমাৰ বাবেই
মা— মোৰ জন্মতেই তোমাৰ নামৰ আগত এটা নতুন মৰ্যাদা জ্বলিল— মা। মই তোমাৰ আঁচলৰ ধন, তুমি মোৰ সকলো জগত। মোৰ এটি অবুজ হাঁহিত তোমাৰ ক্লান্ত মুখখনি চন্দ্ৰোজ্জ্বল হৈ উঠে— সেই হাঁহিতেই তুমি জীয়াই থাকাঁ। দেউতা— নিৰ্বাক ত্যাগৰ নাম, ঘৰখনৰ আশাৰ বন্তিত জ্বলি থকা দীপশিখা। মই কেৱল সন্তান নহয়— তোমালোকৰ সপোনৰ সৰ্বোচ্চ প্ৰতিধ্বনি। মই ধন্য, মানুহ হ’বলৈ তোমালোকৰ হাত ধৰি শিকিছোঁ। মনোজ কুমাৰ শৰ্মা নগাঁও, অসম। মো: নং. ৯৪৩৫১৬০৫৩২

মনোজ কুমাৰ শৰ্মা
Feb 2


অৰণ্যৰ বিচিত্ৰ জীৱন
অৰণ্যৰ দাঁতি কাষৰ এখন মায়াৱী উপবন, ৰৈ ৰৈ চাইছোঁ ---- আবেলিৰ হেঙুল চন্দ্ত অন্য এক কবিতাৰ মঞ্জৰী সৃষ্টি হয় নেকি !! গ্ৰীষ্মৰ আবেলিটো এক আৰণ্যক নিৰ্জনতাত নিৰলে বিদায় লব..... এজাকমান ঘৰমূৱা পক্ষীৰ কল কাকলিত মুখৰিত হৈ পৰিব অৰণ্যৰ গধূলি! ক্ষন্তেক পিছতে এটা নতুন নিশা... পদূলিত দেও দি ফুৰিব কিছুমান ৰক্তাক্ত আৰ্তনাদ... কোনে জানে আজি নিশাই যদি নমাই আনে হথভগা কাৰোবাৰ জীৱনৰ অমানিশা ! উন্মুক্ত জীৱন উন্মুক্ত যৌৱনে যেনেকৈ ফুলি উঠে তেনেকৈয়ে হয়তো হিংস্ৰ হাতোৰাৰ তীক্ষ্ণ আঁচোৰত ৰক্তাক্ত হয়

পলী মজুমদাৰ
Jan 5
মধুচন্দ্ৰিকা
এখন ওখ দেৱাল প্ৰেমৰ বল্লৰীৰ পৰিছে তাক বগোৱাৰ পাল পাখি জপাই দুটি পখী দেৱালৰ চূড়াত আছে উঠি প্ৰেমে দেখা নাপায় কালনিষাদ চন্দ্ৰিকা মধুচন্দ্ৰিকা জোনৰ আধা প্ৰেমে থাকে ঢাকি অ' প্ৰেম শব্দ নোহোৱা লৈকে নুৰিবি অ' কবি নিৰ্বাক কবিতাক চকুলোৰ গাথা নকৰিবি শুভ নৱবৰ্ষ (শিল্পী হেমন্ত মিশ্ৰৰ ছবিৰ অনুপ্ৰেৰণাৰে) ডাঃ প্ৰয়াগ শইকীয়া মো: নং - ৮৬৩৮৭৭৯০৫৫ নগাঁও

প্ৰয়াগ শইকীয়া
Jan 5


মই ময়েই
মই বিকল্প নহওঁ, মই প্ৰাথমিকো নহওঁ মই মাথোঁ মই॥ শব্দবোৰে যেতিয়া শ্ৰেণী সাজে, প্ৰথম, দ্বিতীয়, বিকল্প বুলি, তেতিয়া মনটোৱে সুধে মানুহকো তালিকাত ভৰাই থোৱা যায় নেকি? ভগৱানে মোক কোনো তুলনাৰ বাবে সৃষ্টি কৰা নাছিল, মোক সৃষ্টি কৰিছিল নিজৰেই ৰূপত, নিজৰেই গন্ধত, নিজৰেই সত্যত॥ মই কাৰোবাৰ অভাৱ পূৰণ কৰিবলৈ নহওঁ, মই কাৰোবাৰ ঠাই ল’বলৈও নহওঁ। মই আহিছোঁ নিজৰ জীৱনটো জীয়াবলৈ, নিজৰ সত্যটো উপলব্ধি কৰিবলৈ॥ “প্ৰাথমিকতা”ৰ নামত যি অহংকাৰ লুকাই থাকে, আৰু “বিকল্প”ৰ ছাঁত যি অৱহেলা জমা হয় দুয়োটাৰ প

প্ৰাঞ্জল লস্কৰ
Jan 5


আশাৰ জোনাকত নতুন শব্দ
আশাৰ জোনাকত নতুন শব্দ ভাঙি যোৱা বাক্যৰ মাজত নতুন অৰ্থ জন্ম লয় আলোকিত হয় নতুন প্ৰভাত। প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি প্ৰতিটো নিশা নতুন শিকনি সময়ৰ সোঁতত আগবাঢ়ে জীৱনৰ নতুন কাহিনী । ভঙ্গ হৃদয়ত আশা-নিৰাশাৰ মাজত উলমি আছে জন্মৰ লগত মৃত্যুৰ নিবিড় সম্পৰ্ক । সময়ৰ ডায়েৰীত সৰু সৰু শব্দবোৰে পোৱা -নোপোৱাৰ বেদনা ঢাকি নতুন সপোনে আঁকে । পৃথিৱীৰ পৰা আকাশলৈ সৌৰজগতৰ গ্ৰহ উপগ্ৰহ লৈ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ষণত নবীনৰ জয়যাত্ৰা। নতুন পচন্দ, নতুন আৰম্ভণি আহা হে নতুন বৰ্ষ, হাঁহি-শান্তিৰ

জ্যোতিকা বৰা
Jan 5


বুদ্ধিজীৱিৰ উভয় সংকট
যোৱাকালি স্বৰ্গদেৱে মোক ৰাজ-দৰবাৰলৈ মাতি পঠাইছিল। ৰজাঘৰীয়া বেংকত মোৰ মগজু বন্ধকত থলে বহুত টকা দিব । প্ৰকৃততে মোৰ টকাৰ খুবেই প্ৰয়োজন। মোৰ সংসাৰত আছে ৰুগ্না পত্নী, আৰু আছে চাৰিটাকৈ হাড়-ছাল ওলোৱা এমাডিমা ল'ৰা-ছোৱালী। মই মোৰ বিবেকক সুধিলো কি কৰিলে ভাল হ'ব ? বিবেকে কাণত ফুচফুচাই ক'লে- মগজু বিক্ৰী কৰি চলিব খুজিলে, শোঠ বেমাৰে লগ ল'ব, পেট ভৰি ফুলি ঢোল যেন হ'ব , মন মগজু শুকাই শিয়ালমুৱা হ'ব । মোৰ বিবেকে দেখোন মোকেই ভয় খুৱাই গ'ল ! হাতত কলম লৈ ৰঙা চিয়াঁহীৰে লিখিলো - মানুহৰ ইতিহাস

ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া
Dec 3, 2025


অভ্ৰভেদী সুৰ হৈ আহা !!
খাৰঘূলিৰ বাঘটো জোনালীৰ জোনটো কাহিলীপাৰাৰ দেউতাকৰ গল্ডিটো গৰিমাৰ হিয়াৰ আমঠু বঙহৰদেউ লুইতৰ পাৰৰ নিভাঁজ তেজাল ডেকাটো সাগৰৰ বুকুত এৰি অহাৰে পৰা বাকৰুদ্ধ হৈ পৰিল তাৰ চিৰপ্ৰবাহিত , মৌ -বৰষা দুটি ওঁঠে নিগৰা লুইত-কন্ঠ ..!! এতিয়া কাৰ গান শুনি শুনি ৰ'দত হাঁহিম জোনাকত কবিতা লিখিম বৰষুণৰ দিনবোৰত স্মৃতি সজীৱ কৰিম আঁউসীৰ জোনটো চাই চাই চকুলো নিগৰাম নিৰৱে তোমাকে সূৱৰি ! উশাহবোৰ চোন ইমান গধূৰ .... কিয় আজি ...??... এইবাৰ ব'হাগত অসমত বিহু নহয় স্বৰ্গদেউবিহীন অসম আজি ৰাঙলী নহয় ফুল বসন্তৰ আগম

বৰ্ষা বৰা
Dec 1, 2025


সকলো ঠিকেই আছিল
বেলিটো যেতিয়া পশ্চিমে উদয় হৈছিল সকলো ঠিকেই আছিল যেতিয়া পূবত উদয় হ’ল তেতিয়াহে… চৰাইজনী যেতিয়ালৈকে সাঁতুৰি আছিল সকলো ঠিকেই আছিল যেতিয়া উৰিব ল’লে তেতিয়াহে… পুতেকে যেতিয়ালৈকে বাপেকক জ্ঞান দিছিল সকলো ঠিকেই আছিল যেতিয়া বাপেকে জ্ঞান দিয়ে তেতিয়াহে… চোৰৰ ওচৰত যেতিয়ালৈকে আইনখন আছিল সকলো ঠিকেই আছিল যেতিয়া আদালতত তেতিয়াহে… ৰোগীয়ে যেতিয়ালৈকে ডাক্তৰক শুশ্ৰূষা কৰিছিল সকলো ঠিকেই আছিল যেতিয়া ডাক্তৰে শুশ্ৰূষা কৰে তেতিয়াহে… মই যেতিয়া শুই আছিলোঁ সকলো ঠিকেই আছিল কিন্তু মই যেতিয়া সাৰ পাওঁ তেতিয়া ব

ড০ মানস জ্যোতি নিৰ্মলীয়া
Dec 1, 2025


আত্মবিশ্বাস
শুন•••••!! বুকুত থকা তাকৰীয়া ৰ'দেৰে মই কেতিয়াবাই ওলাই আহিছোঁ এন্ধাৰৰ গুহা ভাগি তাকো অকলে। তহঁতে মোক এন্ধাৰৰ ভয় দেখুৱাব নোৱাৰ'। মই বুকুৰ মাজত সূৰুযক ঘৰ দিছোঁ মোৰ মাজত আছে তহঁতে কল্পনা কৰিব নোৱাৰাৰ সমান পোহৰ। সূৰুযক তহঁতে কিমানপৰ ঢাকি ৰাখিবি, ডাৱৰৰ বুকু চিৰাচিৰ কৰি ওলাই আহিব সূৰুয। সময় থাকিলে বাট চাবি মই কোৱাবোৰলৈ !!! তহঁতে মোক তেনেকৈ চাব বিচাৰিলেও মই নিপিন্ধিম কাহানিও দুখৰ অলংকাৰ, দুখে মোক নুশুৱায়। পাৰিলে চিগি আনি দিবিহি এপাহ প্ৰত্যাহ্বানৰ ফুল, মই গুজি ল

ড° কংকনা মেধি
Dec 1, 2025


জয়ৰ বীজ
শেষ বুলিলেই শেষ নহয়, প্ৰতিটো পৰাজয়ৰ পিছতেই আৰম্ভ হয় নতুন জয়ৰ কাহিনী॥ দুখৰ দিনবোৰে শিকায় সহনশীলতা, ভুলেৰে গঢ়ে দৃঢ়তা, অন্ধকাৰৰ মাজত জন্মে পোহৰ, দুখৰ মাজত উমলি উঠে আশা, ভগ্ন স্বপ্নবোৰেই গঢ়ে নতুন পথ, নতুন দিশ॥ জীৱনৰ প্ৰতিটো আঘাত এটা নতুন অধ্যায়ৰ আৰম্ভণি, যি অধ্যায়ত তুমি হ’বা শক্তিশালী, অভিজ্ঞ আৰু জোনাকৰ দৰে উজ্জ্বল॥ সেয়েহে পৰাজয়ক ভয় নকৰিবা, ইয়াৰ বুকুতেই লুকাই আছে তোমাৰ জয়ৰ বীজ॥ প্ৰাঞ্জল লস্কৰ কামপুৰ ,নগাঁও। মো:নং ৮৬৩৮৯২৬১৭২

প্ৰাঞ্জল লস্কৰ
Dec 1, 2025


তোমাৰ সুৰৰ বান্ধোনত সকলো...
(প্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত) মায়াবিনী ৰাতিৰ নিশা ধুমুহা জাকৰ সৈতে তুমি আহিছিলা কল্পনা কৰিব পৰা নাছিলো তোমাৰ শব্দৰ সুৰ কিমান মিঠা ! হৃদয়ত সোমোৱাই তোমাক মৰম কৰিছিলোঁ শব্দৰ লগত কথা পাতিছিলো তোমাৰ সুৰৰ বান্ধোনত আবদ্ধ সকলো। গছ,গছনি,চৰাই চিৰিকটি জীৱ - জন্তু, নদ নদী সকলো তোমাৰ বন্ধু ভাবিব নোৱাৰোঁ সখি পাতিব নোৱাৰোঁ কেনেকৈ কওঁ তুমি সকলোৰে প্ৰিয় ! অসহায়ক সহায় কৰি তুমি ভালপোৱা তোমাৰ হৃদয়খন বিশাল অনুভৱ কৰিব নোৱাৰো বুজিও নুবুজো তোমাৰ কথা সাগৰৰ নীলা পানীত নি

জ্যোতিকা বৰা
Oct 24, 2025


শ্বহীদৰ মাতৃৰ প্ৰতি
" The secret of happiness is to learn to accept the Impossible, do without the Indispensable and bear the Intolerable.' Bishop Mandell Creiston সীমান্তৰ সিপাৰত দেখা পালো সভ্যতাৰ অপমৃত্যুৰে গঢ়া এক নগ্নতাৰ প্ৰতীক, যাৰ এক দৃষ্টিয়ে অশুচি কৰি তুলিছে ভাৰত মাতৃৰ তুলসী তল ৷ নগ্নতা, হত্যা পৈশাচিক প্ৰচেষ্টা যাৰ ধৰ্ম্ম আৰু ব্যৱসায়, নিৰীহ মানুহৰ তেজ আৰু মঙহৰে গঢ়িব বিচাৰে এক উলঙ্গ বৰ্ব্বৰ সভ্যতা ৷ হে শ্বহীদৰ মাতৃ, মোৰ ধমনীত প্ৰৱাহিত হয় তোমাৰ প্ৰচণ্ড শক্তি , সেই শক্তি যি শক্তিয়ে উৰুৱাই ন

ডা° টঙ্কেশ্বৰ ভূঞা
Oct 24, 2025


জুবিন
(জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ) মাৰ্ক টু ইন কেনেকৈ লিখিলা তুমি টম ছয়াৰ আৰু হাকল্-বাৰি ফিন জুব ইন কেনেকৈ গালা তুমি য়া আলি... ইমান হাচিন তোমাৰ স্বৰত আত্মা লীন লুইতপৰীয়া লুইতসুৰীয়া বৰ অসমৰ বীণ জুবিন তুমি আছা সুৰৰ ধৰাত আমি নহয় দীন আত্মাৰ পোহৰ নাযায় লীন তুমি বুঢ়া লুইতৰ বীণ বুকুত থাকিবা সদায়েই জুবিন মায়াৰ মাজুলীত থাকিব অনন্তকাল তোমাৰ সুৰীয়া হিয়াৰ ৰ'দৰ চিন গানে যি জানে তাক বাউল হিয়াৰ বীণে সূৰ্যমুখী কৰি তোলে আত্মাৰ বাঁহীত ৰাতিৰ তৰাই নাচে যন্ত্ৰ যুগৰ জড়তাৰ ক্লেশ জুবিন তোমাৰ গানে

প্ৰয়াগ শইকীয়া
Oct 24, 2025


এটা সূৰ্য হেৰাই গ'ল
এটা সূৰ্য হেৰাই গ'ল আলোক সন্ধানী আই অসমীক এন্ধাৰে আৱৰি ৰ'ল নাভাগৰা এটি গান যাৰ কণ্ঠত আছে জাতিৰ প্ৰাণ যাৰ সৃষ্টিৰে হয় জীৱন জীপাল হৃদয়...
প্ৰিয়ঙ্কু শৰ্মা
Sep 22, 2025


"জয় জুবিন দা"
তুমি সুৰ হৈ ৰৈ যোৱা তুমি শব্দৰ ধ্বনিত কাঞ্চনজঙ্ঘা হোৱা তুমি পাখি মেলি উৰি যোৱা । তুমি নিৰাশাৰ মাজত গোৱা 'আশা' তুমি ধুলিয়ৰি বাটেৰে এবাৰ...

হিমাংক শৰ্মা
Sep 22, 2025


ব্ৰেণ্ডেড হেঁপাহ
শ্ব'ৰুমৰ আয়নাৰ মাজত ব্ৰেণ্ডেড সপোন লানি লানি, বৰ হেঁপাহ হয় ব্ৰেণ্ডেড সপোনেৰে মেৰিয়াব মোৰ সস্তীয়া দুভৰি | অপদাৰ্থ মানিবেগটো খুচৰো,...

নীলম শৰ্মা
Sep 16, 2025


সপোন নে দিঠক
জোনটো নামি আহিছিল নৈখনৰ বুকুত গা ধুবলৈ , চুচুক চামাককৈ মইও আগবাঢ়ি গৈছিলোঁ-- জোনটোৰ সৈতে কথা পাতো বুলি -- । ক'ৰ পৰানো আহিল এচমকা কলা...

পলী মজুমদাৰ
Sep 15, 2025
bottom of page

