top of page

স্বাস্থ্যৱান সমাজ আৰু চিকিৎসা বিভ্ৰাট আৰু মেডিকেল নেমেচিছ


স্বাস্থ্যৱান সমাজ মানে কেৱল ৰোগমুক্ত মানুহৰ এখন সমাজ নহয়; ই এক সমন্বিত, সচেতন আৰু সুসংগঠিত জীৱনব্যৱস্থাৰ প্ৰতিফলন। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, “স্বাস্থ্য” মানে হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা। এই সংজ্ঞাই স্পষ্ট কৰে যে স্বাস্থ্য বুলি কলে একমাত্ৰ দেহগত অৱস্থা নহয়; ই মানুহৰ সমগ্ৰ অস্তিত্বৰ এক সুসংহত ৰূপ।


    স্বাস্থ্যৱান সমাজত মানুহে কেৱল ৰোগৰ পৰা মুক্ত হৈ নাথাকে, তেওঁলোকে মানসিকভাৱে শান্তি আৰু স্থিৰতা অনুভৱ কৰে আৰু সামাজিকভাৱে একতা, সহানুভূতি আৰু সহযোগিতাৰ পৰিৱেশত বাস কৰে। য’ত মানুহে  আনৰ প্ৰতি দায়িত্ববোধৰ সৈতে সহায়ৰ হাত আগবঢ়ায়, তেনে সমাজেই প্ৰকৃত অৰ্থত স্বাস্থ্যৱান সমাজ।


   গ্ৰীক দৰ্শনত আৰোগ্য মানে দেহ আৰু মনৰ সমতা পুনৰ লাভ কৰা।হিপ’ক্ৰেটিছৰ মতে, দেহত থকা তেজ, কফ, পিত্ত আৰু কৃষ্ণ পিত্তৰ সমতা নষ্ট হ’লে ৰোগ হয়। সেয়েহে সঠিক আহাৰ, বিশ্ৰাম, বিশুদ্ধ পৰিৱেশ আৰু ব্যায়ামৰ জৰিয়তে এই সমতা পুনৰ স্থাপন কৰি আৰোগ্য লাভ কৰিব পাৰি।এই ক্ষেত্ৰত এৰিষ্ট'টলৰ চিন্তাধাৰা স্মৰণীয়।তেওঁ কৈছিল মানুহ স্বভাৱতে সামাজিক প্ৰাণী আৰু সমাজৰ মংগলতহে ব্যক্তিৰ মংগল নিহিত থাকে। সেয়েহে, সমাজৰ সুস্থতা আৰু ব্যক্তিৰ সুস্থতা একে সূত্ৰত গাঁথা।


    আধুনিক যুগত প্ৰযুক্তি আৰু উন্নত চিকিৎসা ব্যৱস্থাই স্বাস্থ্যসেৱাক নতুন ৰূপ দিলেও মানসিক চাপ, সামাজিক বিচ্ছিন্নতা আৰু জীৱনশৈলীৰ অস্থিৰতাই নতুন সমস্যাৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত মানসিক শান্তি, নৈতিক মূল্যবোধ আৰু সামাজিক সম্প্ৰীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। সাহিত্যতো এই সত্যৰ প্ৰতিফলন দেখা যায়।


    আয়ুৰ্বেদ আৰু উপনিষদত ৰোগ আৰু আৰোগ্যৰ বিষয়ে গভীৰ  দৃষ্টিভংগী প্ৰদান কৰিছে। দেহ, মন আৰু আত্মাৰ সমতা অতি গুৰুত্বপূর্ণ বুলি ধৰা হয়।আয়ুৰ্বেদ শাস্ত্ৰৰ মতে মানুহৰ দেহত তিনিটা মূল শক্তি বা দোষ থাকে—বাত ,পিত্ত ,কফ ।এই তিনিটাৰ সমতা বজাই থাকিলে মানুহ সুস্থ হৈ থাকে। উপনিষদত আৰোগ্য মানে কেৱল শাৰীৰিক সুস্থতা নহয়, আত্মিক মুক্তি আৰু শান্তিক আৰোগ্য বুলি গণ্য কৰে।


    আধুনিক  চিকিৎসা ব্যৱস্থা হৈছে মানুহৰ জীৱনৰ সৈতে জড়িত অতি গুৰুত্বপূর্ণ ক্ষেত্ৰ।চিকিৎসা ব্যৱস্থাৰ আধিপত্য,ডাক্তৰ আৰু চিকিৎসা প্ৰতিষ্ঠানসমূহে সমাজৰ ওপৰত অধিক নিয়ন্ত্ৰণ স্থাপন কৰিছে। মানুহে নিজৰ স্বাস্থ্যৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই চিকিৎসা ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে।"ডাক্তৰৰ কথা" শীৰ্ষক এটা প্ৰবন্ধত অসমৰ প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিয়ে উল্লেখ কৰিছে এইবুলি:"বৰ্তমান যুগৰ মানুহ ইমান বেছি ঔষধ-নিৰ্ভৰ তথা চিকিৎসা-নিৰ্ভৰ হৈ পৰাৰ কাৰণ কি?" হোমেন বৰগোহাঞিয়ে সমাজবিজ্ঞানী পল চাঁৰৰ উদ্বৃতি দি লিখিছে যে , বিজ্ঞানৰ ওপৰত মানুহৰ ক্রমবর্ধমান বিশ্বাসৰ সুযোগ লৈ ডাক্তৰসকলে মানুহৰ আত্মনিৰ্ভৰশীলতাক ক্রমান্বয়ে আৰু অতি কৌশলেৰে হ্ৰাস কৰি আনি তেওঁলোকক সম্পূৰ্ণভাৱে ঔষধ-নিৰ্ভৰ কৰি তুলিছে। এই কামত তেওঁলোকক সহায় কৰিছে ঔষধ প্রস্তুতকাৰক বৃহৎ কোম্পানীবোৰে। নিত্য-নতুন ঔষধৰ বজাৰ সৃষ্টি কৰিবলৈ এই কোম্পানীবোৰে টেলিভিছনকে ধৰি বিভিন্ন মাধ্যমৰ যোগেদি সমগ্র বিশ্বব্যাপী এনে এটা মানসিক বাতাৱৰণ সৃষ্টি কৰিছে-যিটো বাতাৱৰণত মানুহে আনকি মূৰৰ চুলিত হোৱা উফিকো এটা মাৰাত্মক ৰোগ বুলি ভাবিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত ঔষধ হৈ পৰিছে An industry run increasingly by corporations and the state in as yet unsettled relations with the medical profession.


  আজিকালি ঔষধ ই -বাণিজ্যৰ  ভিতৰত সোমাই পৰিল।১৯৭০ দশকত ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত বিকাশ কৰা মাইচিন (Mycin)  নামৰ কৃত্ৰিম বুদ্ধিমত্তাই বেক্টেৰিয়াজনিত  ৰোগ চিনাক্ত কৰি  কি প্ৰতিষেধক ঔষধ প্ৰয়োগ কৰিলে এই ৰোগৰ পৰা মুক্তি পাব তাৰ ব্যৱস্থা কৰিছিল।সেইয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ঔষধ জগতত সোমোৱা প্ৰাৰম্ভিক পদক্ষেপ বুলি কব পাৰি।কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) আজিৰ যুগত চিকিৎসা বিজ্ঞানৰ এক অত্যন্ত গুৰুত্বপূর্ণ আৰু দ্রুত বিকাশমান ক্ষেত্ৰ। আধুনিক চিকিৎসা ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ সংযোজনে ৰোগ নিৰ্ণয়, চিকিৎসা আৰু ঔষধ আবিষ্কাৰৰ পদ্ধতিত এক নতুন বিপ্লৱ আনিছে।অলপতে অসমৰ কামপুৰত থকা মেডিমাৰ্ত  নামৰ কোম্পানীটোৱে গ্ৰাহকৰ ঘৰত ঔষধ যোগান ধৰাৰ লগতে  কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিদানপত্ৰ চাই পৰামৰ্শ দিয়াৰ ব্যবস্থা কৰিছে।


   প্ৰযুক্তিৰ এই জয়যাত্ৰাৰ সময়তো কব পাৰি যে ,একৈশ শতিকাত  ভাৰতৰ দৰে দেশত মানুহে নিজৰ শৰীৰৰ প্ৰকৃতি-দত্ত শক্তিৰ ওপৰত আস্থা হেৰুৱাই পেলাই ডাক্তৰ আৰু ঔষধৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হৈ পৰিছে।এজন ৰোগীয়ে একে সময়তে বহুতো ঔষধ (সাধাৰণতে ৫টা বা তাতকৈ অধিক) ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।  এনে কাৰ্যক পলীফাৰ্মচী বুলি কয়। Poly” = বহু “Pharmacy” = ঔষধ।অৰ্থাৎ, একেলগে বহু ঔষধ গ্ৰহণ কৰা।সাধাৰণতে বয়োজ্যেষ্ঠ মানুহে বহু ৰোগ একেলগে থাকিলে যেনে- ডায়াবেটিছ, হৃদৰোগ, ৰক্তচাপ ৰোগত আক্ৰান্ত ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শ  মতে বেলেগ বেলেগ ঔষধ খায় ।বহু মানুহে ডাক্তৰৰ পৰামৰ্শ নোহোৱাকৈ ঔষধ লয়।


  পলীফাৰ্মাচী  আধুনিক চিকিৎসা বিজ্ঞানত এটা গুৰুত্বপূর্ণ সমস্যা হৈ পৰিছে ।কিন্তু অতিমাত্ৰা ঔষধ  সেৱন কৰা ক্ষতিকাৰক যদিও ভাৰতত প্ৰায় ৩০%–৬০% বয়োজ্যেষ্ঠ লোক পলীফাৰ্মাচী (Polypharmacy) ৰ চিকাৰ হৈছে।ইউৰোপ আৰু আমেৰিকাত ৫০%তকৈ অধিক ৬৫ বছৰৰ ওপৰ  বয়সৰ লোকে  ৫টা বা তাতকৈ অধিক ঔষধ লয়। 

ভাৰতকে ধৰি বিশ্বৰ বহু দেশত পলীফাৰ্মাচী সমস্যা বৃদ্ধি পাইছে। সঠিক নিয়ন্ত্ৰণ, সচেতনতা আৰু বিজ্ঞানভিত্তিক চিকিৎসাৰ জৰিয়তে ইয়াক হ্ৰাস কৰিব পাৰি।অন্যহাতে ' দিপ্ৰেচক্ৰিপচন ' মানে হৈছে অপ্রয়োজনীয় বা ক্ষতিকাৰক ঔষধ লাহে লাহে কমোৱা বা বন্ধ কৰা প্ৰক্ৰিয়া। দিপ্ৰেচক্ৰিপচন  (Deprescription) হৈছে সুৰক্ষিত আৰু বিজ্ঞানভিত্তিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে ৰোগীক কম ঔষধে ভাল স্বাস্থ্য প্ৰদান কৰে।


    উন্নত দেশ সমূহত সচেতনতা আৰু নিয়মৰ বাবে ৰোগীয়ে কম ঔষধ খায়। হোমেন বৰগোহাঞি মতে- "আধুনিক চিকিৎসা বিজ্ঞান আৰু ঔষধক সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব-এনে এটা উদ্ভট দাবী একমাত্র জধামূর্খ আৰু উন্মাদৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। যিসকল চিন্তাশীল মানুহে চিকিৎসা বিজ্ঞান তথা ডাক্তৰৰ নেতিবাচক দিশবোৰ সম্পৰ্কে নতুন চিন্তাৰ অৱতাৰণা কৰিছে, তেওঁলোকে কেৱল ক'ব খোজে যে মানুহে নিজৰ বাস্তৱ অভিজ্ঞতাৰ যোগেদি স্বাস্থ্য আৰু ৰোগ সম্পৰ্কে হাজাৰ হাজাৰ বছৰ ধৰি যিবোৰ জ্ঞান আহৰণ আৰু সঞ্চয় কৰিছে, সেইবোৰকো সম্পূৰ্ণৰূপে বাতিল কৰাটো উচিত নহ'ব। বৰং আধুনিক জ্ঞানৰ লগত প্রাচীন প্রজ্ঞাৰ সমন্বয় ঘটাব লাগিব। যিজন ডাক্তৰে ৰোগীৰ আৱেগ-অনুভূতিলৈ সমূলি ভ্রূক্ষেপ নকৰি যান্ত্রিকভাৱে কেৱল তেওঁৰ শৰীৰটোৰ চিকিৎসা কৰে, তেনে ডাক্তৰে কেতিয়াও ৰোগীক সম্পূর্ণভাৱে সুস্থ কৰি তুলিব নোৱাৰে। বহুতো ডাক্তৰে ৰোগীৰ মুখলৈ নোচোৱাকৈ বা তেওঁৰ শাৰীৰিক সমস্যাৰ আনুপূর্বিক ইতিহাস নুশুনাকৈ কেৱল ৰোগৰ বাহ্যিক লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি বিজুলী বেগেৰে প্ৰেছক্রিপশ্যন লিখে বা তেওঁৰ দেহটো কটা-ছিঙা কৰে। অজুহাতটো হ'ল সময়ৰ অভাৱ। কিন্তু ডাক্তৰে এই কথা মনত ৰখা উচিত যে তেওঁ ৰোগীৰ লগত যান্ত্রিকভাৱে দহ মিনিট সময় কথা পতাতকৈ মানৱীয় মমতা আৰু সহানুভূতিৰে তিনি মিনিট সময় কথা পাতিলেও ৰোগীৰ পৰম উপকাৰ হয়। "



   পৃথিবীৰ বিভিন্ন দেশত ভুল চিকিৎসা কৰি ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বহু কাহিনী আছে।ইয়াক চিকিৎসা বিভ্ৰাট বুলি কয় ।কেতিয়াবা চিকিৎসকৰ  অবহেলা আৰু ব্যৱসায় লাভালাভক অধিক প্ৰাধান্য  দিয়া দেখা যায়।১৯৩৭ চনত 'দ্যা  চিটাডেল' (The Citadel) নামৰ এ. জে. ক্রনিনৰ এখন বিখ্যাত উপন্যাস প্ৰকাশ হৈছিল। কিতাপ খনত  চিকিৎসকৰ  নৈতিকতা, সমাজ ব্যৱস্থা  , প্ৰকৃত ডাক্তৰৰ  অৰ্থ বুজোৱা আৰু আধুনিক স্বাস্থ্য ব্যৱস্থাৰ সমালোচনা কৰাৰ লগতে সৎ চিকিৎসকৰ মূল্য কিমান  সেই বিষয়ে বৰ্ননা কৰিছে।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে এণ্ড্ৰিউ মেনছন,যিজন ডেকা আদৰ্শবাদী চিকিৎসক আছিল।এণ্ড্ৰিউ এজন নতুন ডাক্টৰ হিচাপে গাঁৱৰ দুখীয়া মানুহৰ চিকিৎসা কাম আৰম্ভ কৰে। দুখীয়া ৰোগীক সহায় কৰা চিকিৎসকজন এদিন ধনৰ লোভত পৰি সততা,দায়িত্ববোধ,মানৱীয়তাৰ কথা পাহৰি গৈছিল যদিও  পিছত আকৌ সৎ পথলৈ ঘূৰি যায়। উপন্যাস খনত চিকিৎসকৰ দুৰ্নীতি, ভণ্ডামি আৰু বাণিজ্যিক মনোভাৱ উদঙাই দিছে। লেখকে চিকিৎসা ব্যৱস্থা বহু ক্ষেত্ৰত ধনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা,ৰোগীক অবহেলা কৰা,নৈতিক অৱক্ষয়,চিকিৎসকসকলে নিজৰ দায়িত্ব পাহৰি যোৱা বিষয়বোৰৰ সুন্দৰ বৰ্ণনা কৰিছে।কিতাপখনৰ মূল বাণীটো যেন আজিও সমানভাৱে প্ৰাসংগিক— “A doctor is not a tradesman, but a servant of humanity.”অৰ্থাৎ, চিকিৎসক এজন ব্যৱসায়ী নহয়, তেওঁ মানৱতাৰ এগৰাকীক সেৱক।


    “Tradesman” শব্দটোৱে ব্যৱসায়ীক বুজায়, যাৰ মুখ্য লক্ষ্য  হৈছে লাভ অৰ্জন কৰা। কিন্তু চিকিৎসকৰ ক্ষেত্ৰত এই ধাৰণা প্ৰযোজ্য নহয়। কাৰণ চিকিৎসা হৈছে এক পৱিত্ৰ পেশা, য’ত সহানুভূতি, কৰুণা, সততা আৰু দায়িত্ববোধ অতি প্ৰয়োজন। এজন প্ৰকৃত ডাক্টৰে ৰোগীক কেৱল “গ্ৰাহক” হিচাপে নাচায়; তেওঁক এজন মানুহ হিচাপে গণ্য কৰে, যাৰ দুখ-দুৰ্দশা নিৰাময়ৰ   বাবে  প্ৰয়োজনীয় সহায় আগবঢ়ায়।

    আজিৰ সমাজত বহু ক্ষেত্ৰত এই আদৰ্শ হেৰাই যোৱা দেখা যায়।Medical Nemesis এখন গভীৰ চিন্তাশীল গ্ৰন্থ, যি আধুনিক চিকিৎসা ব্যৱস্থাৰ সীমাবদ্ধতা আৰু বিপদসমূহ  পাঠকৰ আগত উন্মোচন কৰিছে। "মেডিকেল নেমেছিছ" কিতাপখনত ইভান ইলিচে  পাঠকক সজাগ কৰি তুলিবলৈ চেষ্টা কৰিছে। তেওঁৰ মতে -চিকিৎসা ব্যৱস্থা মানুহৰ বাবে  উপকাৰী হ’ব পাৰে, কিন্তু তাৰ সীমা অতিক্ৰম কৰিলে ই মানুহৰ বাবে বিপদজনক হৈ পৰে।ইলিচে বিশ্বাস কৰে যে—জন্ম, অসুখ, যন্ত্ৰণা আৰু মৃত্যু হৈছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়া।কিন্তু আধুনিক চিকিৎসা ব্যৱস্থাই এইবোৰক অতিৰিক্তভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। এই কিতাপখনত জীৱনৰ আনন্দ আৰু দুখ দুয়োটাই ৰক্ষা কৰাৰ এক প্ৰয়াস কৰিছে। লেখক গৰাকীয়ে কৈছে যে "Nemesis ত মই ১৯৭০ দশকৰ চিকিৎসা ব্যৱস্থাক বিশ্লেষণ কৰিছিলোঁ আৰু দেখুৱাইছিলোঁ যে অতিমাত্ৰা প্ৰযুক্তিয়ে কেতিয়াবা বিপৰীত ফলাফল উৎপন্ন কৰে। মই  ক্লিনিকেল, সামাজিক, সাংস্কৃতিক দিশবোৰ অর্থাৎ বিভিন্ন ধৰণৰ দুখ-কষ্টৰ সৃষ্টি উন্মোচন কৰিছিলোঁ।কিন্তু মোৰ লক্ষ্য চিকিৎসা ব্যৱস্থাক সংস্কাৰ কৰা নাছিল। মই চিকিৎসাক এটা উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছিলোঁ, যি  কেনেদৰে বৃহৎ প্ৰযুক্তি-প্ৰণালীয়ে মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এইবোৰে দুখ সহ্য কৰাৰ কলাক বিলুপ্ত কৰি প্ৰযুক্তিগত সুখৰ সন্ধান কৰে।মই স্বাস্থ্যসেৱাৰ বিকাশক শিক্ষা, পৰিবহণ আদি ক্ষেত্ৰৰ সৈতে তুলনা কৰিছিলোঁ। ইয়াত সুখৰ সন্ধান স্বাস্থ্যৰ সন্ধান হিচাপে ৰূপান্তৰিত হয়।প্ৰায় পঁচিশ বছৰৰ পিছতো মই Nemesis ৰ বিষয়বস্তুত সন্তুষ্ট। এই গ্ৰন্থখনে   উৎপাদনশীলতাক প্ৰতিহত কৰা  , ইতিহাস প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰিছে।


     পল  ষ্টাৰৰ The Social Transformation of American Medicine এখন আমেৰিকাৰ চিকিৎসা ব্যৱস্থাৰ বিকাশ আলোচনা কৰা গ্ৰন্থ।এই কিতাপখনত চিকিৎসা কেনেকৈ এক পেশা হিচাপে  পৰিগণিত হল,চিকিৎসা আৰু অৰ্থনীতিৰ সম্পৰ্ক,চিকিৎসা খৰচ বৃদ্ধি,বাণিজ্যিক মনোভাৱ আদিৰ ওপৰত  আলোচনা কৰা হৈছে। লেখক গৰাকীৰ মতে চিকিৎসা কেৱল বিজ্ঞান নহয়, ই এটা সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা।


     ১৯শ শতিকাত চিকিৎসা সেৱা অপেশাদাৰী আছিল । কিন্তু বিজ্ঞানৰ উন্নতি, মেডিকেল শিক্ষা আৰু লাইচেঞ্চ ব্যৱস্থাৰ জৰিয়তে চিকিৎসা এক পেশা হৈ পৰিল আৰু  সমাজত আধিপত্য আৰু নিয়ন্ত্ৰণ  কৰিব পৰা  হ'ল। বহু ক্ষেত্ৰত দামী চিকিৎসা পদ্ধতি, বহুমূলীয়া ঔষধ আৰু ব্যক্তিগত চিকিৎসালয়সমূহে স্বাস্থ্যসেৱাক এক প্ৰকাৰ বাণিজ্যত পৰিণত কৰিছে। ফলত দৰিদ্ৰ শ্ৰেণীৰ বাবে চিকিৎসাৰ পথ প্ৰায় বন্ধ হৈ পৰিছে।


চৰকাৰী চিকিৎসালয়সমূহেও সকলো সময়তে আধুনিক সুবিধা প্ৰদান কৰিব নোৱাৰে, যাৰ ফলত বহু ৰোগীয়ে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হয়।এই ক্ষেত্ৰত Paul Starr ৰ The Social Transformation of American Medicine ত কৰা মন্তব্য স্মৰণীয়। চিকিৎসা কেৱল বৈজ্ঞানিক ব্যৱস্থা নহয়, ই এক সামাজিক আৰু অৰ্থনৈতিক গঠনৰ লগত সংপৃক্ত ।যেতিয়া এই চিকিৎসা ব্যৱস্থাত বাণিজ্যি   অধিক  সাঙোৰ খাই পৰে তেতিয়া সমতা আৰু ন্যায় ক্ষতিগ্ৰস্ত হয়।সেয়েহে, এই অৱস্থাৰ পৰা উত্তৰণৰ বাবে স্বাস্থ্যসেৱাক পুনৰ মানৱীয় মূল্যবোধৰ সৈতে জড়িত কৰা অতি প্ৰয়োজন। চিকিৎসা ব্যৱস্থা এনেদৰে গঢ়ি তোলা উচিত, য’ত ধনী-দুখীয়া সকলো মানুহে সমানভাৱে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে। অন্যথা, আধুনিক চিকিৎসাৰ এই উন্নতি সমাজৰ সকলো স্তৰৰ মানুহৰ বাবে কল্যাণকাৰী নহয়, বৰঞ্চ এক বৈষম্যমূলক ব্যৱস্থাত পৰিণত হ’ব।চিকিৎসা যদি কেৱল প্ৰযুক্তি আৰু টকাৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে ই মানৱতাৰ মূল উদ্দেশ্যক  পাহৰি যায়; কিন্তু যদি ই সমতা আৰু সহানুভূতিৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে সঁচাকৈয়ে সমাজক সুস্থ আৰু সুন্দৰ কৰি তোলে।



ড০ শৰৎ বৰকটকী

নগাঁও, অসম

দূৰভাষ নং। ৭০০২২৫৮১৭৩

Comments


bottom of page