top of page

আড্ডা : সৃষ্টিৰ নীৰৱ কৰ্মশালা


আড্ডা মানে  সময়  কটোৱাৰ উপায় নহয় ।আড্ডা হৈছে মানৱীয় সম্পৰ্কৰ উষ্ণতাৰ অনুভৱ ।চিন্তাৰ আদান-প্ৰদান আৰু জীৱনক উপভোগ কৰাৰ এক অনন্য কলা ।


দীৰ্ঘদিনীয়া নিসংগতা বা একঘেয়ামীয়ে মানুহক হতাশগ্ৰস্ত কৰি তোলে। এনে অৱস্থাত সমাজৰ সৈতে জড়িত হোৱা , আপোন মানুহৰ সৈতে  বা বন্ধুৰ সৈতে অলপ সময় আড্ডা মৰাটোৱে মহৌষধৰ দৰে কাম কৰে। ই মানুহক মানসিক চাপৰ পৰা মুক্ত  কৰাত সহায় কৰে।


'আড্ডা' হৈছে এক অনানুষ্ঠানিক সমাৱেশ, য'ত মানুহে অবাধে কথা-বতৰা, বিতৰ্ক,  হাঁহি ধেমালি , বিচাৰ-বিমৰ্ষ কৰে। ইয়াত কোনো নিৰ্দিষ্ট বিষয় নেথাকে ,  নেথাকে কোনো আনুষ্ঠানিকতা  — কেৱল থাকে মুক্ত মনৰ মিলন আৰু কথা বতৰা। আড্ডাৰ পৰিসৰ সাগৰতকৈ বিশাল । ইয়াত ধৰ্ম, ৰাজনীতি, সাময়িক ঘটনাৰাজিৰ ওপৰত বিশ্লেষণ , সাহিত্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ নানা খুটিনাটিৰ বিষয়ে আলোচনা হ'ব পাৰে ।


মুক্ত চিন্তাৰ পৰিৱেশ সৃষ্টি হয় আড্ডাত , ইয়াত কোনো বাধ্যবাধকতা নাথাকে , কোনো নিয়ম নেথাকে , নেথাকে কোনো বিচাৰক । এই মুক্ত পৰিৱেশতেই মনৰ গভীৰত লুকাই থকা চিন্তাবোৰ বাহিৰলৈ ওলাই আহে। ভয়মুক্ত মন সদায় বেছি সৃজনশীল হয়। বিভিন্ন মতৰ সংঘাতে নতুন ধাৰণাৰ জন্ম দিয়ে । আড্ডাত একেলগে বহা মানুহবোৰৰ দৃষ্টিভংগী সদায় একে নহয়। এই মতৰ সংঘাত আৰু বিতৰ্কৰ মাজৰ পৰাই জন্ম হয় নতুন ধাৰণাৰ। দুটা শিলৰ সংঘৰ্ষত যেনেকৈ জুই জ্বলে, দুটা মতৰ সংঘাতেও তেনেকৈ সৃষ্টিৰ ফিৰিঙতি জ্বলাই তোলে । বহু কালজয়ী সৃষ্টিৰ বীজ এনে আড্ডাতেই ৰোপণ হৈছিল।


'আড্ডা' শব্দটো ফাৰ্চী বা তুৰ্কী ভাষাৰ পৰা আহিছে বুলি ভাষাবিদসকল ক'ব খোজে। আৰবী শব্দ 'আড্ডা'ৰ অৰ্থ হৈছে আস্তাবল বা একত্ৰিত হোৱাৰ ঠাই।

ভাৰতীয় উপমহাদেশত মোগল যুগৰ পৰাই এই সংস্কৃতিৰ শিপাই গা কৰি উঠিছিল।১৮ শতিকাৰ পৰা ১৯শশতিকাৰ ভিতৰত কলিকতাত ব্ৰিটিছ শাসনকালত আড্ডাই এক বিশেষ ৰূপ লয়।শিক্ষিত বাঙালী মধ্যবিত্ত শ্ৰেণীৰ উদয়ৰ লগে লগে কফি হাউচ, বৈঠকখানা আৰু পথৰ কোণত আড্ডাৰ সংস্কৃতিয়ে গঢ় লৈ উঠে।ৰামমোহন ৰায়, বিদ্যাসাগৰ, বঙ্কিমচন্দ্ৰ আদি মনীষীসকলৰ আড্ডাতেই  জন্ম হৈছিল বহু যুগান্তকাৰী চিন্তাৰ। সমাজ সংস্কাৰৰ বীজ  অংকুৰিত হৈছিল এই অনানুষ্ঠানিক সমাৱেশতেই ।



"কফি হাউসেৰ সেই আড্ডাটা


আজ আৰ নেই,


কোথায় হাৰিয়ে গেল


সোনালী বিকেলগুলো সেই ।।


আজ আৰ নেই…


নিখিলেশ প্যাৰিসে, মঈদুল ঢাকাতে,


নেই তাৰা আজ কোন খবৰে,


গ্র্যাণ্ডেৰ গীটাৰিস্ট গোয়ানীস ডিসুজা


ঘুমিয়ে আছে যে আজ কবৰে ।


---------"


বংগৰ নস্টালজিয়া আৰু আবেগেৰ গান  "কফি হাউজেৰ সেই আড্ডাটা আজ আৰ নেই"। ১৯৮৩ চনত এই কালজয়ী স্মৃতিচাৰণ মূলক গানটো ৰচনা কৰিছিল প্ৰখ্যাত গীতিকাৰ গৌৰীপ্রসন্ন মজুমদাৰে , সুৰ দিছিল সুপর্ণকান্তি ঘোষে আৰু  কণ্ঠ দান কৰিছিল কিংবদন্তি গায়ক মান্না দে য়ে । গানৰ পটভূমি আৰু ইতিহাস আছিল কলকাতাৰ কলেজ স্ট্রিটৰ বিখ্যাত 'কফি হাউচ'ক কেন্দ্র কৰি ।

কলকাতাৰ কলেজ ষ্ট্ৰীট ত থকা 'ইণ্ডিয়ান কফি হাউচ ' বিশ্বৰ অন্যতম বিখ্যাত আড্ডাৰ কেন্দ্ৰ আছিল বুলি ক'ব পাৰি ।ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যজিৎ ৰায়, মৃণাল সেন, অমৰ্ত্য সেন  আদি মহান ব্যক্তিসকলৰ আড্ডাস্থলী এই কফি হাউচক কোৱা হৈছিল "বুদ্ধিজীৱীৰ তীৰ্থক্ষেত্ৰ" । অনেক সৃষ্টিৰ উৰ্বৰ ভূমি আছিল এই আড্ডা । 'ঠাকুৰবাৰীৰ আড্ডা ' নামে এসময়ত খ্যাত জোৰাসাঁকোৰ ঠাকুৰ পৰিয়ালৰ আড্ডাই বাংলা সাহিত্য আৰু সংগীতলৈ বিপ্লৱ আনিছিল বুলি কোৱা হয়।


ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই আড্ডাক সৃষ্টিশীলতাৰ উৎস বুলি গণ্য কৰিছিল। ৰবীন্দ্ৰনাথৰ পৰিয়ালৰ আড্ডা বাংলা সাহিত্যৰ নৱজাগৰণৰ কেন্দ্ৰ আছিল। সাহিত্য, সংগীত, নৃত্য — সকলো শিল্পৰ আলোচনা হৈছিল এই আড্ডাত।


আড্ডা  পৰিকল্পনাৰ প্ৰাথমিক মঞ্চ বুলিব পাৰি ।বহু মহৎ সৃষ্টিৰ প্ৰথম খচৰা তৈয়াৰ হৈছিল আড্ডাৰ মাজতে , আড্ডাত ওলোৱা কথাবিলাকেই পিছত লিখনিত, চিত্ৰত বা সংগীতৰ ৰূপ পাইছিল।


কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলৰ আড্ডাতেই ১৮৭২ চনত  অসমীয়া সাহিত্য চ'ৰা' (Assamese Literary Society):  গঠন হৈছিল ।

আড্ডাৰেই ফচল  আছিল ''অসমীয়া ভাষা উন্নতি সাধিনী সভা"   ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতাৰ কলেজ ষ্ট্ৰীটৰ এটা ভাড়াঘৰত এই ঐতিহাসিক অসমীয়া ভাষা উন্নতি সাধিনী সাধিনী সভাখন পুনৰ গঠন কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আছিল ইয়াৰ প্ৰধান হোতা।'জোনাকী' আলোচনী এই সভাৰ উদ্যোগতে ১৮৮৯ চনত কলিকতাৰ পৰা  প্ৰকাশ পায়, যিয়ে অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰ সূচনা কৰে।


গুৱাহাটীৰ উজান বজাৰ , লতাশিল খেলপথাৰ , চানমাৰি ,পানবজাৰ আদি অঞ্চল সমূহ আছিল  বিশিষ্ট সাহিত্যিক, শিল্পী আৰু বুদ্ধিজীৱীসকলৰ প্ৰিয় আড্ডাথলী৷ হেমাঙ্গ বিশ্বাস আৰু ডঃ ভূপেন হাজৰিকাৰ দৰে ব্যক্তিসকলে এই আড্ডাৰ মাজতে  সাংস্কৃতিক তথা নাট্য আন্দোলনৰ পৰিকল্পনা কৰিছিল ৷ ড০ ভূপেন হাজৰিকা, হেমাঙ্গ বিশ্বাস আৰু সেই সময়ৰ অন্যান্য বাওঁপন্থী তথা সাংস্কৃতিক মহানায়কসকলৰ গুৱাহাটীৰ আড্ডাসমূহ আছিল অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ অধ্যায়। এই আড্ডাবোৰ কেৱল ভূপেন হাজৰিকা আৰু হেমাঙ্গ বিশ্বাসৰ মাজতেই সীমাবদ্ধ নাছিল। ইয়াত নিয়মীয়াকৈ অংশ লৈছিল সেই সময়ৰ অসমৰ প্ৰতিভাশালী ব্যক্তিসকলে । তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য সকল হ'ল বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , মঘাই ওজা আদি। তেওঁলোকৰ আড্ডাবোৰ কেৱল অনাহক কথা-বতৰা নাছিল。 তাত মূলতঃ ভাৰতীয় গণনাট্য সংঘৰ কাৰ্যসূচী, কৃষক-বনুৱাৰ অধিকাৰ, আৰু সমাজৰ পিছপৰা শ্ৰেণীক সংগীতৰ জৰিয়তে কেনেকৈ জগাই তুলিব পাৰি, সেই বিষয়ে গভীৰ আলোচনা হৈছিল ।


১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত যেতিয়া অসমত অশান্তিৰ সৃষ্টি হৈছিল, তেতিয়া গুৱাহাটীৰ আড্ডাতে বহি ভূপেন হাজৰিকা হেমাংগ বিশ্বাস আদিয়ে সিদ্ধান্ত লৈছিল যে তেওঁলোকে ৰাজনীতিৰ আশ্ৰয় নোলোৱাকৈ কেৱল "সংগীতৰ মাধ্যমেৰে  মানুহৰ মাজলৈ যাব। ইয়াৰ ফলস্বৰূপেই সৃষ্টি হৈছিল বিখ্যাত 'সাংস্কৃতিক শান্তি দল' (Cultural Peace Mission)。


পাছলৈও  গুৱাহাটীৰ পাণবজাৰ,উজান বজাৰ আদি অঞ্চল অসমৰ সাহিত্য, বৌদ্ধিক চিন্তা আৰু ছাত্ৰ আন্দোলনৰ মূল কেন্দ্ৰবিন্দু হৈ উঠিছিল । কটন বিশ্ববিদ্যালয়ৰ আৰু দীঘলী পুখুৰীৰ আশে-পাশে থকা কিতাপৰ দোকান আৰু চাহৰ দোকান সমূহে বহু দশক ধৰি এই অঞ্চলত এক সুকীয়া আড্ডাৰ পৰিৱেশ সৃষ্টি কৰি আহিছে। দীঘলীপুখুৰীৰ ওচৰত থকা ৰাজ্যিক সংগ্ৰহালয়ৰ বাকৰিত এসময়ত শিল্পী নীলপৱন বৰুৱাৰ  কফি হাউচত এক বৌদ্ধিক আড্ডা হৈছিল কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ লগত কেইবাবাৰো তাত উপস্থিত থকা সুযোগ লাভ কৰিছিলোঁ ।


অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱটো বয়সীয়াল সকলৰ পৰা আদি কৰি কনিষ্ঠ সকলৰ মাজতো নিয়মীয়াকৈ আড্ডা অনুষ্ঠিত হোৱা দেখা গৈছিল। নগাঁও নাট্য মন্দিৰৰ অংগস্বৰূপ ইভিনিং ক্লাবত আমোলাপট্টি তথা নগাঁও চহৰৰ গণ্যমান্য বয়োজ্যেষ্ঠসকলৰ এটা নিয়মিত সান্ধ্য আড্ডা বহিছিল। প্ৰখ্যাত অভিনেতা চন্দ্ৰ ফুকন, নাট্য প্ৰৱৰ সাৰদা কান্ত বৰদলৈ,   ব্ৰজ ফুকন, নগাঁও গৱৰ্ণমেণ্ট বয়জ স্কুলৰ অধ্যক্ষ কৃষ্ণদাস বৰুৱা, শিক্ষাবিদ অধ্যক্ষ খিলকান্ত শৰ্মা, ডা: গনেশ ফুকন, পৰবৰ্তী সময়ত প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মা, জীতেন শৰ্মা ,গুণ মহন্তলৈকে অনেকজন বিশিষ্ট ব্যক্তি এই আড্ডাৰ নিয়মিত সদস্য আছিল। এনে আড্ডাবোৰতে নাট্য মন্দিৰৰ পৰবৰ্তী প্ৰদৰ্শনৰ বাবে নাটক নিৰ্বাচন , অভিনেতা- অভিনেত্ৰী নিৰ্বাচন, আখৰাৰ তাৰিখ নিৰ্দ্ধাৰণকে আদি কৰি অনেক বিষয়ৰ চৰ্চা হৈছিল ।


পৰবৰ্তী সময়ত ফৌজদাৰীপট্টিৰ কলা মন্দিৰ, হয়বৰগাঁৱৰ বীণাপাণি, কল্লোল , জিলা  পুথিভঁৰালৰ সন্মুখত, ইউনাইটেড বেংকৰ সন্মুখত, চলাচলৰ সন্মুখত , লোক নায়ক হলধৰ ভূঞা দেৱৰ গৃহত নিয়মীয়াকৈ হোৱা আড্ডাত অনেক বিষয়ে চৰ্চা লাভ কৰিছিল। আমাৰ গাৱঁৰ ডেকা চাং সমূহো আড্ডাৰ এক প্ৰধান স্থান ইয়াত অনেক বিষয়ৰ পৰিকল্পনা কৰা হয় ।


বৰ্তমান সময়ত অনুভৱ হয় পুৰণি বহু আড্ডা বন্ধ হৈ পৰাৰ বিপৰীতে গঢ়লৈ উঠা নাই সৃষ্টিশীল  নতুন আড্ডা। জীৱন জীয়াবলৈ ,জীৱনক চিনিবলৈ সৃষ্টিশীল আড্ডাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।


এটা লোককথা আছে যে - "যি মানুহে আড্ডা দিব নাজানে, তেওঁ জীৱনৰ আধা সুখৰ পৰা বঞ্চিত হয়।"
"বন্ধুৰ সৈতে খন্তেকীয়া আড্ডাইও , বছৰৰ ক্লান্তি দূৰ কৰে।"

    আড্ডাত কেৱল কথা কোৱাই নহয় —ইয়াত নিদ্ধাৰিত হয় জীৱনদৰ্শন। ইয়াত ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত সকলো সমান। ইয়াত নেথাকে কোনো এজেণ্ডা ,  সিদ্ধান্ত ল'ব  লাগিব বুলি কোনো ধৰা বন্ধা নিয়ম নেথাকে। কেৱল থাকে মানৱীয় সংযোগ। যি সংযোগে পাহৰাব পাৰে অনেক ক্লান্তি অৱসাদ, বঢ়াব পাৰে জীৱনৰ দৈৰ্ঘ্য। বয়সীয়াল সকলৰ বাবে আড্ডা হৈ পাৰে জীৱনৰ সঞ্জীৱনী।


আড্ডা হৈছে সৃষ্টিৰ সাৰুৱা মাটি — ইয়াত বীজ সিঁচা হয়, বীজ গজালি মেলি গছ হয় আৰু এদিন সেই গছেই ফল দিয়ে। আড্ডাক অপ্ৰয়োজনীয় সময় নষ্ট বুলি ভবাটো ভুল — ই আচলতে সৃষ্টিৰ নীৰৱ কৰ্মশালা।


আগতেও কৈছো আড্ডা মানে কেৱল কথা-বতৰা নহয়। আড্ডা মানে এক উষ্ম মানৱিক সংযোগ — য'ত সময়ৰ হিচাপ নাথাকে, বিষয়ৰ সীমা নাথাকে, য'ত মনৰ দুৱাৰ সদায় খোলা থাকে। চাহৰ কাপ সন্মুখত লৈ ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থকাৰ  অভ্যাস অসমীয়া জীৱনৰ এক অবিচ্ছেদ্য অংশ স্বৰূপ । কিন্তু প্ৰশ্ন হয় আজি ডিজিটেল যুগত এই আড্ডাৰ স্বৰূপ সলনি হৈছে নেকি ?


স্মাৰ্টফোন আৰু ইণ্টাৰনেটে আড্ডাক এক নতুন মাত্ৰা দিলে — দূৰত্বক জয় কৰাৰ ক্ষমতা। বিদেশত থকা বন্ধু, দূৰৈত পঢ়ি থকা ভায়েক, দিল্লীত চাকৰি কৰা আপোনজন — সকলো এতিয়া এটা ক্লিকতে মুখামুখি হ'ব পাৰে।WhatsApp গ্ৰুপত নিমিষতে হাজাৰটা বাৰ্তাৰ বান বয়। ভিডিঅ' কলত মুখ দেখি কথা পতা হয়। ডিজিটেল আড্ডা এইখিনিতে অপৰিহাৰ্য হৈ পৰিছে যদিও এই সুবিধাৰ আঁৰত এক গভীৰ প্ৰশ্ন যেন লুকাই আছে । —  স্ক্ৰীণত চকু থৈ দূৰৈৰ কথোপকথন   প্ৰকৃত আড্ডাৰ বিকল্প হ'ব পাৰে নে ?


নিশ্চয় নোৱাৰে।


আড্ডাৰ প্ৰাণ হ'ল  শাৰীৰিক উপস্থিতি। কাষৰ জনৰ নিশ্বাসৰ উত্তাপ উপলব্ধি , হঠাতে অহা উচ্চ হাঁহিৰ শব্দৰ খলকনি, চকুৱে চকুৱে মিলনৰ মৌন ভাষাৰ অনুভূতি — এইবোৰৰ অনুভৱ কোনো ডিজিটেল মাধ্যমে দিব নোৱাৰে।আড্ডাত কেৱল শব্দ বিনিময়েই  নহয়, আড্ডাত অনুভূতিৰো আদান-প্ৰদান হয়।মানৱীয় সম্পৰ্ক সুদৃঢ় কৰা আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ বাবে আড্ডা অতি গুৰুত্বপূৰ্ণ। ই আমাক গতানুগতিক জীৱনৰ ক্লান্তি আৰু একঘেয়ামীৰ পৰা মুক্তি দিয়ে, লগতে সৃষ্টিশীল চিন্তাৰ বিকাশ আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে।


মোবাইল ফোনৰ জগতৰ পৰা ক্ষন্তেকৰ বাবে আঁতৰি বন্ধু -বান্ধৱ বা আপোন মানুহৰ সৈতে আড্ডা মাৰি সময় কটালে মনৰ অকলশৰীয়া ভাব নাইকিয়া হয় আৰু আনন্দ লাভ কৰা যায়।


সেয়ে কওঁ আড্ডাৰ প্ৰয়োজন আগতেও আছিল, ভৱিষ্যতেও থাকিব।



সুৰজিৎ গোস্বামী।

পানীগাঁও, নগাঁও।

দূৰভাষ নং .৭০০২৮৬৫৯৬৮


Comments


bottom of page