top of page
সুখৰ সন্ধানত
সুখবোৰ কৰবাত কিনিব পৰা হলে কাঁইটীয়া পথটোৱেদি গৈ দুভৰি তেজাল কৰি আঁচল ভৰাই আজুৰি অনিলোঁ হয় তোৰ বাবে সুখবোৰ ...!! দুখৰ বিনিময়ত সুখবোৰ কৰবাত বন্ধক দিব পৰা হলে মোৰ কলিজা দি উশাহবোৰ ভগাই ললোঁ হয় !! তথাপি তোৰ বাবে অলপমান সুখ কিনি লৈ আহিলো হয় !!.. মোৰ দুহাতৰ জোলোঙা ভৰাই ভৰাই ...!!.. সুখ বোৰ এবাৰ চুই চালো হয় কিমান কোমল কিমান কঠোৰ কিমান গভীৰ কিমান স্পৰ্শ কাতৰ ...!! কিমান উচ্চাকাংক্ষী ...!! যাৰ বাবে হৃদয় নিৰূপায় কোনোবা এক অনামী ক্ষণত ..!! বৰ্ষা বৰা পশ্চিম কাৰ্বি আংলং দূৰভাষ নং ৭

বৰ্ষা বৰা
Jun 20
মানুহ আৰু ঘৰ
মানুহৰে ভৰি থকা ঘৰখন আজি উদং হ'ল সকলো নিজক লৈ ব্যস্ত দুৱাৰত ওলমি আছে তলা । কাৰো হাতত সময় নাই কৰ্তব্যৰ দোহাই দি ভৱিষ্যত সুৰক্ষাৰ সন্ধানত মানুহে সপোনৰ সৈতে সখি পাতিছে । জোনাকৰ কোমল পোহৰ বিচাৰি ধোঁৱা - ধূলিৰে আৱৰা এই ধৰাত "মানুহ" নামৰ প্ৰাণীটোৱে নিজৰ মাজতেই আবদ্ধ হৈ বহি আছে অতি আপোনপেটীয়া হৈ। দুঃস্বপ্নৰ ভয়াবহতাই মুখৰ মাত নোহোৱা কৰিছে এসময়ৰ ফুলেৰে ভৰা উপত্যকা আজি পৰিণত হৈছে মৃত্যুৰ নিস্তব্ধ উপত্যকাত। কেচুৱা বুকুত বান্ধি সপোনৰ পিছত ঘূৰি ফুৰা মানুহগৰাকী আজি হাহাকাৰ কৰি উঠিছে ম

জ্যোতিকা বৰা
Jun 20
মূৰ্ত প্ৰকাশ
আইতায়ে কৈছিল,_ "তললৈ চাবি উজুটি নাখাৱ " তেতিয়া -- আত্মবিভোৰ মনত ক্ষোভৰ উষ্ণতা নাছিল। এদিন ককায়ে ক'লে,- "শিৰোন্নত কৰি চলিবি আকাশ চুমিবি "। শিৰতুলি দেখিলোঁ -- চৌদিশে অহংকাৰৰ মূৰ্ত প্ৰকাশ যেন জোন -বেলি তৰা চকু চাট মাৰি ধৰা। গুণ -গৰিমাও মিলি গ'ল অহংকাৰৰ অহমিকাত। যাৰ দৃষ্টিত --- মানুহ কেৱল একো একোটা জীৱন্ত পণ্য। একাংশৰ - মূৰত পাচি মুখত হাঁহি। দুজনমান--- ত্ৰাণ -কৰ্তা বিপদগ্ৰস্তৰ। এফালে অহংকাৰৰ অট্টহাস্য আনফালে দয়াৰ সাগৰৰ আত্মতুষ্টিৰ মধুৰ হাঁহি । মনোজ কুমাৰ শৰ্মা অভিযন্তা নগাঁও,

মনোজ কুমাৰ শৰ্মা
Jun 20
শিলৰ কথাৰে
শিল মানুহতকৈ প্ৰাচীন ; চিকাৰী শিলবোৰ খঙত অগ্নিশৰ্মা হোৱাৰ দিন ধৰি পূজা কৰি আহিছো শিলক । এদিন শিলাকূটীয়ে কুন্দত কাটি উলিয়াইছিল বুৰঞ্জীৰ নিৰ্জৰ শৰীৰ , যি সেতুবন্ধন হৈ মাটি- পানী সকলোতে আজিও বিদ্যমান । উজুটিৰ শিলগুটিয়ে দিক্ দৰ্শন কৰোৱাদি শিলৰ হৃদয়েও কেতিয়াবা ভৰহীন কৰে জীৱন । পূবালী বৰুৱা শৰ্মা মুঢ়াতেতেলী ' চন্দ্ৰালয় ' শোণিতপুৰ । দূৰভাষ নং ৮০১১১২৩৫৫৬
পূবালী বৰুৱা শৰ্মা
Jun 20
জ্যোতি
(জুবিন গাৰ্গৰ স্মৰণত) হে মহান নক্ষত্ৰ তুমি কি বুলি জনাও প্ৰণতি তোমাৰ শত সহস্ৰ গীতেৰে ওলাই অহা মানৱ জীৱনৰ সম্বন্ধ থকা মিঠা মিঠা শব্দবোৰ ভাষাৰ সাৱলীলতা দেশ প্ৰেমৰ গোন্ধ আৰু যুক্তিৰ দৃঢ়তাই মনত পেলাই দিয়ে তোমাৰ সফল জীৱনৰ পূৰ্ণতা খিনিৰ কথা । তুমি গুণী জ্ঞানী তুমি দুৰ্বাৰ গতিশীল তোমাৰ বুকুতে জন্ম জন-জীৱনক প্ৰেৰণা দিয়া এসোপামান মিঠা সুৰ যি সুৰ বৈ থাকিব চিৰকাল, চিৰসুন্দৰ অসম কন্ঠ জুবিন গাৰ্গ হৈ এয়ে কামনা………। নমিতা হাজৰিকা, কলিয়াবৰ ,নগাঁও দূৰভাষ নং ৭০৮৬০৫২১০১
নমিতা হাজৰিকা
Jun 20
ৰ'দৰ দৰে কথাবোৰ
কিশোৰটোৱে ধূলি -বালিৰ মাজতেই জীৱনৰ সপোন আঁকিছিল। চুবুৰীয়াৰ বাৰীত আম কঁঠাল বিচাৰি থাকোতে হেৰুৱালে তাৰ পঢ়াশালিৰ বাট। পিতাইৰ চহা জীৱনৰ ৰ'দে পোৰা পৃষ্ঠাবোৰে শিকাব খুজিছিল তাক কঠিন জীৱনৰ প্ৰত্যয়ৰ খোজ। পিছে কাহানিও লোৱা নহ'ল জীৱনৰ মাৰ্গ দৰ্শন। আইৰ আঁচলৰ এমুঠিমান সাঁচতীয়া ধন- "বোপাই, জীৱনত মিছা নামাতিবি। সচাঁৰ বাটত খোজ দিবি।" শিক্ষাগুৰুৰ চেকনিৰ কোবত কিমান দিন চকুৰে নামিছিল বাৰিষাৰ ধল। পূজ্য গুৰুৰ দিকদৰ্শী বাণী- "নাকৰ পোনে পোনে বাট ল'বি, তেহে শিপা মেলিব জীৱনে, ৰাগবোৰত খোদিত হ'ব খো
নবীন কলিতা
Jun 20
জীৱন নদী
জীৱন এখন নদী, নীৰৱে বৈ যায় দিনে-নিশাই। কেতিয়াবা শান্ত স্নিগ্ধ সোঁত, কেতিয়াবা প্ৰচণ্ড বেগে বৈ যায়। নিজৰ পথ নিজেই গঢ়ি, আগুৱাই যায় অবিৰাম; বাধা-বিপত্তি নেওচি লৈ, ধৰে আশাৰ নতুন ধাম। কেতিয়াবা শুকান বালিচৰ, কেতিয়াবা অতল গহীন সাগৰ, শিলৰ কঠিন আঘাত পাইও নহয় কেতিয়াও ক্লান্ত বা পৰাজিত। সপোনবোৰ নাও হৈ ভাঁহে, আশাবোৰ মলয়া পৱনৰ গান; ভাগ্যৰ ঘূৰণীয়া পাকতো হেৰাই নাযায় হৃদয়ৰ টান। অন্ধকাৰৰ মাজতো জ্বলি থাকে বিশ্বাসৰ ক্ষীণ পোহৰ; সেই পোহৰক সঙ্গী কৰি আগুৱাই যায় জীৱনৰ সোঁতধাৰ। শেষত সাগ

যশ গৌৰৱ বৰদলৈ
Jun 20
সময়ৰ উপহাৰ
নেদেখাজনৰ জীৱন-কাহিনীৰ পৰিচালনাত ৰংহীন ৰঙ্গমঞ্চত বুৰ্বকৰ চৰিত্ৰত ভাও দিছোঁ দি আছোঁ। সকলোকে বিশ্বাসত লৈছোঁ সৰল বিশ্বাস। খাবা বুলি জানিও তোমাক উপকাৰ কৰিছোঁ অজগৰক এনেই দুষি আহিছোঁ আমি। কেতিয়াও অধিকাৰ সাব্যস্ত কৰিবলৈ নাযাওঁ ব্যতিব্যস্ত হৈ নপৰোঁ কাৰো বাবে নকৰো জোৰ কাকো, কাৰোবাৰ ভাল হওক বুলি, “ইটো কৰা,ভাল হব।” হকা-বধাৰ নেমেলোঁ পাঠ “সিটো নকৰিবা; বেয়া হ'ব।” আত্মীয়তাৰ বান্ধোনেৰে সাৱটা হৃদয়ক কপটতাৰে খুলি খুলি খাব জনা, অথচ আত্মাৰ ওচৰ চাপিব নজনা আত্মীয়ৰ, অথবা সুযোগ-সন্ধানী মুখাপি
কামাৰুজ জামান
Jun 20
জীৱন সংলাপ
ধুমুহা ! বৰ কোবাল গতি তোৰথৰকাছুটি হেৰাই গৈছে মোৰ ৰৈ যা এখন্তেক সামৰি -সুতৰি লও খেলিমেলি বেমেজালি বোৰ ভাগৰুৱা পথিক মই বহুদূৰ বাটকুৰি বাই জুৰ ল'ম যেন বন বিৰিখৰ শীতল ছাঁত আজলি ভৰাই পান কৰিম যেন প্ৰেম গঙ্গাৰ সুশীতল জল জুৰ মলয়া চাটি হৈ দেচোন বিলাই অনাঘ্ৰাত কেতেকীৰ আমোলন নিৰ্যাস কি কলি ? সকলো চোন পাৰ হৈ গ'ল মাথো থমকি ৰ'লো মই যাওঁক দে মইতো খেলা নাই হাৰ-জিত খেল আজুৰি আনিব খোজা নাই আকাশ কুসুম কাবৌ কৰিছোঁ ,হিলদল ভাঙি নেযাবি আথানি -আথানি ন'কৰিবি আশৈশৱ কঢ়িয়াই

দীপ্তি দেৱী শৰ্মা
Jun 20
কৃতঘ্নৰ চিতাজুই আৰু সেউজৰঙী উপত্যকা
তুমি মৌনতাৰ ভাষা শুনানে? নুশুনা, তুমি বধিৰ। শূণ্যতাত ওলমি ৰোৱা অবাক চাৱনিবোৰ তুমি পঢ়িব পাৰানে? নোৱাৰা, তুমি নিৰক্ষৰ। চকুৰ পোহৰো যে ক'লা হ'ব পাৰে তুমি ভাবানে সপোনতো? নাভাবা ,তুমি নিৰ্বোধ। তেজৰঙী হিয়াঁবোৰ কিয় লাহে লাহে ফুটছাই বৰণীয়া হয় সিও তোমাৰ সপোনৰ অগোচৰ সেই সৰু কলিজাবোৰত চিতা গজে তাত তোমাৰ চিতাজুই জ্বলে । তুমি নেদেখাকৈ নভবাকৈ নিজে জ্বলি ছাই হৈ আছা । আৰু লাহে লাহে কলিজাবোৰ সলনি হৈছে সেউজৰঙী উপত্যকালৈ ঠিক বেলি যেনেকৈ পূবে ওলায়। প্ৰীতিমণি দাস
প্ৰীতিমণি দাস
Jun 20
মা
(মাতৃ দিৱসত মাতৃৰ স্মৃতিত) মা, আই, বৌ, মামী যি নামৰেই মাতো যি নামৰেই সম্বোধন কৰো সকলোৰে অৰ্থ একেটাই-- " মাতৃ " মাথো "মাতৃ" ৷ আই, মা, বৌ মানে এখনি হৃদয়, স্নেহৰে উপচি থকা এখনি হৃদয় ৷ মাতৃ মানে এক নিৰাপদ আশ্ৰয়, মাতৃ মানে আশ্ৰয়ৰ ডেউকা, মাতৃ মানে এক সাহসৰ প্ৰতীক, সুখে দুখে কাষতে থাকি আলফুলে সাৱটি থকা এখনি স্নেহাসিক্ত হৃদয় ৷ পিতৃ- মাতৃ ত্যাগৰ প্ৰতীক , প্ৰতিটো ক্ষণ সন্তানৰ সুখৰ বাবেই পাৰ কৰি নিজৰ জীৱন শেষ কৰা ত্যাগৰ এক বাস্তৱ প্ৰতীক ৷ আমি আইক মানে মাক মাতিছিলো "বৌ" বুলি ৷ বুকুত হাজা

ডা° টঙ্কেশ্বৰ ভূঞা
May 23
ভিৰ
আছে বহুত গীতিকাৰ, কবি ইয়াত , আহিছে দেখি অভিভূত সকলোকে; আনিছে গীত-কবিতা পেৰা ভৰাই, পাব কিছু দামত..আন যে বিনামূল্যে... নালাগে মোক, নুশুনো এনেবোৰ, আধা..অংশ কিম্বা পুৰাকৈ ..নালাগে একোকে; নিজেই পুৰণিত হয় যে মচগুল, ভিৰত হৈছে সেয়ে এনে গণ্ডগোল। থাকিলেও খবৰ যোগাত্মক এনে বহুতো , নাপায় সময় মোবাইলৰ প্ৰজাই জানিবলৈ.. বন্ধ মগজুৰ তলা..খোলা নহয় যে সহজ বৰ; নিবিচাৰে নিজেও চাবি, নহয় যে ইচ্ছুক সপোন ভগাৰ। ভাল কথা আছে বহুতো বেয়াৰ মাজত, নাজানে নুবুজে কোনেও নিজা কাৰনত; ধূলিৰে ভৰপূৰ ছবি দ

শোণিত বৰঠাকুৰ
May 23
সজাগ
এটি এটি উশাহ সময়ৰ নিঃশব্দ সোঁত হৃদয় চুই যায় এটুপি চকুৰ পানীয়ে কৈ যায় গভীৰ কষ্টৰ ভাষা। এটি এটি দীৰ্ঘ উশাহে নোপোৱাৰ নীৰৱ ব্যৰ্থতা সোঁৱৰাই যায়। উশাহ বন্ধ কৰা যন্ত্ৰণাবোৰ পিতৃ-মাতৃৰ শূন্যতা অনুভৱ । প্ৰতি নিশাৰ দুখৰ সপোনে ভয়ৰ সৈতে পৰিচয় কৰাই দিয়ে। প্ৰিয়জন আতৰি যোৱাৰ বেদনাই মৃত্যুৰ কঠিন সত্য তাকেই সোঁৱৰাই দিয়ে। তথাপিও— এই উশাহেই মোক সজাগ কৰি ৰাখে, জীৱনৰ প্ৰতিটো মুহূৰ্তক নতুনকৈ বুজিবলৈ । ছবি ৰাণী চৰকাৰ মিলনপুৰ, নগাঁও। দূৰভাষ নং ৮৬৩৮৭ ৪৮৩৫২
ছবি ৰাণী চৰকাৰ
May 23
সম্পৰ্কৰ এনাজৰী
সম্পৰ্ক এক নীৰৱ সুৰ কেতিয়াবা হাঁহিৰে কেতিয়াবা চকুলোৰে হৃদয়ত এৰি যায় অনুৰাগ । 'মা'ৰ স্নেহৰ কোমল স্পৰ্শ, 'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ, ভাই-ভনীৰ হাঁহিৰ মাজত সম্পৰ্কই পায় নতুন স্বাদ। জীৱনৰ পৃষ্ঠাবোৰত স্মৃতিৰ ৰঙীন আঁচ সম্পৰ্কৰ এলবামত সংযোজন নিতৌ নতুন ফটো । মৰম -ভালপোৱাৰ সেউজীয়া ডালত পোখা মেলে নতুন পাত নিঃশব্দতাৰে আগবাঢ়ে সময় সম্পৰ্ক হয় নিৰৱ শূন্য । কেতিয়াবা নীৰৱতাইও বহু কথা কয়, এটা সঁচা সম্পৰ্কই চকুৰ ভাষা বুজি পায়। সুখৰ দিনত বহুত আহে, দুখত যি হাত ধৰে— সেইজনেই হয় সম্পৰ্কৰ

জ্যোতিকা বৰা
May 23
অভিমানী তুমি
তুমি আহিলা নীৰৱে মোৰ হৃদয়ে সাৰ পালে কিন্তু তোমাৰ সেই নিঃশব্দ উপস্থিতিয়ে মোৰ অন্তৰত অলেখ প্ৰশ্নৰ জঁটাই দিলে। কেতিয়াবা ভাবো, এয়া কি সঁচাকৈ এক অনুভব? নে কোনো অন্য অনুভূতিৰ প্ৰতিফলন? ইয়াৰ কোনো ব্যাখ্যা নাই। ই ভালপোৱা নহয় আকৌ বন্ধুৰ বন্ধুত্বও নহয় ইয়াত শব্দবোৰে যেন নিজৰ অৰ্থ হেৰুৱাই পেলাইছে। গভীৰ ৰাতিৰ নিস্তব্ধ মুহূৰ্তত তুমি দিয়া সাঁথৰবোৰ এতিয়া বৰ অসহ্য। কৈ যোৱা অনুভৱবোৰ এতিয়া অব্যক্ত স্বৰ। মোৰ নাম তোমাৰ কবিতাৰ পাতত নাই তথাপি মোৰ কবিতাৰ প্ৰতিটো শব্দ তোমাৰ বাবেই। শব্দৰ ভাষাত কিছুমান
ৰিম্পী দেৱী
May 23
মানৱতাৰ প্ৰহৰী
কবি সংস্কৃতিৰ ধ্বজাবাহক মানৱতাৰ প্ৰহৰী বাস্তৱৰ কঠিনতাত বালিত সোণ বুটলি সপোনপুৰীৰ সন্ধান দিয়া এক ভৱিষ্যত দ্রষ্টা নিৰৱ স্ৰষ্টা । কবিৰ চাকত সৃষ্ট কাব্য জ্ঞানপিপাসুৰ কল্পবৃক্ষ হৃদয়ৰ পৰা হৃদয়লৈ অমৃত সঞ্চালিত কৰা এক অদৃশ্য সাঁকো । কবি - মনৰ এলান্ধু আঁতৰাই জ্ঞানানন্দৰ ৰস ছটিওৱা জ্ঞান অন্বেষী পূজাৰী বিন্দুতে সিন্ধু দেখা প্রেম -কৰুণা পূর্বচৰ্তৰে মণ্ডিত এক অনুভৱী সত্ত্বা । কবিতাই সন্ধান দিয়ে কলিয়াৰ সিপাৰৰ জ্যোতিষ্কৰ দর্শনৰ আশিসেৰে বৰষে অমোঘ মন্ত্রপুত বৰষুণ অশান্তিৰ অনল নির্বাপণৰ কঢ়িয়া

মনোজ কুমাৰ শৰ্মা
May 23
আশাৰ জোনাকত নতুন শব্দ
আশাৰ জোনাকত নতুন শব্দ ভাঙি যোৱা বাক্যৰ মাজত নতুন অৰ্থ জন্ম লয় আলোকিত হয় নতুন প্ৰভাত। প্ৰতিটো প্ৰভাত নতুন প্ৰতিশ্ৰুতি প্ৰতিটো নিশা নতুন শিকনি সময়ৰ সোঁতত আগবাঢ়ে জীৱনৰ নতুন কাহিনী । ভঙ্গ হৃদয়ত আশা-নিৰাশাৰ মাজত উলমি আছে জন্মৰ লগত মৃত্যুৰ নিবিড় সম্পৰ্ক । সময়ৰ ডায়েৰীত সৰু সৰু শব্দবোৰে পোৱা -নোপোৱাৰ বেদনা ঢাকি নতুন সপোনে আঁকে । পৃথিৱীৰ পৰা আকাশলৈ সৌৰজগতৰ গ্ৰহ উপগ্ৰহ লৈ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ষণত নবীনৰ জয়যাত্ৰা। বৰদৈচিলা উভতি গ'ল আকাশখন ফৰকাল হ'ল হাঁহি-শান্তিৰ উপহাৰ লৈ

জ্যোতিকা বৰা
Apr 25
মনে বাৰুকৈয়ে সুধিছে
বৈ আছে লুইত সময়ো বাগৰিছে দিন-ৰাতি একাকাৰ কৰি অসমে কান্দিছে। সেই কণ্ঠ আজি যে স্তব্ধ, সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত— মনে বাৰুকৈয়ে সুধিছে! ৰঙৰ ব’হাগত এইবাৰ ৰঙবোৰ সেমেকিল, গীতৰ মায়া চকুলোৰে বিয়পিল। নতুন বছৰটিত, ব’হাগৰ মঞ্চখনিত কিয় বাৰু শুনা নাই "আশা"! গাবলৈ নোহোৱা হ’ল "ৰুমাল", "অনামিকা"। সেই কণ্ঠ আজি যে স্তব্ধ, সিংহৰ গৰ্জন কিয় হ’ল লুপ্ত— মনে বাৰুকৈয়ে সুধিছে! মনে বাৰুকৈয়ে সুধিছে!! হিমাংক শৰ্মা নগাঁও, অসম দূৰভাষ নং ৬০০১৩ ০২৫১২

হিমাংক শৰ্মা
Apr 25
সহজ কথা
বিষয় বস্তুত কিবা আবেগ থাকিব পাৰেনে পদাৰ্থৰ গতিৰ কোনোবা পৰ্যায়ত নিয়ত ভাবে গঢ়ি উঠে যি প্ৰাণ জটিলতৰ ভাবে অসাম্যতাত দুলি ৰোৱা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ত্বৰণৰ মাজত থাকেনে অনুভূতি ? বিভেদহীন অৰ্নিদিষ্ট সংখ্যাৰ ধ্ৰুৱক ধৰি ঠাৱৰ কৰিব পাৰিনে জীৱনৰ প্ৰশ্নোত্তৰ পদাৰ্থৰ গতি অথবা জড়তা একাকাৰ হৈ ফেনাই উঠে নিশাহ উশাহ । যি প্ৰশ্নৰ উত্তৰ বিচৰা যায় সি কেৱল শূণ্যৰ দৰে উপঙি থাকে বাহ্যিক আৰু অন্তৰ্লীন শক্তিৰ ছন্দত পদাৰ্থই প্ৰাণ পায় বিকাশৰ বাবে । কথাবোৰ সহজ কৰি একো লাভ নাই জটিল কৰিলেও কোনো কথা অবোধ্য ন
ড° প্ৰতাপজ্যোতি সন্দিকৈ
Apr 25
সাঁৰথি
জীৱনৰ বৃদ্ধাৱস্থা অলস -সংগীবিহীন এক নিসংগ অৱস্থা যেতিয়া খোজ দিয়াৰ সাহসকনো হেৰাই যায় আপোনজনেই যেতিয়া কাষৰ পৰা নোহোৱা হয় তেতিয়া সেই ব্যক্তিজনৰ বাবে একমাত্ৰ ভৰষা হাতৰ লাখুটি ডাল যাৰ ভৰত জীৱনৰ শেষ অৱস্থা কটাই এই লাখুটি দালেই জীৱনৰ শেষ অৱস্থাৰ একমাত্ৰ বিশ্বাসযোগ্য সাঁৰথি ।। শ্ৰী অৰূপ কুমাৰ গোস্বামী আমোলাপট্টি, নগাঁও।

অৰূপ কুমাৰ গোস্বামী
Apr 25
bottom of page

