top of page

বিষাক্ত সংস্কৃতি: মূল্যবোধ অৱক্ষয়ৰ প্ৰতিচ্ছবি


বিষাক্ত সংস্কৃতি (Toxic Culture) বুলিলে এনে এক পৰিৱেশ বা সাংগঠনিক সংস্কৃতিক বুজায়, য'ত নেতিবাচক আচৰণ, মনোভাৱ আৰু কাৰ্যপদ্ধতি সাধাৰণ বা স্বাভাৱিক বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ব্যক্তিৰ মানসিক সুস্থতা, কৰ্মস্পৃহা, সম্পৰ্ক আৰু উৎপাদনশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। এনে সংস্কৃতিয়ে মানুহৰ চিন্তা-চৰ্চা, আচৰণ, সামাজিক সম্পৰ্ক আৰু নৈতিক মূল্যবোধৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ফলস্বৰূপে সমাজত সহনশীলতা, পাৰস্পৰিক সন্মান, দায়িত্ববোধ আৰু মানৱীয় গুণৰ অৱক্ষয় ঘটিবলৈ আৰম্ভ কৰিছে।  প্ৰখ্যাত ফৰাচী সমাজবিজ্ঞানী আৰু আধুনিক সমাজবিজ্ঞানৰ অন্যতম প্ৰতিষ্ঠাতা এমিল ডুৰ্খেইম (Émile Durkheim)-ৰ মতে, সমাজত নৈতিক মূল্যবোধ আৰু সামাজিক সংহতি দুৰ্বল হৈ পৰিলে "Anomie" বা নীতিহীন অৱস্থাৰ সৃষ্টি হয়। এই অৱস্থাই বিষাক্ত সংস্কৃতিৰ জন্ম দিয়ে আৰু সমাজত বিশৃংখলতা বৃদ্ধি কৰে।


 বৰ্তমান যুগত প্ৰযুক্তি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। যোগাযোগ, শিক্ষা, চিকিৎসা, ব্যৱসায়-বাণিজ্য আদি সকলো ক্ষেত্ৰতে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰে জীৱন সহজ আৰু গতিশীল কৰি তুলিছে যদিও প্ৰযুক্তিৰ অতিমাত্ৰা ব্যৱহাৰে মানুহৰ মাজত সামাজিক সম্পৰ্ক আৰু মানৱীয় অনুভূতি হ্ৰাস কৰিছে। পৰিয়ালৰ সকলো লোক  একেখন ঘৰত থাকিও মোবাইল ফোন, সামাজিক মাধ্যম বা ইণ্টাৰনেটত ব্যস্ত হৈ থকাৰ ফলত পাৰস্পৰিক শ্ৰদ্ধা, আন্তৰিকতা,সহানুভূতি আৰু সহযোগিতাৰ মানসিকতা ক্ৰমে হ্ৰাস পাইছে । ঘৰৰ ভিতৰত পিতৃ-মাতৃ,বাই-ভনী,ভাই-ককাই একেলগে থাকিও যেন একলগ নহয়,প্ৰতিজনেই  নিজক লৈ ব্যস্ত।


তাৰোপৰি সামাজিক মাধ্যমৰ অপব্যৱহাৰে মিছা তথ্য প্ৰচাৰ, চাইবাৰ বুলিং, অপপ্ৰচাৰ আৰু অশালীন বিষয়বস্তুৰ প্ৰসাৰ ঘটাইছে। বিশেষকৈ যুৱ সমাজৰ মাজত ধৈৰ্য, শিষ্টাচাৰ আৰু দায়িত্ববোধৰ দৰে মূল্যবোধ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে।  অনলাইন গেম আৰু ডিজিটেল আসক্তিয়ে শিক্ষাৰ প্ৰতি অনীহা, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু সামাজিক বিচ্ছিন্নতাৰ সৃষ্টি কৰিছে। পৰিয়াল, কাৰ্যালয়,শিক্ষানুষ্ঠান, সমাজ সকলোতে এক বিষাক্ত সংস্কৃতি গঢ় লৈ উঠিছে।


 বিখ্যাত জাৰ্মান সমাজবিজ্ঞানী, অৰ্থনীতিবিদ আৰু ৰাজনৈতিক চিন্তাবিদ মেক্স ৱেবাৰ (Max Weber)ৰ মতে অত্যাধিক আমোলাতন্ত্ৰ আৰু ক্ষমতাৰ কেন্দ্ৰীকৰণে ব্যক্তিৰ স্বাধীনতা সীমিত কৰে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰ বা সমাজত এক বিষাক্ত পৰিৱেশ গঢ় লৈ উঠিব পাৰে ।

এটা কাৰ্যালয়ত যদি উৰ্ধ্বতন বিষয়াই ক্ষমতাত মত্ত হৈ নিজৰ কৰ্মচাৰীক সঘনাই অপমান কৰে, তেওঁলোকৰ মতামতক মূল্য নিদিয়ে, অত্যাধিক কামৰ চাপ দিয়ে আৰু সহকৰ্মীসকলৰ মাজত বিভেদ সৃষ্টি কৰে, তেন্তে সেই পৰিৱেশত  কৰ্মচাৰীৰ মানসিক চাপ বৃদ্ধি পোৱাৰ লগতে কৰ্মদক্ষতা হ্ৰাস পায়।  কাৰ্যালয়ে হওক বা ঘৰেই হওক ইজনে সিজনৰ আত্ম সন্মানত আঘাট কৰা উচিত  নহয় । যদি পৰিয়ালৰ মুৰব্বী গৰাকীয়ে সদায় পৰিয়ালৰ এজন ব্যক্তিক হেয় প্ৰতিপন্ন কৰে, তেওঁক সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা নিদিয়ে বা মানসিক অত্যাচাৰৰ সন্মুখীন হয়, তেন্তে  তেনে ব্যক্তিৰ আত্মবিশ্বাস কমি যায় আৰু মানসিক সমস্যাৰ সৃষ্টি হয় ।


আধুনিক ব্যৱস্থাপনা বিজ্ঞানৰ জনক (Father of Modern Management) হিচাপে পৰিচিত পিটাৰ ড্ৰাকাৰ (Peter Drucker) কৈছিল, "Culture eats strategy for breakfast."( সংস্কৃতিয়ে পৰিকল্পনাক পুৱাৰ আহাৰ হিচাপে গ্ৰাস কৰে )।

এখন অনুষ্ঠান উৎকৃষ্ট হিচাপে গঢ়ি তুলিবৰ বাবে যিমানেই পৰিকল্পনা নকৰক কিয়, তাৰ কৰ্মচাৰী আৰু পৰিবেশৰ  সৈতে জৰিত  সংস্কৃতিয়ে যদি সমৰ্থন নকৰে তেন্তে কেতিয়াও সফল হব নোৱাৰে ।অৰ্থাৎ যিকোনো অনুষ্ঠান বা কৰ্মক্ষেত্ৰত সফলতাৰ বাবে সুস্থ সংস্কৃতি অতি গুৰুত্বপূৰ্ণ। বিষাক্ত সংস্কৃতিয়ে উৎকৃষ্ট কৌশলকো ব্যৰ্থ কৰি তুলিব পাৰে।


শিক্ষানুষ্ঠান সমূহত সহপাঠীসকলৰ মাজত ইজনে সিজনক হেয় প্ৰতিপন্ন কৰা, বৈষম্য, শাৰীৰিক বা মানসিক নিগ্ৰহ আদি ঘটনা সমূহ  প্ৰায়েই সংঘটিত  হোৱা দেখা যায় ।বহু সময়ত কৰ্তৃপক্ষই ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে, ফলত সেই শিক্ষানুষ্ঠানত সহপাঠীৰ মাজত মাৰপিট , হত্যা আদিৰ দৰে ঘটনা সংঘটিত হয় । এনেধৰনৰ পৰিবেশে শিক্ষাৰ্থীৰ শিক্ষা আৰু ব্যক্তিত্ব বিকাশত নেতিবাচক প্ৰভাৱ পেলায়।  শিক্ষানুষ্ঠানসমূহত চৰিত্ৰ গঠনতকৈ কেৱল শৈক্ষিক সফলতাক অধিক গুৰুত্ব দিয়াৰ ফলত নৈতিক শিক্ষাৰ ক্ষেত্ৰ সংকুচিত হৈছে। পৰস্পৰৰ প্ৰতি অসন্মান আৰু অপমানজনক আচৰণ,ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশ ,  বৈষম্য , পক্ষপাতিত্ব ,অনৈতিক আচৰণক উৎসাহ দিয়া বা উপেক্ষা কৰা,মত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ আদিৰ ফলতেই  সমাজত বিষাক্ত সংস্কৃতি গঢ় লৈ উঠিছে।


শেহতীয়াকৈ গুৱাহাটীৰ দুখন ব্যক্তিগত খণ্ডৰ আভিজাত্য বিদ্যালয়ৰ দুজনমান ছাত্ৰই কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)সহায়ত নিজ বিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ছবি প্ৰস্তুত কৰি ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন  এপত  প্ৰচাৰ আৰু বিক্ৰী কৰি অৰ্থ  উপাৰ্জন কৰা  ঘটনাই যেন যুৱ সমাজৰ  মাজত গঢ়ি উঠা বিষাক্ত সংস্কৃতিৰ অশনি সংকেত বহন কৰিছে।


 আজিৰ দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীখনত প্ৰায়ে অস্বাস্থ্যকৰ প্ৰতিযোগিতা, ছ’চিয়েল মিডিয়াৰ দায়িত্বহীন ব্যৱহাৰ, চাইবাৰ গুণ্ডাগিৰি, ভুল তথ্য আৰু অনৈতিক আচৰণক মহিমামণ্ডিতকৰণৰ জৰিয়তে বিষাক্ত সংস্কৃতিৰ উন্মেষ ঘটিছে। ই মানুহক বিশেষকৈ নৱ প্ৰজন্মক প্ৰভাৱিত কৰিছে, সফলতা, সম্পৰ্ক আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে তেওঁলোকৰ মনত ভূল ধাৰণা গঢ় লৈ উঠিছে। ফলত সততা, মমতা আৰু সন্মান আদি অত্যাৱশ্যকীয় মূল্যবোধ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ  লগতে সামাজিক সম্প্ৰীতি বিনষ্ট হৈ  সমাজত সংঘাতৰ পৰিৱেশ গঢ় লৈ উঠিছে।


বিষাক্ত সংস্কৃতিয়ে যাতে সমাজখন গ্ৰাস কৰিব  নোৱাৰে তাৰ বাবে পৰিয়াল, শিক্ষানুষ্ঠান, গণমাধ্যম আৰু সমাজৰ প্ৰতিজন সচেতন নাগৰিক একত্ৰিত হব লাগিব। সুস্থ সমাজ গঢ়ি তুলিবলৈ কেৱল আৰ্থিক উন্নয়ন যথেষ্ট নহয়; নৈতিক আৰু মানৱীয় মূল্যবোধৰ সংৰক্ষণো সমানেই গুৰুত্বপূৰ্ণ। । বিষাক্ত সংস্কৃতি সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ প্ৰতিচ্ছবি আৰু এই অৱক্ষয় ৰোধ কৰাটো আমাৰ সকলোৰে সামূহিক দায়িত্ব। বিষাক্ত সংস্কৃতিয়ে নিঃশব্দে, নিৰৱে ব্যক্তি, পৰিয়াল আৰু সমাজৰ ভিতৰৰ নৈতিক শক্তিক ধ্বংস কৰে। ই মানুহৰ মাজত অবিশ্বাস, বিভাজন আৰু বিদ্বেষৰ বীজ সিঁচি দিয়ে, যাৰ ফলত  সামূহিক উন্নয়নৰ পথ ৰুদ্ধ হৈ পৰে।বিষাক্ত সংস্কৃতিৰ কুফল কেৱল বৰ্তমান প্ৰজন্মতেই সীমাবদ্ধ নাথাকে; ইয়াৰ নেতিবাচক প্ৰভাৱ ভৱিষ্যৎ প্ৰজন্মলৈও বিস্তৃত হয়। সেয়েহে পাৰস্পাৰিক সন্মান, সহমৰ্মিতা, স্বচ্ছতা, ন্যায় আৰু সহযোগিতাৰ আদৰ্শক জীৱনৰ প্ৰতিটো স্তৰত প্ৰতিষ্ঠা কৰাটো সময়ৰ আহ্বান। যেতিয়া আমি এজনে আনজনক বুজিবলৈ শিকিম , সহানুভূতিৰে আগবাঢ়িম আৰু সমূহীয়াভাৱে কল্যাণৰ চিন্তা কৰিম, তেতিয়াহে এখন অধিক মানৱীয়, অধিক সুস্থ আৰু অধিক আলোকিত সমাজ গঢ়ি তোলা সম্ভৱ হ'ব। এখন ঘৰ অথবা এখন সমাজৰ প্ৰকৃত শক্তি ধন- সম্পদত নহয়, বৰং তাত বাস কৰা মানুহৰ মূল্যবোধ, সৌহাৰ্দ্য আৰু মানৱতাৰ মাজতহে নিহিত হৈ থাকে।




দীপিকা লস্কৰ

দূৰভাষ নং ৯৪৩৫২ ২৪৩৬৩



Comments


bottom of page