top of page

নাৰীৰ দিৱস: উদযাপনৰ পৰা বাস্তৱলৈ

Updated: 2 days ago





প্ৰতিবছৰে ৮ মাৰ্চ আহিলেই বিশ্বজুৰি নাৰীৰ অধিকাৰ, সন্মান আৰু অৱদানৰ কথা আলোচিত হয় । নাৰী দিৱস উপলক্ষে অভিনন্দন, শুভেচ্ছাৰ জোৱাৰ উঠে। এই দিনটোত নাৰী বন্দিত হয় , চাৰিওফালে নাৰীৰ সৱলীকৰণৰ ওপৰত তত্ত্বগধুৰ বক্তৃতাৰ ফুলজাৰি শুনা যায়, নাৰীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰা হয় । নাৰী দিৱস কেৱল শুভেচ্ছা বিনিময়ৰ দিন নহয়; ই দায়িত্ববোধৰ দিন বুলি সকলোৱে স্বীকাৰ কৰে ।কিন্ত্ত কেৱল এদিনৰ অনুষ্ঠান, ভাষণ বা ফুলেৰে সম্ভাষণ জনালেই প্ৰকৃত অৰ্থত নাৰী সুৰক্ষিত হয় নে ? এটা দিন উদযাপন কৰি নাৰীক সুৰক্ষা দিব পাৰি নে ? দিৱস পালনে নাৰীক সমতা আৰু মৰ্যাদা দিব পাৰিব নে -এনে বহু প্ৰশ্নৰ মাজত নাৰী দিৱস উদ্‌যাপনৰ প্ৰয়োজনীয়তা হেৰাই যোৱাৰ উপক্ৰম হয় ।


নাৰীৰ সুৰক্ষা, শিক্ষা আৰু অৰ্থনৈতিক স্বাৱলম্বিতা আজিও বহু ক্ষেত্ৰত অনিশ্চিত। অসমৰ গাঁও-চহৰ সকলোতে নাৰীয়ে ঘৰ চলোৱাৰ পৰা আৰম্ভ কৰি শিক্ষা, চিকিৎসা, প্ৰশাসন, ৰাজনীতি, বিজ্ঞান, বেপাৰ-বাণিজ্য,যুদ্ধ আদি সকলো ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। তথাপিও লিংগভিত্তিক বৈষম্য, ঘৰুৱা হিংসা আৰু মানসিক দমন সমাজৰ নিত্য নৈমিত্তিক ঘটনা । প্ৰতিদিনেই যৌতুকৰ বাবে বোৱাৰীক হত্যা , নাৰী ধৰ্ষণ, কন্যা শিশুক হত্যা আদি বাতৰিৰে বাতৰি কাকতৰ পৃষ্ঠা শুৱনি কৰে ।


নাৰী নিৰ্যাতন আমাৰ বাবে নতুন কথা নহয় । ৰামায়ণ, মহাভাৰতৰ যুগতো নাৰী লাঞ্চিত, বঞ্চিত, নিৰ্যাতিত হোৱাৰ উদাহৰণ আছে । ৰামায়ণত ৰামে ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰাৰ পিছত পুনৰ সীতাই সতীত্বৰ প্ৰমাণ দিবলৈ অগ্নিপৰীক্ষা দিব লগা হৈছিল। । তাৰোপৰি ৰামে প্ৰজাৰ সন্দেহৰ কাৰণে গৰ্ভৱতী সীতাক বনলৈ পঠিয়াইছিল।এই ঘটনাবোৰে সমাজত নাৰীৰ ওপৰত অবিশ্বাস আৰু মানসিক নিৰ্যাতনৰ ছবিখন স্পষ্ট কৰাৰ লগতে নাৰীৰ অধিকাৰ আৰু মৰ্যাদা বহু সময়ত যে উপেক্ষিত হৈছিল তাকে সুচায়। মহাভাৰততো নাৰী নিৰ্যাতনৰ বহু দৃষ্টান্ত পোৱা যায়। দ্ৰৌপদীক কৌৰৱ ৰাজসভাত জুৱা খেলত পৰাজিত হৈ পাণ্ডৱসকলে দাসী হিচাপে সমৰ্পণ কৰে। পিছত দুঃশাসনে ৰাজসভাৰ মাজত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ চেষ্টা কৰে। এই ঘটনাই নাৰীৰ মান-সম্মান কেনেকৈ ৰাজনৈতিক খেলত পদদলিত হৈছিল সেয়া স্পষ্ট কৰে।


আনহাতে ধৰ্মীয় শাস্ত্ৰত দুৰ্গাদেৱীক অসুৰ বিনাশিনী ৰূপত শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সৰস্বতী দেৱীক বিদ্যা, সংগীত আৰু কলাৰ অধিষ্ঠাত্রী দেৱী বুলি গণ্য কৰা হয়। তেওঁ বীণা, পুথি আৰু হাঁহৰ সৈতে চিত্ৰিত হয়। ইয়াৰ অৰ্থ হ’ল নাৰী জ্ঞান আৰু পবিত্ৰতাৰ প্ৰতীক। ৰাণী লক্ষ্মীবাঈয়ে ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি অসীম সাহসৰ পৰিচয় দিছিল।আধুনিক বিশ্বত নাৰী সামৰিক বাহিনীৰ কেৱল শক্তি প্ৰদৰ্শনৰ প্ৰতীক নহয়; ই সমতা, আত্মবিশ্বাস আৰু মানৱীয় সক্ষমতাৰো নিদৰ্শণ। ভাৰতৰ অৱনী চতুৰ্বেদীয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজস্থানৰ জোধপুৰ বিমান ঘাটিত ছুখয়-৩০ এমকেআই যুদ্ধ বিমান চলাই প্ৰথম মহিলা হিচাপে ইতিহাস ৰচনা কৰে। সাৱিত্ৰীবাই ফুলে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে পৰিচিত। তেওঁ নাৰীৰ শিক্ষাৰ বাবে সংগ্ৰাম কৰি সমাজত জ্ঞানৰ পোহৰ বিস্তাৰ কৰিছিল। তেওঁ নাৰী জ্ঞানৰ এক উজ্জ্বল উদাহৰণ।আনন্দীবাই যোশী ভাৰতৰ প্ৰথম মহিলা চিকিৎসক আছিল। তেওঁ প্ৰমাণ কৰিছে যে নাৰীয়ে জ্ঞান আৰু অধ্যৱসায়ৰ ফলত যিকোনো ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে।


নাৰী এটা শব্দ নহয় , এক শক্তি ,ধৈৰ্য্য আৰু মমতাৰ প্ৰতীক।


মহাত্মা গান্ধীয়ে কৈছিল, “নাৰী হৈছে সহিষ্ণুতা আৰু আত্মবলৰ মূৰ্ত প্ৰতিমূর্তি; সমাজক অহিংসা শিকাবলৈ নাৰীৰ ভূমিকা সৰ্বাধিক।” বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে নাৰীক সৃষ্টিৰ কোমল অথচ দৃঢ় ৰূপ বুলি বৰ্ণনা কৰিছিল। তেওঁৰ মতে, “নাৰীৰ অন্তৰত আছে মমতাৰ আকাশ আৰু ধৈৰ্যৰ সমুদ্ৰ, যাৰ অবিহনে মানৱ জীৱন শূন্য আৰু নীৰস"। নেলছন মেণ্ডেলাই মন্তব্য কৰিছিল, “কোনো দেশৰ প্রকৃত স্বাধীনতা তেতিয়াহে পূৰ্ণ হয় যেতিয়া দেশৰ নাৰীসকলে সমান মৰ্যাদা লাভ কৰে।” এই উক্তিয়ে নাৰীৰ অধিকাৰক মানৱ অধিকাৰৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰে।অসমৰ প্ৰাণৰ শিল্পী ড. ভূপেন হাজৰিকায়ো নাৰীক সমাজৰ আলোকস্তম্ভ বুলি কৈছিল।

আজিৰ যুগত নাৰী শিক্ষিতা, স্বাৱলম্বী আৰু সিদ্ধান্ত গ্ৰহণৰ শক্তিশালী অংশীদাৰ। ইতিহাসৰ পাত মেলিলে দেখা যায়—সাহস, ত্যাগ আৰু মমতাৰ দ্বাৰা নাৰীয়ে সভ্যতাৰ ধাৰা আগুৱাই নিছে। আজিৰ নাৰী শিক্ষক, চিকিৎসক, বিজ্ঞানী, কৃষক, উদ্যোক্তা—সকলো ক্ষেত্ৰতেই সমানে আগবাঢ়িছে।সৰোজিনী নাইডু,কল্পনা চাওলা, মাদাৰ টেৰেছা, সুনীতা উইলিয়ামছৰ দৰে মহান নাৰীসকলৰ সাফল্যই প্ৰমাণ কৰে যে সুযোগ আৰু সমতা পালে নাৰীয়ে যিকোনো শিখৰত উপনীত হ’ব পাৰে।


কিন্তু এতিয়াও বহু ঠাইত নাৰীয়ে বৈষম্য, অত্যাচাৰ আৰু অবহেলাৰ সন্মুখীন হয়। বহু সময়ত নাৰী ঘৰতে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হয়। স্বামী বা পৰিয়ালৰ লোকৰ দ্বাৰা মাৰপিট, অপমান, সন্দেহ আদি বহু নাৰীয়ে নীৰৱে সহ্য কৰি থাকে বা আত্মহননৰ পথ বাছি লয় ।আইনত নিষিদ্ধ হ’লেও কিছুমান অঞ্চলত এতিয়াও যৌতুক দাবী কৰা হয়। যৌতুক কম পালে কইনাক অত্যাচাৰ কৰা বা ঘৰলৈ পঠিয়াই দিয়াৰ দৰে ঘটনা সংবাদ মাধ্যমত সততে দেখা যায়। গ্ৰামাঞ্চলত এতিয়াও বহু কন্যাক উচ্চ শিক্ষা ল’বলৈ দিয়া নহয়। পুত্ৰ সন্তানক অধিক গুৰুত্ব দিয়াৰ মানসিকতা দেখা যায়। কিছুমান ঠাইত কন্যা সন্তানক বোজা বুলি ভাবি গৰ্ভতেই হত্যা কৰাৰ দৰে অমানৱীয় কাম কৰা হয়। পথ-ঘাট,বাছ, ৰেল,বিদ্যালয়, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ ঘটনা দেখা যায়। ভাৰতত সংঘটিত হোৱা নিৰ্ভয়া ঘটনাই সমগ্ৰ দেশক কঁপাই তুলিছিল। এই ঘটনাই সমাজত শেষ ঘটনা হব বুলি ধৰি লোৱা হৈছিল যদিও তাৰ পিছতো বহু নিৰ্ভয়া ধৰ্ষণৰ বলি হ'ল যাৰ ফলত সকলোৱে নাৰী সুৰক্ষাৰ বিষয়টো নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হ'ল।


নাৰী সৱলীকৰণ মানে কেৱল নাৰীক কিছু অধিক অধিকাৰ দিয়া নহয়; ই হৈছে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, আৰ্থিক স্বাৱলম্বিতা, শিক্ষা আৰু মৰ্যাদাৰ সমান অংশীদাৰ কৰা এক সামগ্ৰিক প্ৰক্ৰিয়া। নাৰী শক্তি মানে কেৱল শাৰীৰিক শক্তি নহয়; ই হৈছে ধৈর্য, বুদ্ধিমত্তা, সৃজনশীলতা আৰু মমতাৰ অপূৰ্ব সংমিশ্ৰণ। এখন সমাজ তেতিয়াহে আগবাঢ়িব যেতিয়া নাৰী আৰু পুৰুষে কান্ধত কান্ধ মিলাই কাম কৰিব।নাৰী দিৱসত নাৰী সৱলীকৰণৰ কাৰণে তত্ত্বগধুৰ বক্তৃতা দিলে নহ'ব কন্যা শিক্ষা, স্বাস্থ্য,কৰ্মসংস্থাপন আৰু ৰাজনৈতিক অংশগ্ৰহণ আদি দিশবোৰত দৃঢ় পদক্ষেপ ল’লেহে নাৰী সৱলীকৰণ সম্ভৱ হব। শিক্ষিত নাৰীয়ে এটা শিক্ষিত পৰিয়াল গঢ়ে আৰু শিক্ষিত পৰিয়ালে সুস্থ সমাজ নিৰ্মাণ কৰে -এই সত্য আমি পাহৰিব নালাগে।


আধুনিক প্ৰযুক্তিয়ে নাৰীৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিছে। স্ব-সহায়ক গোট, ক্ষুদ্ৰ উদ্যোগ, অনলাইন ব্যৱসায় আদি মাধ্যমেৰে বহু নাৰীয়ে স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে। কিন্তু এতিয়াও গ্ৰামাঞ্চলত বাল্যবিবাহ, ঘৰুৱা হিংসা, সামাজিক অসমতা আদি সমস্যা বিদ্যমান।

নাৰী দিৱসত নাৰী সৱলীকৰণৰ বিষয়ে যিমানেই চিঞঁৰ -বাখৰ নকৰক ,বাস্তৱ জীৱনত যদি মানসিকতাৰ পৰিবর্তন নহয়, আইন কঠোৰভাৱে প্ৰয়োগ কৰা নহয় আৰু পৰিয়াল-সমাজে নাৰীক সন্মান নকৰে, তেন্তে নাৰী সুৰক্ষা কেতিয়াও নিশ্চিত নহব।

নাৰীৰ সুৰক্ষা কেৱল চৰকাৰ, আইন বা আৰক্ষী দায়িত্ব নহয়। নাৰীক সুৰক্ষা প্ৰদান হৈছে সমগ্ৰ সমাজৰ নৈতিক চেতনা আৰু মানৱীয় প্ৰতিশ্ৰুতিৰ এক গভীৰ পৰীক্ষা। এখন সমাজত নাৰী কিমান সুৰক্ষিত সেই কথা নাৰীৰ মুখত দেখা পোৱা সুৰক্ষা হাঁহিৰে প্ৰকাশ হয়। নাৰীৰ অধিকাৰ, আৰ্থিক স্বাৱলম্বিতা আৰু সামাজিক মৰ্যাদা নিশ্চিত নকৰিলে কেৱল দিৱস পালন, ভাষণ বা শ্ল'গানে নাৰীক প্ৰকৃত সুৰক্ষা দিব নোৱাৰে। নাৰীৰ প্ৰতি সন্মান কেৱল শব্দৰে নহয়, দৈনন্দিন আচৰণত প্ৰকাশ পাব লাগিব।নাৰীয়ে সুৰক্ষা অনুভৱ কৰিব লাগিব ঘৰৰ সৰু ,সৰু কথোপকথনত, সমাজৰ সামূহিক সিদ্ধান্তত, কৰ্মস্থলীৰ ন্যায়বোধত, ৰাজপথৰ সুৰক্ষাত। এখন সভ্য সমাজত নাৰী ঘৰৰ ভিতৰতেই নহয়, বাহিৰতো নিৰ্ভয়ে আগবাঢ়িব পাৰে; কাৰণ সেয়া নাৰীৰ অধিকাৰ, সেইয়া কাৰো অনুগ্ৰহ নহয়।


এদিনীয়া উদযাপনে অনুভূতিৰ উষ্ণতা দিব পাৰে, কিন্তু স্থায়ী সুৰক্ষা দিব নোৱাৰে। সেয়া সম্ভৱ হব যেতিয়া সমাজে আন্তৰিকভাৱে নাৰীৰ সমতা, সন্মান আৰু অধিকাৰক স্বীকাৰ কৰাৰ লগতে দৈনন্দিন জীৱনৰ আচাৰ -ব্যৱহাৰত তাক প্ৰয়োগ কৰিব।


বিশ্বপ্ৰসিদ্ধ আমেৰিকান কবি, সাহিত্যিক, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ সক্ৰিয় কৰ্মী মায়া এঞ্জেলু(Maya Angelou) য়ে কৈছিল —"যেতিয়া এগৰাকী নাৰীয়ে নিজৰ অধিকাৰ, সন্মান আৰু স্বাভিমানৰ বাবে ঠিয় হয়, তেতিয়া তেওঁ কেৱল নিজৰ বাবেই সংগ্ৰাম নকৰে; তেওঁ সমগ্ৰ নাৰীসমাজৰ শক্তি আৰু মর্যাদাক তুলি ধৰে।"

এই কথাখিনিয়ে আমাক সোঁৱৰাই দিয়ে যে, প্ৰতিগৰাকী নাৰীৰ সুৰক্ষা মানে সমগ্ৰ মানবতাৰ মৰ্যাদাক সুৰক্ষা দিয়া।মায়া এঞ্জেলু কেৱল সাহিত্যিকেই নাছিল; তেওঁ আছিল নাৰীৰ অধিকাৰৰ বলিষ্ঠ কণ্ঠস্বৰ। এই বলিষ্ঠ কণ্ঠস্বৰ সকলো নাৰীৰ কণ্ঠত উচ্চাৰিত হোৱাৰ সময় সমাগত।


দীপিকা লস্কৰ

দূৰভাষ নং- ৯৪৩৫২ ২৪৩৬৩

Comments


bottom of page