top of page

অৰণ্যৰ টঙীঘৰত এৰাতি

(চম্পাৱতীৰ পাৰত পুৱতিনিশা টঙীঘৰৰ তলত বাঘ ভালুকৰ মহাৰণ)



অৰণ্যৰ মাজত ঘূৰি ফুৰোতে বহুতো বন্য প্ৰাণীক ওচৰৰ পৰা দেখিছিলোঁ। অৰণ্যৰ ভিতৰত কেৱল ভোক নিবাৰণৰ বাবে বলবান জন্তুৱে দুৰ্বল বুলি ভবা প্ৰাণীক বধ কৰাটো হৈছে দৈনিক ঘটা ঘটনা। অৰণ্যৰ মাজৰ টঙী ঘৰত আমি  এৰাতিৰ  কটাইছিলো ।সেই ৰাতি অৰন্যৰ মাজত দেখা ঘটনা কেইটা আজিও চকুৰ আগত জিলিকি আছে ।


 বনৰীয়া কুকুৰ কেইটামান আমি থকা টঙী ঘৰটোৰ  ওচৰত ঘূৰি ফুৰিছিল।  কুকুৰ কেইটাই  কেইটামান মূহুৰ্তৰ ভিতৰতে গাহৰি এটা বধ কৰি তাৰ মাংস খাই শেষ কৰিলে৷ দুটা কুকুৰে মূৰটোকে চোবাই আছে৷ অৰণ্যত কি যে ভোকৰ জুই !কেইটামানে হাড়বোৰকে মুখে মুখে লৈ ইফালে সিফালে দৌৰিছে৷ ভোকৰ জুইত মৃতদেহৰ হাড়ৰো মূল্য আছে৷ হঠাত দেখিলোঁ কুকুৰকেইটাৰ মাজত দৌৰাদৌৰি লাগিল৷ চাৰিওফালে চাইছোঁ৷ একোৱেই দেখা নাযায়৷ প্ৰকাণ্ড কলাভালুকটো আন্ধাৰৰ লগত মিলি আছিল৷ যেতিয়া টৰ্চৰ ক্ষীণ পোহৰত তাৰ চকুযুৰি জ্বলি উঠিছে, তেতিয়াহে অবয়ৱটো ধৰিব পাৰিছোঁ৷ পোহৰটো কিছু বঢ়াই দিলো৷ ভালুকটো দেখি কুকুৰবিলাক দৌৰা -দৌৰিকৈ আঁতৰি গল। অৰণ্যৰ মাজত আমি থকা ঠাই খিনিৰ পৰা ভালুকটো আঁতৰি যোৱাৰ পাছত হাতীৰ দল এটা আহি পালে৷ দলটোত সত্তৰৰো অধিক হাতী আছে৷ দলটো বৰ আলম বিলমকৈ আহিছে৷ দুটাই ঠাইবোৰ শুঙি গৈছে৷ লাহে লাহে দলটো নদীলৈ নামি গৈছে৷ দুটামান হাতীয়ে নিমখৰ গোন্ধ পাই শুৰৰে শুঙিছে৷ মাটিত পৰা নিমখবোৰ মাটিসহ শুৰৰে উঠাই মুখত ভৰাইছে৷ দলৰ ঘাইজনীয়ে গৰগৰাই দি সেইকেইটাক দললৈ মাতিছে৷ দৃশ্যটো বহুত ভাল লাগিল৷ এটা হাতীয়ে টঙীঘৰ সজা গছ জোপা শুৰৰে শুঙিছে৷ সম্ভৱতঃ নিমখৰ গোন্ধ পাইছে৷ টঙীটো শুৰৰে ঢুকি নাপালেও চেষ্টা কৰি চাইছে৷ তথাপিতো মনলৈ ভয় শংকা অহা নাই৷ আশা কৰা মতেই তেঁওলোকে নদী খনলৈ নামি গল।



হাতীৰ দলটো গৈ নদীত নামিল৷ নদীৰ পানীত খলকনি তুলিছে৷ অৱশ্যে এইটো ঘাটত অৱগাহন কৰাৰ সুবিধা নাই৷ কোনো ঠাই বিশেষত এককাল মান দ ৷ কোনোবা ঠাইত তলি ওলোৱা৷ নদীৰ বোৱতি পানীখিনি শীতল নিৰ্মল সুস্বাদু ফটফটীয়া পৰিস্কাৰ৷ চম্পাৱতী নদীৰ জলৰাশি বনাঞ্চল খনৰ "জীৱনী শক্তি" (life line) বুলি কোৱা হয়৷ নদীখনৰ গুণ গৰিমাৰ কথা বৰ্ণনা কৰিব নোৱাৰি৷ বনাঞ্চলত বসবাস কৰা সমস্ত প্ৰাণীসমুদায়ৰ জীৱনৰ নিৰ্ভৰযোগ্য মুল আধাৰ৷ আমাৰ দৰে মানুহ জাতিৰো প্ৰাণাধিক প্ৰিয়৷ সুগৰী পহু তিনিটা আকৌ ঘুৰি আহিল৷ তেঁওলোকে নিমখ মিশ্ৰিত মাটি খিনিকে চেলেকি খাইছে৷ এটাই আমলখিহে বিচাৰি আছে৷ কি যে মনোৰম দৃশ্য !


ৰাতিৰ টোপনি ক্ষতিয়েও মোক প্ৰভাৱিত কৰিব নোৱাৰিলে৷ একেথিৰে চাই থাকিলোঁ৷ লগত অহা ধৰ্মেশ্বৰ দৈমাৰী সাৰ পাই উঠিল৷ সি ক'লে, এইহেন অৰণ্যশুৱনি পহুবিধ কি সতেৰে মানুহে হত্যা কৰে৷ দেখোতেই বুকুখন শাঁত পৰি গৈছে৷ যিবিলাকে ইহঁতক হত্যা কৰে, সিঁহতবোৰ শিয়াল কুকুৰতকৈয়ো নিকৃষ্ট জীৱ৷ সি কাণে কাণে কোৱা কথাখিনি সুগৰীপহু তিনিটায়ো উমান নাপালে৷ আমলখি শেষ হোৱাত সিঁহত তিনিটা নদীৰফালে গুচি গ'ল৷ আমিও টঙীঘৰৰ বিচনাত বাগৰি দিলোঁ৷ মোৰ চিলমিলিয়া টোপনিটো আহিছিল মাত্ৰ৷ ধৰ্মেশ্বৰে বাহুত ধৰি জোকাৰি ক'লে, মামা উঠকচোন৷ আকৌ বিচনাতে বহিলোঁ৷ সি দেখোৱাই দি ক'লে, সৌৱা নতুন ভালুকটোৱে টঙীলৈ উঠিব বিচাৰিছে৷ ভালুকৰ গাত কিবা খেতৰে লম্ভিছে হ'বলা! শৰীৰৰ ওজন অনুসাৰে ভালুকটো গছজোপাত উঠিব পৰা নাই৷ চেষ্টা কৰিছে৷ ধৰ্মেশ্বৰক ক‘লো, ডাঙৰ লাখুটিদাল হাতত লৈ থাকা৷ উঠি আহিলে নাকত একোব লগাই দিবা৷ সি লাখুটি দাল খামুচি সাজুহৈ থাকিল৷ ময়ো সাজু থাকিলোঁ ৷৷


এইবাৰ গছজোপাৰ আধালৈকে উঠি আহিল৷ ভালুক মহাৰাজে কিয় গছজোপাত উঠিছে, ভাৱি আছোঁ৷ যি হয়, দেখা যাব৷ ধৰ্মেশ্বৰে ইফালে সিফালে চাই আছে৷ একো দেখা নাপালে৷ ইফালে ভালুকটো আধা উঠি গছজোপাত খামুচি আছে৷ কিছু আঁতৰত বাঘৰ গুজৰণি এটাও শুনিলোঁ৷ টৰ্চটো ঘুৰাই ঘুৰাই চাইছোঁ৷ চকুত পৰা নাই৷ আকৌ ধৰ্মেশ্বৰৰ চকুত পৰিল৷ ঢেকিয়াপতীয়া বাঘ এটাই কাষতে থকা জুপুহা গছ এজোপাৰ আঁৰত বহি আছে৷ ভালুকটোৰ সৈতে যুঁজিব হ'বলা৷ সেই কাৰনে ভালুকটোৱে গছজোপাত উঠিব বিছাৰিছে৷ ধৰ্মেশ্বৰে ক‘লে, ভালুকটো নামিলেই ডাঙৰ যুঁজ এখন হ‘ব৷ ইমান ডাঙৰ ভালুকটোৱে ভয় কৰিব লাগেনে! সি ওভতি ধৰিলে ঢেকিয়াপতীয়া বাঘটো হাৰিব৷ কিয় ইমান ভয় কৰিব লাগে৷ ৰণত হৰা জিকা থাকেই৷ তাৰ কাণত ফুচফুচাই ক'লো, বাঘ বনৰজা৷ মানুহে এনেয়ে বন ৰজাৰ উপাধি দিয়া নাই৷ ইয়াৰো অৰ্থ আছে৷ অৰণ্যত বাঘক সকলো প্ৰাণীয়েই সন্মান কৰে৷ ভয়ো কৰে৷ আক্ৰমণশৈলীত বাঘৰ স্থান সদায়েই ওপৰত৷ এইবাৰ ভালুকটোয়ে খোপনি হেৰুৱাই তললৈ চুচৰি গৈছে৷ গুৰি পাওতে বাঘটো ভালুকটোৰ ওপৰত জপিয়াই পৰিল৷ ডাঙৰ যুঁজবাগৰ এখন চলিল৷ ভালুকটোও কম নহয়৷ তাৰ একোটা থাপৰত বাঘটো ওফৰি পৰে৷ তথাপি হাৰ নামানে৷ বাঘটোৱে ভালুকৰ ডিঙিত কামুৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে৷ পৰা নাই৷ ভালুকটোৱে ডিঙিত কামুৰিবলৈ সুযোগেই দিয়া নাই৷ ইফালে নদীত পানী খোৱা হাতীবোৰ আহি যান য‘টৰ সৃষ্টি কৰাৰ দৰেই হৈছে৷ দুয়োফালে হাতী, হৰিণাপহু আহি ৰৈ আছে৷ কিছুমানে পানী খাবলৈ যাব বিচাৰে, কিছুমানে পানী খাই আহিছে৷ মুল পথটোতে যুঁজখন চলিছে৷ যুঁজখন এফালে আৰ্কষণীয়, আনফালে বৰ ভয়াবহ হৈ উঠিছে৷ কোনেও কাকো এৰি দিবলৈ যেন ৰাজী নহয়৷ হাতীৰ পোৱালি বিলাকে মাকহঁতৰ পেটৰ তলত লুকাইছে৷ দঁতাল কেইটাই আগত থিয় হৈ আছে৷ এইবাৰ নদীৰ পৰা উঠি অহা হাতীৰ দলটোৱে বক্ৰ পথৰে যাবলৈ ওলাইছে৷ কিন্তু যুঁজখন সেইফালে সম্পসাৰিত হোৱাত পুনৰ থমকি ৰ‘ল৷ দুয়োফালে থকা হাতীৰ দল দুটাই কোনফালে যাব, সেয়া হয়তু ঠিৰাং কৰিব পৰা নাই৷ সম্ভৱ বিবুধিত পৰিছে৷ ইয়াত আমি কৰিব লগা একো নাই৷ নিজেই ভয়ত থাকিলে আনৰ সমস্যাত মাত মতাৰ যোগ্যতা নাথাকে৷ আমি ভয়তে ইজনে সিজনৰ মুখলৈ চোৱাৰ বাহিৰে উপায় নাছিল৷ আমাৰ ভিতৰত আটাইতকৈ সাহসী ধৰ্মেশ্বৰো নিৰৱ নিতাল৷ উদিগ্নতাৰে দৃশ্যটো চাই আছে ।পানী খাই অহা হাতীখিনিৰ মাজতো হয়তু আলোচনা চলিল৷ পুনৰ নদীৰ ফালে নামি গ‘ল৷ ঘটনাটো লোমহৰ্ষক ৷৷ নিশা শেষ হবলৈ বেছি পৰ নাই।চৰাইবোৰে কলকলাবলৈ আৰম্ভ কৰিছে।এক অপূৰ্ব দৃশ্য !



মহেশ নাথ

নগাঁও, অসম

দূৰভাষ নং:৮৬৩৮৬৪২৮৮১

Comments


bottom of page