top of page

আয়না: অশ্ৰু আৰু হাঁহিৰ সাৰথি


আয়না বা দাপোন  হৈছে মানুহৰ জীৱন-সংস্কৃতিৰ এক অপৰিহাৰ্য্য অঙ্গ। আয়নাত কেৱল নিজৰ  সৌন্দৰ্য্য চোৱা নহয়, বৰঞ্চ  দাপোন বা আয়নাই মানুহক আত্মজ্ঞান, আত্মসন্ধান আৰু আত্মবিশ্বাসৰ পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা দিয়ে। লোককথা, সাহিত্য আৰু আধ্যাত্মিকতাৰ সৈতে আয়নাৰ এই গভীৰ সম্পৰ্কই একে সময়তে বাস্তৱ আৰু কল্পনাৰ সেতু গঢ়ি তোলে।প্ৰসিদ্ধ ইংৰাজ কবি চিলভিয়া প্লাথৰ" দাপোন” নামৰ কবিতাৰ শাৰী বোৰলৈ মনত পৰিছে :"মই এক দাপোণ,/সঁচাটো দেখি দেখুৱাওঁ।/ভ্ৰান্তি নাই মোৰ চকুত,নাই কোনো আভা বা ছাঁ/যেনেকৈ আছে, তেনেকৈ দিওঁ/তোমাৰ সঁচা প্ৰতিফলন।...." দাপোন বা আয়না সময়ৰ নীৰৱ দলিল।


আয়না বহু সংস্কৃতি, ধৰ্মীয় আচাৰ-অনুষ্ঠান, আৰু লোকবিশ্বাসৰ সৈতে জড়িত। ভিন্ন দেশ আৰু সমাজত আয়নাৰ ব্যৱহাৰে এক বিশেষ অৰ্থ বহন কৰে।ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকসংস্কৃতিত আয়নাৰ গুৰুত্ব আছে ।বিশেষকৈ অসমত দেৱ-দেৱীৰ পূজাত আয়না ব্যৱহাৰ কৰা হয়। দেৱী দূৰ্গা পূজাত আয়না বিসৰ্জনৰ প্ৰথাই আয়নাৰ আধ্যাত্মিক মাহাত্ম্য প্ৰতিফলিত কৰে।


দেৱী দূৰ্গা পূজা অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ অন্যতম সামাজিক–ধাৰ্মিক উৎসৱ। মহালয়াৰ দিন ধৰি দেৱী পূজাৰ আৰ্হি আৰম্ভ হয় আৰু মহাষ্টমী, মহা-নবমী পাৰ হৈ বিজয়া দশমীৰ দিনা পূজা সম্পূৰ্ণ হয়।

  পূজা সামগ্ৰিকভাৱে পূৰ্ণ হোৱাৰ অন্তিম পৰ্যায় হৈছে "বিসৰ্জন"। বিসৰ্জন মানে পূজাৰ অন্ত, দেৱীশক্তিৰ মূৰ্তি বা প্ৰতিমাক পুনৰ জগতৰ মহাশক্তিৰ লগত মিলাই দিয়া। পূজা সম্পূৰ্ণ হোৱাৰ পিছত ভক্তসকলে গভীৰ শ্ৰদ্ধাৰে দেৱীলৈ প্ৰাৰ্থনা কৰে, তেওঁলোকৰ জীৱনৰ দুৰ্গতি নাশ কৰি সুস্বাস্থ্য, সমৃদ্ধি আৰু শান্তিৰ আশীৰ্বাদ দিবলৈ অনুৰোধ জনায়।এজন ভক্তৰ বাবে সকলোতকৈ আবেগজনক মূহুৰ্ত হৈছে দেৱীক "আয়না বিসৰ্জন" দিয়া পৰ্ব। ইয়াত দেৱীক জলাধাৰ  বা নদীলৈ নিয়াৰ আগতে এটা পাত্ৰ পানীৰে পৰিপূৰ্ণ  কৰি তাৰ ভিতৰত আয়না ৰখা হয়। ভক্তসকলে সেই পানীত থকা আয়নাত দেৱীৰ প্ৰতিফলন দেখিবলৈ পায় আৰু প্ৰণাম কৰি  আঙুলি ডুবাই সেই পানী মূৰত  লয়। ইয়াৰ দ্বাৰা বিশ্বাস কৰা হয় যে দেৱী তেওঁলোকৰ হৃদয়ত স্থায়ী হৈ থাকিব আৰু পুনৰ আগন্তুক বছৰত আহিব।



             "নমস্তে দেবি চ বিদ্যে সর্বভূত হিত প্ৰদে।

শান্তে শান্তৰূপে চ চ বিদ্যে ত্বাং নমাম্যহম্।। ”


(অৰ্থ — হে দেৱী, আপুনি সকলো জীৱৰ মঙ্গলকাৰিণী, জ্ঞানৰ দাতা আৰু শান্তিৰ প্ৰতিমূৰ্তি, তোমাক  মই প্ৰণাম জনাইছোঁ।)



গচ্ছ গচ্ছ পৰম স্থানং স্বস্থানম পৰমেশ্বৰী

যৎ পূজিতং ময়া দেবী পৰিপূর্ণং তদস্তু মে।

গচ্ছ গচ্ছ পৰম স্থানং যত্র দেব মহশ্বৰ:

সমবৎসৰব্যতিতেতু পুনৰাগমনায় চ।

মাতৃমন্দির জয়ৰামবাটিতে  দর্পন বিসর্জনঃ


(হে দেৱী, তোমাক সশ্ৰদ্ধাভাৱে বিসৰ্জন কৰিলোঁ, মোৰ পূজা গ্ৰহণ কৰা আৰু পৰৱৰ্তী বাৰে পুনৰ আহি আমাক আশীৰ্বাদ দিয়া।)


দক্ষিণ ভাৰতীয় মন্দিৰত আয়নাৰ সহায়ত দেবমূৰ্তিক একাধিক প্ৰতিফলনত দৰ্শন কৰা হয়, যিয়ে এক পবিত্ৰ ভ্ৰম সৃষ্টি কৰে।


আধ্যাত্মিক চর্চাত আয়নাক হৃদয়ৰ স্বচ্ছতাৰ সৈতে তুলনা কৰা হয়। শাস্ত্ৰত কৈছে—"হৃদয় আয়নাৰ দৰে শুদ্ধ হ'লে তাত ভগৱানৰ প্ৰতিচ্ছবি প্ৰকাশ পায়।" দেৱী পূজাত আয়না বিসৰ্জনৰ ৰীতি এই দৰ্শনৰ এক জীবন্ত উদাহৰণ।


ৰাজস্থান আৰু গুজৰাটৰ লোক-শিল্পত আয়না শিল্প (mirror embroidery) অতি প্ৰসিদ্ধ।  এই শিল্পত সৰু সৰু আয়নাৰ টুকুৰা কাপোৰত চিলাই কৰি অলঙ্কাৰ প্ৰস্তুত কৰা হয়। বিয়াৰ পোছাক আদি আয়নাৰে শোভিত হয়।পঞ্জাবৰ গৃহসজ্জাত আয়নাৰে সজ্জিত বস্ত্ৰ বা দৰ্পণী শাৰী ব্যৱহাৰ হয়। ভাংড়া আদি নৃত্যত আয়নাৰে সজ্জিত পোছাক পৰিধান দেখা যায় । দক্ষিণ ভাৰতৰ কিছুমান ঠাইত আয়নাক “মঙ্গল দৰ্পণ” বুলি ধৰা হয়। কন্যা-বিয়াত কন্যাক আয়নাৰ আগত বহুৱাই সকলো দিশৰ পৰা তেওঁৰ ৰূপ দেখুৱাই শুভকামনা জনোৱা হয়।


গাড়ীৰ পিছ ফালৰ আয়নাত দূৰত্বৰ  ধাৰণা দিয়াৰ বাবে ব্যৱহাৰ হয়। দোকানৰ সাজসজ্জাত আয়নাৰ প্ৰতিফলনে সৰু ঠাইকো ডাঙৰ দেখুৱাব পাৰে। ফটোগ্ৰাফীত আয়নাৰ ব্যৱহাৰে গভীৰতা সৃষ্টি কৰে।


বিশ্বসংস্কৃতিত আয়নাৰ বিশেষ স্থান আছে। প্ৰাচীন চীনত “মেজিকেল মিৰ’ৰ” ক শুভ-অশুভ চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। লোকবিশ্বাস অনুসৰি আয়নাই অপদেবতা বা ভূতপ্ৰেত খেদিব  পাৰে।জাপানী সংস্কৃতিত আয়না হৈছে “তিনিখন পবিত্ৰ ধন”-ৰ এটা। জাপানী সকলে আয়না মানে শুদ্ধতা আৰু সত্য বুলি  জ্ঞান কৰে।

জাপানত আয়না পবিত্ৰ ধনৰ প্ৰতীক।ৰাছিয়া আৰু ইউৰোপীয় বহু দেশৰ লোককথাত আয়নাৰ কথা উল্লেখ আছে।জ্যোতিষী  সকলে গণনা কামত আয়না ব্যৱহাৰ  কৰে। কিছুমান দেশত মৃতদেহ থকা ঘৰত আয়না থোৱা হয়, কাৰণ মৃতকৰ আত্মা আয়নাত বন্দী হৈ পৰিব বুলি ভয় কৰা হয়।আৰব দেশসমূহত আয়না প্ৰায়ে সৌভাগ্য আৰু ধন-সম্পদৰ প্ৰতীক হিচাপে ব্যৱহৃত হয়। কেতিয়াবা দুষ্ট দৃষ্টি (evil eye) প্ৰতিৰোধৰ বাবে আয়নাৰে অলঙ্কাৰ পৰিধান কৰা হয়। ইংৰাজীত আয়নাক মিৰৰ, সংস্কৃতত দৰ্পণ, আৰবীত  মিৰ’আহ , চীন ভাষাত জিং।  চীনত আয়নাই ভূত-প্ৰেতৰ ভয় নাইকীয়া কৰে বুলি বিশ্বাস কৰে। জাপানী সকলে কাগামি, ফৰাছী  সকলে মিৰ’ৱাৰ, স্পেনিছ সকলে এস্পেখো,ৰাছিয়ান সকলে জেয়ৰকালা বুলি কয়।


মানৱ জীৱনত আয়নাৰ স্থান অতি প্ৰাচীন। কেৱল ৰূপচৰ্চা বা বাহ্যিক সাজসজ্জাৰ উপকৰণ হিচাপে নহয়, আয়নাই সাহিত্য, সংগীত, দাৰ্শনিক চিন্তা–চেতনা আৰু শিল্পত গুৰুত্বপূৰ্ণ প্ৰতীক ৰূপে স্থান দখল কৰিছে। সাহিত্যত আয়না মানে কেতিয়াবা নিষ্ঠুৰ সত্যকথক, কেতিয়াবা ভ্ৰমৰ দুৱাৰ, কেতিয়াবা আত্ম-অনুসন্ধানৰ সঁজুলি।


সাহিত্যত আয়না কেৱল এবিধ বস্তু নহয়। ই সত্য আৰু ভ্ৰমৰ প্ৰতীক, আত্ম-অনুসন্ধানৰ মাধ্যম, অলৌকিক প্ৰৱেশদ্বাৰ আৰু শিল্পৰ উপমা। আয়নাৰ দৰে সাহিত্যই মানুহক নিজৰ ভিতৰ আৰু বাহিৰৰ জগতৰ সন্মুখীন কৰায় আৰু জীৱনৰ জটিলতাক স্পষ্টকৈ প্ৰতিফলিত কৰে।


আয়নাক প্ৰতীক ৰূপে বিভিন্ন সাহিত্যত গভীৰ অৰ্থ প্ৰকাশ কৰা হৈছে। আয়না মানে কেৱল শৰীৰৰ প্ৰতিফলন নহয়, কেতিয়াবা মনৰ অন্তৰ্দশনক বুজায়। কবি–সাহিত্যিকসকলে আয়নাৰ মাধ্যমেৰে আত্মসমালোচনা, আত্মসন্ধান আৰু সত্যৰ প্ৰতিফলন প্ৰকাশ কৰিছে। শিশুসাহিত্যৰ প্ৰসিদ্ধ গ্ৰন্থ Through the Looking-Glassত এলিছৰ কল্পনাৰ জগত আয়নাৰ ভিতৰৰ পৰা আৰম্ভ হয়। লুইছ কেৰ'লৰ প্ৰসিদ্ধ কল্পনামূলক শিশুসাহিত্য "Through the Looking-Glass, and What Alice Found There" (১৮৭১) হৈছে Alice’s Adventures in Wonderlandৰ পাছৰ খণ্ড। এই গ্ৰন্থত এলিছ নামৰ সৰু লৰাটো আয়নাৰ জগতত প্ৰৱেশ কৰে। আইনাই অলৌকিক জগতলৈ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। ঘৰৰ আয়নাৰ ভিতৰেদি এখন বিচিত্ৰ জগতে তেওঁক স্বাগতম জনায়।এলিছৰ যাত্ৰাত তেওঁ ৰেড কুইন, হোৱাইট কুইন, টুইডলডাম-টুইডলডী, হামটি-ডামটি আদি বিভিন্ন অদ্ভুত চৰিত্ৰৰ  দ্বাৰা শিশুজগতৰ কল্পনাশক্তি আৰু পাঠকৰ চিন্তাশক্তি দুয়োটাক সজীৱ কৰি তোলে।


দাৰ্শনিকভাৱে আয়না সাহিত্যত দেখা আৰু সঁচাৰ ভিন্নতা উত্থাপন কৰে। আয়নাত দেখা ছবি আচল  নহয়—ই কেৱল প্ৰতিচ্ছবি। ইয়াৰ পৰা ভ্ৰম, দ্বিমুখিতা আৰু স্ব-অভিজ্ঞান হেৰাই যোৱাৰ ভয়ো সাহিত্যত প্ৰতিফলিত হৈছে। খ্যাতনামা সাহিত্যিক হৰহে লুইছ বৰ্হেছৰ  আয়নাক অসীম প্ৰতিফলনৰ প্ৰতীক হিচাপে দেখুৱাইছে।মানৱ সভ্যতাৰ আদিকালৰ পৰাই আয়না কেৱল মুখমণ্ডল দেখা বা সাজি–কাচি চাব পৰা এটা উপকৰণ নহয়, ই মানুহৰ চিন্তা–চেতনা, কল্পনা আৰু সাহিত্যত এটা গভীৰ প্ৰতীক হিচাপে স্থান লাভ কৰিছে। আয়না কেৱল বাহ্যিক ৰূপ প্ৰতিফলিত কৰে এনে নহয়, সাহিত্যত ই সত্য, স্ব-অভিজ্ঞান, ভ্ৰম আৰু মানৱ হৃদয়ৰ গুপ্ত অনুভৱক উন্মোচিত কৰাৰ এক উপকৰণ ৰূপে ব্যবহৃত হৈ আহিছে।


সাহিত্যৰ সৈতে আয়নাৰ প্ৰধান সংযোগটো হ’ল প্ৰতিফলন।  আয়নাই বাস্তৱ ছবি প্ৰতিফলিত কৰে, সাহিত্যই সমাজক প্ৰতিফলিত কৰে । সাহিত্যই মানুহৰ সুখ–দুখ, সৌন্দৰ্য্য, আপচু ,ন্যায়–অন্যায় আদি জীৱনৰ প্ৰতিটো দিশ আয়নাৰ দৰে  দেখুৱাই দিয়ে।


আয়না হৈছে আত্মসমীক্ষাৰ প্ৰতীক।  চিলভিয়া প্লাথৰ  কবিতা Mirror-ত আয়নাক এজন নিৰপেক্ষ সত্যকথক হিচাপে দৰ্শোৱা হৈছে, যি মানুহৰ বয়স বৃদ্ধি আৰু জীৱনৰ নিষ্ঠুৰ সঁচাই উন্মোচিত কৰে। ইয়াত আয়নাই প্ৰশংসা নকৰে, মিছা কথা নকয় ,ই কেৱল বাস্তৱতাক সৰলভাৱে প্ৰতিফলিত কৰে।Mirror কবিতাত আয়নাক এজন নিৰপেক্ষ প্ৰত্যক্ষদৰ্শী হিচাপে দৰ্শোৱা হৈছে, যি মানুহৰ বয়স বৃদ্ধি, ৰূপান্তৰ আৰু মৰণকো লুকুৱাই নাৰাখে।


কিছুমান দীৰ্ঘ লৌকিক গীত আৰু উপাখ্যানত আয়না ভাগ্যৰ প্ৰতীক হিচাপে উল্লেখিত, য’ত ভগ্ন আয়না অমংগল বুলি গণ্য  কৰা হয়।এই লোকবিশ্বাসসমূহে আয়নাক কেৱল দৈনন্দিন বস্তু নহয়, মায়া, কল্পনা আৰু গূঢ় শক্তিৰ এক প্ৰতীক ৰূপে প্ৰতিষ্ঠা কৰিছে।


সাধু কথাত আছে যে ভূত আয়নাত ধৰা নিদিয়ে।


লোককথাত  আয়না অলৌকিকতা আৰু গুপ্ত ৰহস্যৰ প্রতীক হিচাপেও দেখা যায়। Snow White-ৰ জাদুৰ আয়নাই লুকুৱা সঁচা প্ৰকাশ কৰে।

চিকিৎসা বিজ্ঞানত শল্যচিকিৎসাৰ সময়ত, বিজ্ঞান আৰু প্ৰযুক্তিত, গাড়ী-চলাচলত আয়নাৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়।


সাহিত্যক “সমাজৰ আয়না” বুলি ক’ব পৰা যায়। এই দৃষ্টিভংগীত, সাহিত্যই মানুহৰ জীৱন–যাপন, সংস্কৃতি, সুখ–দুখ, বৈষম্য আদি সকলোবোৰ দিশ প্ৰতিফলিত কৰে। শেক্সপিয়ৰে কৈছিল—“Art holds a mirror ture” অৰ্থাৎ শিল্প বা সাহিত্যই জীৱনক আয়নাৰ দৰে প্ৰতিফলিত কৰে। অসমৰ লোকসাহিত্য, ভাৱগীতি, কাব্য আদি সকলো সাহিত্য সমাজৰ জীৱন–সংস্কৃতিৰ সত্য প্ৰতিচ্ছবি।আয়না সাহিত্যত আত্ম-সমীক্ষা তথা নিজক চিনি লোৱাৰ এক গভীৰ প্ৰতীক।ইয়াৰ পৰা ভ্ৰম আৰু দ্বিমুখিতাৰ সমস্যা উঠি আহে।


হৰহে লুইছ বৰ্হেছৰ গল্পত আয়নাই অসীম প্ৰতিফলনৰ ভয় দেখুৱাই।সাহিত্য যেন আয়নাৰ দৰে, য’ত পাঠকে নিজৰ প্ৰতিচ্ছবি দেখে। এজন লেখকে নিজৰ ভাবনা, সমাজৰ সংকট, আশা–আকাঙ্ক্ষা সাহিত্যত লিখে । কিন্তু পাঠকজনে পঢ়ি নিজৰ সত্য আৰু অভিজ্ঞতা চিনি পায়। সেয়ে সাহিত্যক এক বহুমুখী আয়না ক’ব পাৰি।ইয়াৰ পৰা ভ্ৰম আৰু দ্বিমুখিতাৰ সমস্যা উঠি আহে। ৰবীন্দ্ৰনাথ ঠাকুৰে “আত্মদৰ্শন”ক আয়নাৰ সৈতে ৰিজাইছে।   আয়নাই জীৱনৰ অন্তৰ আত্মক চাবলৈ এটা মাধ্যম বুলি কবিতাত প্ৰকাশ কৰিছে।


আয়না হাঁহি আৰু অশ্ৰুৰ সাৰথি। আয়নাই দেখুৱাই দিয়ে অভিজ্ঞতাৰ ৰেখা, বেদনাৰ ছাঁ। দেখুৱাই দিয়ে মই কিমান পথ খোজ কাঢ়ি আহিছোঁ আৰু কিমান পথ বাকী আছে।আয়না কেৱল চকুৰ বাবে নহয়,ই আত্মাৰো আয়না।নতুন দিল্লীত ইলিউচন সংগ্ৰহালয় লৈ গৈ আইনাৰ দ্বাৰা  কেনেকৈ  ভ্রম সৃষ্টি হয়  সেইয়া  দেখি অভিভূত হৈছিলোঁ। ইলিউচন  মিউজিয়াম   বা Museum of Illusions হৈছে আধুনিক সময়ৰ এটা বিশেষ ধৰণৰ সংগ্ৰাহালয় য'ত বিজ্ঞান, মনোবিজ্ঞান আৰু শিল্পকলা একেলগ হৈ মানুহক আশ্চৰ্যজনক দৃশ্যভ্ৰম (optical illusion)ৰ অভিজ্ঞতা দিয়ে। ইয়াত প্ৰৱেশ কৰোঁতে মানুহে নিজৰ দৃষ্টি-ইন্দ্ৰিয়ক প্ৰশ্নৰ মুখামুখি কৰিব লগা হয়। কোনোবাই ওচৰত থকা মানুহৰ আকাৰ হঠাৎ সৰু বা ডাঙৰ হৈ দেখা পায়।আয়না কক্ষত  (Mirror Room)   শতাধিক আয়নাৰ ব্যৱহাৰ কৰি দৰ্শকক  প্ৰতিফলনৰ জগতলৈ যায়।হলোগ্ৰাফিক প্ৰদৰ্শনী হৈছে বিশেষ পোহৰ আৰু প্ৰক্ষেপনৰ জৰিয়তে সৃষ্টি কৰা ছবি য'ত বাস্তৱ আৰু কল্পনাৰ সীমা  অতিক্ৰম কৰে।ইলিউচন বা  ভ্ৰম সংগ্ৰহালয় কেৱল আনন্দৰ ক্ষেত্ৰ নহয়, ই এটা শিক্ষামূলক স্থান বুলিব পাৰি। ইয়াত দৃশ্যভ্ৰমৰ বৈজ্ঞানিক ভিত্তি, দৃষ্টিশক্তি আৰু মগজুৰ প্রয়োগ, মনোবিজ্ঞান আদি বিষয়ৰ সহজ বৰ্ণনা দিয়া হয়। মূলতঃ সকলো আয়নাৰ খেল।


আয়না কেৱল কাঁচৰ ওপৰত ৰূপৰ এখন পাতল আৱৰণ নহয়; ই বিজ্ঞান, দৰ্শন, শিল্প আৰু মানৱ-চেতনাৰ এক বিস্ময়কৰ সংযোগস্থল। বিজ্ঞানৰ দৃষ্টিত আয়না হৈছে পোহৰৰ প্ৰতিফলনৰ এক অনন্য মাধ্যম, যিয়ে বস্তুক তাৰ প্ৰায় অবিকৃত ৰূপত উভতাই দিয়ে। কিন্তু সেই একেই আয়নাই বাস্তৱৰ সমান্তৰাল এক ভ্ৰমময় জগতও সৃষ্টি কৰে, য’ত সোঁফাল বাওঁফাল হয়, দূৰত্ব আৰু গভীৰতাৰ নতুন অনুভূতি জন্মে। বিজ্ঞানৰ সূক্ষ্ম নিয়ম আৰু শিল্পৰ কল্পনাশক্তি যেন আয়নাৰ বুকুত একেলগে মিলিত হয়।


মানুহে যেতিয়া আয়নাৰ সন্মুখত থিয় হয়, তেতিয়া কেৱল নিজৰ মুখখনেই নেদেখে; কেতিয়াবা নিজৰ সময়, নিজৰ বয়স, নিজৰ সপোন আৰু নিজৰ অপূৰ্ণতাকো দেখা পায়। সেইবাবেই আয়না বহু যুগ ধৰি সাহিত্য, শিল্প আৰু দৰ্শনৰ এক শক্তিশালী প্ৰতীক হৈ আহিছে। ই কেতিয়াবা ভাষ্যকাৰ, কেতিয়াবা আত্ম-অনুসন্ধানৰ সংগী, আৰু কেতিয়াবা ভ্ৰমৰ জগতলৈ যোৱাৰ দুৱাৰৰ ভূমিকা পালন কৰে।


সমাজ জীৱনতো আয়নাৰ এক গভীৰ ৰূপক অৰ্থ আছে। সমাজ এখনক নিজৰ মুখখন দেখুৱাবলৈ এখন দাপোনৰ প্ৰয়োজন হয়। সাহিত্য, সংবাদ মাধ্যম, শিল্প বা বুদ্ধিজীৱীসকলৰ সমালোচনামূলক চিন্তা বহু সময়ত সেই আয়না বা দাপোনৰ ভূমিকাত অৱতীৰ্ণ হয়। সমাজৰ অন্যায়, দুৰ্নীতি, বৈষম্য বা নৈতিক অৱক্ষয়ৰ ছবিখন যেতিয়া কোনো লেখক, সাংবাদিক বা শিল্পীয়ে উদঙাই ধৰে, তেতিয়া তেওঁলোকে মূলতঃ সমাজৰ আগত এখন দাপোন তুলি ধৰে। সেই দাপোনত দেখা দৃশ্য যদি কুৎসিত হয়, তেন্তে তাৰ দোষ দাপোনৰ নহয়; বৰং দোষ সেই বাস্তৱতাৰ, যাক আয়না বা দাপোনে অকপটে প্ৰতিফলিত কৰে।এনে সত্য সদায় সকলোৰে বাবে সুখৰ বা আনন্দৰ নহয়। সেইবাবেই বহু সময়ত সমাজৰ অসুন্দৰ মুখখন চাবলৈ অনিচ্ছুক লোকসকলে এনে দাপোনক “বিষাক্ত আয়না” বুলি অভিহিত কৰে। কাৰণ সেই দাপোনে তেওঁলোকৰ স্বস্তিৰ আৱৰণ আঁতৰাই বাস্তৱৰ কঠোৰ মুখখন দেখুৱাই দিয়ে। অথচ সত্যক লুকুৱাই ৰখাতকৈ তাক চিনাক্ত কৰি দেখুৱাই দিয়াটো দায়িত্বৰ ভিতৰত পৰে। বিষাক্ত আয়না বুলি অভিযুক্ত আয়না বা দাপোনেই বহু সময়ত সমাজ সংস্কাৰৰ আৰম্ভণি কৰে।


সেয়েহে ক’ব পাৰি, আয়না  কেৱল এপদ বস্তু নহয়; আয়না মানুহৰ চেতনা, কল্পনা আৰু বাস্তৱবোধৰ এক অন্তহীন উপমা, যিয়ে আমাক নিজৰ লগতে সমাজৰ মুখামুখি হোৱাৰ সাহস দিয়ে।




ড০শৰৎ বৰকটকী

নগাঁও, অসম।

দূৰভাষ নং ৭০০২২ ৫৮১৭৩

Comments


bottom of page