স্মৃতিৰ জোনাকত আশাৰ পম খেদি
- জ্যোতিকা বৰা

- Apr 3
- 4 min read
Updated: Apr 6

'অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাকোঁ।''
আকাশীয়ে বিহু গীতটো গুন গুনাই থকা শুনি ভনীয়েক মইনাই পিছফালৰ পৰা আহি মাত দিলেহি-
"আকাশীবা ,গাত বিহু লাগিলেই নেকি?"
আকাশীয়ে মইনাক সুধিলে - ''আজিৰ চ'তৰ কেই তাৰিখ হ'ল, তই জান নে ? কুলি চৰাই কোউ কোউ মাতত মোৰ মনটো কিবা বিহু বিহু লাগিছে।"
মইনাই অলপ সময় আকাশীলৈ চাই ক'লে- ''হয় দে আকাশী বা । তই যে ইমান ধুনীয়া বিহু গীত গাই বিহু নাচিছিলি !মা আৰু দেউতাই সদায় কৈ থাকে। চ'ত মাহ যাবলৈ হ'ল , আকাশীবা আজি চ'তৰ বিশ তাৰিখ ।''
মইনা আকাশীৰ খুৰাকৰ ছোৱালী। তাইতকৈ সৰু যদিও দুয়োজনী বন্ধুৰ নিচিনা । দেউতাকে গৰু বিহুৰ দিনা গৰুক মাহ হালধি সানি নদী ঘাটলৈ নি গা ধুৱাই গাত লাউ বেঙেনা মাৰি সকলোৱে মিলিজুলি গীত গোৱা দৃশ্যতো আকাশীৰ চকুৰ আগত ভাঁহি উঠিল-
" দীঘলতি দীঘল পাত
মাখি মাৰো জাত জাত
লাউ খা,বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা।
মা সৰু,বাপেৰ সৰু
তই হ'বি বৰ গৰু ।"
আকাশীয়ে মনে মনে ভাবিলে - ''কিমান যে ভাল লাগিছিল সেই দিনবোৰ। বহাগ বিহু আহিলে তাইৰ আনন্দৰ সীমা নাইকিয়া হয় ।মুগা মেখেলা চাদৰ পিন্ধি বিহু নাচে,হুচৰি গায়। গাঁৱৰ প্ৰতি ঘৰ গৃহস্থৰ কুশলৰ অৰ্থে হৰিধ্বনি দি ঢোল, পেঁপা গগনাৰে হুচৰি গোৱা দলটোৰ কথা ভাবিলেই তাই ভাল লাগি যায় । তাই নাচিব জানে বাবে কিমান যে পাত্তা দিছিল ! "
কব নোৱাৰাকৈ তাই পুৰণি গীত ফাঁকি গাই দিলে-
" চ'তৰ চকৰী বহাগত বগৰী
জেঠত আমনা ধান
গৰুৰ বিহুৰ দিনাখন শৰাই আগ বঢ়াবা
তেহে পাবা বৈকুণ্ঠত থান।"
মইনাই হাত চাপৰি বজাই খুব ধুনীয়া হৈছে বুলি চিঞঁৰি দিওঁতে তাই উচপ খাই উঠিল ।
"তই হবলা ওচৰতে আছ । মই আক' তই গ'লি বুলি ভাবিছিলো ।" গহীন হৈ আকাশীয়ে ক'লে ।
"মই পাহৰি গৈছিলো , মইনা । বিহুৰ এই আনন্দ মই অনুভৱহে কৰিব পাৰো। মোৰ বাবে বিহু নহয়, বৰ বিহহে"।
সুখৰ কথা বোৰ ভাবি আকাশীৱে দুখৰ কথাবোৰ পাহৰি থাকিব বিচাৰে যদিও তাইৰ দুচকু পানীৰে ভৰি পৰিল । আকাশীৰ হুইল চেয়াৰ খনৰ চাৰিওফালে অলপ সময়ৰ আগতে ঢোল -পেপা-গগনাৰ মাতত নাচি থকা নাচনী জনী আতৰি গ'ল ।
তাই এটা দীঘল হুমুনিয়াহ কাঢ়িলে........!
আকাশীৰ মনত পৰিল সেই দিনটোৰ কথা। সেইদিনা এপ্ৰিল মাহৰ ২০ তাৰিখ। আজিৰ পৰা প্ৰায় পাঁচ বছৰৰ আগৰ কথা। আকাশী মাক দেউতাকৰ লগত লতাশীল খেলপথাৰত বিহু ফাংচনত বিহু নাচিবলৈ গৈছিল। বিহু নাচি ঘূৰি আহোঁতে সোণাপুৰত এখন ডাম্পাৰত আকাশী হতৰ গাড়ীখনে খুন্দা মাৰে।লগে লগে গাড়ীখন লুটি খাই পৰি যায় । মাক দেউতাক থিতাতে নিহত হয়। আকাশীয়ে ভৰি হাতত বেয়াকৈ আঘাত পায় অচেতন হৈ পৰি থাকে। যেতিয়া তাইৰ চেতনা আহে তাই তেতিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। বহু কেইজন অভিজ্ঞ চিকিৎসকৰ চিকিৎসা আৰু পৰামৰ্শ অনুসৰি আকাশী সুস্থ হ'ল যদিও হুইল চেয়াৰ খন তাই লগৰী হ'ল।মাক দেউতাকে এৰি থৈ যোৱা ঘৰখনত তাই খুৰাক খড়ীয়েক আৰু মইনাৰ লগত থাকিব লগীয়া হ'ল। কিমান আৰু কান্দিব। কান্দি কান্দি তাই ভাগৰুৱা হৈ পৰে।
সেই দিনাৰ পৰাই আকাশীৰ জোনাকৰ পৃথিৱী খনত এচমকা কলীয়া ডাৱৰে আৱৰি থাকে। তাই হুইল চেয়াৰ খনত বহি স্মৃতিৰ মণিকোঠাত থকা ভাল লগা কথাবোৰ সোঁৱৰি আনন্দ পায়। তাইৰ এতিয়া লগৰীয়া এটা কলম ,এখন ডায়েৰী, কিতাপ আৰু গান শুনিবৰ কাৰণে কাষত থাকে এটা পুৰণি ৰেডিঅ'। বৰ্তমান ৰেডিঅ'ৰ গুৰুত্ব কমি গ'ল যদিও ৰেডিঅ'টো দেউতাকৰ বৰ প্ৰিয় আছিল বাবে ৰেডিঅ'টো সদায় তাই কাষত ৰাখি গান শুনাৰ লগতে বিভিন্ন ধৰণৰ আলোচনা, পৰামৰ্শ আদি শুনে।
বিহু আহিলেই আকাশীৰ মনত পৰে মাক দেউতাকলৈ।ঘৰৰ একমাত্ৰ ছোৱালী আছিল আকাশী। কিমান যে মৰমৰ কৰিছিল। বিহু নাচিবলৈ মাক দেউতাকে ঢোল, পেঁপা, গগনাৰে গোটেই ঘৰখন বিহু তলী কৰি ৰাখিছিল। আকাশীয়ে এটা দীঘল হুমুনিয়াহ কাঢ়ি ভগৱানক প্ৰাৰ্থনা কৰে " প্ৰভু মোক খোজ কাঢ়িব পাৰা কৰি দিয়া।মই যেন আকৌ বিহু নাচিবলৈ পাৰোঁ।"
এনেতে মইনাই চিঞঁৰি ক'লে -''আকাশীবা, নাইনাবা আহিছে।''
নাইনা আৰু আকাশী দুয়োজনী একেলগে পঢ়া। ভাল বান্ধৱী। সুখ দুখৰ সমভাগী। তাইৰ ঘৰ গুৱাহাটীত। আকাশীৰ ঘৰ সোনাপুৰত । সময় পালেই নাইনা তাইৰ ওচৰলৈ আহে । নাইনাই হুইল চেয়াৰ খনতে আকাশীক লৈ যায় ওচৰত থকা খেল পথাৰ খনলৈ।তাত বিভিন্ন ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে। ডাক্তৰে নাইনাক কৈছিল - ''আকাশীয়ে পলমকৈ হ'লেও খোজ কাঢ়িব পাৰিব । তাইক সাহস দিবা ।''
সেই কাৰণে সুবিধা পালেই আকাশীৰ ওচৰলৈ নাইনা আহে ।আকাশীক খোজ কঢ়াবলৈ নাইনাই যে কিমান যত্ন কৰিছে !
নাইনা অহা বুলি শুনাৰ লগে লগে আকাশী হুইল চেয়াৰ খন চলাই বাৰান্দালৈ ওলাই আহিল ।
নাইনাই কাপোৰৰ বেগটো মইনাৰ হাতত দি ক'লে- ''মই দুদিনমান থাকিম । বায়েৰক খোজ কঢ়াইহে যাম ।''
নাইনাৰ কথা শুনি আকাশীৰ চকু দুটা সেমেকি উঠিল।
''তই কান্দিব নালাগে । তই মাথো মোৰ কথা মতে কাম কৰিব লাগিব। ডাক্তৰে তই খোজ কাঢ়িব পাৰিবি বুলিছে যেতিয়া তই পাৰিবই লাগিব।''
নাইনাই আকাশীৰ উত্তৰলৈ বাট নাচাই হুইল চেয়াৰখন লৈ আকাশীক খেল পথাৰ খনলৈ লৈ গ'ল। নাইনাই তাইক হুইল চেয়াৰ খনৰপৰা নামি খোজ কাঢ়িব লৈ চেষ্টা কৰিবলৈ ক'লে । কিন্তু আকাশীয়ে পাৰা নাই। বাৰে বাৰে নাইনাই তাইক মাটিত নমাবলৈ যত্ন কৰিছে যদিও আকাশীয়ে ভৰিটো হুইল চেয়াৰৰ পৰা নমাবলৈ সাহস কৰা নাই।
"মাজনী তুমি পাৰিবা। ইমান ধুনীয়া ছোৱালী জনী কিয় নোৱাৰিবা । ' কোনে কৈছে বুলি দুয়োজনীয়ে ইফালে সিফালে চালে । দেখিলে সিহঁতৰ ওচৰত এগৰাকী ভদ্ৰ মহিলা থিয় হৈ সিহঁতক চাই আছে। মহিলা গৰাকীয়ে খেলি থকা নিজৰ ল'ৰা ৰাজুক দেখুৱাই ক'লে-
''ইয়াৰ জন্মতে ভৰি দুখন বেকা হৈ আহিছিল।তিনি বছৰ বয়সত ডাক্তৰে অস্ত্ৰোপচাৰৰ জৰিয়তে ল'ৰাটোৰ ভৰি দুখন পোন কৰি দিলে। কিন্তু সি বেছিদূৰ খোজ কাঢ়িব বা দৌৰিব নোৱাৰে। তাৰ মনত বৰ দুখ। আমি আশা এৰি দিছিলো । কিন্ত্ত সি আশা এৰা নাছিল। সি লগৰ লৰাবোৰৰ লগত একেলগে খেলা ধূলা কৰে । তাক সকলোৱে বেঁকা,বেঙা আদি নামেৰে ভেঙুচালি কৰে যদিও সি সিহঁতৰ লগ নেৰে । এনেকৈ সি
নৱম শ্ৰেণী পালেগৈ ।তাৰ মনটো ক্ৰমান্বয়ে বৰ জেদি হৈ পৰিল। বিদ্যালয়ৰ সকলো প্ৰতিযোগিতাতে ৰাজুৱে অংশগ্ৰহণ কৰে কিন্তু দৌৰত কেতিয়াও নোৱাৰে। এই পথাৰ খনলৈ আহি সি অকলে অকলে দৌৰাৰ অনুশীলন কৰিবলৈ ল'লে।সি বদ্ধপৰিকৰ হ'ল এই বাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । তাৰ চেষ্টা বিফলে নগ'ল।সি মাৰাথান দৌৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা পালে। চোৱা ছোন সি অসম্ভৱক কেনেকৈ সম্ভৱ কৰিলে। "
এইবুলি কৈ মহিলা গৰাকীয়ে ৰাজুক মাতি আনি আকাশীৰ লগত চিনাকি কৰাই দিলে।
ৰাজুক দেখি আকাশীৰ মনটো উজ্বল হৈ পৰিল।
নাইনাই চিঞৰি উঠিল -
''আকাশী তইও পাৰিবি। উঠ,হুইল চেয়াৰ খনৰ পৰা তই উঠি আহ ।তই পাৰিবি ।তই পাৰিবই লাগিব। "
আকাশীয়ে নিজকে নিজে ক'লে -
"এৰা তাই পাৰিব। চেষ্টাৰ অসাধ্য একো নাই।তাই খোজ কাঢ়িব লাগিব। বহাগৰ বিহুত হুচৰি গাব লাগিব। বিহু নাচিব লাগিব। "
আকাশীয়ে লাহে লাহে হুইল চেয়াৰ খনৰ পৰা ভৰি কেইটা মাটিত দিবলৈ যত্ন কৰিলে। প্ৰথমতে পৰিবলৈ ধৰিছিল যদিও নাইনাই থাপ মাৰি ধৰিলে।এখোজ দুখোজ কৈ আকাশী আগুৱাই গৈ থাকিল। পিছে পিছে নাইনা।আকাশীৰ মনটো জোনাকৰে ভৰি পৰিল।তাই মাক দেউতাকৰ সপোন বোৰ পূৰণ কৰিব লাগিব।তাই আকৌ বিহু গীত গাই বিহু নাচিব ।বিহুনাচ শিকাব সৰু সৰু ল'ৰা ছোৱালী বিলাকক। আনন্দতে নাইনাই তাইক সাৱটি ধৰি ক'লে-
"আমি দুয়ো জনীয়ে এইবাৰ বহাগৰ বিহুত বিহু নাচিম। হুচৰিও গাম ।"
খেল পথাৰ খনত 'বিহু কুঁৱৰী'ৰ প্ৰতিযোগিতাৰ বাবে আখৰা কৰি থকা বিহুৱা দলটোৱে গোৱা বিহুগীত শুনি আকাশীৰ স্মৃতিৰ জোনাকত আশাবোৰ উজ্বলি উঠিল ।আনন্দতে দুয়ো বান্ধৱীয়ে একেলগে গুনগুনালে-
''বিহুৰে বিৰিণা পাতেও মইনা
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ'লে বিনাবা কাক।''
জ্যোতিকা বৰা
কামপুৰ, নগাঁও।
দূৰভাষ নং ৭৬৩৮০ ১১৫৮৩





Comments