নিৰৱতাৰ শক্তি
- সুৰজিৎ গোস্বামী

- Apr 3
- 3 min read

বৰ্তমান মধ্যপ্ৰাচ্যৰ যুদ্ধয়ে এক বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । দশক জুৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় শক্তিসমূহৰ ওচৰত শিৰনত নকৰা ১৯৮৯ চনৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোলৈকে দপদপাই থকা ইৰাণৰ নেতা আয়াতুল্লা আলী খামেইনীক ইজৰাইল আৰু আমেৰিকাই মিলি হত্যা কৰিলে । এই সময়ত যুদ্ধৰ এই বিভিষিকাময় পৰিস্থিতিৰ মাজত নিৰৱতাৰ শক্তি এক গুৰুত্বপূৰ্ণ নৈতিক আৰু কূটনৈতিক শক্তি হিচাপে বিবেচিত হৈছে। যুদ্ধ মানেই কেৱল অস্ত্ৰ বা সামৰিক শক্তি প্ৰদৰ্শন নহয় ; বহু সময়ত নিৰৱতা, ধৈৰ্য আৰু কূটনৈতিক সংযমেও এক শক্তিশালী অস্ত্ৰ হিচাপে কাম কৰে। যুদ্ধৰ ক্ষেত্ৰত তৎক্ষানিক প্ৰতিক্ৰিয়াই বহু সময়ত পৰিস্থিতি অধিক জটিল কৰে। সেয়েহে এনে সময়ত বহু দেশৰ সেনা আৰু ৰাজনৈতিক নেতৃত্বই সংযমী নিৰৱতা অৱলম্বন কৰা দেখা যায় । এই নিৰৱতাই কৌশলগত চিন্তা, পৰিকল্পনা আৰু সমাধান বিচৰাৰ সময় দিয়ে।
সংস্কৃত ভাষাত “নিৰৱতা”ক সাধাৰণতে “मौन” (মৌন) বুলি কোৱা হয়। ভাৰতীয় ধৰ্ম-দৰ্শন, উপনিষদ, গীতা আৰু নীতিশাস্ত্ৰত মৌনতাক এক মহান আধ্যাত্মিক সাধনা বুলি গণ্য কৰা হৈছে।
"মৌনং চৈবাস্মি গুহ্যানাম্ "
“গুপ্ত বিষয়সমূহৰ মাজত মই মৌনতা।”
শ্ৰীকৃষ্ণই কৈছে যে মৌনতা হৈছে গম্ভীৰ আৰু পবিত্ৰ জ্ঞানৰ প্ৰতীক।
নিৰৱতা শব্দহীন হ’লেও ইয়াৰ ভিতৰত আছে গভীৰ শক্তি। মানুহে সাধাৰণতে ভাবে যে—যি জনে বেছি কৈ কথা কয়, সেইজন বেছি শক্তিশালী। কিন্তু ইতিহাস, দর্শন আৰু জীৱনৰ অভিজ্ঞতাই দেখুৱাইছে যে বহু সময়ত নিৰৱতাই হৈছে আটাইতকৈ শক্তিশালী ভাষা।
নিৰৱতাই মানুহক নিজৰ ভিতৰৰ সৈতে সংযোগ ঘটায় । কোলাহলত মন বিচলিত হয়, কিন্তু নিৰৱতাত চিন্তা স্পষ্ট হয়। এজন চিন্তাবিদ, সাধক বা নেতা—সকলোৱেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিৰৱতা অৱলম্বন কৰে। এই নিৰৱতাই বিবেকক জাগ্ৰত কৰে, ভুল-শুদ্ধৰ সীমা দেখুৱায়।
সংঘাতৰ সময়ত নিৰৱতাৰ শক্তি বেছি স্পষ্ট হয়। উত্তেজনাত কথা ক’লে সমস্যাবোৰ ডাঙৰ হয়; কিন্তু সেই সময়ত নিৰৱে থাকিলে পৰিস্থিতি শীতল হয়। বহু সময়ত উত্তৰৰ পৰা নহয়, নিৰৱতাৰ পৰা সমাধান ওলাই আহে। এই কাৰণেই কোৱা হয়—নিৰৱতা হৈছে জ্ঞানীৰ অলংকাৰ।
আত্মিক শক্তিৰ ক্ষেত্ৰতো নিৰৱতাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ধ্যান, যোগ, প্ৰাৰ্থনা আদি—এই সকলোবোৰেই নিৰৱতাৰ মাজেদি আত্মশক্তি বৃদ্ধি কৰে। নিৰৱতাই মনক শান্ত কৰে, সহনশীলতা বঢ়ায় আৰু আত্মবিশ্বাস দৃঢ় কৰে।মহাত্মা গান্ধীয়ে নিৰৱতাৰ শক্তিৰ বিষয়ে বহু গভীৰ আৰু অৰ্থবহ বক্তব্য আগবঢ়াইছিল। তেওঁ নিৰৱতাক কেৱল কথা নকোৱাৰ অৱস্থা নহয়, বৰং আত্মশুদ্ধি, আত্মসংযম আৰু নৈতিক শক্তিৰ উৎস বুলি বিশ্বাস কৰিছিল। গান্ধীজীৰ মতে -“নিৰৱতা হৈছে আত্মাৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাশ।” যেতিয়া মানুহে নিৰৱে থাকে, তেতিয়াই আত্মাই নিজৰ সত্য ৰূপত প্ৰকাশ পায়। জীৱনত নিৰৱতাৰ এক ডাঙৰ স্থান আছে। ই মানুহক ভিতৰৰ শক্তিৰ সৈতে সংযোগ ঘটায়। গান্ধীজীয়ে নিয়মিতভাৱে মৌন ব্ৰত পালন (নিৰৱতা পালন) কৰিছিল, যাতে মন শান্ত থাকে আৰু সিদ্ধান্ত শুদ্ধ হয়। মৌন ব্ৰতক গান্ধীজীয়ে সংগ্ৰামৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেখেতৰ মতে, নিৰৱতা দুৰ্বলতাৰ চিন নহয়; ই হৈছে আত্মসংযম আৰু নৈতিক সাহসৰ পৰম প্ৰকাশ। শব্দই যি কৰিব নোৱাৰি, নিৰৱতাই বহু সময়ত সেইটো কৰি দেখুৱায়।
মৌনতা বা নিৰৱতা শব্দৰ অভাৱ নহয়; ই হৈছে অন্তৰ্মুখী শক্তি, আত্মসংযম আৰু চিন্তাৰ গভীৰতা। ইতিহাসে প্ৰমাণ কৰে যে বহু মহান নেতাই মৌনতাক এক নৈতিক শক্তি ৰূপে ব্যৱহাৰ কৰিছিল। বিশেষকৈ আব্ৰাহাম লিংকনৰ জীৱন আৰু কাৰ্যকলাপত নিৰৱতাৰ এক গভীৰ তাৎপৰ্য দেখা যায়।
আব্ৰাহাম লিংকনৰ মতে-" নেতাৰ বাবে নিৰৱতা মানে দুর্বলতা নহয় , ই হৈছে—আত্মনিয়ন্ত্ৰণ, সহনশীলতা আৰু গভীৰ চিন্তা শক্তি ।" তেওঁ প্ৰমাণ কৰিছিল যে নিৰৱতা কেতিয়াবা শব্দতকৈ শক্তিশালী হ'ব পাৰে।
তেখেতৰ ব্যক্তিত্বৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল—মৌনতা আৰু সংযম।
একেদৰে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দৰ্শনতো নিৰৱতাক আত্মিক শক্তিৰ উৎস বুলি বিবেচনা কৰা হয়। ব্ৰহ্মাকুমাৰীৰ মতে, মৌনতা হৈছে “অন্তৰ আত্মাৰ সৈতে সংযোগ”। মৌনতা মানে চিন্তাৰ পবিত্ৰতা।যেতিয়া মন শান্ত থাকে তেতিয়া সিদ্ধান্ত সঠিক হয়।মৌনতাই মানুহক ক্রোধ আৰু অহংকাৰৰ পৰা ৰক্ষা কৰে। নিৰৱতাত কৰা ধ্যানে আত্মাৰ সৈতে পৰম আত্মাৰ সংযোগ স্থাপন কৰে । মন শান্ত আৰু সংযমী কৰি তোলে।
মহাত্মা গান্ধীয়ে কৈছিল -“Silence is the best answer to anger.”
এতিয়া নিৰ্বাচনৰ বতৰ । গণতন্ত্ৰত ভোটাৰৰ শক্তিয়েই হৈছে সৰ্বোচ্চ শক্তি । নিৰ্বাচনত সাধাৰণ জনতাই নিজৰ মতপ্ৰকাশৰ সুবিধা লাভ কৰে । কিন্তু সকলো ভোটাৰে ৰাজনৈতিক সভা-সমিতি বা সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ নকৰে। বহু নাগৰিকে নিৰৱে নিজৰ মত গঠন কৰে আৰু ভোটদানেৰে সিদ্ধান্ত প্ৰকাশ কৰে। এইসকলকেই কোৱা হয় — নিৰৱ ভোটাৰ (Silent Voter)। ৰাজনৈতিক বিশ্লেষণত এই শক্তি অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতৰ দৰে বৃহৎ গণতন্ত্ৰত নিৰৱ ভোটাৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বহু সময়ত জনমত সমীক্ষা বা মিডিয়াৰ আলোচনাই এক ধৰণৰ ফলাফল কথা কয় যদিও প্ৰকাশ পোৱা চূড়ান্ত ফলাফল বেলেগ হয় ।নিৰৱে থকা ভোটাৰে প্ৰমাণ কৰে যে গণতন্ত্ৰত চূড়ান্ত শক্তি জনতাৰ হাততেই থাকে। বৰ্তমান সামাজিক মাধ্যমৰ যুগত শব্দ আৰু প্ৰচাৰৰ আধিক্য বৃদ্ধি পাইছে যদিও নিৰৱ ভোটাৰে—প্ৰচাৰৰ ওপৰত নহয়, কৰ্মৰ ওপৰত বিশ্বাস কৰে । আবেগত নহয়, যুক্তিৰে সিদ্ধান্ত লয়। দীৰ্ঘম্যাদী স্থিৰতাক অগ্ৰাধিকাৰ দিয়ে।এই কাৰণে নিৰৱ ভোটাৰ প্ৰায়ে নিৰ্বাচনৰ “game changer” হিচাপে পৰিগণিত হয়। নিৰৱ ভোটাৰ মানে নিস্ক্ৰিয় নাগৰিক নহয় ; তেওঁলোক সচেতন কিন্তু সংযমী। তেওঁলোকৰ নীৰৱতাৰ শক্তিৰ সিদ্ধান্তই গণতন্ত্ৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে।
সামাজিক জীৱনত জনসাধাৰণৰ নিৰৱতাই কেতিয়াবা প্ৰতিবাদৰ ৰূপ লয়। ইতিহাসত দেখা যায়—নিৰৱ, অহিংস প্ৰতিবাদে বহু শক্তিশালী পৰিবর্তন আনিছে। শব্দ নোহোৱাকৈও নিৰৱতাই সমাজক জাগ্ৰত কৰিব পাৰে।নিৰৱতা দুৰ্বলতা নহয়, ই এক গভীৰ শক্তি। যিজনে সঠিক সময়ত নিৰৱে থাকিবলৈ জানে, তেওঁ জীৱনত সঠিক পথ বাছি ল’ব পাৰে। নিৰৱতাৰ মাজতেই লুকাই থাকে আত্মাৰ শক্তি, মনৰ শান্তি, আৰু জ্ঞানৰ দীপ্তি ।
সুৰজিৎ গোস্বামী
পানীগাঁও, নগাঁও
দূৰভাষ নং .৭০০২৮৬৫৯৬৮





Comments