অহংকাৰেই ধ্বংসৰ আগজাননী
- সুৰজিৎ গোস্বামী

- Apr 25
- 3 min read

“Pride goes before destruction.” -William Shakespeare
কাম, ক্ৰোধ, লোভ, মোহ, মদ (অহংকাৰ), আৰু ঈৰ্ষা হৈছে আমাৰ ষষ্ঠ ৰিপু । এই ষষ্ঠ ৰিপুৰ “মদ” বা অহংকাৰ পঞ্চম স্থানত ধৰা হয় ।“মদ” মানে কেৱল গৰ্ব নহয়, নিজৰ শক্তি, ধন, জ্ঞান, সৌন্দৰ্য বা পদৰ ওপৰত অতিমাত্ৰা অহং কৰা। অহংকাৰ ছটা ৰিপুৰ মাজত পঞ্চম স্থানত থাকিলেও ইয়াৰ প্ৰভাৱ অতি গভীৰ। ই আন ৰিপুবোৰকো শক্তিশালী কৰে, সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰা আধ্যাত্মিক আৰু নৈতিক জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
অহংকাৰ মানে নিজৰ শক্তি, বিদ্যা বা সাফল্যক লৈ অত্যধিক গৰ্ব কৰা মানসিকতা। ই মানুহৰ চিন্তা-চেতনাক আন্ধাৰ কৰি তোলে আৰু ভুল-শুদ্ধ বুজাৰ ক্ষমতা হ্ৰাস কৰে। ইতিহাসত অহংকাৰৰ বাবে পতন হোৱা বহু উদাহৰণ পোৱা যায়। সেয়েহে অহংকাৰক মানৱ জীৱনৰ এক ডাঙৰ শত্রু বুলি গণ্য কৰা হয়।
ঋষি বিশ্ৰবা আৰু কৈকেষীৰ জ্যেষ্ঠ পুত্ৰ ৰাৱণ এজন সৰ্বজ্ঞানী যোদ্ধা আছিল। ৰাজনীতিত আৰু শাস্ত্ৰ বিদ্যাত এজন নিপুণ ব্যক্তি আছিল ৰাৱণ। তেওঁ আছিল তন্ত্ৰ বিদ্যাৰ পুৰোধা আৰু শিৱ স্তোত্ৰৰ অন্যতম স্ৰষ্টা। প্ৰতিটো গ্ৰহক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল ৰাৱণে । ৰাৱণ শিৱৰ এজন প্ৰিয় ভক্ত আছিল। ৰাৱণ ইমানেই বেছি শক্তিশালী আছিল যে তেওঁৰ ত্ৰিভূৱন দখল কৰাৰ ক্ষমতা আছিল। ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিৎ , ভায়েক কুম্ভকৰ্ণ, প্ৰৱল প্ৰতাপী ৰাক্ষস সেনা ৰাৱণৰ কাৰণে প্ৰাণ ত্যাগ কৰিবলৈ সদা প্ৰস্তুত আছিল । তথাপি ৰামৰ হাতত ৰাৱণৰ পৰাজয় হৈছিল কিয় ?
ৰাৱণক বধ কৰাতো যে ইমান সহজ নাছিল সেই কথা ৰামৰ মাতৃ কৌশল্যাই জানিছিল। বৰপুত্ৰ ৰামক সগৌৰৱৰে ৰাৱণক বধ কৰি ঘূৰি অহাৰ সময়ত মাতৃয়ে সুধিছিল - "তুমি সঁচাকৈয়ে ৰাৱণক বধ কৰি উভতিছানে?"
মাতৃৰ প্ৰশ্নৰ উত্তৰত ৰামে বিনম্ৰতাৰে কৈছিল- মই অৰ্থাৎ ৰামে ৰাৱণক বধ কৰা নাই। ৰাৱণক বধ কৰিছে 'মই'য়ে। পুত্ৰৰ উত্তৰ শুনি ৰাণী কৌশল্যাই একো বুজি পোৱা নাছিল।
তেতিয়া ৰামে মাতৃক কৈছিল - প্ৰাপ্তি আৰু ক্ষমতাই কাল হ'ল ৰাৱণৰ। 'মই' বৰ ভাব সৃষ্টি হৈছিল মনত । এনে 'মই' ভাবৰ অহংকাৰেই ৰাৱণক বধ কৰিছিল। নহ'লে ৰাৱণক বধ কৰাৰ কাৰ সাধ্য আছিল ? এই ৰামায়ণৰ কাহিনী আৰু ইয়াৰ মাজৰ তত্ত্বই সাম্প্ৰতিক সময়ৰ কিছু লোকৰ সৈতে তুলনা কৰাৰ অৱকাশ থাকে। কৰ্মদক্ষ, কৰ্মপটু আৰু দূৰদৃষ্টি সম্পন্ন ৰাৱণৰ দৰে এই আধুনিক ৰাৱণ সকলো যেন' মই 'বৰ অহংকাৰেৰে পুষ্ট।
সেইদৰে মহাভাৰতৰ দুৰ্যোধনৰ চৰিত্ৰতো অহংকাৰ স্পষ্ট ৰূপে দেখা যায়। পাণ্ডৱসকলৰ প্ৰতি ঈৰ্ষা আৰু নিজৰ ৰাজক্ষমতাৰ ওপৰত অহংকাৰ কৰি তেওঁ পিতামহ ভীষ্ম, বিনম্ৰতাৰ প্ৰতীক বিদূৰ, গুৰু দ্ৰোণ আদি জ্ঞানী ব্যক্তিয়ে দিয়া সৎ পৰামৰ্শ উপেক্ষা কৰাৰ ফলতেই কুৰুক্ষেত্ৰৰ যুদ্ধৰ সূচনা হৈছিল আৰু ফলত কৌৰৱৰ সম্পূৰ্ণ পতন ঘটিছিল।
নেপোলিয়ন এজন মহান সেনাপতি আছিল, কিন্তু তেওঁৰ অহংকাৰ আৰু অধিক ক্ষমতাৰ লোভেই শেষত তেওঁৰ পৰাজয়ৰ অন্যতম কাৰণ হৈছিল। নেপোলিয়ন বোনাপাৰ্টে নিজৰ সামৰিক সাফল্যৰ ওপৰত অতিমাত্ৰা আত্মবিশ্বাসী হৈ অহংকাৰী হৈ উঠিছিল। ফলত ৰাছিয়া অভিযানত পৰাজয় বৰণ কৰি তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰিসমাপ্তি ঘটিছিল।
অতিৰিক্ত অহংকাৰ, ঘৃণা আৰু একনায়কত্বই ধ্বংসক আমন্ত্ৰণ কৰিব পাৰে,যিদৰে হিটলাৰৰ জাতিগত শ্ৰেষ্ঠত্বৰ অহংকাৰেই দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসাত্মক পৰিণতি আনিছিল। প্ৰায় ৬ মিলিয়ন ইহুদী লোকৰ হত্যাকাণ্ডৰ অহংকাৰী নায়ক হিটলাৰে ১৯৪৫ চনত জাৰ্মানীৰ পৰাজয় নিশ্চিত হোৱাৰ সময়ত আত্মহত্যা কৰিছিল।
সেয়ে বিজ্ঞ সকলে কয়-"অহংকাৰেই মানুহৰ জ্ঞান ঢাকি দিয়ে আৰু পতনৰ পথ মুকলি কৰে।”
অহংকাৰ মানৱ জীৱনৰ এক বিপজ্জনক দোষ। যেতিয়া এই অহংকাৰ ক্ষমতা, ৰাজনীতি আৰু শাসনৰ সৈতে যুক্ত হয়, তেতিয়া ই কেৱল ব্যক্তিগত ক্ষতি নহয়, সমগ্ৰ সমাজ আৰু দেশৰ বাবে ক্ষতিকাৰক হৈ উঠে। ভাৰতীয় ৰাজনীতিত অহংকাৰৰ বহু উদাহৰণ পোৱা যায়, যিবোৰে ইতিহাসত গভীৰ প্ৰভাৱ পেলাইছে।
স্বামী বিবেকানন্দই কৈছিল - “অহংকাৰেই মানুহৰ সকলো দুখৰ মূল। যেতিয়া মানুহে ‘মই’ক আগবঢ়ায়, তেতিয়াই পতনৰ আৰম্ভণি হয়।”
ৰাজনীতি মূলতঃ জনসেৱাৰ এক মহান ক্ষেত্ৰ। কিন্তু ক্ষমতা লাভ কৰাৰ পিছত বহু ৰাজনীতিবিদে নিজকে জনতাৰ ওপৰত বুলি ভাবিবলৈ ধৰে। এই ধাৰণাৰ পৰা ক্ষমতাৰ অহংকাৰ জন্ম লয়। অহংকাৰী ৰাজনীতিবিদে সমালোচনাক সহ্য নকৰে, প্ৰতিপক্ষৰ মতামতক তুচ্ছজ্ঞান কৰে আৰু নিজৰ সিদ্ধান্তকেই সৰ্বোচ্চ বুলি গণ্য কৰে।
ইন্দিৰা গান্ধীৰ শাসনকাল ভাৰতীয় ৰাজনীতিত অহংকাৰৰ এক গুৰুত্বপূর্ণ অধ্যায়। ১৯৭১ চনৰ নিৰ্বাচনত অভূতপূৰ্ব জয়ৰ পিছত তেওঁৰ ব্যক্তি কেন্দ্ৰিক ৰাজনীতি শক্তিশালী হয়। দেৱকান্ত বৰুৱাৰ দৰে নেতাৰ “ইন্দিৰা ইজ ইণ্ডিয়া” ধাৰণাই ব্যক্তিপূজাক উচটনি দিছিল। ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণা কৰি বিৰোধী পক্ষৰ, ৰাইজৰ আৰু সংবাদ মাধ্যমৰ মৌলিক অধিকাৰ খৰ্ব কৰাটো 'ক্ষমতাৰ অহংকাৰৰ' জ্বলন্ত উদাহৰণ। ইয়াৰ ফলস্বৰূপে পিছৰ ১৯৭৭ চনৰ নিৰ্বাচনত তেওঁ আৰু কংগ্ৰেছ দল ভয়ংকৰ পৰাজয়ৰ সন্মুখীন হৈছিল।
সমালোচনাৰ প্ৰতি অসহিষ্ণুতা, সংবাদ মাধ্যমক প্ৰলোভিত কৰা বা দমন কৰা, প্ৰতিপক্ষক তুচ্ছজ্ঞান কৰা প্ৰবণতা অহংকাৰী ৰাজনীতিৰ লক্ষণ বুলি গণ্য কৰা হয়। এইধৰণৰ মনোভাৱে গণতান্ত্ৰিক পৰম্পৰাক ক্ষতিগ্ৰস্ত কৰে।
গীতাত অহংকাৰক মানুহৰ আধ্যাত্মিক পতনৰ অন্যতম কাৰণ বুলি কোৱা হৈছে।
যিজনে “মইয়ে সকলো কৰোঁ” বুলি ভাবে, তেওঁ সত্য উপলব্ধি কৰিব নোৱাৰে ।
অহংকাৰে মানুহক বাস্তৱৰ পৰা আঁতৰাই নিয়ে, আনৰ পৰামৰ্শক মূল্য নিদিয়ে আৰু নিজকে সৰ্বোচ্চ বুলি ভাবে। এই ধৰণৰ মানসিকতাই লাহে লাহে ভুল সিদ্ধান্তলৈ লৈ যায় আৰু শেষত পতন ঘটে। বিপৰীতে, নম্ৰতা আৰু সচেতনতাই মানুহক উন্নতিৰ পথত আগুৱাই লৈ যায়।
ছক্ৰেটিছৰ মতে -"মই জানো যে মই একো নাজানো—এইটোৱেই প্রকৃত জ্ঞানৰ আৰম্ভণি ।"
অহংকাৰ মানে “মই”ৰ অতি বেছি অনুভৱ। এইটো যেতিয়া বুজি পোৱা যায়, তেতিয়া মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে । অহংকাৰৰ ওপৰত জ্ঞান থকাটো প্ৰয়োজন। অহংকাৰ আৰু জ্ঞান একেলগে থাকিলে সমস্যা হয় যিটো ৰাৱণৰ ক্ষেত্ৰত হৈছিল বুলি আমি ভাবিব পাৰো , কিন্তু জ্ঞানৰ সৈতে নম্ৰতা থাকিলে সেইটোৱেই প্রকৃত প্রজ্ঞাৰ উদাহৰণ হব পাৰে।
সুৰজিৎ গোস্বামী ।
পানীগাঁও, নগাঁও
দূৰভাষ নং ৭০০২৮৬৫৯৬৮





Comments