top of page

স্মৃতিৰ শলিতা


সোণোৱালী শৈশবৰ দিনবোৰে আজিকালি বৰকৈ আমনি কৰে ৷ খেৰৰ ঘৰৰ চালৰ তলৰে সোমাই অহা ঘৰচিৰিকাৰ চিৰিক চিৰিক মাতত চকু মেলিয়ে দেখো ডাঙৰ শোৱা কোঠাটোৰ একোণৰ গছৰ দৰে বেকাবেকি খুটাৰ ওপৰত বহি খেলি থকা ঘনচিৰিকা দুটা ৷ হাতত ট্ৰেনজীচট্ৰৰলৈ পুৱাৰ বাতৰি শুনাত মা দেউতা ব্যস্ত হৈ থকা পৰচোৱাত একান্ত মনৰে উপভোগ কৰো ঘনচিৰিকাৰ খেল ৷ ঘনচিৰিকাৰ দৰে ময়ো এদিন উৰিমেই ভাবৰে আৰম্ভ হয় স্কুল বন্ধৰ দিনবোৰ ৷স্কুল খোলা বা বন্ধই হওঁক দেউতাই সদায় আমাক পাঠ পঢ়োৱাইছিল ৷ পুৱা অসমীয়া ইংৰাজী দুয়োটা ভাষাৰে পাঠপঢ়া চলিছিল ৷ পঢ়া শুনা সামৰি সকলোৱে একেলগে টেবুলত বহি পুৱাৰ আহাৰ কৰাৰ পাচত দেউতা ফাৰ্মাচীলৈ ওলায় যায় ৷ আমি মায়ে সজাই দিয়া বটাখন কণমানি হাতৰে ধৰি ভিতৰৰ বাৰাণ্ডাৰ চকীত বহি থাকো ৷ দেউতাই কুৰ্চাৰে গোঠা বটা ঢাকনীখন গুচাই তামোলখনত হিৰামতি অলপ চটিয়াই মুখত ভৰাই মোৰ হাতত অলপ হিৰামতি ঢালি দিয়ে ৷ হিৰামতিৰ টেমাটো আনাৰ দিনাই মায়ে টেমাৰ ঢাকণ খুলিলে পোৱা টিনপাতখনত বেজীৰ সমান সৰু ছিদ্ৰ এটা কৰি দিয়ে , যাতে কেবাবাৰো জোকাৰিলে অলপহে হাতত পৰে ৷ বেছিকৈ পৰক বুলি আমি ছিদ্ৰটোত আঙুলি ভৰাই দিবৰ চেষ্টা কৰো ফলত দুদিনমানৰ পাচতে ছিদ্ৰটো জোখতকৈ বেছি ডাঙৰ হৈ পৰে ৷দেউতাই টেমা খুলি ডাঙৰ ফুটা দেখিলে আমাৰ ফালে মিচিকঁকৈ হাহিঁ মাৰি সুধে " অ’ ফুটাটো কেনেকৈ ডাঙৰ হল বা ?“ আমি একো নজনা ভাও ধৰি কওঁ-

" কি ফুটাটো ডাঙৰ হল নেকি ? কোনেবা কৰিলে৷"

হাতত থকা হিৰামতি চেলেকি চেলেকি দেউতাৰ কোলাত লাহেকৈ উঠি ফুচফুচাই কওঁ -

" মাক নকবা দেই" দুয়োৱে হাহিঁ হাহিঁ চুমা দি দি বাহিৰৰ বাৰাণ্ডালৈকে যাওঁ।বাৰে বাৰে দেউতাক কওঁ- "সোনকালে আহিবা দেই ৷" যদিও জানিছিলো দেউতা ৩বজাৰ আগেয়ে ফাৰ্মাচীৰ পৰা আহিব নোৱাৰে৷ বেমাৰী আহে বৈঠালাংচু, খাচীয়াপুঞ্জী, ভূৰাগাওঁ আদি দূৰণিবটীয়া গাওঁবোৰৰ পৰা৷ দেউতাৰ গাড়ীৰ দ্ৰাইভাৰ আছিল যদিও গাড়ীখন ওলাই গলে গেট মাৰাৰ দায়িত্ব আছিল মোৰ ৷ মায়ে দেউতাক আগবঢ়াবলৈ আহি মোক গেট মাৰিবলৈ পঠিয়াই দিয়ে ৷ সৰু হাত দুখনৰে এপাত এপাতকৈ দুপাত গেট জপাই ,শলখাডাল লগাই দিয়াটো আমাৰ বাবে এটা গৌৰৱৰ কথা আছিল ৷


গেটৰ লগতে পকী ৰাস্তা ৷ ৰাস্তাটোৰ সিপাৰে ধুনীয়া কাঠৰ দুমহলীয়া চীনা আৰ্হিৰ এটা ঘৰ ৷ ঘৰটোৰ তলৰ খলপৰ সম্মুখত দীঘলীয়া কাঠৰ ৰেলিঙ দিয়া বাৰাণ্ডা ৷ ওপৰ মহলাত ৰঙীন কাচত ক্ৰিচক্ৰচ কাঠৰ ডিজাইন থকা বহুতো খিৰিকী ৷তলৰ বাৰাণ্ডাৰ দুফালে দুখন আৰামী চকী পাৰি থোৱা থাকে ৷ বাৰাণ্ডাৰ মাজ ভাগ বাকচাকৃতিত অলপ আগবাঢ়ি অহা ৷ আগবাঢ়ি অহা ডোখৰৰ সন্মুখ চোৱাত কাঠৰ ৰেলিঙৰ একে উচ্চতা আৰু একে ডিজাইনৰে এখন কাঠৰ জপনা ৷ গেটৰ সন্মুখত ৰোৱাৰ লগে সিফালৰ পৰা আৰামী চকীত বহি থকা ইংৰাজ চাহাবৰ দৰে বগা মংগোলীয় অবয়বৰ ককায়ে (উমা গোহাঁই) মাত দিয়ে ,

"ববী , নৰ্দামাত সেইবিলাক কি ?"

মোৰ মূৰটো লগে লগে টিকিচ কৈ গৰম হৈ যায় ৷ খঙৰে এইফালৰ পৰাই মাত দিওঁ- "নাজানো ৷ "


ৰাতিপুৱাই ৰাতিপুৱাই জোকাবলৈ হৈ গ'ল আৰু বুলি ভোৰভোৰাই ঘৰৰ বাৰাণ্ডালৈ ঘূৰি আহো ৷ কুপন আৰু গাখীৰৰ চচপেন এটা লৈ আমাৰ বাৰাণ্ডাত বহি থাকে মধুবালাৰ দৰে ধুনীয়া আমাৰ মা ৷ মায়ে হাঁহি হাঁহি কয়, "তেনেকৈ কিয় কৈছা ? তোমাক ভালপাই কাৰণে জোকাই আৰু ৷"


মোৰ একাষাৰেই উত্তৰ - "বেয়া পাওঁ মই ককাক, সৰুতে বোকা দেখিলে গু বুলি কওঁ কাৰণে সদায় তাকেই জোকাই থাকিব লাগে নেকি ? "


মায়ে মোৰ কথা শুনি মিচিকিয়াই হাঁহে “ বৰ ডাঙৰ হৈছ ন এতিয়া ?“


তেনেতে খটখটকৈ ঘোঁৰা গাড়ী এখন আহি ৰয়হি ঘৰৰ সন্মুখত ৷ মাৰ হাতৰ পৰা কুপন আৰু গাখীৰৰ চচপেনটো লৈ "পক্ষীৰাজ ঘোঁৰা খটখটকৈ দৌৰা " বুলি বতাহত ফ্ৰকটো উৰুৱাই বাটলৈ দৌৰি ওলাই যাওঁ ৷ মোৰ বাবে সেয়া ঘোৰাঁগাড়ী নহয় যেন মৃতকৰ সঞ্জীৱনীহে ৷ বহমপুৰ ফাৰ্মৰ পৰা আহে মোৰ সঞ্জীৱনী খন ৷ কাঠৰ বাকচৰ দৰে ঘোৰাঁগাড়ীখনত থাকে টেপ লগোৱা দুটা ডাঙৰ গাখীৰৰ গেলন। ঘোৰাঁচালক জন বহি আহে এটা মুঢ়াত ৷ ওচৰতে আৰু এটা সৰু মুঢ়া থাকে ৷ মোক দেখাৰ লগে লগে গাড়ীচালক জনে মুঢ়াতো আগবঢ়াই মোক বহিবলৈ দি হিন্দীতে মোৰ খবৰ সুধে ৷ লুজেন দুটা পকেটৰ পৰা উলিয়াই মোৰ হাতত গুজি দিয়ে ৷ মই তেওঁক হাতৰ কুপন খন দিওঁ ৷ চালকজনে গেলনৰ টেপটো খুলি এক, এক, এক, দো, দো , দো, তিন, তিন, তিন, বুলি মাতি মাতি আমাৰ গাখীৰৰ চচপেনটোত গাখীৰ ঢালি যায় ৷ লুজেন মুখত ভৰাই ঘোৰাঁটোক লাহেকৈ মাত লগাওঁ -" তুফান, অ' তুফান " লগে লগে তুফানে মূৰটো জোকাৰি সহাৰিঁ দিয়ে ৷


বগা ওখ ঘোৰাঁটোৰ চকুত দুখন চামৰাৰ ঢাকণি লগোৱা থাকে ৷ ঢাকণিখন খুলি তাৰ চকুহাল চাবলৈ মোৰ বৰ মন যায় , মনতে ভাবো তাৰ চাগৈ কিমান অসুবিধা লাগে এই ঢাকনি দুখন চকুত লগাই থোৱাৰ বাবে৷ গাখীৰ জুখি হলে মাৰ হাতত গাখীৰ পূৰ্ণ চচপেনটো দি মই বহি লওঁ সৰু মুঢ়াত ৷ পক্ষীৰাজ ঘোঁৰা খটখটকৈ লাভাৰ ব্ৰীজৰ ফাললৈ আগবাঢ়ে ৷আৰম্ভ হয় মোৰ সঞ্জীৱনী যাত্ৰা ৷মই তুফানৰ দীঘল ভৰি , নফটা খোৰা, ৰেচমী চুলি , নেজ , সবল দেহা চাই বিমুগ্ধ হওঁ ৷আমাৰ ঘৰৰ পৰা দুঘৰ সাৰিয়ে গাড়ীখন পুনৰ তামুলীফুকন জেঠাইহঁতৰ ঘৰৰ সন্মুখত ৰয় ৷ তাত গাখীৰ দি চালকে গাড়ী কলঙৰ পাৰৰে মহিমবৰা চাৰৰ ঘৰলৈ বুলি গড়াৰে নমাই দিয়ে ৷ এইকন সময় যাত্ৰাৰ আটাইতকৈ ভাল লগা পৰ ৷সেইদিনত লাভাৰ ব্ৰীজৰ পৰা মহিম বৰা চাৰৰ ঘৰলৈ যোৱা পথত কলঙৰ গাতে লাগি থকাকৈ কোনো ঘৰ বাৰী নাছিল ৷


বাৰিষা কলঙৰ পানীয়ে পকী বাটটো চুৱেহি ৷ প্ৰতাপ শৰ্মাৰ ঘৰত প্ৰথমে ঘোঁৰা গাড়ী ৰয় ৷ আমি গাড়ীৰ পৰা নামি তেখেত সকলৰ ঘৰৰ সন্মুখত থকা তকৌ দুজোপাৰ তলত তকৌৰ কলি বিচাৰো বা ওচৰতে হালধীয়া ফুলৰ কাইটীয়া গছৰ (Yellow prickly poppy) ফটা চিৰালৰ পৰা সন্তৰ্পণে হাতৰ মুঠিত সৰিয়হৰ দৰে গুটি অলপ গোটাই লৈ পকেটত ভৰাওঁ ৷ দুপৰীয়া ভাতখাই আনবোৰে ঘুমটি মাৰিলে সেইবোৰ বাইদেউ আৰু মই ওকণি ফুটোৱাৰ দৰে পকাত থৈ ফুটাও ৷ কেতিয়াবা দুপৰীয়া ভাত আঞ্জা খেলিলে সেই গুটিবোৰ বাতিত থৈ অলপ পানী ঢালি সৰিয়হৰ জোল বনাও ৷ এইখিনি গোটোৱা মানে ঘোৰাঁৱালা গোৱাল ককাই মহিম বৰা চাৰৰ ঘৰত গাখীৰ দি ঘূৰি আহে ৷ মই পুনৰ ঘোৰাঁগাড়ীত উঠো ৷

কলঙৰ বুকুৰে খৰ গতিত পাৰ হৈ যায় মেটেকাৰ একো একোটা সৰু টুকুৰা ৷ ৰদে তিৰবিৰাই থকা কলঙৰ বুকুত মাছুৱৈয়ে জাল পেলাই, জাল টানে, জালত জপিয়াই ৰূপোৱালি চন্দা, চেলেকণা, নেৰিয়া, দৰিকণা ৷ লাভাৰ ব্ৰীজৰ "পকেটৰ” পৰা কোনোবা গিৰিয়ে নাৱৰীয়াৰ সৈতে মাছৰ দৰ দাম কৰে ৷ নাওবোৰ চাই থাকোতেই গাড়ী লাহে লাহে ওপৰলৈ উঠি আহি লাভাৰ ব্ৰীজৰ মূৰ পায়হি ৷ গড়াটো উঠি আহি ব্ৰীজৰ মূৰৰ প্ৰকাণ্ড আহঁতজোপাৰ তলত ঘোঁৰাটো এক্ষন্তেক ৰয় ৷ এইচেগতে কাঠৰ দলঙৰ পকেটত (কাঠৰ দলংত মানুহ ৰবলৈ বনাই দিয়া কাঠৰ একোটা বাকচ)বহি কথাত মচগুল হৈ থকা মামাহঁতৰ "চিনেমাখন" উপভোগ কৰো ৷ গাৰ্লচ কলেজলৈ বুলি দলঙৰে পাৰ হয় পলকা ডট শাৰী পিন্ধা ,ওখ খোপাত ফুল মাৰা হেমামালিনী হেন ধুনীয়া "বা" কেইজনী ৷ হাইহিল পিন্ধা 'বা' হঁতে দলঙৰ এৰাই যোৱা কাঠৰ ওপৰৰে বৰ সন্তৰ্পণে হাহিঁ হাঁহি পাৰ হৈ যাওঁতে মামাহঁতক মাত এষাৰ দি যায় ৷ মামাহঁতে চিগাৰেটৰ ধোঁৱা উৰুৱাই 'বা"হতঁক কিবা কথা কয়। 'বা'কেইজনী হাহিঁ হাহিঁ ইজনী সিজনীৰ গাত ঢলি পৰে৷ কেতিয়াবা কোনোবা এজনী 'বা'য়ে মামাহঁত বহাৰ ফালে কাগজৰ টুকুৰা এটা দলিয়াই দিয়ে ৷ এইকণ সময়তে মই উপভোগ কৰা মামাহঁতৰ চিনেমাখন কেতিয়াবা মামাৰ ওপৰত খঙ উঠিলে দুপৰীয়া ভাতৰ টেবুলত গাই দিওঁ। পিচে তাৰবাবে পাচত মামাৰ পৰা কপৌ চেলুৱাও পাওঁ ৷

ঘোঁৰা গাড়ী পুনৰ নামি যায় আমাৰ ঘৰৰ ফাললৈ ৷ মোৰ সঞ্জীৱনী যাত্ৰা শেষ হবৰ হয় ৷ গাড়ী ঘৰৰ সন্মুখত ৰয়, মায়ে বাট চাই থাকে মই ঘূৰি অহালৈ ৷ গাড়ীৰ পৰা নমাৰ লগে লগে বাটৰ সিপাৰৰ চীনা আৰ্হিৰ ঘৰটোৰ পৰা এইবাৰ ককাই মৰমৰে মাতে- "ববী আহা "। ককাৰ মিঠা মাতষাৰ শুনাৰ লগে লগে এৰাল চিঙা গৰুৰ দৰে দৌৰ মাৰো চীনা আৰ্হিৰ ঘৰটোলৈ ৷ কাঠৰ দুমহলীয়া ঘৰটোৰ সন্মুখতে থকা বটল ব্ৰাছ ডালৰ ফুল এপাহ জপিয়াই চিঙিবলৈ চেষ্টা কৰি কৰি ভাগৰি পৰিলে লাহেকৈ কাঠৰ জপনা খন খুলি দীঘল বাৰাণ্ডাখনৰ বেঞ্চিখনত গৈ দীঘল দি পৰি দিওঁ ৷ ককাই মাত দিয়ে "সঞ্জীবনী যাত্ৰা কৰি আহি ভাগৰ লাগিল নেকি কণমানি ?“

"ককা ভাগৰ লগা নাই পিয়াহ লাগিছে "

"সেই কলিংবেলটো টিপি দিয়াচোন "

মুখত মিচিঁকি হাহিঁলৈ জপিয়াই জপিয়াই কলিংবেলটো টিপিবলৈ চেষ্টা কৰো ৷ ককাৰ ৰান্ধনীজন ওলাই আহে ৷

"মৌচম্বীৰ জুচ দুগিলাচ পঠিয়াই দেচোন " পিয়াহ লাগিল বুলি ক'লেই যে জুচ আহিব সেয়া জানো বাবেই পিয়াহ নালাগিলেও পিয়াহ লাগিছে বুলি কওঁ ৷

জুচ অহা মানে মই পৰুৱাৰ লানিৰ পিচে পিচে গৈ বাৰাণ্ডাৰ পৰা ককাহঁতৰ "ফয়াৰ" (Foyer) পাওঁগৈ ৷ ফয়াৰটোত চাৰিখন দৰজা ৷ এখন বাৰাণ্ডাৰ ফালৰ পৰা সোমাই অহা , তাৰ ঠিক বিপৰীতে পাচফালৰ ষ্টেয়াৰ কেচলৈ যাবলৈ এখন দৰজা , আনখন বাওঁহাতে বহা কোঠালৈ যাবলৈ আৰু সোঁহাতৰ দৰজাখন সদায় বন্ধ থাকে ৷ বন্ধ দৰজাৰ ফালে আছে এটা ডাঙৰ হল কোঠা ৷ ফয়াৰটো বেছি ডাঙৰ নহয়, তাত থাকে চীনা আৰ্হিৰ অতি সুন্দৰ ওখ বাকচ এটা , যিটোৰ ওপৰফাললৈ লগোৱা আছে এখন আৰ্চী ৷ মই আৰ্চী খনত নিজকে চাবলৈ চেষ্টা কৰো ৷ পিচে আইনা খন ওখত থকাৰ বাবে নিজকে আইনাত দেখা নাপাওঁ ৷ বাকচটোত উঠি মুখখন চাওঁ বুলি মনে মনে বাকচটোত উঠিব খোজাৰ লগে লগে , ৰাষ্টাৰ ফালে চাই থকা ককাই জানো কি দৰে গম পাই মাত দিয়ে "এই কি কৰি আছা ? ওলাই আহা বাৰাণ্ডালৈ ৷"

মই তৎক্ষণাত বাকচৰ পৰা নামি ফয়াৰৰ আন এখন দৰজাৰে পাচফালৰ কোঠাটোলৈ গুচি যাওঁ ৷এই কোঠাতে কাঠৰ ষ্টেয়াৰ কেচটো আছে ৷ কোঠাটো কিছু আন্ধাৰ ৷লাহে লাহে কোনো শব্দ নকৰাকৈ চিৰিত উঠো ৷ এই ঘৰটোত কোনো মানুহ নাথাকে ককাহঁত থাকে চীনা আৰ্হিৰ পাচফালে থকা খেৰৰ ঘৰটোত ৷ সেয়ে নিশব্দ ঘৰটোৰ চিৰি বগাই ওপৰলৈ যিমানে যাওঁ বুকুখন সিমানে সঘনে ঢিপঢিপ কৰে ৷ তাতে আকৌ বহুতে এই ঘৰটোক “ভূত বাংলো" বুলিও কয় ৷ শেষৰ চিৰিৰ ওপৰত এখন দৰজা আৰু সোঁপিনে এখন তেনেই সৰু কাঠৰ বাৰাণ্ডা ৷ তাতে কেইখনমান পুৰণি ধূলিৰে ভৰি থকা বেতৰ চকী ৷ চকী কেইখনলৈ কেৰাহিকৈ চাওঁ কিজানি কোনোবা ভূত বহি আছে ৷ বুকুৰ ঢিপঢিপনি বাঢ়ি যায় ৷বুকুৰ শব্দ কাণত বাজে ৷ ভূত বহি থকা নেদেখিলে সাহস কৰি দৰজাখন ঠেলি দিওঁ ৷ কাঠৰে নক্সা কৰা ৰঙীন আইনাৰ খিৰিকীৰ কিছু পোহৰ সোমাই অহা ডাঙৰ কোঠালীটোত মোৰ আৰম্ভ হয় মজাৰ খেল ৷ এই কোঠাটোৰ মাজভাগতে কাঠৰ মজিয়াখনত কাঠ এডুখৰি কেনেবাকৈ এৰি এটা সৰু ফুটা হৈছিল ৷ যেনেতেনে মোৰ অকণমানি চেন্দেল এপাত সেই ফুটাৰে তললৈ পেলাই দিব পাৰি ৷ চেন্দেলপাত পেলাই দিলে ফয়াৰৰ ঠিক মাজতে পৰে৷ মই ফুটাটোৰে জুমি তললৈ চাই থাকো, যেই ককাৰ ৰান্ধনীজন বহাকোঠাৰ ফালৰ পৰা ট্ৰেত জুচ আনি বাহিৰৰ বাৰাণ্ডাৰ সৰু টেবুলত থয় মই হাতত চেন্দেল লৈ সাজু হওঁ ৷ তলত ককাই মোক জুচ খাবলৈ মাতা শুনো ৷ মই মাত নিদিওঁ ৷ মাত দিলেই গম পাব মই ক'ত আছো। ইফালে চকু থাকে ৰান্ধনীৰ ওপৰত ৷যেই ৰান্ধনী জুচ দি একে বাটৰে ওভটি যায় মই ঠিক তেওঁৰ মূৰত পৰাকৈ চেন্দেলপাত ওপৰৰ পৰা সৰকাই দিওঁ ৷ কেতিয়াবা তেওঁৰ মূৰত পৰে আৰু কেতিয়াবা নপৰে ৷ পৰিলে তেওঁ বকি বকি ককাৰ আগত গোচৰ দিয়ে ( যি গোচৰ ককাই আওকাণ কৰে ) আৰু গাত নপৰি চিধাই পকাত পৰিলে " নপৰিলে, নপৰিলে " বুলি তেওঁ আনন্দৰ নাচোন মাৰে ৷ তেওঁৰ এই দুয়োটা কাৰ্যয়ে মোৰ বাবে আছিল তামাম আমোদজনক ৷

ৰান্ধনী ভিতৰলৈ যোৱাৰ পাচত লাহেকৈ চিৰিৰে নামি আহি ককাৰ লগত আৰামী চকীত বহি মৌচম্বীৰ জুচ খাওঁ ৷ ককাই সুধে " নদীৰ পানী কিমান বাঢ়িছে ?“

মই যিমান বাঢ়িছে তাতকৈ অলপ বেছিকৈ বাঢ়িছে বুলি কওঁ ৷ " দলঙৰ কাঠৰ বাকচত কোন কোন বহি আছে ?" ইত্যাদি বিভিন্ন প্ৰশ্নৰ কিছুমান সচাঁ আৰু কিছুমান মনে সজা উত্তৰ দি যাওঁ ৷ ককাই মোৰ মনে সজা প্ৰশ্নবোৰৰ উত্তৰবোৰ বৰ মজা পায় ৷ৰিক্সাৰে পাৰ হৈ যায় এজন বয়সীয়াল ডাক্তৰ ৷ ৰিক্সাত থাকে মাহেকীয়া বজাৰ আৰু খৰি ৷ ককাই মাত লগাই " ডাক্তৰ বাবুৱে মাহেকীয়া বজাৰ ক'লৈ নিয়ে ?" ডাক্তৰে উত্তৰ নিদি মাথো মূৰ দুপিয়াই সঁহাৰি জনায় থয় ৷ কেতিয়াবা বাৰাণ্ডাত ককাৰ বন্ধুবৰ্গ বহি থাকিলে ডাক্তৰৰ এই বজাৰ খনকলৈ চলে এক ৰসাল আলোচনা ৷ ককাই এনে আলোচনা আৰম্ভ হলে মোক ভিতৰলৈ পঠিয়াই দিয়ে ৷ চীনা আৰ্হিৰ ঘৰটোৰ গাতে লাগি থকা তিনিখলপীয়া নঙলাডালৰ মাজৰ বাহডাল খুলি সৰকি পাৰ হৈ নিমৰ তল পাওঁ ৷খেৰীঘৰটোৰ ফালৰ পৰা ভুটীয়া কুকুৰ কেইটাই খেদি আহে মোক ধৰিবলৈ ৷ কুকুৰৰ পাচে পাচে আহে মামী৷ তেওঁ নিমৰ তলত পাৰি দিয়ে এখন কাপোৰ , কাঞ্চন,জবা, গোলাপ, কেমিলিয়া গছৰ তলত পৰি থকা ফুলবোৰ গোটাই আনি কাপোৰখনত বহি নিমৰ গুৰিত ফুলবোৰ সজাও ৷ এটা সময়ত কোনোবাই নি মোক ঘৰত থৈ আহে ৷


চীনা আৰ্হিৰ ঘৰৰ সন্মুখৰ পলাশডাল জুই হৈ ফুলিলেই বুজি পাওঁ ফাকুৱা আহিল ৷ তলসৰা পলাশ ফুলবোৰ গোটাই পানীত তিয়াই থওঁ, ফল্গু উৎসৱত ৰঙৰ পানী চিটিয়াবলৈ ৷প্ৰথমে চিটিয়াওঁ ককাক তাৰপাছতহে আনক ৷বগা পাইজামা, বগা চাৰ্ট পৰিহিত, শ্বেতকেশী ককাক মুৰ্হূত্বতে পলাশ বৰণীয়া কৰি পেলাওঁ৷ আবেলিলৈ ককা আমাৰ ঘৰৰ ভিতৰৰ বাৰাণ্ডাত বহিবলৈ আহে৷ বাৰাণ্ডাৰ তলে ওপৰে উলমি থকা বিভিন্ন ফুল আৰু অৰ্কিডবোৰ প্ৰথমে তন্নতন্নকৈ চাই লয় ককাই ৷ তাৰপাছত মা, মামাহতঁৰ লগত চলে বহু কথা আৰু হাহিঁ । বৃটিছৰ কালৰ বিচাৰপতি হিচাপে পাৰ কৰা কৰ্মজীৱনৰ নানা ৰহণীয়া কথা কৈ যায় ককাই, সকলোৱে উৎসুকতাৰে শুনি যায় ৷ কথাবোৰ আমি বৰকৈ বুজি পোৱা নাছিলো যদিও ককাৰ কথন ভংগীত মোহিত হৈ একান্ত মনৰে মাথো শুনি গৈছিলো। তাৰ মাজতে ট্ৰেত আহে কফি আৰু মিঠাই ৷ যিদিনা এই আড্ডাত চৰপৎ মামা ( চলাচলৰ মালিক শৰৎ বৰুৱা ) আহি বহে সেইদিনা কফিৰ লগত পৰিবেশণ হয় মামাই চলাচলৰ পৰা আনা গৰম গৰম কাটলেট আৰু টমেটো চচৰ লগত মিহিকৈ কুটা পিয়াজ ৷আড্ডা সেইদিনা দীঘলীয়া হয় ৷ সেইদিনা বেছিকৈ আলোচনা চলে খাদ্যৰ ওপৰত ৷ কোনে কত আচহুৱা খাদ্য খাইছিল বা সেই ব্যঞ্জন কি দৰে ৰান্ধিব লাগে সেই বিষয়ৰ আলোচনা ৷ দেউতা আহি পালে চলে বিভিন্ন ৰোগীৰ বিভিন্ন অদ্ভুত ৰসাল কাহিনী৷ কথা শুনি শুনি কাৰোবাৰ কোলাত আমি ঢলি পৰো ৷নিদ্ৰা দেবীয়ে হেচা মাৰি ধৰি দিনটোৰ ঘটনাবোৰৰ ৰঙীন সপোন দেখুৱাই আমাক ৷

সপোন এতিয়াও দেখো, হেৰাই যোৱা সেই বহমপুৰৰ পৰা গাখীৰ কঢ়িয়াই আনা ঘোঁৰা গাড়ী , সেই বুকুভৰা কলঙৰ নাওঁ, কাঠৰ দলং, দলঙৰ পকেটৰ "চিনেমা" , চীনা আৰ্হিৰ ঘৰ , পলাশজোপা , ককা, চৰপৎ মামাৰ সপোন এতিয়াও দেখো ৷ চলাচলৰ কাটলেট আৰু নাই আজি, আছে মাথো চাইনবোৰ্ডখনহে ৷ বাকী সকলো হৈ ৰল স্মৃতিৰ শলিতা।


ববিতা শইকীয়া

আমোলাপট্টি, নগাঁও

দূৰভাষ নং ৯৩৬৫৪১৫১৫৭

Comments


bottom of page