top of page

শব্দৰ জোনাক এক  আলংকাৰিক অভিব্যক্তি

শব্দবোৰ জোনাকৰ দৰে উজ্জ্বল , মিঠা, স্নিগ্ধ, মনোমোহা আৰু ই উজ্জ্বল অনুভূতি জাগ্ৰত কৰে। অৰ্থাৎ“শব্দৰ জোনাক”  হৈছে—শব্দৰ মাজত থকা সৌন্দর্য, মাধুৰ্য আৰু আলোকময়তা, যি পাঠকৰ বা শ্রোতাৰ হৃদয় উজ্জ্বল কৰি তোলে।


“শব্দৰ জোনাক” ই-আলোচনীখনৰ মূল উদ্দেশ্য হ'ল সাহিত্যিক চিন্তা-চৰ্চা, সৃষ্টিশীলতাৰ বিকাশ আৰু পাঠকৰ হৃদয়ত ইতিবাচক চিন্তাৰে আলোকিত কৰা। ইয়াত থাকিব কবিতা, গল্প, প্ৰবন্ধ,সফলতাৰ কাহিনী ,শিল্প-সংস্কৃতিৰ আভাস, লগতে আধুনিক সমাজ জীৱনৰ বৈচিত্র্যময় আখ্যান। ইয়াৰ প্ৰতিটো শব্দ মানৱ সমাজৰ জীৱন, সংস্কৃতি আৰু সপোনৰ আধাৰ। শব্দেৰে গঢ়ি তুলিব সাহিত্য, কাব্য, সংগীত আৰু চিন্তাৰ উজ্জ্বল পোহৰ ।এই ই-আলোচনীখন মাত্ৰ লেখনী সংগ্ৰহ নহয়—ই এক যৌথ যাত্ৰা, য’ত লেখকে শব্দৰে আঁকিব অনুভৱৰ আকাশ আৰু পাঠকে উপভোগ কৰিব সেই আকাশত উজ্জ্বল জোনাকৰ মায়াবী দীপ্তি।

WhatsApp Image 2025-09-09 at 1.12.58 PM.jpeg

দীপিকা লস্কৰ

প্ৰতিষ্ঠাপক / মুখ্য সম্পাদক

দীপিকা লস্কৰ অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা। ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত  

শিক্ষয়িত্ৰী দীপিকা লস্কৰে নিজৰ কাৰ্যকালত

শিক্ষকৰ মাজত শৃঙ্খলা, দায়িত্ববোধ আৰু ছাত্র-ছাত্ৰীসকলৰ মাজত শৃঙ্খলিত শিক্ষাজীৱনৰ বীজ

ৰোপণ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে স্থানীয় সমাজ-সেৱাৰ ক্ষেত্ৰতো সক্ৰিয় আছিল।

নৱম -দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠভিত্তিক আলোচনা নামেৰে দুখন পুথি প্ৰকাশ কৰাৰ লগতে শ্ৰীমতী লস্কৰে বিভিন্ন আলোচনীত

শিক্ষামূলক প্ৰৱন্ধ লিখি

সাহিত্য জগতলৈ অৱদান আগবঢ়াইছে ।

WhatsApp Image 2025-09-05 at 7.01.23 PM (1).jpeg

ড° জ্যোতিষ্মিতা দাস

সহ সম্পাদক

ড°জ‍্যোতিস্মিতা দাস বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিভাগত গৱেষণা সম্পূৰ্ন কৰিছে। এতিয়ালৈকে তেওঁৰ ৩৪ খন আন্তৰ্জাতিক গুণসম্পন্ন গৱেষণাপত্ৰ প্ৰকাশ পাইছে। ইয়াৰ লগতে তিনিখন আই. এছ. বি. এন. নম্বৰৰ সৈতে সম্পাদিত গ্ৰন্থ প্ৰকাশ পাইছে।  তেওঁ ইতিমধ্যে স্নাতক পাঠ্যক্ৰমৰ লগত সংলগ্ন তিনিখন পাঠ্যপুথি লিখি উলিয়াইছে ।

WhatsApp Image 2025-09-08 at 6.23.33 PM.jpeg

হিৰণ্য শৰ্মা

 ব্যৱস্থাপক সম্পাদক

হিৰণ্য শৰ্মা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক

বালক বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ

বিষয় শিক্ষক।  বিভিন্ন  শিক্ষামূলক

আলোচনীত শ্ৰী শৰ্মাই নিয়মীয়াভাৱে  

বিজ্ঞান ভিত্তিক প্ৰৱন্ধ  প্ৰকাশ কৰি

সাহিত্য জগতলৈ

অৱদান আগবঢ়াইছে ।

WhatsApp Image 2025-09-09 at 1.14.21 PM.jpeg

ড০ শৰৎ বৰকটকী

মুখ্য উপদেষ্টা

WhatsApp Image 2025-09-19 at 9.02.49 AM.jpeg

পিংগলিকা বৰকটকী

সম্পাদনা উপদেষ্টা

পিংগলিকা বৰকটকী এগৰাকী অভিযন্তা  হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছে। সাহিত্য চৰ্চাৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবে কলমেৰে মনৰ ভাৱ আৰু চিন্তা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে।সামাজিক মাধ্যমৰ বিভিন্ন  প্লেটফৰ্মত তেওঁ  এগৰাকী নিয়মীয়া লেখিকা ।তেওঁৰ প্ৰথম খন নন ফিক্সন গ্ৰন্হ “Loneliness: A Matter of Choice” ইতিমধ্যে প্ৰকাশ  হৈছে আৰু  পঢ়ুৱৈৰ বাবে অন লাইনত উপলব্ধ। ভাৰতৰ  বিভিন্ন  ঠাইৰ পাঠকৰ পৰা লাভ কৰা মৰম আৰু সমাদৰে তেওঁক উৎসাহিত কৰিছে । জীৱনৰ অভিজ্ঞতা, কল্পনা আৰু মনৰ গভীৰ চিন্তা তেওঁ লেখনীৰ যোগেদি পাঠকলৈ  আগবঢ়াই দিছে ।

​এগৰাকী শিক্ষাবিদ আৰু  সাহিত্যিক। অসমৰ একাধিক আলোচনী আৰু বাতৰি কাকতত নিয়মীয়াকৈ তেখেতৰ প্ৰৱন্ধ প্ৰকাশ হৈ আছে। এগৰাকী গৱেষক হিচাপেও সুনাম অৰ্জন কৰিছে। ড০ বৰকটকীৰ প্ৰকাশিত গ্ৰন্থ ৬খন ।ইতিমধ্যে এশৰো অধিক চিন্তা - গধুৰ প্ৰৱন্ধ  প্ৰকাশ হৈছে। তেখেতৰ ৪০খনৰো  অধিক গৱেষণা পত্ৰ প্ৰকাশ হৈছে।

bottom of page