top of page

সম্পৰ্কবোৰ বৰ চনকা


কিয় নাজানো

আজি কালিৰ সম্পৰ্কবোৰ বৰ চনকা

সঘনাই ৰঙ সলনি হয়

হইতো আস্থা আৰু বিশ্বাসৰ

খুবেই অভাৱ

লগতে স্বাৰ্থ আৰু অৰ্থৰ প্ৰভাৱ ।

সময় বাগৰি যোৱাৰ লগতে

সম্পৰ্কবোৰো বাগৰি গৈছে ।

বিভিন্ন ৰঙৰ সমহাৰত

ক'লা আৰু বগাৰ

সংমিশ্ৰণ যেন হেৰাই গৈছে।

কৃত্ৰিমতাৰ চাকনৈয়াত সোমাই

সকলোৱে হাবো দুবো খাইছে ।

ক্ষন্তেকীয়া ৰঙীন পৃথিৱীত

আজি যেন সকলো হেৰাই গৈছে।।

 

 

অৰূপ কুমাৰ গোস্বামী

আমোলাপট্টি,নগাঁও

দূৰভাষ নম্বৰ:৯৮৬ ৪০ ৭৭ ৩১৮

Comments


bottom of page