top of page

উদ্দীপনা

Updated: Apr 6


"উ: পৰীক্ষা, পৰীক্ষা ,পৰীক্ষা.. " চিঞৰি উঠিল শতাব্দীয়ে ।কলেজৰ আহি তাই বিছনাত বাগৰ দিছে ।বিহুৰ বন্ধত ঘৰলৈ যোৱা কথাটো ভাবিয়েই তাইৰ ভাল লাগিল । আইতাক ছাগৈ এইসময়ত খুন্দনাত তামোল খুন্দাত ব্যস্ত । বিহু আহিলে আইতাই মুখত হুচৰি গীত গুনগুনাই থাকে-

"কৃষ্ণাইৰ মূৰতে বকুলফুল এপাহি

নিঁয়ৰ পাই মৰহি যায় .."


বিহু আহিলে বোপাকণ খুড়াদেউ ঘৰখনৰ চৌপাশ সুন্দৰকৈ চাফ-চিকুণ কৰাত ব্যস্ত । মুঠৰ ওপৰত এক উখল-মাখল পৰিৱেশ । ডিব্ৰুগড় জিলাৰ খোৱাং ৰ জমিদাৰ ঘৰ । এইবাৰ বিহুত আগৰ দৰেই হৰ্ষোল্লাস পৰিৱেশ বিৰাজ কৰিব লাগিব বুলি নাতিনিয়েকে ইতিমধ্যে জৰুৰী জাননী মোবাইল ফোনৰ যোগেদি দি থৈছে ।


চকুৰ আগত ভাঁহি উঠিছে ধুনীয়া সেউজীয়া আৱৰণ । আলমাৰিৰ পৰা কাপোৰ বেগত ভৰাই থাকোতেই নিজৰা শতাব্দীৰ ৰুমলৈ সোমাই আহিল।


''অ'ই নিজৰা যাবি নেকি আমাৰ ঘৰলৈ?"শতাব্দীৰ কথা শেষ নৌহওঁতেই তাইও তৎক্ষণাৎ ক'লে -

' হ'ব ।তোৰ লগত তোৰ মুখত সদায় শুনি থকা আইতাগৰাকীক চাই আহিম । আইতাৰ কথাবোৰ.. '


"হাঃ হাঃ হাঃ Okay let's Go .. "


গধূলি ৰে'ল ষ্টেচনটোত নামিয়েই একেলগে দুয়ো আগবাঢ়িল গাঁৱলীয়া ধূলিয়ৰি ৰাস্তাৰ দিশে । সিহঁতৰ বাবে অতপৰে বাট চাই থকা বোপাকণ খুড়াদেৱে বেডিং পত্ৰ দাঙি ল'লে।

গাৱলীয়া পৰিৱেশত এক আপোনপাহৰা দুই নলেগলে লগা বান্ধৱী । পদূলিৰ পৰা গাই আহিছে ..

"ঐ ,এনেনো ভাল লাগে ,ঐ আইতা

এনেনো ভাল লাগে ...

চকুলৈনো কিনো চাবা

সৰগৰে তৰা । "


নিজৰাইও ৰ'ব নোৱাৰি তাইক সহযোগ কৰিলে-

" ঐ' এনেনো ভাল লাগে আইতা ,

এনেনো ভাল লাগে

ঐ নাকলৈনো কিনো চাবা

তিলফুল যেন নাক...। "


সিহঁত দুজনীক দেখি আইতাকৰ দুচকুৰে দুধাৰি বৈ গ'ল । সেৱা কৰি দুগালত দুটি চুমা বুলাই দুয়ো ঘৰৰ ভিতৰলৈ গ'ল । মাক-দেউতাককো সেৱা কৰি তাই নিজৰ কোঠালিলৈ নিজৰাক লৈ গ'ল । মাকে হাত-ভৰি ধুবলৈ দি চাহ-জলপানৰ ব্যৱস্থা কৰিলে । আইতাকৰ লগত দুই বান্ধৱী চোতালত পাটি পাৰি বহি ল'লে । ইফালে বোপাকণে শতাব্দী ( মুন্নি ) ক জুকাবলৈ ধৰে ।

"মুন্নি, এইবেলি বিহুতে বিহুৱান পঠিয়াবলৈ প্ৰস্তুত নেকি ?"


মুন্নি আগৰ দৰেই বোপাকণৰ পিছে পিছে দৌৰি গ'ল । দুয়ো লুকা-ভাকু খেলৰ দৰে খেলিবলৈ ধৰিলে । আইতাকে সিঁহতৰ এনে উৎসৱমুখৰ নিৰ্ভেজাল মৰমবোৰ চাই নিজৰাক ক'লে .. "বুজিছা মা, মই জমিদাৰৰ ঘৰত বিয়া হৈ আহিয়ে বোপাকণক পাইছিলো। অনাথ ল'ৰা । আমাৰ ঘৰখনৰ বহুত আপোন । পো -বোৱাৰীক ককায়েক-নবৌৱেক বুলি শ্ৰদ্ধা কৰে । মুন্নিক সিয়ে সৰুৰে পৰা ডাঙৰ কৰা নিচিনা । "


শতাব্দীৰ চিঞৰ " আৰম্ভ কৰা আইতা , আইতা কাইলৈ গৰু বিহু ।আমাৰ গৰু কেইটাক গা ধুৱাই বিহুৰ জলপান খাম ।ৰাতিলৈ জনপ্ৰিয় গায়িকাৰ বিহু অনুষ্ঠান চাবলৈ যাম। লগতে ইনষ্টাগ্ৰামত ৰিল বনাম । "

নিজৰাই চিঞঁৰি দিলে, "অহ্‌ বঢ়িয়া ! পিছদিনা মা-দেউতা আহিব মোক ঘৰলৈ লৈ যাব । শতাব্দী তইও ওলাবি আমাৰ নগাঁওত বিহু চাম । "

সিহঁত দুয়োজনীৰ কথাৰ নিৰৱ শ্ৰোতা হৈ ৰ'ল আইতাক । যেন স্তব্ধ সৌম্য প্ৰশান্তৰূপ । দীঘল হুমুনিয়াহ কাঢ়ি ক'লে ..

" তাহানিৰ বিহু এতিয়া নাই ।"

আইতাকে ক্ষোভ উজাৰিলে নতুন প্ৰজম্মৰ ওপৰত.। কৈ গ'ল একেলেথাৰিয়ে -

মই তেতিয়াৰ বি.এ পাছ । গতিকে তোমালোকতকৈ মোৰ অভিজ্ঞতা বেছি । পেচাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু জমিদাৰৰ ঘৰৰ বোৱাৰী । আমাৰ দিনত বিহু বলিয়া অসমীয়াৰ মনত হেঁপাহৰ ৰঙালী বিহুটি উপভোগ কৰাৰ স্বতঃস্ফুৰ্ত প্ৰকাশ আছিল । বৰ্তমান এই উম্মাদনা নাই । চহৰকেন্দ্ৰিক , আধুনিকতাই অসমীয়াৰ বিহুৰ ৰূপ সলালে। উদ্বিগ্নতাৰে ভৰা বিভিন্ন প্ৰতিযোগিতাহে । আধুনিক মঞ্চ বিহুত জীৱিকা উৰ্পাজনৰ থল কিছু লোকৰ বাবে । গাৱঁৰ বোৱাৰী জীয়ৰীসকলে গধূলি ঢ়েঁকীত ধান খুন্দিবলৈ অস্বীকাৰ কৰে। শিপিনীৰ তাঁতশালত বোঁৱা গামোছাৰ অভাৱ । লোকবাদ্য সমূহ এতিয়াৰ অপৰিচিত বহুতৰ বাবে.. "

দুচকু অশ্ৰুু নিগৰাই দীঘলীয়া হুুমুনিয়াহ কাঢ়ি পুনৰ ক'লে- "ধূসৰ যেন এতিয়াৰ হেপাঁহৰ বিহুটি । "


শতাব্দী , নিজৰাৰ চকু জলজলীয়া হৈ পৰিল। দুয়ো একেলগে ক'লে -"হয় আইতা ,বহুত কৰণীয় আছে ।"

বোপাকণেও কৈ উঠিল -

"হয় ,হয় ,কুলি- কেতেকীৰ মাতত আগতে ব'হাগত সোণত শুৱগা চৰে । এনেহেন ব'হাগত অসমত ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিজন অসমীয়াই হিয়া উজাৰি উপভোগ কৰে । "

দুয়ো বান্ধবী গধুৰ মনলৈ নিজৰ কোঠালৈ গ'ল ।

নিজৰাই ক'লে,"এইবাৰ ঘৰৰ পৰা গৈ হোষ্টেলত বিহু পাতিম । আমি

আমাৰ বাপতিসাহোন বিহু জীয়াই ৰাখিব লাগিব। "

শতাব্দীয়ে নিজৰাক উৎসাহিত কৰিলে । গাঁৱত দুদিন আনন্দৰে কটাই দুয়ো পুনৰ হোষ্টেল পালেগৈ।

নিজৰাই পিছদিনা পুৱাতে চিঞঁৰি চিঞঁৰি ক'লে -

"oh common girls , ঢোল , পেপা , গগনা , সুতুলি , তাল , টকা লৈ ওলাই আহা । গছ লতিকাত কোমল কুঁহি পাতেৰে নতুন সাজেৰে সাজোন কাচোন হোৱাৰ দৰে আমাৰ ইয়াত সকলো জিলাৰ ছোৱালী একত্ৰিত হৈ আছো । মাৰ্জিত, শালীনতা বজাই ৰাখি অসমীয়া সাজ-পাৰ পৰিধান কৰি চহৰৰ যান্ত্ৰিকতা কোলাহলক নেওচি আজিৰ হোষ্টেলত বিহু মাৰো,আহ', ৰূমৰপৰা ওলাই আহ.'. .. ।"


গভীৰ টোপনিত থকা শতাব্দী সাৰ পাই উঠিল । তাই ৰুমৰ পৰা দৰ্জাখন খুলিয়েই চকু দুটি মোহাৰি মোহাৰি বাহিৰলৈ ওলাই গ'ল । নিজৰাৰ লগত তাইও সমস্বৰে চিঞঁৰি উঠিল -

''আজি RCC2 ৰ হোষ্টেলত এইয়া আমাৰ হেঁপাহৰ ৰঙালী বিহুটি উদ্‌যাপন কৰো বুলি" বিহু গীত গাবলৈ ধৰিলে. ....

"এই বেলি বিহুটি ৰমকে ঐ জমকে ঐ

নাহৰ ফুল ফুলিবৰ বতৰ

নাহৰ ফুলৰ গোন্ধ পাই লাহৰীৰ তত নাই

গছকি ভাঙিলে যঁতৰ ।"

লনী আহোম

নগাঁও আমোলাপট্টি , অসম

দূৰভাষ নং ৯১০১২৬৪১৯৪

Comments


bottom of page