top of page


অৰণ্যৰ টঙীঘৰত এৰাতি
(চম্পাৱতীৰ পাৰত পুৱতিনিশা টঙীঘৰৰ তলত বাঘ ভালুকৰ মহাৰণ) অৰণ্যৰ মাজত ঘূৰি ফুৰোতে বহুতো বন্য প্ৰাণীক ওচৰৰ পৰা দেখিছিলোঁ। অৰণ্যৰ ভিতৰত কেৱল ভোক নিবাৰণৰ বাবে বলবান জন্তুৱে দুৰ্বল বুলি ভবা প্ৰাণীক বধ কৰাটো হৈছে দৈনিক ঘটা ঘটনা। অৰণ্যৰ মাজৰ টঙী ঘৰত আমি এৰাতিৰ কটাইছিলো ।সেই ৰাতি অৰন্যৰ মাজত দেখা ঘটনা কেইটা আজিও চকুৰ আগত জিলিকি আছে । বনৰীয়া কুকুৰ কেইটামান আমি থকা টঙী ঘৰটোৰ ওচৰত ঘূৰি ফুৰিছিল। কুকুৰ কেইটাই কেইটামান মূহুৰ্তৰ ভিতৰতে গাহৰি এটা বধ কৰি তাৰ মাংস খাই শেষ কৰিলে৷ দুটা কুকু

মহেশ নাথ
Jun 20


আড্ডা : সৃষ্টিৰ নীৰৱ কৰ্মশালা
আড্ডা মানে সময় কটোৱাৰ উপায় নহয় ।আড্ডা হৈছে মানৱীয় সম্পৰ্কৰ উষ্ণতাৰ অনুভৱ ।চিন্তাৰ আদান-প্ৰদান আৰু জীৱনক উপভোগ কৰাৰ এক অনন্য কলা । দীৰ্ঘদিনীয়া নিসংগতা বা একঘেয়ামীয়ে মানুহক হতাশগ্ৰস্ত কৰি তোলে। এনে অৱস্থাত সমাজৰ সৈতে জড়িত হোৱা , আপোন মানুহৰ সৈতে বা বন্ধুৰ সৈতে অলপ সময় আড্ডা মৰাটোৱে মহৌষধৰ দৰে কাম কৰে। ই মানুহক মানসিক চাপৰ পৰা মুক্ত কৰাত সহায় কৰে। 'আড্ডা' হৈছে এক অনানুষ্ঠানিক সমাৱেশ, য'ত মানুহে অবাধে কথা-বতৰা, বিতৰ্ক, হাঁহি ধেমালি , বিচাৰ-বিমৰ্ষ কৰে। ইয়াত কোনো নি

সুৰজিৎ গোস্বামী
Jun 20


আয়না: অশ্ৰু আৰু হাঁহিৰ সাৰথি
আয়না বা দাপোন হৈছে মানুহৰ জীৱন-সংস্কৃতিৰ এক অপৰিহাৰ্য্য অঙ্গ। আয়নাত কেৱল নিজৰ সৌন্দৰ্য্য চোৱা নহয়, বৰঞ্চ দাপোন বা আয়নাই মানুহক আত্মজ্ঞান, আত্মসন্ধান আৰু আত্মবিশ্বাসৰ পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা দিয়ে। লোককথা, সাহিত্য আৰু আধ্যাত্মিকতাৰ সৈতে আয়নাৰ এই গভীৰ সম্পৰ্কই একে সময়তে বাস্তৱ আৰু কল্পনাৰ সেতু গঢ়ি তোলে।প্ৰসিদ্ধ ইংৰাজ কবি চিলভিয়া প্লাথৰ" দাপোন” নামৰ কবিতাৰ শাৰী বোৰলৈ মনত পৰিছে :"মই এক দাপোণ,/সঁচাটো দেখি দেখুৱাওঁ।/ভ্ৰান্তি নাই মোৰ চকুত,নাই কোনো আভা বা ছাঁ/যেনেকৈ আছে, তেন

ড০ শৰৎ বৰকটকী
Jun 20


অষ্ট্ৰেলিয়াৰ উচ্চ শিক্ষা: প্ৰত্যাশা আৰু প্ৰত্যাহবান
বিদেশত পঢ়িবলৈ যোৱা ভাৰতীয় ল’ৰা-ছোৱালীৰ সংখ্যাটোৱে ইতিমধ্যে লাখৰ ঘৰ চেৰ পেলালে৷ শেহতীয়া তথ্যমতে সংখ্যাটো হেনো এক নিযুতৰ ওপৰত৷ আগৰ বছৰবোৰৰ তুলনাত পাঁচ শতাংশমান হেনো কমিল তথাপিও সংখ্যাটো এতিয়াও এক নিযুতৰ ওপৰত৷ পৃথিৱীৰ ভালেমান দেশৰ মুঠ জনসংখ্যাও বিদেশত পঢ়িবলৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সমান নহয়৷ সংখ্যাৰ বুজন অংশটো থুপ খায়গৈ কেৱল পাঁচখন দেশত৷ কানাডা, মাৰ্কিন যুক্তৰাষ্ট্ৰ, গ্ৰেটব্ৰিটেইন ,অষ্ট্ৰেলিয়া আৰু জাৰ্মানী ।বাকীবোৰ দেশলৈ যোৱা সংখ্যাটো মজবুত নহয় যদিও মন্থৰ সোঁত এটা অহৰহ বৈ আছ
ডo বিমল বৰা
Jun 20


ভাৰতীয় কৃষিৰ বিবৰ্তন
ভাৰতবৰ্ষৰ কৃষিৰ পৰম্পৰা অতি প্ৰাচীন। ভাৰতীয় সভ্যতা, সংস্কৃতি, পৰম্পৰা, জীৱনশৈলী আৰু চিন্তাধাৰাৰ এক অবিচ্ছেদ্য অংগ হৈছে-কৃষি। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ভাৰতবৰ্ষৰ প্ৰাচীনতম সভ্যতাসমূহ পৰিস্ফুট হৈ পৰিছিল। বৰ্তমান সময়ত ভাৰতীয় কৃষিয়ে প্ৰাচীন শিপাৰ পৰা আধুনিক ৰূপান্তৰৰ মাজেৰে আহি প্ৰযুক্তিচালিত আশাব্যঞ্জক ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে। পৰম্পৰা আৰু প্ৰযুক্তিৰ এই সন্ধিক্ষনত ভাৰতীয় কৃষি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত ৰাসায়নিক সাৰৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস, জলবায়ু পৰিৱ

ডঃ শশাংক শেখৰ বৰকটকী
May 25


উচ্চ শিক্ষা,যুৱ-প্ৰজন্ম আৰু আমাৰ অনুভৱ
উচ্চ শিক্ষা আৰু আজিৰ যুৱ প্ৰজন্ম — শীৰ্ষক বিষয়টি এক বিস্তৃত পৰিসৰৰ।যাক থাওকতে সামৰিব পৰা নাযায়। ইয়াক আলোকপাত কৰিবলৈ যাওঁতে আমাৰ মনলৈ বহু কথাই আহে। তথাপিও আলোচনাৰ সুবিধাৰ বাবে মনলৈ অহা দুই এটা নিজস্ব কথাৰ অৱতাৰণা কৰিব খুজিছো । প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ৰ পৰাই এটা শিশুৰ মনলৈ ক'ব নোৱাৰাকৈয়ে ক্ৰমান্বয়ে দিনে দিনে বৃদ্ধি পাই ইটো শ্ৰেণীৰ পৰা সিটো শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ কথা। অন্যহাতে আজিৰ দিনত অভিভাৱকৰ ত’তপৰতাৰ কথা নকলোৱেইবা। এনেদৰে শিশুৰ মনলৈ প্ৰাথমিক, মেট্ৰিক, উচ্চতৰ
পৰী দেৱী
May 25


নীলা খামৰ চিঠিৰ আবেগ
নীলা খামৰ চিঠি মানেই যেন এসময়ৰ - এক বিশেষ আবেগ, অপেক্ষা আৰু অন্তৰৰ সংযোগ।মোবাইল, WhatsApp বা ই-মেইল নথকা সময়ত এই নীলা খামৰ ভিতৰতেই মানুহে নিজৰ মৰম, দুখ, সুখ, অপেক্ষা আৰু ভালপোৱা সযতনে লিখি পঠিয়াইছিল। নীলা খামৰ চিঠিখন ডাকোৱালে ঘৰত দি যোৱা পাচতেই এক উৎকণ্ঠাৰে খুলি চাইছিল— কোনে লিখিছে? কি খবৰ আছে? আঁতৰত থকা পুত্ৰৰ বাতৰি , সেনাত থকা স্বামীৰ খবৰ, দূৰত থকা বন্ধুৰ মৰম—সকলো যেন সেই নীলা খামখনতেই সজীৱ হৈ আহিছিল। চিঠিৰ কাগজত হাতৰ লিখনিয়ে কঢ়িয়াই আনিছিল - কেতিয়াবা চকুপানীৰ টোপাল,

সুৰজিৎ গোস্বামী
May 25


জলবায়ু পৰিবৰ্তনঃ শিশুৰ ওপৰত ইয়াৰ প্ৰভাৱ
পৰ্যায়ক্ৰমিক সেউজগৃহ গেছৰ বৃদ্ধিৰ ফলস্বৰূপে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা বাঢ়িবলৈ ধৰিলে যাক গোলকীয় উষ্ণতা বৃদ্ধি(Global Warming)বোলা হয়। গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ুৰ পৰিবৰ্তনৰ(Climate Change) দৰে সমস্যাৰ উদ্ভৱ ঘটায় । জলবায়ু পৰিবৰ্তন বৰ্তমান বিশ্বৰ আটাইতকৈ ভয়াবহ প্ৰত্যাহবান । সমগ্ৰ বিশ্বতে জলবায়ু পৰিবৰ্তনৰ কুফল দেখিবলৈ পোৱা গৈছে, ক'ৰবাত যদি অতি বৃষ্টি হৈছে আনহাতে আন ক'ৰবাত অনাবৃষ্টিৰ ভয়াবহতা দেখা দিছে ।অতিবৃষ্টিৰ প্ৰভাৱত যদি ঠায়ে-ঠায়ে প্ৰলয়ংকৰী বান হয় সেইদৰে অনাবৃষ্টিৰ প্ৰভাৱত খৰ

হিৰণ্য শৰ্মা
May 25


মহিলা সৈনিকৰ অশ্ৰু আৰু নীৰৱ আৰ্তনাদ
আমেৰিকা–ইজৰাইল আৰু ইৰানৰ সংঘাতৰ দৰে পৃথিৱীৰ দেশে দেশে চলাৰ বিভিন্ন যুদ্ধই যুদ্ধৰ নিষ্ঠুৰ আৰু কৰুণ বাস্তৱতাক উন্মোচিত কৰি আহিছে। ইতিহাসৰ পৃষ্ঠাই বাৰে বাৰে দেখুৱাইছে—যুদ্ধ কেতিয়াও কেৱল সীমান্ত, শক্তি বা ৰাজনৈতিক আধিপত্যৰ যুদ্ধ নহয়; যুদ্ধ মানে অসংখ্য পৰিয়ালৰ হাঁহি হেৰুওৱা, অগণন সপোনৰ অকাল মৃত্যুক আলিংগন কৰা। যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা প্ৰতিজন সৈনিকৰ থাকে এখন ঘৰ, সপোন, অপেক্ষা আৰু মানৱীয় বেদনা।যিসকল সৈনিকে দেশৰ দায়িত্ব পালন কৰিবলৈ জীৱনটো হাতৰ মুঠিত লৈ যুদ্ধক্ষেত্ৰলৈ যায়, তেও

ড০ শৰৎ বৰকটকী
May 23


আমাৰ প্ৰশান্তিৰ অসম
"বাৰীৰ পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু (ৰান্ধনি ঘৰ) আৰু দক্ষিণে গৰুৰ গোহালি!"-- ৰঙালী আকাশৰ তলত মুকলি পথাৰত বিহু ঢোলৰ তালে তালে গছ-বন, কপৌফুল আৰু কুঁহিপাতৰ সুৰভিৰ মাজত নৃতৰত ডেকা-গাভৰুৰ স্বত:স্ফূৰ্ত উল্লাস । আমাৰ বাৰু মনলৈ কেতিয়াবা আহেনে -- এনে পৰিৱেশসমূহ ইমান পৰিপূৰ্ণ আৰু নিখুঁত যেন কিয় লাগে ? আচলতে আমি ইয়াৰ প্ৰয়োজনবোধেই নকৰোঁ । এই সুকীয়া তাল-ছন্দ আমাৰ মজ্জাত প্ৰকৃতিগত । অসমভূমিত আমি সকলো প্ৰকৃতিৰ সন্মোহিনী পৰশেৰে আপডালিত । কিন্তু অসমীয়া সংস্কৃতিৰ বিশ্লেষণ সংগীত,
জাহ্নৱী বৰুৱা
Apr 25


মানবতাবাদী শিল্পী জুবিন গাৰ্গ : দৰ্শন, সাহিত্য জ্ঞান আৰু ৰোমান্টিসিজম: এক সমীক্ষা
অসমৰ জনপ্ৰিয় শিল্পী, অসমীয়াৰ হিয়াঁৰ আমঠু জুবিন গাৰ্গ (১৮ নৱেম্বৰ ১৯৭২-১৯ ছেপ্টেম্বৰ ২০২৫) কেৱল এটা নামেই নহয়, জুবিন গাৰ্গ আছিল অসমৰ আবেগ, অনুভূতি, অভিমান আৰু পৰিচয়ৰ প্ৰতীক । এক বিশাল পৰিধি জুৰি বিকশিত এই ক্ষণজন্মা ব্যক্তিত্বৰ অধিকাৰী অসমৰ এই মানব-দৰদী শিল্পীজনৰ সংগীতৰ সাহিত্য জ্ঞান আৰু সংগীতত প্ৰতিফলিত ৰোমান্টিসিজমৰ বিশেষ দিশৰ ওপৰত এক চমু সমীক্ষা তলত এক আলোচনাৰ মাধ্যমেৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে । অধ্যয়নৰ পদ্ধতি :- বিশ্লেষণাত্মক পদ্ধতিৰ এই অধ্যয়নত জুবিন গাৰ্গৰ সংগ
ড° লক্ষীমা হাজৰিকা
Apr 25
প্রথমগৰাকী অসমীয়া মহিলা কবি পদ্মপ্রিয়া আইৰ গীত
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ প্রধান শিষ্য আছিল শ্রীশ্রী মাধৱদেৱ। মাধৱদেৱে যি বাৰ গৰাকী ধর্মাচাৰ্যক মুখ্য দায়িত্ব অর্পন কৰিছিল তাৰ এগৰাকী আছিল শ্রীশ্রী গোপালদেৱ, যাক ভৱানীপুৰীয়া গোপাল আতা নামেৰে জনা যায়। আন ধর্মাচার্য কেইগৰাকী আছিল ক্রমে মথুৰা দাস বুঢ়াআতা (বৰপেটা), বদলা পদ্মআতা (সুন্দৰীদিয়া), হৰিদেৱ (লাইআটি), লেচাকনীয়া গোবিন্দ (খটৰা), বৰবিষ্ণু আতা (চমৰীয়া), লক্ষ্মীকান্ত (ধূপগুৰি), কেশৱচৰণ (বৰজহা),পঢ়িয়া আতৈ (হেৰেমদৈ ) আদি। নাজিৰাৰ ওচৰৰ নাচনীখাটত গোপালদেৱ এক বিশেষ পৰিস্থিতি

ৰূপাঞ্জলি বৰুৱা বৰদলৈ
Apr 25


অহংকাৰেই ধ্বংসৰ আগজাননী
“Pride goes before destruction.” -William Shakespeare কাম, ক্ৰোধ, লোভ, মোহ, মদ (অহংকাৰ), আৰু ঈৰ্ষা হৈছে আমাৰ ষষ্ঠ ৰিপু । এই ষষ্ঠ ৰিপুৰ “মদ” বা অহংকাৰ পঞ্চম স্থানত ধৰা হয় ।“মদ” মানে কেৱল গৰ্ব নহয়, নিজৰ শক্তি, ধন, জ্ঞান, সৌন্দৰ্য বা পদৰ ওপৰত অতিমাত্ৰা অহং কৰা। অহংকাৰ ছটা ৰিপুৰ মাজত পঞ্চম স্থানত থাকিলেও ইয়াৰ প্ৰভাৱ অতি গভীৰ। ই আন ৰিপুবোৰকো শক্তিশালী কৰে, সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰা আধ্যাত্মিক আৰু নৈতিক জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। অহংকাৰ মানে নিজৰ শক্তি, বিদ্যা বা

সুৰজিৎ গোস্বামী
Apr 25


স্বাস্থ্যৱান সমাজ আৰু চিকিৎসা বিভ্ৰাট আৰু মেডিকেল নেমেচিছ
স্বাস্থ্যৱান সমাজ মানে কেৱল ৰোগমুক্ত মানুহৰ এখন সমাজ নহয়; ই এক সমন্বিত, সচেতন আৰু সুসংগঠিত জীৱনব্যৱস্থাৰ প্ৰতিফলন। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, “স্বাস্থ্য” মানে হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা। এই সংজ্ঞাই স্পষ্ট কৰে যে স্বাস্থ্য বুলি কলে একমাত্ৰ দেহগত অৱস্থা নহয়; ই মানুহৰ সমগ্ৰ অস্তিত্বৰ এক সুসংহত ৰূপ। স্বাস্থ্যৱান সমাজত মানুহে কেৱল ৰোগৰ পৰা মুক্ত হৈ নাথাকে, তেওঁলোকে মানসিকভাৱে শান্তি আৰু স্থিৰতা অনুভৱ কৰে আৰু সামাজিকভাৱে একতা, সহানুভূতি আৰু সহযোগিতাৰ পৰ

ড০ শৰৎ বৰকটকী
Apr 25


ভাষা আৰু ব্যাকৰণৰ সমন্বয়
ভাষা, সাহিত্য আৰু ব্যাকৰণৰ জন্ম তাৰিখক লৈ ভালেমান বিতর্ক আছে। অৱশ্যে মানুহে পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰিবলৈ মুখৰ মাত উলিয়াই প্রথমে ভাষাৰ সৃষ্টি কৰিলে, তাৰ পৰা আহিল সাহিত্য আৰু ভাষা-সাহিত্যক সু-শৃঙ্খল ৰূপ দিবলৈ ব্যাকৰণৰ সূচনা হ'ল- এনে এটা ক্রম সাধাৰণ বুদ্ধিৰে ভাবি ল'ব পাৰি। ভাৰতৰ ক্ষেত্রত সংস্কৃত ভাষা আটাইতকৈ পুৰণি বুলি ধৰা হয়। সংস্কৃত ভাষাক লৈ দুটা বিশেষ কথা উল্লেখ কৰি থ'ব পাৰি, প্ৰথমটো হ'ল এই ভাষা (ধ্রুপদী সংস্কৃত) আৰম্ভণিৰ পৰাই সম্পূর্ণ বিকশিত যেন লাগে, অর্থাৎ বেদে লিখিত ৰূপ

ড০ খৰ্গেশ্বৰ ভূঞা
Apr 25


বিহুগীতৰ জেউতি : জাকি মাৰি ওলালে তৰা....
"বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক।" বিহু হৈছে আটাইতকৈ জীৱন্ত আৰু হৃদয়স্পৰ্শী লোকসংস্কৃতিৰ এক উৎসৱ। এই বিহুৰ সৈতে ওত:প্ৰোতভাৱে জড়িত বিহুগীত বা বিহুনাম হৈছে অসমৰ মাটি, মানুহ আৰু প্ৰেমৰ সুৰ এক অনন্য ৰূপত প্ৰকাশ হোৱা লোক সংগীত আৰু অসমৰ চহকী গীতি সাহিত্যৰ চানেকী।বিহু গীতৰ সৌন্ধৰ্য্য কেৱল সুৰেৰে বন্ধা গীত নহয়, তাৰ অন্তৰ্নিহিত অনুভূতি, ভাষা আৰু সাংস্কৃতিক গা

ড০ শৰৎ বৰকটকী
Apr 3


গুৱাহাটীৰ সোণাপুৰৰ বিজ্ঞান চহৰৰ বিষয়ে পৰ্যালোচনা
সোণাপুৰৰ ওপৰত ৰাতিপুৱাৰ আকাশখনে নিস্তব্ধ উত্তেজনা কঢ়িয়াই লৈ ফুৰিছিল কাৰণ অসমৰ বহুতেই বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা এটা মুহূৰ্তৰ সাক্ষী হ’বলৈ মানুহ গোট খাইছিল। গুৱাহাটী বিজ্ঞান চহৰৰ উদ্বোধনী অনুষ্ঠানত নতুন অট্টালিকা মুকলি হোৱাতকৈও অধিক ই এটা সপোনক আকৃতি লোৱাক প্ৰতিনিধিত্ব কৰিছিল, যিটো স্থান য’ত কৌতুহল, কল্পনা আৰু জ্ঞানৰ মিলন ঘটিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুবিধাটো আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাজ্যখনৰ বিজ্ঞান শিক্ষাক শক্তিশালী কৰাৰ লগতে যুৱ মনক শিক্ষণ আৰু আৱিষ্কা

দিগন্ত বৰুৱা
Apr 3


ঠেঙাল কছাৰী সকলৰ তৰাছিৰা বিহু :লোক সংস্কৃতিৰ এক অনন্য পৰম্পৰা
ঠেঙাল কছাৰী সকল অসমৰ এটা অতি ক্ষুদ্ৰ জনগোষ্ঠী , কৃষি আৰু প্ৰকৃতিৰ সৈতে নিবিড় ভাবে জড়িত । তৰা ছিৰা বিহু তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱ , লোকবিশ্বাস, লোকাচাৰ ,লোকসংস্কৃতিৰ পৰম্পৰাৰে সমৃবদ্ধ এক কৃষি উৎসৱ । দুৰ্ভাগ্যৰ কথা এই যে, প্ৰচাৰ আৰু প্ৰসাৰতাৰ অভাৱত অসমৰ বহু লোকেই তৰাছিৰা বিহু সমন্ধে জ্ঞাত নহয় । প্ৰায় তিনি লক্ষ্যৰো কম জন সংখ্যাৰ এই জনগোষ্ঠীটো অসমৰ বিশেষকৈ উজনি অসমৰ বহু কেইখন জিলাত সিচঁৰিত হৈ থকাৰ বাবেই বৃহত্তৰ অসমীয়া জাতিৰ কৃষ্টি- সংস্কৃতিকে নিজৰ বুলি আঁকোৱালি ল


নিৰৱতাৰ শক্তি
বৰ্তমান মধ্যপ্ৰাচ্যৰ যুদ্ধয়ে এক বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । দশক জুৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় শক্তিসমূহৰ ওচৰত শিৰনত নকৰা ১৯৮৯ চনৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোলৈকে দপদপাই থকা ইৰাণৰ নেতা আয়াতুল্লা আলী খামেইনীক ইজৰাইল আৰু আমেৰিকাই মিলি হত্যা কৰিলে । এই সময়ত যুদ্ধৰ এই বিভিষিকাময় পৰিস্থিতিৰ মাজত নিৰৱতাৰ শক্তি এক গুৰুত্বপূৰ্ণ নৈতিক আৰু কূটনৈতিক শক্তি হিচাপে বিবেচিত হৈছে। যুদ্ধ মানেই কেৱল অস্ত্ৰ বা সামৰিক শক্তি প্ৰদৰ্শন নহয় ; বহু সময়ত নিৰৱতা, ধৈ

সুৰজিৎ গোস্বামী
Apr 3


স্মৃতিৰ শলিতা
সোণোৱালী শৈশবৰ দিনবোৰে আজিকালি বৰকৈ আমনি কৰে ৷ খেৰৰ ঘৰৰ চালৰ তলৰে সোমাই অহা ঘৰচিৰিকাৰ চিৰিক চিৰিক মাতত চকু মেলিয়ে দেখো ডাঙৰ শোৱা কোঠাটোৰ একোণৰ গছৰ দৰে বেকাবেকি খুটাৰ ওপৰত বহি খেলি থকা ঘনচিৰিকা দুটা ৷ হাতত ট্ৰেনজীচট্ৰৰলৈ পুৱাৰ বাতৰি শুনাত মা দেউতা ব্যস্ত হৈ থকা পৰচোৱাত একান্ত মনৰে উপভোগ কৰো ঘনচিৰিকাৰ খেল ৷ ঘনচিৰিকাৰ দৰে ময়ো এদিন উৰিমেই ভাবৰে আৰম্ভ হয় স্কুল বন্ধৰ দিনবোৰ ৷স্কুল খোলা বা বন্ধই হওঁক দেউতাই সদায় আমাক পাঠ পঢ়োৱাইছিল ৷ পুৱা অসমীয়া ইংৰাজী দুয়োটা ভাষাৰে পাঠপঢ়া চলিছিল ৷ প

ববিতা শইকীয়া
Apr 3
bottom of page


