top of page

মুখাধাৰী 

Updated: Mar 4

আৱৰণ- মুখাধাৰীৰ

একমাত্ৰ মুখা আৱৰণ 

শুনিছানে বাৰু কোনোবাই 

সহজে আঁতৰি- সুলকি যোৱা 

একেটাই ৰঙ আকাৰো একে 

প্ৰভেদৰ নাই অকণো অভাৱ 


শুনিছা জানো মুখাধাৰী!

শুনা, এই কথাবোৰো শুনা 


জীয়াবা বাৰু কিমানদিন 

আছে প্ৰলেপৰ আৱৰণ কিমান 

দেখা জানো আইনাত 

চুচি- মাজি নিজৰ মুখ মুকলি 

কোৱা বাৰু সঁচাকে কোৱা!

শুনি-গণি মানুহে কাচিৎ ভালপোৱা 

গণি লোৱা সময়ৰ এনেকুৱা আহ্বান 

নহওঁক যাতে অপলাপ অলপো সততাৰ


শুনিছানে বাৰু, মুখাধাৰী হেৰা

অভিনয় আৰু কৰিবা কিমান!

অৱশেষ তোমাৰ অভিনয়ৰ কিমান পিছে 

নিটিকে তেনেকুৱা প্ৰলেপৰ আৱৰণ আৰু সহজে

শুনিছা,

শুনা, 

আছে শান্তিৰো এনেকুৱা আক্ষেপ 


নজ্বলাবা মনৰ জুই 

জ্বলিলে সকলো 

সকলোতে সানে ফুটছাই 

সাৰিব নোৱাৰে কোনেও অকলে 

এইয়া যে, এইয়াই শ্মশান!

শেষ স্থান সত্য সকলোতে ভূমি 

দিবানো দোষ কাক 

হব বাৰু দোষী কোন?

আপোন যে পুষ্পৰ তৰ্পণকাৰী 

জুই দিয়াজনো পিছে 

হবনোঁ মিতিৰ আমাৰ কিমান?


হেৰা বাৰু মুখাধাৰী 

ভাবাছোন ভাবা 

সকলোৱে ভাবা 

প্ৰশ্ন বাৰু  সাৰ্বজনীন 

লাগিবই বা কিমান?

পাবা জানো সিমান মুখা 

নহয় সম্ভৱ অসহজ হয়

পিন্ধাবানো কাকনো কিমান?

নে পিন্ধিবা নিজেই 

লুকুৱাই- আঁতৰাই আপোন পৰিচয়!


শোণিত বৰঠাকুৰ,

বৈদ্যটুপ, নগাঁও।

দূৰভাষ নং- ৭০০২২৪০৬০০


Comments


bottom of page