top of page

আত্মহনন


কলটোৰ পানীৰে হাত- ভৰি দুখন ধুই উঠিয়েই সুনীতিয়ে ছেই ছেই, যা যা বুলি চিঞৰিবলৈ ধৰিলে। ৰাউচি জুৰি থকা কুকুৰটোক লক্ষ্য কৰিয়েই সুনীতিয়ে সেই দৰে চিঞৰিছিল। এনেয়ে কুকুৰৰ মাত তাইৰ সিমান পছন্দৰ নহয়। তাতে কেইবাবাৰো কুকুৰটোৱে সেই দৰে ৰাউচি জুৰি আছিল। ভাত খাই বিচনাত পৰি জিৰনি লোৱাৰ সময়তো কুকুৰটোৰ এই অশান্তিকৰ চিঞৰ সুনীতিৰ কাণত পৰিছিল। কুকুৰে এনেকৈ ৰাউচি জুৰা শুনিলেই সুনীতিৰ অশান্তি লাগে। মাকৰো অভ্যাস তেনেকুৱাই আছিল। ঘৰৰ চৌহদত আহি এনেকৈ কুকুৰে ৰাউচি জুৰিলেই মাকৰ খং উঠিছিল। বিচাৰি বিচাৰি নিজেই খেদিছিল অথবা দেউতাকক চিঞৰিছিল। মাকে অৱশ্যে কুকুৰে এনেকৈ ৰাউচি জুৰা অমংগলীয়া বুলি ভাবিছিল। কেইবাদিনো মাকে তেনেকৈ কোৱা তাই শুনিছিল। সেই কাৰণেই তেনেকৈ ৰাউচি জুৰা কুকুৰক নেখেদালৈকে মাক ক্ষান্ত হোৱা নাছিল। আকৌ এবাৰ কুকুৰটোৰ সেই ৰাউচি শুনি সুনীতিৰ খং উঠিল। ভেটিৰ কাষত দমাই থোৱা খৰি এডাল লৈ কুকুৰটোৰ মাতটোক লক্ষ্য কৰি দলিয়াই দি সুনীতিয়ে আকৌ ছেই ছেই,‌ যা অ এইছব বুলি চিঞৰিলে। সুনীতিৰ সেই চিঞৰ ভিতৰত থকা ৰাংগৌৰাৰ কাণত পৰাত তাৰ পৰাই সি কি হ'ল বুলি সুধিলে। সুনীতিয়ে কৰ পৰা এইছব আহি ইয়াত মৰেহি বুলি কৈ ভিতৰলৈ সোমাই গ'ল। কুকুৰৰ ৰাউচি জুৰা ৰাংগৌৰায়ো শুনিছিল। সেইটো কাৰণতে সুনীতিৰ খং উঠা বুলি গম পাই ৰাংগৌৰাৰ হাঁহি উঠিল। এহ, যাবগৈ দে বুলি কৈ সি বাহিৰলৈ ওলাই আহিল।


    কুকুৰটোৱে আজিহে যে ৰাওচি জুৰিছে এনে নহয়। আগতেও মাজে সময়ে এনেকৈ চিঞৰে। কি দেখি এনেকৈ চিঞৰে অথবা কিয় এনেকৈ চিঞৰে সেই বিষয়ে ৰাংগৌৰাৰ কোনো ষ্পষ্ট ধাৰণা নাই। শুনি অৱশ্যে তাৰো ভাল নেলাগে। কিন্তু সি সিমান মন নকৰে। সিয়েই নহয় বৰং সুনীতিকো নিৰ্বিকাৰ হৈ থকাই দেখিছিল। কিন্তু যেতিয়াৰ পৰাই সুনীতিৰ গা গধুৰ হৈ আহিছে তেতিয়াৰ পৰাই তাই বহুখিনি সলনি হৈ আহিছে। আজিকালি আগতকৈ সাৱধানেৰে থাকে সুনীতিয়ে। বিয়াৰ প্ৰায় পাঁচ বছৰেই হ'বৰ হ'ল। এইছোৱা সময় পৰ্যন্ত কেঁচুৱা এটা ঘৰখনলৈ অহা নাই। সেই কথাটো লৈ সি আৰু সুনীতিতকৈ বেছি ব্যস্ত হৈ পৰিছিল ঘৰৰ কাষৰ মানুহবোৰ আৰু সিহঁতৰ আত্মীয়- স্বজন। সঘনাই এনেবোৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ পাই এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছিল সুনীতি। সেই কাৰণেই সুযোগ পালেই তাই চিকিৎসাৰ কথা ক'বলৈ আৰম্ভ কৰি দিছিল। হেঁপাহ - আগ্ৰহ তাৰ যে নাই এনে নহয়। হ'লেও এই বিষয়টো লৈ চিকিৎসকৰ কাষলৈ যাবলৈ ইচ্ছুক নাছিল সি। তথাপিও সুনীতিৰ কথা অৱজ্ঞা কৰিব নোৱাৰি অৱশেষত চহৰৰ চিকিৎসকৰ কাষলৈ অহা-যোৱা আৰম্ভ কৰিব লগা হৈছিল। চিকিৎসকজনৰ তালৈ যোৱাৰ প্ৰথম দিনটোৰ অভিজ্ঞতা আছিল বৰ অদ্ভূত। হাতৰ বেগটোৰ ভিতৰত আৰু এটা সৰু বেগ লৈ গৈছিল সুনীতিয়ে। চেম্বাৰত চিকিৎসকৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে হঠাতে সুনীতিৰ বুকুখন কপি উঠিল। সৰু বেগটো দেখোন নাই। চিকিৎসাৰ বাবে প্ৰয়োজন হ'ব বুলি ভাবিয়েই সুনীতিয়ে তাত পইচা কেইটামান ভৰাই আনিছিল। এতিয়া বেগটো হেৰুৱা মানে পইচা কেইটাও হেৰুৱাব। প্ৰথমে নিজেই বিচাৰিবলৈ আৰম্ভ কৰিছিল সুনীতিয়ে। কিন্তু সুনীতিৰ উচপিচনি দেখিয়ে ৰাংগৌৰাই কি হ'ল বুলি সুধিলে। ইয়াৰ পিছত সুনীতিৰ উচপিচনিখিনি আহি ৰাংগৌৰাৰ দেহ- মনতো জোকাৰণি তুলিলে। অলপ সময়ৰ পিছত ৰিচেপচনিষ্ট গৰাকী সিহঁতৰ কাষ চাপি আহিল। তেওঁ আহি সুনীতিক সেই সৰু বেগটো চমজাই দি ক'লে যে কাউণ্টাৰতে সেইটো এৰি থৈ অহা হৈছিল। তেতিয়াহে মনত পৰিল যে কাউণ্টাৰত দিব লগা খুচুৰা বিচাৰি জেপত খেপিয়াই ফুৰিছিল ৰাংগৌৰাই। সেই কথা বুজি পাই সুনীতিয়ে সেই বেগটোৰ পৰা পইচা উলিয়াই তাক দিছিল। সুনীতিয়ে পইচা কৰ পৰা উলিয়াই দিছিল সেয়া সি জনা নাছিল। কাম হৈ যোৱাৰ পিছত দুয়ো আহি আঁতৰৰ চকীত বহি আছিল। বেগটো উভতাই পাই বৰ সকাহ লাভ কৰিছিল দুয়ো। ৰিচেপচনিষ্ট গৰাকীৰ নাম লিলি। লিলি গৰ্ভৱতী আছিল। নিজৰ কথা কৈ লিলিয়ে সুনীতিক জনাইছিল যে তায়ো আশা প্ৰায় এৰিয়ে পেলাইছিল। বহু পুজা- পাতলো কৰিছিল। কিন্তু ফলহে পোৱা নাছিল। সেই সময়তে এইগৰাকী চিকিৎসকে ইয়াত চেম্বাৰ খোলাৰ কথা জানিব পাৰিলে। লিলিক তেওঁ কামৰ সুবিধা কৰি দিলে। পিছত ঘটনা ক্ৰমে তাইৰ সমস্যাৰ কথা জানি এই গৰাকী চিকিৎসকেই পৰীক্ষা নিৰীক্ষা কৰিলে। লিলিৰ ভাগ্য ভাল আছিল। এতিয়া তাই প্ৰায় ছমহীয়া গৰ্ভৱতী। সুনীতিকো তাই উৎসাহ যোগাই ক'লে - ভাল ঠাইলৈকে আহিছে। ওপৰৱালাই কৰিলে ভাল হ'ব। সঁচাকৈয়ে সেই চিকিৎসকৰ পৰামৰ্শ মৰ্মেই চলাৰ পিছত এতিয়া সুনীতিৰ গা গধুৰ হৈ আহিছে। ইয়াৰ পিছত যেতিয়াই তালৈ গৈছিল তেতিয়াই লিলিক লগ পাইছিল। কথা পাতিছিল। লিলিৰ বিয়া হৈছে ফাটেমাবাদ বাগিছাত। তাইৰ মানুহজনে বাগানতে কাম কৰে।


     বাহিৰত কোনোবাই চিঞৰা যেন শুনি ৰাংগৌৰা ওলাই আহিল। পদুলি মুখত থিয় হৈ আছিল বিনয়, নৌৰাণ আৰু প্ৰদীপ। কাষ চাপি আহি ৰাংগৌৰাই সুধিলে - ক'ৰ পৰা? বিনয়ে সন্মুখৰ ফালে চাই ক'লে যে হাবিৰ মাজৰ পৰা আহিলো আকৌ। পৰি থকা গছ দুজোপামান আঁতৰাই ঠাই ডোখৰ মুকলি কৰিলোঁ।


-মানুহ বহুত হ'ব নেকি?


ৰাংগৌৰাৰ প্ৰশ্নৰ উত্তৰ দি বিনয়ে ক'লে- কাষৰ পাঁচ খন গাঁৱত খবৰ দিয়া নাই জানো?


হ'ব মানুহ।


বিনয়ৰ কথা শেষ নহওঁতেই নৌৰাণে ক'লে - নীলেশ্বৰহঁত লাগিয়ে আছে। জংঘলৰ ভিতৰলৈ দুটা গাত খান্দিছে। ৰন্ধা বঢ়া কৰাৰ বাবে। পানীৰো যোগাৰ কৰিবলৈ কোৱা হৈছে।


ৰাংগৌৰাই আকৌ সুধিলে - "কেইটামান বাজিব?" বিনয়ে ক'লে- "পুলিচৰ দৰে সুধি আছ যে? "


ইয়াৰ পিছত হাঁহি এটা মাৰি নৌৰাণে ক'লে - :"নটা  মান বজাত আহিবলৈ কোৱা হৈছে। "


ইমান সময়ে মনে মনে থকা প্ৰদীপে এইবাৰ ৰাংগৌৰাক ক'লে - "কোকৰাঝাৰত দুটা ধৰিছে। গম পোৱা নে নাই? "


ৰাংগৌৰাই একো জনা নাছিল। সেয়েহে সি সুধিলে - "ধৰিছে? কাক? "


ৰাংগৌৰাৰ অজ্ঞতাক ভেঙুচালি কৰি প্ৰদীপে ক'লে - "অলপ খবৰ ৰাখি চলিব লাগে ভাই। দিন কাল আগৰ দৰে হৈ থকা নাই। "


অবাক হৈ চাই থকা ৰাংগৌৰাক অধিক অস্বস্তিত নেৰাখি বিনয়ে ক'লে- "আদিবাসী দুটা ধৰা পৰিছে। "


বিনয়ৰ কথা শুনি ৰাংগৌৰাই সুধিলে - :"কি কৰিছিল সিহঁতে? "


বিনয়ে ক'লে- "কৰিব নেপালে। কৰাৰ আগতেই পুলিচে ধৰিলে। "


প্ৰদীপে ক'লে - "টি ভিত দেখাইছে। নক্সাল হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।"


- "হয় নেকি? "


- "নক্সাল?" ৰাংগৌৰাৰ লগতে নৌৰাণো আচৰিত হ'ল। ৰাংগৌৰাই একো নক'লে।


নৌৰাণে ক'লে - "মাই গড। নক্সালো আহি গ'ল নেকি?"


নৌৰাণৰ কথা শুনি বিনয়ে ক'লে-- "আমাৰহে গাত কথা নেলাগে। সকলো হাতে কামে লাগি গৈছে।" খন্তেক চিন্তা কৰি সি আকৌ কয়- "ট্ৰেইনিঙো দি ফুৰিছে নেকি? তেনেকুৱা কিবা এটাও কোনোবা এঠাইত কৈ থকা শুনিছোঁ।"


- হয় নেকি?


- "বেচিকেলি এই মানুহবোৰ জংগীয়েই হয় ন? পৰিৱেশটো এনেকুৱা দেখি লোকেল কণ্টেক্টবোৰ এলাৰ্ট হৈ গৈছে। সিহঁতৰে কোনোবাই এই নক্সালবোৰক খবৰ দি ট্ৰেইনিঙৰ বাবে মাতি আনিছে। "


    প্ৰদীপৰ কথাই সিহঁতক উদ্বিগ্ন কৰি তোলা যেন লাগিল। অলপ সময়ৰ বাবে কাৰো মুখৰ পৰা কোনো কথা নোলাল। সঁচাকৈয়ে দিন- কাল সলনি হৈ আহিছে। কোনেও কাকো বিশ্বাস নকৰা হৈ আহিছে। বিনয়ে জেপৰ পৰা উলিয়াই এটা চিগাৰেট জ্বলালে আৰু খুব হেপাহেৰে দুটা টান মাৰি সেইটো নৌৰানলৈ আগবঢ়াই দি ক'লে - "এতিয়াও যদি আমি হাতে কামে লাগিব নোৱাৰো তেন্তে মষ্কিল হ'ব।"


মুখৰ ধোৱাখিনি বাহিৰলৈ উলিয়াই দি নৌৰাণে ক'লে - "জগতৰ বাপেকটোৰ কথা বতৰাবোৰ ঠিক নহয়। তাক বেছি পাত্তা দিয়াৰ কোনো দৰকাৰ নাই। "


  নৌৰাণৰ হাতৰ পৰা চিগাৰেটটো লৈ প্ৰদীপে ক'লে - "কাম নাই তাৰ। এনেয়ে বেছি বেছি কৰি ফুৰে। "


ইয়াৰ পিছত গোপন ৰহস্য এটা ফাদিল কৰাৰ দৰে কৰি প্ৰদীপে ক'লে - "আচলতে জগতহঁতৰ সেইফালে বহুখিনি খেতি মাটি আছে। মাজে সময়ে গৈ থাকিব লগা হয় যে! সেই কাৰণেই সেইফালে ঝামেলা লগাটো নিবিচাৰে।" বিনয়ে ক'লে- "সিদিনাই ভালকৈ কথাবোৰ বুজাই দিয়া হৈছে। এতিয়াতো নক্সালেই আহি পালেহি। আজিও যদিহে বুঢ়াই অদৰকাৰী কথাৰ পাতনি মেলিব বিচাৰে তেন্তে প্ৰথম ঘাপটো বুঢ়াৰ ডিঙিত পৰিব।" বিনয়ৰ কথা শুনি নৌৰাণ আৰু প্ৰদীপে ক'লে - "ঠিকেই। আজি আৰু বুঢ়াৰ লেকচাৰ শুনিবলৈ নাই।"


   বিনয়হঁতৰ পলম হৈছিল। ৰাংগৌৰালৈ চাই বিনয়ে ক'লে- "আমি যাব লাগিব। চাউল - ডাইলৰ বস্তা দুটা আনিবগৈ লাগিব।"


পিঠিত হাত দি প্ৰদীপে ৰাংগৌৰাক সোনকালেই সাজু হৈ ওলাই আহিবলৈ ক'লে। ৰাংগৌৰাই মূৰ জোকাৰি শলাগিলে। তাক এৰি বিনয়হঁত আগবাঢ়িল।


       ৰাংগৌৰা ঘৰলৈ উভতিল। সিহঁতৰ ঘৰৰ সন্মুখৰ হাবিডৰাত কি হ'বলৈ গৈ আছে সেই কথা জানিও ৰাংগৌৰাই সুনীতিক কোৱা নাই। তাইৰ গা ভাল নহয়। নিজকে লৈ খুব সাৱধানেৰে দিন পাৰ কৰিছে সুনীতিয়ে। এনেকুৱা সময়ত এই ধৰণৰ কথা কৈ তাইৰ দুশ্চিন্তা বঢ়াবৰ মুঠেই মন নগ'ল ৰাংগৌৰাৰ। বিনয়হঁতে এই দিনটোৰ বাবে ভালেখিনি কষ্ট কৰিছে। কেইবা ঠাইলৈ গৈ যাঠি দা আদি অৰ্ডাৰ দি অনাইছে। প্ৰথম অৱস্থাত সেইবোৰ কেতিয়াবা দৰকাৰ হ'ব বুলিহে সংগ্ৰহ কৰিছিল। কিন্তু তেনেকৈ এঠাইত গৈ বহুখিনি ধনুৰ কাড় সাজু কৰি থোৱা দেখা পালে। বৰকৈ সুধি জানিব পাৰিলে যে যাৰ পৰা অঘটনৰ আশংকাত বিনয়হঁতে সেইবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকেই সেইবোৰ সাজু কৰাইছিল। তাৰ মানে কোনো বহি থকা নাই? তেতিয়াৰ পৰাই বিনয়হঁত অধিক তৎপৰ হ'ল। হেজাৰৰো ওপৰত মানুহ গোট খাব। যাৰ হাতত যি আছে তাকে লৈ আহিবলৈ কোৱা হৈছে। মানুহবোৰৰ বাবে মদ- ভাতৰ যোগাৰ কৰা হৈছে।  সেইবোৰ খোৱাৰ আগতেই মানুহবোৰক উত্তেজিত কৰি তুলিবলৈ দাংতলৰ ধাৰলা, বাংবাৰীৰ চৌৰণক মতা হৈছে। মানুহৰ গা গৰম কৰিব পৰাকৈ ভাষণ দিয়াত তেওঁলোকৰ বিশেষ কৃতিত্ব আছে। মূৰটো তললৈ কৰি এইবোৰ কথা ভাবি থকাৰ সময়তে সুনীতি ৰাংগৌৰাৰ কাষত কেতিয়া ঠিয় হ'ল সেই কথা সি গমকে পোৱা নাছিল। তাৰ মুখখনলৈ চাই সুনীতি এক প্ৰকাৰ উচপ খাই উঠিল। খুব আন্তৰিকতাৰে তাৰ কান্ধত হাত থৈ তাই সোধে -" কি হ'ল? ইমান কি চিন্তা কৰি আছা?"


- "নাই হোৱা।"


- "মুখখন কিয় ইমান শুকাইছে?"


- "নাই অ '। একোটো হোৱা নাই।"


  ৰাংগৌৰাৰ নিৰুদ্বেগ উত্তৰে তাইক ক্ষুণ্ণ কৰি তোলে। কিবা এটা চিন্তাই যে তাক আমনি কৰিছে সেই কথাত তাইৰ মনত কোনো সন্দেহ নাই। কিন্তু দুবাৰকৈ সোধাৰ পিছতো একো নোকোৱাকৈ থকাৰ বাবে তাইৰ মন অভিমানী হৈ পৰিল। সেই কথা উপলব্ধি কৰি ৰাংগৌৰাই তাইক ক'লে - "বিনয়হঁতে কিবা এটা জৰুৰী আলোচনাৰ বাবে লগ ধৰিছে। এতিয়াই যাব লাগে। "


- "এতিয়া আকৌ কি আলোচনা?"


- :কোৱা নাই নহয়। কিন্তু বৰকৈ মাতি গৈছে।"


   সুনীতিয়ে একো নেমাতিলে। ৰাংগৌৰাই নিজকে কোৱাদি ক'লে - নগলেও পাব বেয়া। কিন্তু এই ৰাতিখন তোমাক এৰি নো যাওঁ কেনেকৈ? তাকেই ভাবি আছিলোঁ। ৰাংগৌৰাৰ কথা শুনি তাইৰ তালৈ মৰম উপজিল। তাইক অকলে এৰি যাবলৈ সি চিন্তাত পৰিছে। ঠিক কিহৰ বাবে বিনয়হঁতে তাক মাতিছে সেই কথা খাটাংকৈ তাই নেজানে। কিন্তু দিন কাল বৰ ভাল নহয়। মানুহবোৰৰ সৈতে মিলি নেথাকিলে বিপদ। সেয়েহে তাই তাক ক'লে - "বিচাৰিছে যেতিয়া যোৱা। মই অকলে থাকিব পাৰিম নহয়। মাথোঁ বেছি পলম নকৰিবা।"   ৰাংগৌৰাৰ মনটো পাতল হ'ল। সোনকালেই আহিম বুলি কৈ সি ঘৰৰ পৰা বাহিৰ ওলাল।


    ৰাংগৌৰাৰ মনটোত এক ধৰণৰ উচপিচনি লাগিবলৈ ধৰিলে। কিহৰ বাবে পৰিৱেশ এনেকৈ সলনি হ'ল সেই কথা ভাবিকে উলিয়াব নোৱাৰিলে সি। সৌ সিদিনালৈকে মুকলি মনেৰে থকা মানুহবোৰৰ মনবোৰ ইমান বিষাক্ত কেনেকৈ হ'ল?  বিনয়হঁতৰ মুখত সি শুনিছিল ৰৌতাৰ সেই জঘন্য ঘটনাৰ বিষয়ে। খৰি গোটাবলৈ বুলি হাবিত সোমাইছিল বিধৱা মানুহগৰাকী। প্ৰথমে ধনু কাড়েৰে আহত কৰি লোৱা হৈছিল। তাৰ পিছত কেইবাটাও দুৰ্বৃত্ত একেলগ হৈ উপৰ্যুপৰি ধৰ্ষণ কৰি মাৰি পেলাইছিল। নীলেশ্বৰ কৰবাৰ পৰা উভতি আহিছিল। নিশা বহু পলম হৈছিল। সেই নীলেশ্বৰক দুটামান লৰাই বৰ অতিষ্ঠ কৰিছিল। সেই মাজ নিশা নিচাৰ ৰাগীত নীলেশ্বৰে বা কি কৰিছিল সেই কথা কোনেও নেজানে। যি দুটা লৰাই নীলেশ্বৰৰ লগত তৰ্কত লিপ্ত হৈছিল সিহঁত সুস্থ আছিল নে নাই তাকো জনা নেযায়। কিন্তু সেইবোৰ কথাই মানুহবোৰৰ মনবোৰ অস্থিৰ কৰি তুলিলে। অথচ এই মানুহবোৰটো ইমান দিনে নিজকে লৈয়েই ব্যস্ত আছিল। দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে কেতিয়াও কোনেও হিংস্ৰ আচৰণ কৰা নাছিল? তেন্তে আজি মানুহবোৰৰ মনবোৰ ইমান বিষাক্ত কিয় হ'ল? কেনেকৈ হ'ল? নিজৰ মাজতে এইদৰে বিভোৰ হৈ গৈ থকা ৰাংগৌৰাক হঠাতে কোনোবাই নাম ধৰি মতাত উচপ খাই উঠিল। পানীন্দ্ৰৰ মাত সেয়া। তাৰ লগত আৰু দুজনমান। তালৈকে গৈছা নেকি? পানীন্দ্ৰৰ সেই প্ৰশ্নৰ উত্তৰত সি ইতিবাচক ভংগীত মূৰ জোকাৰিলে আৰু সিহঁত কলৈ ওলাইছে বুলি সুধিলে।


      পানীন্দ্ৰই ক'লে যে সিহঁত গাঁৱৰ মূৰলৈ যাব আৰু পুলিচ মিলিটেৰী কোনোবা আহে নেকি চকু ৰাখিব। পানীন্দ্ৰ যাবলৈকে ওলাইছিল। ৰাংগৌৰাই মানুহ গোট খাইছে নেকি বুলি সুধিলে। সি ক'লে যে বহুত মানুহ আহিছে আৰু এতিয়াও আহিয়েই আছে। সিহঁতৰ পৰা বিদায় লৈ ৰাংগৌৰা আৰু অলপ আগবাঢ়ি গ'ল। লাহে লাহে হাবিৰ মাজৰ মুকলি ঠাইডোখৰ তাৰ চকুত পৰিল। বিভিন্ন দিশৰ পৰা মানুহ তেতিয়াও তালৈ ঢাপলি মেলিছিল। ৰাংগৌৰা আৰু অলপ আগবাঢ়ি গ'ল আৰু ৰাস্তাৰ দাঁতিৰ গছ এজোপাৰ ডাল এটালৈ উঠিল। এইবাৰ মানুহবোৰ দেখাই নহয় বৰং তেওঁলোকৰ কাম-কাজ, শুনা নুশুনাকৈ তেওঁলোকৰ মাত - কথাও তাৰ কাণত পৰিবলৈ ধৰিলে।


    বিনয়ৰ মুখত সি শুনিছিল যে গোটেই মানুহবোৰে খাব পৰাকৈ ঘৰুৱা মদৰ যোগাৰো কৰা হৈছে। নিচাসক্ত হৈ পৰা এই মানুহবোৰৰ ভিতৰত থকা মানৱীয় গুণ সমূহক সাময়িক ভাবে নিশেষ কৰি পেলাবলৈকে এই আয়োজন। সঁচা মিছা অথবা অৰ্দ্ধ সত্যৰ অৱতাৰণা কৰি বিভিন্ন অংগী ভংগীৰে মানুহবোৰৰ গা গৰম কৰাত ব্যস্ত হৈ আছে ধাৰলা। এইবোৰৰ মাজত জগতৰ দেউতাকো আছে নেকি বুলি চাবলৈ ৰাংগৌৰাই কেইবাবাৰো মানুহখিনিৰ ওপৰত চকু ফুৰালে যদিও সি তেওঁক দেখা নেপালে। ধাৰলাই কি কৈ আছিল সেই কথা শুনা নগলেও মাজে মাজে হাত দাঙি মানুহবোৰে সমৰ্থন জনোৱা দেখা গৈছিল। ৰাংগৌৰাই বুজিলে যে এই ধৰণে চৰম উত্তেজিত কৰি এটা সময়ত জাক বান্ধি মানুহবোৰক ফটেমাবাদ বাগিছালৈ লৈ যোৱা হ'ব। সকলো অনৰ্থৰ মূল ফাটেমাবাদৰ মানুহখিনিক নিশেষ কৰিব পাৰিলেই যেন মানুহবোৰ নিচিন্ত হ'ব পাৰিব। সমবেত মানুহবোৰৰ হৈ চৈ বোৰ বাঢ়ি আহিবলৈ ধৰিলে। ৰাংগৌৰা তাত আৰু ৰৈ থাকিব নোৱাৰিলে। অস্থিৰতাই তাৰ দেহ-মন বৰকৈ জোকাৰিবলৈ ধৰিলে। এনে এক অৱস্থাত কি কৰা উচিত সেই কথাকে সি ভাবিবলৈ ধৰিলে।  এই পৰিৱেশত কোনোবাই আন কোনো কথাৰ অৱতাৰণা কৰিবলৈ যত্ন কৰিলে লাভ কিবা হয় নে নহয় সেইটো জনা নগলেও বিপদ যে হ'ব সেয়া সুনিশ্চিত। সকলোৰে দৃষ্টিৰ পৰা নিজকে আঁতৰাই ৰাংগৌৰা তাৰ পৰা উভতিল।


     ৰাংগৌৰাৰ ঘৰলৈকো উভতিবলৈ মন নগ'ল। ঘৰৰ আগৰ বৰগছ জোপাৰ গুৰিত ৰৈ সি সেই কথাবোৰকে ভাবিবলৈ ধৰিলে। ফাটেমাবাদ বাগিচাৰ লাইনৰ মানুহবোৰৰ কথাই তাৰ মনলৈ আহিল। দিনটোৰ পৰিশ্ৰমৰ অন্তত মানুহবোৰ চাগৈ এতিয়া নিজৰ ঘৰ অথবা বিচনাত পৰিছে। তাৰ লিলিলৈকো মনত পৰিল। তায়ো এই ফাটেমাবাদ বাগিছাতে থাকে। ৰাংগৌৰাৰ মনে আৰু নেমানিলে। এই নিশ্চিত দুৰ্যোগৰ পৰা ফাটেমাবাদৰ বাসিন্দা সকলৰ জীৱন সি বচাবই লাগিব। পলম কৰা মুঠেই উচিত নহয়। এই মানুহবোৰ সেইখিনি পোৱাৰ আগতেই ৰাংগৌৰা সেইখিনি ওলাবগৈ লাগিব। মূল ৰাস্তাৰ পৰিৱৰ্তে সি পথাৰৰ মাজেৰে দৌৰি যোৱাই ভাল হ'ব। পথাৰ পাৰ হৈ লাইনত সোমাই সি মানুহবোৰক হুছিয়াৰ কৰি দিব। সময় নষ্ট নকৰি ৰাংগৌৰা পথাৰত নামিল আৰু প্ৰাণপনে দৌৰিবলৈ ধৰিলে। দৌৰি থাকোতেও তাৰ মনলৈ আকৌ সেইবোৰ কথাই আহি থাকিল। ইমানবোৰ হিংস্ৰ মানুহে আগুৰি ধৰিলে বাগানৰ মানুহখিনিৰ কি হ'ব? খাই বই ঘৰত জিৰণি লৈ থকা মানুহবোৰে নিজকে ৰক্ষা কৰিব পাৰিব জানো? কোলাৰ কেঁচুৱা, আলৰ বৃদ্ধ, সৰু সৰু ল'ৰা -ছোৱালীক লৈ মানুহবোৰ পলুৱাৰো উপায় নেথাকিব। এই হিংস্ৰ মানুহবোৰৰ নৃশংস আক্ৰমণৰ পূৰ্বেই বাগানৰ মানুহখিনিক সজাগ কৰি দিব লাগিব। পথাৰৰ খলা বমা পাৰ হৈ ৰাংগৌৰা বাগানৰ লাইনৰ দিশে দৌৰিবলৈ ধৰিলে। লাইন পাইয়ে শৰীৰৰ সমস্ত শক্তিৰে চিঞৰিব লাগিব বুলি ভাবোতেই হঠাতে তাৰ ডিঙিৰ মাজেৰে পাৰ হৈ যায় এপাট বিষাক্ত কাঁড়। ৰাংগৌৰাৰ মূৰটো ঘূৰাই যোৱা যেন লাগিল। ৰাংগৌৰা কোনোমতে সেই ঠাইতে ৰৈ দিলে। ডিঙিত লগা কাড় পাতলৈ হাতখন নিবলৈ বিচাৰোতেই একেলগে তাৰ শৰীৰত বিন্ধেহি আন দুপাট কাড়ে। ৰাংগৌৰা আৰু ঠিয় হৈ থাকিব নোৱাৰিলে। ধপকৈ সি মাটিত পৰি গ'ল। তাৰ চকু দুটালৈ অন্ধকাৰ নামি আহিল। সেই আন্ধাৰ পোহৰৰ মাজতো সুনীতিৰ মুখখন তাৰ চকুৰ আগত ভাঁহি উঠিল। পিছে মুহূৰ্তৰ ভিতৰতে শৰীৰৰ যন্ত্ৰণাই কাতৰ কৰি তোলা ৰাংগৌৰাৰ চকু দুটা জাপ খাই আহিল। লাইনৰ সীমাত থকা গছ এজোপাৰ পৰা হাতত ধনু- কাড় লৈ দুজন যুৱকক নামি অহা দেখা গ'ল। নিজৰ ভিতৰতে কথা পাতি যুৱক দুজন তাৰ কাষ পালেহি। কাড়বিদ্ধ হৈ যন্ত্ৰণাত চৎফতাই থকা ৰাংগৌৰালৈ চাই হাঁহি হাঁহি এজন যুৱকে ক'লে - "চাল্লা, চুৱৰৰ বাচ্চা। মাজৰাতি হামাৰ লাইনত তোৰ কি কাম ৰে?" আনজন যুৱকে ৰাংগৌৰাৰ কাষলৈ মুখখন আনি চৰম ঘৃণাৰে ক'লে - "খটম হোৱা নাই। জান আছে ৰে এতিয়াও। "


শৰীৰৰ সমস্ত শক্তিৰে কোনোমতে হাতখন দাঙি ৰাংগৌৰাই ক'লে - "পলা, পলা। মাৰিব ---।" ৰাংগৌৰাই আৰু একো ক'ব নোৱাৰিলে। তাৰ হাতখন ঢপকৈ মাটিত পৰি নিথৰ হৈ গ'ল।


যুৱক দুজন বিমোৰত পৰিল।  কি ক'ব বিচাৰিছিল সেই কথা সিহঁতে ভালকৈ বুজি পোৱা নাছিল। সেয়েহে যুৱকজনে পুনৰ তাৰ মুখৰ ওচৰলৈ কাণখন নি কিবা কয় নেকি তাকে শুনিবৰ যত্ন কৰিলে। কাষত ঠিয় হৈ থকা যুৱকজন হঠাতে সচকিত হৈ পৰিল। আঁতৰত এক হুলস্থূল শুনা যেন পালে। মুহূৰ্তৰ ভিতৰতে দুয়ো চকুৰে কথা পাতিলে আৰু তৎক্ষণাৎ দৌৰি আকৌ সেই গছজোপাত উঠি সেই হৈ চৈৰ ফালে চাই দেখিলে অসংখ্য জোৰৰ তিৰবিৰণি। সেই তিৰবিৰণিৰ লগতে শুনা উল্লাস ভৰা চিঞৰে দুয়োৰে শৰীৰ কপাঁই তুলিলে। তেওঁলোকে দেখিলে যে উন্মাদৰ দৰে এজাক ধুমুহা যেন ক্ৰমাৎ সেই দিশে আগবাঢ়ি আহিছে 


এক অজান আশংকাত ভয়াৰ্ত চাৱনিৰে দুয়ো দুয়োলৈ চাই ৰল।


গুৰমাইল সিং

নগাঁও, অসম

দূৰভাষ নং -৬০০৩৭৯৫২৮৯

Comments


bottom of page