এই সময়
- প্ৰাঞ্জল লস্কৰ

- Feb 2
- 1 min read
Updated: Feb 3
সময় নদীৰ দৰে বৈ যায়,
নীৰৱ অথচ অবিৰাম॥
একে সোঁত দুবাৰ কেতিয়াও নাহে,
ঠিক একেদৰে
একে দিন, একে অনুভৱ,
একেই মনো কেতিয়াও নাহে উভতি॥
আমি ভাবোঁ
আকৌ পাম, আকৌ ক’ম,
সময় থাকিবই॥
কিন্তু সময়ে অপেক্ষা নকৰে,
সি মাথোঁ আগলৈ বৈ যায়,
পিছলৈ ঘূৰি নাচায়॥
সেয়ে অলপ থামি ৰওক,
এই ব্যস্ততাৰ মাজতেই॥
শ্বাস এটা গভীৰকৈ লওক,
আকাশখন চাওক,
বতাহৰ সৰু স্পৰ্শটো অনুভৱ কৰক,
আগত যি আছে তাক সন্মান কৰক ।
এই সৰু সুখবোৰ,
এই নীৰৱ সন্ধিয়াবোৰ,
এই অলপ হাঁহিবোৰ॥
এইবোৰেই এদিন
স্মৃতি হৈ ৰ’ব॥
জীৱনটো সদায় ডাঙৰ কাহিনীৰে নহয়,
সাধাৰণ মুহূৰ্তবোৰতেই
নিজক লিখি যায়।
সেয়ে এই মুহূৰ্তত
ঘটিত থকা জীৱনটো উপভোগ কৰক॥
কাৰণ
এই সময়, এই ক্ষণ,
আজি মাথোঁ আপোনাৰ॥
কালিলৈ হয়তো কেৱল
এটা স্মৃতি হৈ ৰ’ব॥
প্ৰাঞ্জল লস্কৰ
কামপুৰ, নগাঁও
মো: নং - ৮৬৩৮৯২৬১৭২





Comments