top of page

অষ্ট্ৰেলিয়াৰ উচ্চ শিক্ষা: প্ৰত্যাশা আৰু প্ৰত্যাহবান



বিদেশত পঢ়িবলৈ যোৱা ভাৰতীয় ল’ৰা-ছোৱালীৰ সংখ্যাটোৱে ইতিমধ্যে লাখৰ ঘৰ চেৰ পেলালে৷ শেহতীয়া তথ্যমতে সংখ্যাটো হেনো এক নিযুতৰ ওপৰত৷ আগৰ বছৰবোৰৰ তুলনাত পাঁচ শতাংশমান হেনো কমিল তথাপিও সংখ্যাটো এতিয়াও এক নিযুতৰ ওপৰত৷ পৃথিৱীৰ ভালেমান দেশৰ মুঠ জনসংখ্যাও বিদেশত পঢ়িবলৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সমান নহয়৷ সংখ্যাৰ বুজন অংশটো থুপ খায়গৈ কেৱল পাঁচখন দেশত৷ কানাডা, মাৰ্কিন যুক্তৰাষ্ট্ৰ, গ্ৰেটব্ৰিটেইন ,অষ্ট্ৰেলিয়া আৰু জাৰ্মানী ।বাকীবোৰ দেশলৈ যোৱা সংখ্যাটো মজবুত নহয় যদিও মন্থৰ সোঁত এটা অহৰহ বৈ আছে৷ সেয়েহে ভাৰতীয় ছাত্ৰ বিচাৰি নোপোৱা দেশ পৃথিৱীত বৰ্তমান বোধহয় এখনো নাই৷ স্বাভাৱিকতে মনলৈ খু-দুৱনি এটা আহে, কিয় বা ইমানবোৰ ল’ৰা-ছোৱালী বিদেশলৈ ঢাপলি মেলে? ভাৰতৰ শিক্ষা ব্যৱস্থাটো সঁচাই বেয়া নেকি? সি যিয়েই নহওঁক কিয় ক্ষুদ্ৰ অভিজ্ঞতাৰে ইয়াকে ক’ব বিচাৰো যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা ভাল, কিন্তু সেইবোৰ দেশৰ ব্যৱস্থাটো আৰু বেছি¸ ভাল৷ সেই দেশবোৰৰ গুণগত শিক্ষা আৰু গৱেষণাৰ পৰিকাঠামো উন্নত৷ সেই পকিাঠামোৱে ল’ৰা-ছোৱালীক শিকিবলৈ শিকায়, আমাৰ দৰে কেৱল শিকাই নাথাকে৷ গতিকে ব্যৱস্থাটো ব্যৱহাৰিক, আমাৰ দৰে মুখস্থ নিৰ্ভৰ নহয়৷ নিয়োগৰ পূৰ্ণ সম্ভাৱনা, মোটা দৰমহা আৰু বিশ্বব্যাপী কেৰিয়াৰ গঢ়িবলৈ সুযোগ বিদেশত পায়৷ লগতে পঢ়া-শুনা শেষ কৰাৰ পিছতে অস্থায়ী কৰ্ম ভিছাৰ সুযোগ দিয়ে৷ উন্নত জীৱনশৈলী আৰু বিভি ন্ন ভাষা-সংস্কৃতিৰ সান্নিধ্যও লাভ কৰে৷ সংস্থাপনৰ বাবে আমাৰ দৰে তীব্ৰ প্ৰতিযোগিতাৰ মুখা-মুখি নোহোৱাকৈ অনায়াসে কৰ্ম জীৱনত প্ৰৱেশকৰি আগুৱাই যাব পাৰে৷ অস্থায়ী ভিছাৰ ম্যাদ শেষ হ’লে বহুতে ‘পি আৰ’ অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্সি ভিছা লাভ কৰে৷ অধ্যয়নৰ বাবে যিমান ‘ইনভেষ্ট’ কৰে, কম সময়তে সেয়া ‘ৰিটাৰ্ণ’ হোৱাৰ সম্ভাৱনা থাকে৷ গতিকে ছাত্ৰ-ছাত্ৰী সকলে ‘ৰিক্স’ এটা লোৱাৰ বাবে বৰ বেছি চিন্তা কৰি থাকিব নালাগে৷                  


অষ্ট্ৰেলিয়াৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰো সু-নাম এটা আছে৷ প্ৰায় ৭.৭৪নিযুত বৰ্গ কিলোমিটাৰমাটি-কালিৰে অষ্ট্ৰেলীয়া বিশ্বৰ ছয় নম্বৰ দেশ৷ মাটি-কালিৰ জোখেৰে অষ্ট্ৰেলীয়া ভাৰততকৈ প্ৰায় আঢ়ৈগুণ ডাঙৰ যদিও মানুহৰ সংখ্যাটো আঙুলিৰ মুৰত গণিব পাৰি।মাত্ৰ ২.৬ কোটি৷ অষ্ট্ৰেলিয়াতকৈ দহগুণ সৰু অসমত মানুহৰ সংখ্যা চাৰে-তিনি কোটিৰ ওপৰত৷ তথাপিও দেশখনৰ বাবে গৌৰৱৰ বিষয়টো হৈছে যে ইয়াৰ ৪৩ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আঠখনেই বিশ্বৰ ‘কিউ এছ’ ৰেংকিঙত এশখনৰ ভিতৰত ঠাই পাইছে৷ ‘Group of Eight’ নামেৰে জনাজাত ।

এই বিশ্ববিদ্যালয় কেইখন হৈছে মেলৱৰ্ণ, অষ্ট্ৰেলীয়ান নেশ্বনেল ইউনিভাৰচিটি, কুইন্সলেণ্ড, মনাছ্‌, ছিডনি, নিউ চাউথ ৱেলছ্‌, এডেলেইড আৰু ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়া৷ অৱশ্যে বিদেশৰ ল’ৰা-ছোৱালী যদি ইয়াত পঢ়িবলৈ নগলহেঁতেন, তেন্তে বিশ্ববিদ্যালয়বোৰত কেতিয়াবাই তলা ওলমিলেহেঁতেন৷ সেই কথা দেশখনে ভালকৈয়ে বুজিছে আৰু উচ্চশিক্ষাৰ সুবিধাবোৰ গপ্‌গপীয়া কৰাত গুৰুত্ব দিছে৷ দেশখনে তাহানিৰে পৰা গুণগত শিক্ষা আগুৱাই নিছে।শিক্ষা আহৰণৰ লগে লগে ‘উপাৰ্জন আৰু শিকা’ (Earn and Learn)  সুবিধা কৰিছে, শিক্ষা শেষ হোৱাৰ পিছত দুই-তিনি বছৰৰ বাবে অস্থায়ী ভিছাৰ যোগান ধৰিছে আৰু নিয়োগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিছে৷ বহুতে আকৌ স্থায়ী বাসিন্দা ভিছা লাভ কৰি নাগৰিকত্বও পাইছে৷ এই সুবিধাবোৰে বিদেশী শিকাৰু সকলক আকৰ্ষিত কৰি আছে আৰু শিকাৰু সকলেও তেওঁলোকৰ আশাবোৰ পূৰণ কৰাৰ সুযোগ লাভ কৰিছে৷


পঢ়াশুনা আৰু গৱেষণা -দুয়োটা দিশতে চহকী অষ্ট্ৰেলীয়াৰ শিক্ষাৰ মান জগতত জিলিকি উঠিছে৷ ইয়াৰ গৱেষণামূলক বিশ্ববিদ্যালযবোৰে পৃথিৱীৰ প্ৰসিদ্ধ প্ৰতিষ্ঠান বোৰৰ ডাঙৰ ডাঙৰ গৱেষণামূলক প্ৰকল্পৰ কাম-কাজ সমাপন কৰে৷ ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ লগতে গৱেষণাৰ প্ৰকল্পবোৰেও ৰাজহ আহৰণৰ বাট এটা মুকলি কৰিছে৷ দেশীয় চৰকাৰেও বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ-শিকন আৰু গৱেষণাৰ মান অটুত ৰাখিবৰ বাবে কিছু ব্যৱস্থাও গ্ৰহণ কৰি আহিছে৷ কাৰন কয়লা, লো আৰু প্ৰাকৃতিক গেচৰ পিছতে শিক্ষা হৈছে দেশখনৰ তৃতীয় বৃহৎ ‘Export Item' ৷


২০২৩ চনৰ ফেব্ৰুৱাৰি মাহত প্ৰকাশিত অষ্টেিলিয়াৰ পৰিসংখ্যা বোৰৰ তথ্যই দেখুৱাইছে যে দেশখনে বিদেশী ছাত্ৰ-ছাত্ৰীৰ পৰা আহৰণ কৰা ধনৰ পৰিমান হেনো ৩০ বিলিয়ন ডলাৰতকৈও বেছি৷ লগতে উল্লেখ কৰিছে যে আন্ত:ৰাষ্ট্ৰীয় শিক্ষাই দেশখনৰ অৰ্থনীতিক শক্তি প্ৰদান কৰিছে আৰু ক’ভিডৰ পিছৰ সময়ছোৱাত এই শক্তি বৃদ্ধিৰ হাৰ আগৰ তুলনাত হেনো বৃদ্ধি হৈছে৷

প্ৰণালীবদ্ধ শিক্ষা ব্যৱস্থাটোৱে অষ্ট্ৰেলিয়াক বিশ্বৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰাত অৰিহনা যোগাইছে আৰু কৌশলগত প্ৰচাৰ ব্যৱস্থাটোৱে বিদেশী ছাত্ৰক আকৰ্ষণ কৰি আহিছে৷


মোৰ ছোৱালীজনীয়ে অধ্যয়ন কৰা মনাছ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন এখনত উপস্থিত থাকি এই কথাবোৰ অনুভৱ কৰিছিলো৷ আজিকালি কথাবোৰ লাহে লাহে সলনি হৈছে৷ সেয়েহে ইমানখিনি বখানি থকাৰ পাছতো এটা কথা ক’বই লাগিব যে এতিয়া আৰু সেইবোৰ দিন উকলিছে৷ পৰিপূৰকতাৰ ভূমিকা পালন কৰা বিদেশীবোৰে অষ্ট্ৰেলিয়াত দেশীয়বোৰৰ অভাৱ কিছুমান যে পূৰণ কৰিছিল সেয়া সঁচা৷ কিন্তু এতিয়া প্ৰতি ক্ষেত্ৰতে বিদেশীবোৰ প্ৰতিযোগী হৈ পৰিছে৷পৰিপূৰকতাই সমিল-মিল বঢ়ায় আৰু  প্ৰতিযোগিতাই সংঘাত বৃদ্ধি কৰে , সেই কথা সকলোৱে জানে৷ সংঘাত এতিয়া আৰম্ভ হৈছে৷ সেয়েহে অষ্ট্ৰেলিয়াত আজি ‘আগৰ ৰামো নাই, অযোধ্যাও নাই’৷ প্ৰত্যাশা পূৰণৰ গ্যাৰাণ্টি এতিয়া কোনেও দিব নোৱাৰে৷ ঘৰ-ভাড়া, খোৱা-বোৱা, চলা-ফুৰা আদিৰ খৰচ-পাতিৰ পৰিমান বাঢ়িছে ৷ নামজ্বলা অনুষ্ঠানত আসন পোৱাটো কঠিন হৈছে, আসন পালেও ভিছা পোৱাটো টান হৈছে, ভিছা পালেও সংস্থাপনৰ সুবিধাবোৰ ‘চেচুৰেটেড্‌’ হোৱাৰ বাবে ‘ৰিক্স’ লোৱাটো কঠিন হৈ পৰিছে৷ আটাইতকৈ ডাঙৰ প্ৰত্যাহবানটো হৈছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি শিক্ষানুষ্ঠানবোৰৰ মাজত প্ৰকট হোৱা সন্দেহৰ ভাৱটো৷ কেৱল অষ্ট্ৰেলিয়াতে নহয়, পশ্চিমৰ দেশবোৰেও চকু ঘোপা কৰি ভাৰতীয় ছাত্ৰক চাবলৈ আৰম্ভ কৰিছে৷ ভূৱা নথি-পত্ৰৰ ব্যৱহাৰ এই সন্দেহৰ ঘাই কাৰক৷ সেই সন্দেহে যে চৰম সীমা চুইছে সেইবোৰ কিছুমান কাম-কাজত ইতিমধ্যে প্ৰতিফলিত হৈছে৷ দেশখনে বলৱৎ কৰা ‘বিপদভিত্তিক মূল্যায়ন স্তৰ’ ব্যৱস্থাটোৱে সেই ইংগিত বহন কৰিছে৷ ভাৰতৰ স্থান আজি তৃতীয়লৈ অৱনমিত হৈছে৷ ভাৰতীয় ছাত্ৰৰ বাবে ই এটা পৰিতাপৰ বিষয়৷কি আছে এই বিপদভিত্তিক মূল্যায়ন স্তৰটোত? দেশ এখনে কোনবোৰ বিদেশী ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সুবিধা দিব সেইটো তেওঁলোকৰ একচেতিয়া ব্যৱস্থা৷ বাকীবোৰে মাত মাতিব নোৱাৰে আৰু মাতিলেও লাভ নাই৷ অষ্ট্ৰেলিয়াত তেনে এটা ব্যৱস্থা আছে৷ দেশখনৰ গৃহ পৰিক্ৰমা বিভাগে আৱেদনকাৰীৰ নাগৰিকত্ব দেশ, শৈক্ষিক প্ৰমাণ পত্ৰ, টকা-পইচা আছেনে নাই তাৰ প্ৰামাণিক তথ্য, ইংৰাজী শিক্ষাৰ দক্ষতা আদিৰ ওপৰত নিৰ্ভৰ কৰি তিনি ধৰণৰ ‘ৰিক্স লেভেল’ বা বিপদ স্তৰ চিহ্নিত কৰিছে৷ গ্ৰেটব্ৰিটেইন ,মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান, দক্ষিণ কোৰিয়া, চিংগাপুৰ, টাইৱান আৰু ইউৰোপৰ ভালেমান দেশ প্ৰথম স্তৰটোত আছে যিটোক কম বিপদৰ (ল’ ৰিক্স লেভেল] দেশবুলি ধৰা হৈছে৷ অৰ্থটো হৈছে এইবোৰ দেশৰ আৱেদনকাৰীয়ে ভূৱা নথি-পত্ৰৰ দ্বাৰা শিক্ষানুষ্ঠানত আসন বিছাৰি আৱেদন নকৰে বুলি দেশখনে পুৰামাত্ৰাই বিশ্বাস কৰে৷ সেয়েহে এইবোৰ দেশৰ আৱেদনকাৰীৰ নথি-পত্ৰ বিশেষভাৱে নিৰীক্ষণ নকৰাকৈয়ে ছাত্ৰ ভিছা প্ৰদান কৰে৷ এয়া হৈছে দেশখনত চলি অহা ‘বিশ্বাস ভিত্তিক’ ব্যৱস্থা৷           


দ্বিতীয স্তৰৰ দেশবোৰ যেনে শ্ৰীলংকা, ভিয়েটনাম, দক্ষিন আমেৰিকা আৰু আফ্ৰিকাৰ দেশবোৰক মধ্যমীয়া বিপদৰ দেশ বুলি গন্য কৰে৷ এইবোৰ দেশ বিশ্বাসৰ আওতাৰ বাহিৰত নহয় যদিও প্ৰয়োজন সাপেক্ষে দুই-এটা প্ৰমাণ বিচাৰে৷ এই দুটা পৰ্যায়তে বিচাৰ-বিবেচনা কৰি এটা সময়ত নাম ভৰ্ত্তি আৰু ভিছাৰ সুবিধা দিছিল৷ ভাৰতো এই দ্বিতীয় পৰ্যায়টোতে সোমাই আছিল৷ কিন্তু চলিত বছৰৰ আৰম্ভনিৰে পৰা অতি বিপদসংকুল নামৰ তৃতীয় স্তৰ এটা সংযোগ ঘটালে আৰু ভালেমান ছাত্ৰ-ছাত্ৰীৰ আসন আৰু ভিছা বাতিল কৰিলে৷ ভাৰত, বাংলাদেশ, নেপাল, ভূটান, পাকিস্তান, নাইজেৰিয়া, ফিলিপাইন, কলম্বিয়া আদি ভালেমান দেশ এই স্তৰত সোমাল৷ ইয়াত বিশ্বাসৰ কোনো ঠায়েই নাই, কেৱল প্ৰামানিক তথ্যহে আচল কথা৷ বিতং আৰু সম্পূৰ্ণ প্ৰমাণ-ভিত্তিক তথ্যৰ অৱিহনে এইবোৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ আৱেদন বিচাৰ নকৰে৷ নথি-পত্ৰৰ জাল, প্ৰৱঞ্চনামূলক বিত্তীয় আৰু শৈক্ষিক প্ৰমাণ পত্ৰ, ছাত্ৰ ভিছাৰ অপব্যৱহাৰ আদি বিভিন্ন কাৰণত এইবোৰ দেশৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া অধিক সন্দেহ কৰে ৷ কিঞ্চিতমান বিসংগতি দেখা পালেই অনুসন্ধান কৰে আৰু প্ৰামাণিক তথ্য যোগান ধৰিব নোৱাৰিলে ভিছাৰ আৱেদন অগ্ৰাহ্য কৰে৷ ইতিমধ্যে দেশখনৰ কেবাখনো বিশ্ববিদ্যালয়ে ভাৰতৰ কেইখনমান ৰাজ্যৰ আৱেদনকাৰীৰ ওপৰত নিষেধাজ্ঞাও আৰোপ কৰি'ব্লেকলিষ্টেড’ কৰিছে৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু আৰু কাশ্মীৰৰ আৱেদনকাৰী এনে নিষেধাজ্ঞাৰ সমুখীন হৈছে৷ ফাঁকি -ফুকা কৰা ভালেমান ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ধৰা পৰিছে বাবেই দেশখনে এনে কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছে৷ এনেয়েও দেশখনে ‘নেট’ প্ৰৱজন ৰোধিবৰ বাবে সুযোগ বিচাৰিয়ই আছিল৷ কোনে পায় এতিয়া? সুযোগৰ সৎ ব্যৱহাৰ কৰি এফালে ইংৰাজী ভাষাৰ নূন্যতম নম্বৰ ঠিক কৰিলে আৰু ভিছাৰ সেই হাজাৰটকীয়া মাছুল লাখলৈ বৃদ্ধি কৰিলে৷


এটা গুৰুত্বপূৰ্ণ কথা থোৰতে উল্লেখ কৰি থ’লে ভাল হ’ব বুলি ভাবো৷ অষ্ট্ৰেলিয়াৰ ইমিগ্ৰেচন বিষয়াসকলে আৱেদনকাৰীৰ শৈক্ষিক উপযুক্ততা, নিজকে পোহপাল দিয়াৰ আৰ্থিক ক্ষমতা আৰু ডিগ্ৰী লাভ কৰাৰ পিছত ঘৰৰ ল’ৰা যে ঘৰলৈ উভতি যাব সেই বিষয়ে পতিয়ন নিয়াব পৰাকৈ একো একোটা বিবৃতি বিছাৰে৷ তাকে কোৱা হয় ‘উদ্দেশ্যৰ বিবৃতি’ (Statement of Purpose) ৷ নিৰিক্ষণ কৰি তেওঁলোকে গম পালে যে সেই বিবৃতিবোৰৰ বেছি ভাগেই হেনো চুৰ কৰা বা আগৰবোৰৰ প্ৰতিলিপি৷ সঁচাকৈয়ে যে ছাত্ৰজন পঢ়িবলৈহে আহিছে আৰু গোজেই গোজালি হোৱাৰ বাসনা যে মুঠেই নাই, সেয়া সেই বিবৃতিত ওলাই নপৰে৷ ফলত হাজাৰ-হাজাৰ আৱেদনকাৰীৰ আৱেদন যোৱা বছৰত বাতিল হ’ল ৷               


আন এক নিয়ম বলৱৎ কৰিছে ‘ভিছা হ’পিং’ প্ৰক্ৰিয়া অৱসানৰ বাবে৷ কিছু বছৰৰ আগলৈকে অস্থায়ী ভিছাৰ ম্যাদ উকলাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে নতুনকৈ কোনো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি পুনৰ ছাত্ৰ ভিছা লৈ কিছু বছৰ কটায়৷ আশাকৰে যে সেই সময়খিনিৰ ভিতৰত স্থায়ী ভিছাৰ সুযোগ হয়তো পাব৷ ইয়কে কোৱা হয় ভিছা হ’পিং৷ সেইটোৰো এতিয়া মুদা মৰিল৷ ভিছাৰ সময় শেষ হোৱা মানে টোপোলা-টাপলি বান্ধি ঘৰমূৱা হোৱা৷ নতুনকৈ নামভৰ্তিৰ ইচ্ছা থাকিলে ঘৰৰ পৰাহে আৱেদন কৰিব পাৰিব আৰু তেনে আৱেদনকাৰীৰ ভিছা পোৱাৰ সৌভাগ্য নোহোৱাটোৱেই ঠিক হৈ থাকে ৷ নিয়ম-নীতিৰ সালসলনি ঘটোৱাৰ লগতে অষ্ট্ৰেলিয়াত বৰ্তমান পঢ়াৰ মাচুল আৰু দৈনন্দিন খৰছৰ মাত্ৰা দ্ৰুতভাবে বৃদ্ধি কৰিছে।অংশকালীন চাকৰিৰ বাবে তীব্ৰ প্ৰতিযোগিতা চলিছে, কম দৰমহাতে ছাত্ৰী-ছাত্ৰী সকলক কামত খটুৱাৰ প্ৰৱনতা বাঢ়িছে, শিক্ষা আৰু কৰ্মৰ ভাৰসাম্য নোহোৱা হৈছে আৰু ভাড়াঘৰৰো নাটনিয়ে দেখা দিছে৷ ইপিনে ভূতৰ ওপৰত দানৱ ওলোৱাৰ দৰে ক’লা-বগাৰ তাহানিৰ ৰেখাডালে পুনৰ ভূমুকি মৰাৰ প্ৰয়াস কৰিছে৷ অলপতে দেশখনত প্ৰৱজন বিৰোধী প্ৰতিবাদ এটাও ৰাজপথলৈ ওলাইছে৷ চাকৰি-বাকৰি, ঘৰ-দুৱাৰ তথা বিভিন্ন সা-সুবিধা আদিৰ টনা-টনি বহিৰাগতৰ বাবেই হৈছে বুলি অষ্ট্ৰেলিয়াৰ থলুৱা মানুহৰ মাজত প্ৰচাৰ হৈছে৷ ছালৰ ৰংটোৱেই প্ৰতিবাদৰ কাৰণ হৈ পৰাতো এক উদ্বিগ্নতাৰ বিষয়৷ ভাৰতীয় ছাত্ৰও প্ৰতিবাদৰ প্ৰধান লক্ষ্য হৈ পৰিছে৷ দেশৰ আইন-কানুনে সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে যদিও অনাগত দিনবোৰত ভয়াবহ ৰূপ পোৱাৰ সম্ভৱনাক নুই কৰিব নোৱাৰি৷ ক’বলৈ গ’লে প্ৰজাতিগত বিপদ কম-বেছি পৰিমানে সকলো দেশতে বৃদ্ধি হৈছে৷ সেয়েহে আগৰ দৰে উল্লাসত দৌৰ মৰাৰৰ দিন এতিয়া উকলিছে৷ বিদেশত বা অষ্ট্ৰেলিয়াত ডিগ্ৰী এটা সফলতাৰে বুটলিবলৈ হ’লে এই প্ৰত্যাহবানসমূহ সঠিকভাৱে চালি-জাৰি কি দৰে মোকাবিলা কৰিব পাৰি তাৰ এক পৰিকল্পনা আগতীয়াকৈ প্ৰস্তুত কৰি লোৱাতো জৰুৰী বুলি ভাবো৷




 ডo বিমল বৰা ।

যোৰহাট, অসম।

দূৰভাষ নং ৮৬৩ ৮১২১৮৫৫

Comments


bottom of page