top of page

চেনেহ এক নিৰৱধি নৈ


বৰদৈচিলাজনীৰ কামকাজেই সুকীয়া ৷ বৰদৈচিলাজনী মাকৰ ঘৰলৈ যায় প্ৰতিটো বসন্তত ৷ কেতিয়াবা আক' তাই আগতীয়াকৈ যায় ৷ যাওঁক বাৰু, কিন্তূ একেবাৰে ইমান বেগৰে নগলেই নহয়নে ? গোটেইখন একেবাৰে চুৰমাৰ কৰি যোৱাৰ কি প্ৰয়োজন বুজাই টান ৷ মাকৰ ঘৰলৈহে যাব — ইমান দুৰ্বাৰ গতিৰে নগলেও হয় দেখোন ৷


         বহাগৰ বতৰত দূৰত কেতেকীজনীয়ে প্ৰিয়জনক বিচাৰি লৱৰি ফুৰে, বিভিন্ন দিশে উৰি উৰি বিচাৰি ফুৰে তাই ৷ কুলি চৰাইজনী এইবাৰ অলপ আগতীয়াকৈ আহিল হয়তো ৷ হঠাতে এদিন কাহিলি পূৱা কুলিৰ মধুৰ মাতে টোপনি কাঢ়ি নিলে ৷ এই কুলি— কেতেকীৰ সুমধুৰ কণ্ঠই, এই সুৰবোৰে মানুহৰ মনত বয়সভেদে প্ৰভাৱ পেলায় ৷ যৌৱনকালত এই সুৰে কৰে মন ব্যাকুল প্ৰিয়জনৰ বাবে ৷ জীৱনৰ বিয়লিবেলা এই সুৰে মানুহৰ মন ভাৰাক্ৰান্ত কৰে এৰি অহা অতীতৰ মধুৰ স্মৃতিয়ে ৷ ক'তেযে হেৰাই যায় সেই নঙঠা শৈশৱ, ৰূপোৱালি কৈশোৰ আৰু স্বৰ্ণালী যৌৱন ৷ সেই শৈশৱ, কৈশোৰ আৰু যৌৱনৰ হেৰাই যোৱা স্মৃতিয়ে   আমনি কৰে  প্ৰতিগৰাকী মানুহৰ মন জীৱনৰ বিয়লি বেলা ৷ বয়সৰ দলঙৰ শেষ প্ৰান্তত জীৱনৰ ৰান্ধনী ৰ'দ পূৱাই অতীত স্মৃতি ৰোমন্থনয়েই হৈ পৰে একমাত্ৰ লগৰী ৷ কাৰোবাৰ বাবে জীৱন এক সুন্দৰ কবিতা, কাৰোবাৰ বাবে জীৱন এক ৰহস্যৰে ভৰা অবুজ সাঁথৰ ৷


       এনেদৰে অতীতৰ মাজত ডুব গৈ থাকোতেই পৰিবাৰে আাহ কলে বিহুৰ পিঠাপনাৰ যোগাৰৰ কথা ৷ এৰা, কথাটো মই ভবাই নাছিলো ৷ প্ৰতি বছৰে এওঁ তিলপিঠা, ঘিলাপিঠা, সুতুলীপিঠা, তিল — নাৰিকলৰ লাড়ু বনায় ৷ হস্পিতালৰ বহু ব্যস্ততাৰ মাজতো এনে কৰি এওঁ এক বিশেষ আমোদ পায়। নিজৰ বাবে আৰু আলহীৰ বাবেই এই আয়োজন ৷ পিছে আলহীনো কোন, আমাৰ দুয়োৰ ডিপাৰ্টমেণ্টৰ চিকিৎসক কেইজন , নিৰ্মালি গাৱঁত থকা এওঁৰ ভনীয়েক, ভনীজোঁৱাইৰ পৰিয়াল আৰু খুব বেছি ডিগবৈত থকা এওঁৰ সম্বন্ধীয় দাদা— বৌ ৷ আজিকালি প্ৰায়বোৰ লোকেই আত্মকেন্দ্ৰিক হ'ল ৷ সামাজিক জীৱনটোৰ মাদকতা পাহৰিব যোৱা হ'ল আৰু গাইগুটীয়া পেটেভৰাল  হ'ল ৷ কুলি কেতেকীৰ মাতে তেওঁলোকৰ মনত কেনে প্ৰভাৱ পেলায় বুজাতো কঠিন ৷


   মাজতে এজনে ধেমালিৰ সুৰতেই কৈছিল-


" আজিৰ সময়ত যিকোনো উপায়েৰে ধন উপাৰ্জন কৰাটোৱেই মূল উদ্দেশ্য বহুজনৰ ৷ ধন সম্পত্তি আহৰণ কৰাটোৱেই সময়ৰ আহ্বান আজিৰ সময়ত ৷" হয় কথাটো ৷ কিয়নো আজিকালি ধনী, ক্ষমতাশীল ব্যক্তিকহে সমাজে সন্মান কৰে ৷ বয়স, জ্ঞান, অভিজ্ঞতাৰ মূল্য নাইকিয়া হৈ গৈ আছে ৷ জেষ্ঠজনৰ প্ৰতি  সন্মান, সততা, মানৱপ্ৰেম, দেশপ্ৰেম ক্ৰমান্বয়ে সাধুকথা হৈ গৈ আছে ৷ অৱশ্যে এইবোৰৰ মাজতো সমাজত সৎ ব্যক্তি, ৰাষ্ট্ৰপ্ৰেম থকা ব্যক্তি, সমাজ আৰু মানুহৰ বাবে জীৱন উচৰ্গা কৰিব পৰা ব্যক্তি কিছু আছে আৰু এনে ব্যক্তি আছে বাবেই পৃথিৱীখন জীয়াই আছে ৷


       এনেবোৰ কথা ভাবি থাকোঁতেই পৰিবাৰে পুনৰ বজাৰলৈ যোৱাৰ কথা মনত পেলাই দিলে ৷ বজাৰ পালোগৈ ৷ বজাৰত জুই ৷ একো বস্তুৰে দাম সুধিব নোৱাৰি ৷ বজাৰৰ জুই গৈ মগজুত সোমাই মগজু গৰম কৰি দিয়ে ৷ দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা লোকসকল কেনেকৈ জীয়াই থাকিব বাৰু ? প্ৰয়োজনীয় কেইপদমান লৈ ঘৰমুৱা হ'লো ৷ সন্ধিয়া এওঁ পিঠা বনোৱাত লাগিল ৷ ওচৰতে বহি বিজ্ঞৰ দৰে উপদেশ দি থকাৰ মোৰ পুৰণা অভ্যাস এটা আছে  আৰু এনেধৰণৰ উপদেশৰ বাবে পৰিবাৰৰ পৰা মিঠা মিঠা ধম্‌কি খাই থাকো  ৷ অৱশ্যে এনে ধম্‌কিবোৰ মোৰ বৰ সোৱাদ লাগে ৷ এই মৰমভৰা ধম্‌কিবোৰত এটি বিশেষ মাদকতা আছে ৷ কিন্তু ইয়াক অনুভৱ কৰিবলৈ এখনি বিশেষ হৃদয়ৰ প্ৰয়োজন ৷ এইবোৰ ধম্‌কিৰ মিঠা আমেজ পৰিবাৰেও বুজি পায় ৷ মই এনে কিয় কৰো এই কথা আমাৰ বিবাহৰ পিছৰ পশিচটা বসন্তই এওঁক শিকাই অভিজ্ঞ কৰি তুলিছে বুলি মই উপলব্ধি কৰো ৷প্ৰেম এক বিশেষ অনুভূতিৰে গঢ়া পাৰস্পৰিক বুজাবুজি আচলতে ৷ এই প্ৰেমৰ মাদকতা অনুভৱ কৰিবলৈ প্ৰয়োজন অতি কোমল এখনি মৰমাসিক্ত বিশেষ হৃদয়ৰ ৷


      আগদিনাৰ কথাবোৰ ভাবি আছিলোঁ ৷ পূৱ আকাশত ইতিমধ্যে সূৰ্য্য উদয়ৰ আয়োজন শেষ হৈছিল ৷ হঠাতে দেখিলো এজন পুৰুষ আৰু এগৰাকী মহিলা গেট খুলি সোমাই আহিছে ৷ চিনাকি চিনাকি লাগিছে ৷ নামটোহে মনলৈ অহা নাই ৷ বহুত ৰোগীৰ নাম পাহৰা যায় কিন্তু দৰৱৰ কাগজখন অথবা হস্পিতালৰ পৰা যাবৰ সময়ত দিয়া ছুটিৰ কাগজখন দেখিলে সকলোবোৰ কথা মনলৈ আহে ৷ মানুহজনে তেওঁৰ পৰিবাৰৰ হস্পিতালৰ পৰা ছুটিৰ সময়ত দিয়া কাগজখন আগবঢ়াই দিলে ৷


       সকলো কথা মনলৈ আহিল ৷ মহিলাগৰাকীৰ নাম চেনেহী বৰা ৷ কেইমাহমানৰ আগতে তেওঁৰ সোঁ স্তনত হোৱা কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ ৰোগটো পুৰণি হৈছিল ৷ মোৰ মনত পৰিছে বহিঃবিভাগত চেনেহী বৰা নামৰ এই মহিলা গৰাকীক প্ৰথম পৰীক্ষা কৰাৰ কথা ৷ চেনেহীয়ে ৰোগটো হওঁতে প্ৰথমেই ওচৰতে থকা হস্পিতালত চিকিৎসক এগৰাকীৰ কাষ চাপিছিল ৷ তেওঁ দৰৱ দিছিল। কিন্তু ৰোগৰ উপশম নহল ৷ আচলতে ৰোগটো চিনাক্তকৰণত পলম হ'ল ৷ কি কাৰণত এনে হ'ল সঠিককৈ কোৱাটো টান ৷ আজিকালি এই চেনেহীৰ ক্ষেত্ৰতেই নহয় বহু ৰোগীৰ ক্ষেত্ৰতেই দেখা গৈছে যে বহু চিকিৎসকে ৰোগীৰ ৰোগ চিনাক্তকৰণত কিছু গণ্ডগোল কৰে যাৰ ফলত ৰোগটো পুৰণা হয় আৰু মূল চিকিৎসাৰ বাবে বহুত পলম হৈ যায় ৷ যিটো চেনেহীৰ ক্ষেত্ৰত হ'ল ৷ প্ৰকৃততে কিয় এনে হ'ব ধৰিছে এইটো চিন্তাৰ বিষয় ৷


    প্ৰায়ে বাতৰি কাকতত পঢ়িবলৈ পোৱা যায় আৰু বহু ভুক্তভোগীৰ মুখত শুনিবলৈ পোৱা যায় এইবুলি যে আজিকালি প্ৰকৃত মেধাবী ছাত্ৰছাত্ৰীয়ে বক্ৰপথ নললে মেডিকেল কলেজত পঢ়িবৰ বাবে ছীট নাপায় ৷ মাজতে পঢ়িলোঁ বাতৰি কাকতত এইবুলি যে এগৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৪৯ শতাংশ নম্বৰ পাইছিল আৰু মেডিকেলৰ টেষ্ট পৰীক্ষাত একেবাৰে শেষৰ ফালেহে নামটো থকা স্বত্বেও নিশাটোৰ ভিতৰতে মেডিকেল কলেজত নামভৰ্তি কৰিলে ৷ নামভৰ্তিৰ বিভাগটোত কৰ্মৰত এগৰাকী সৎ বিষয়াও কথাটো আন এগৰাকী সৎ বিষয়াৰ ওচৰত ব্যক্ত কৰিলে  আৰু তেওঁৰ নিজৰ অসহায়তাৰ কথা বৰ দুখৰে প্ৰকাশ কৰিলে ৷ এই দুৰ্ঘোৰ অনিয়ম, অন্যায়ৰ প্ৰতিবাদ কৰিবৰ বাবে তেওঁ কিয় অসমৰ্থ সেই বিষয়েও বাখ্যা কৰিলে ৷ লাখ টকাত বিক্ৰী হয় মেডিকেলৰ নামভৰ্তিৰ ছীট ৷ কাকতে কয় কথাবোৰ, সমাজে কয় কথাবোৰ ৷ জানে সকলোৱে কিন্তু প্ৰতিবাদ কৰিবলৈ কোনোৱ ইচ্ছা নকৰে কিয়নো প্ৰতিবাদ কৰি যে একো লাভ নাই সেইটো সকলোৱে জানে ৷ ফলত ক্ষতি হৈছে ৰোগীৰ, ক্ষতি হৈছে দেশখনৰ, ক্ষতি হৈছে সমাজৰ ৷ ভৱিষ্যতে দেশত মেধাবী চিকিৎসকৰ সংখ্যা হ্ৰাস পোৱাটো খাটাং আৰু মেধাবী ছাত্ৰছাত্ৰীসকলে নিজৰ ৰাজ্য এৰি বাহিৰলৈ যোৱাটোও খাটাং ৷ চিকিৎসা সেৱা ক্ৰমান্বয়ে ব্যৱসায়ত পৰিণত হ'বলৈ ধৰিছে ৷ এই কথাটো অপ্ৰিয় হ'লেও সত্য  ৷ অৱশ্যে সত্য সদায় অপ্ৰিয় ৷ এটা কথা স্বীকাৰ্য্য যে যি ছাত্ৰছাত্ৰীয়ে জীৱন আৰম্ভ কৰে দুৰ্নীতিৰ দুৱাৰেদি প্ৰৱেশ কৰি, তেনে ছাত্ৰছাত্ৰীৰ পৰা সমাজে, দেশখনে ভৱিষ্যতে সুস্থ, সৎ চিন্তাধাৰাৰ ব্যক্তি বা নাগৰিক আশা কৰাটো কিমান যুক্তিসঙ্গত বাৰু ? অঙ্ক এটা আৰম্ভণিতে পাতোতেই যদি ভুল হয় তেন্তে তাৰ পৰা শুদ্ধ উত্তৰ কাহানিও আশা কৰিব নোৱাৰি ৷ কথাবোৰ গভীৰ ভাৱে ভাবিবৰ হ'ল ৷


          এনেবোৰ কথা মনলৈ আহিল চেনেহীৰ ৰোগটোৰ কথা প্ৰসঙ্গত ৷ চেনেহীও এনে ব্যৱস্থাৰে , এনে পৰিস্থিতিৰে ভুক্তভোগী বুলি মনলৈ আহিল ৷ কিয়নো চেনেহীক পৰীক্ষা কৰা চিকিৎসকজনে যদি আৰম্ভণিতে মেডিকেল কলেজলৈ চেনেহীক পঠিয়াই দিলেহেঁতেন তেতিয়া চেনেহীয়ে ৰোগটোৰ পৰা যথেষ্ট উপশম লাভ কৰিলেহেঁতেন। কিয়নো মহিলাৰ স্তনৰ কৰ্কটৰোগ আৰম্ভণিতে ধৰা পৰিলে তাৰ ফলাফল বৰ সন্তোষজনক হ'য় ৷  চেনেহীৰ দুৰ্ভাগ্য যে চেনেহীক প্ৰথমতে পৰীক্ষা কৰা চিকিৎসকজনে অযথা চিকিৎসা কৰি বহুত পলম কৰিলে যাৰ ফলত ৰোগটো বহু আগুৱাই গ'ল ৷ একেবাৰে তৃতীয় স্তৰ পালেগৈ ৷


      চেনেহীৰ সোঁ— স্তনৰ অস্ত্ৰোপচাৰ হ'ল ৷ পাছত কেম'থিৰাপী আৰম্ভ কৰা হ'ল ৷ ছটা কৰ্ছ লব লাগিব চেনেহীয়ে ৷ সেয়ে চেনেহীয়ে চিকিৎসকৰ পৰামৰ্শমতে সময়ত কৰ্ছকেইটা লৈ আছে ঠিকমতে ৷ মই ভাবিলো চেনেহী হয়তো কৰ্ছটো লবৰ বাবেই আহিছে আৰু সেয়ে কলো -


" আজিনো বন্ধৰ দিনত কিয় আহিল বাৰু ? ঠিক আছে চিন্তা কৰিব নালাগে। কিবা এটা কৰিব লাগিব কিয়নো ইমান দূৰৰ পৰা আহিছে যেতিয়া এই পূৱাতেই......"


মই কথাখিনি কৈ থাকোঁতেই চেনেহীৰ স্বামীয়ে মাত লগালে -


" নহয় ছাৰ৷ আমি বেলেগ কাৰণতহে আহিছো ৷ কেইদিনমানৰ আগতে দৰৱৰ বেজি লোৱা হ'ল ৷ আচলতে এওঁ মানে আজি এসপ্তাহৰ পৰা কৈ আছে যে ছাৰৰ ঘৰলৈ যাব লাগিব ৷ ৰঙালী বিহু আহিলেই ৷ ছাৰ বাইদেউয়ে বা পিঠাপনা যোগাৰ কৰিছেনে নাই ৷ সময়নো পাই ক'ত ? অনবৰতে দুয়োৰে দেখোন ৰোগীৰ লগত লাগি থাকোতেই যায় ৷ ইমান ব্যস্ততাৰ মাজত বাইদেউয়ে ক'ত পিঠাপনা বনাবলৈ সময় পাব ৷ এওঁ মানে ছাৰ, আপোনালোকৰ বাবে তিলপিঠা কেইটামান বনাইছিল ৷ বেছি নহয় , কেইখনমানহে ৷  এওঁ ছাৰ আজিকালি আগৰ দৰে বৰ বেছি কাম কৰিব নোৱাৰা হ'ল ৷ তথাপি...... "


তেনেতে চেনেহীয়ে লাহেকৈ মাত লগালে'


" —মানে ছাৰ আমিনো কি দি আপোনালোকক সন্তুষ্ট কৰিম ৷ আপুনি আৰু আপোনাৰ ৱাৰ্ডৰ ডাক্তৰসকলে মোৰ বাবে বহুত কষ্ট কৰিলে ৷ মোৰ বেমাৰটোৰ বিষয়ে সকলো গম পাইছোৱেই ৷ কিনো কৰিম ৷ সকলো ভাগ্যৰ কথা নহয় জানো ছাৰ ? আপোনালোকে মোৰ আৰোগ্যৰ বাবে কৰা চেষ্টা আৰু কষ্টৰ ধাৰ কোনোদিনে আমি পৰিশোধ কৰিব নোৱাৰিম ছাৰ ৷ মোৰ কপালত যি লেখা আছে সেইটোহে হ'ব ৷ সকলো তেৰাৰ চৰণতে এৰি দিছো ৷ আচলতে কিছুদিনৰ পৰা আপোনালোকলৈ তিলপিঠা কেইটামান অনাৰ কথা ভাবি আছিলোঁ ৷ তাতে ভাবিলো বহাগৰ বিহুটো আহিলেই ৷ সেয়ে বোলো বিহুতেই দি থৈ আহো ৷ পিছে পিঠাকেইখন বৰ ভাল হোৱা নাই ৷ আজিকালি আগৰদৰে কাম কৰিব নোৱাৰা হ'লো ছাৰ ৷ অলপতে ভাগৰ লাগে দেখোন ৷ ৱাৰ্ডৰ ডাক্তৰে কলে বেজি কেইটাৰ বাবে এনে হৈছে ৷ যি হয় হ'ব আৰু  কিয়নো প্ৰভু ভগৱন্তইহে আমাৰ ভৱিষ্যত আদি সকলো ঠিকঠাক কৰি থৈছে  ৷ পিছে ভাবিলো তিলপিঠা কেইখনো দি আহো লগতে আশীৰ্বাদ এটাও লৈ আঁহো ৷"


      চেনেহীৰ কথা কেইটাই মোক মূক কৰি দিলে ৷ কি বুলি আশীৰ্বাদ দিম চেনেহীক  কিয়নো এই সুন্দৰ ধৰিত্ৰীয়ে বেছিদিন চেনেহীক বান্ধোনত ধৰি ৰাখিব নোৱাৰে ৷ হয়তো এইটোৱেই চেনেহীৰ শেষ বিহু, শেষ বসন্ত হ'ব পাৰে ৷ আৰু হয়তো এইটোৱেই আমাৰ শেষ দেখাও হ'ব পাৰে ৷ মোৰ ওচৰত কোনো প্ৰশ্নৰ কোনো উত্তৰ নাই ৷ মই মোৰ মূৰৰ চুলিৰ সমান আয়ুস হওক বুলি আশীৰ্বাদ দিয়াৰো কোনো অৰ্থ নাই ৷ আমাক দুয়োকে সেৱা জনাই চেনেহী যাবলৈ ওলাল ৷


চেনেহীৰ মূৰত হাত বুলাই মনতে পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনালোঁ .... " হে প্ৰভু, চেনেহীক শান্তি দিয়া, শান্তিৰে কষ্টৰ পৰা মুক্তি দিয়া ৷ সকলো তোমাৰ হাততেই, সকলো তোমাৰেই লীলা ৷"


      চেনেহী গ'লগৈ ৷ গিৰিয়েকৰ পিছে পিছে চেনেহী গ'লগৈ ৷ চকুৰে মনিব পৰালৈকে মই চাই ৰ'লো ৷চেনেহীয়ে দি যোৱা তিলপিঠা খালো ৷ চেনেহীয়ে কষ্টৰে বনাই অনা তিলপিঠা কেইটাত যিটো চেনেহ আৰু শ্ৰদ্ধা নিহিত হৈ আছিল তাৰ বৰ্ণনা দিব পৰা কোনো ভাষাৰ, কোনো শব্দৰ উদ্ভাৱন হোৱা নাই এই ধৰিত্ৰীত  ৷ আমি দুয়ো অতি আগ্ৰহৰে, অতি তৃপ্তিৰে চেনেহীৰ স্নেহ — শ্ৰদ্ধাসিক্ত তিলপিঠাকেইটা খালোঁ ৷ এই তৃপ্তিক কোনো ভাষাৰ কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ৷


     চেনেহী আমাৰ কোনো সম্বন্ধীয় নহয়  ৷ কৰ্ম্ম জীৱনৰ পথত লগপোৱা হাজাৰগৰাকী ৰোগীৰ মাজৰে এগৰাকী ৰোগী ৷ কেনেকৈ যে মানুহৰ মৰম চেনেহবোৰে পোখা মেলে ধৰিবই নোৱাৰি, বুজিবই নোৱাৰি সঁচাকৈয়ে ৷ চেনেহী  কিছুদিনৰ পাছতেই এই সুন্দৰ ধৰিত্ৰীৰ পৰা, মনোমোহা পৃথিৱীখনৰ পৰা যাবগৈ ৷ চেনেহীয়ে আত্মীয়স্বজন সকলোকে এৰি, পুনৰ উভতি আহিব নোৱাৰা পথটোৰে আতৰি যোৱাৰ খবৰটো হয়তো পাম, হয়তো নাপাম। কিন্তূ  চেনেহীৰ এই মৰম, এই শ্ৰদ্ধাখিনিৰটো কেতিয়াও মৃত্যু হ'ব নোৱাৰে ৷ ই শাস্বত ৷ জীৱনৰ শেষ সন্ধিয়ালৈকে মনত থাকিব ৷ পাহৰিম বাৰু কেনেকৈ ? সকলো মানুহক, সকলোৰে কথা পাহৰিব পৰা নাযায় ৷ সম্ভৱ নহয় পাহৰাটো ৷ চেনেহীৰ তিলপিঠাকেইটাত সিক্ত হৈ থকা, নিহিত হৈ থকা অকপট চেনেহ, শ্ৰদ্ধা মোৰ হৃদয়ৰ কোণত, স্মৃতিৰ মণিকোঠাত চিৰসজীৱ হৈ আছে আৰু থাকিবওঁ ৷


চেনেহীৰ এই পৱিত্ৰ, নিষ্কলুষ চেনেহ— শ্ৰদ্ধাক কি নাম দিম বাৰু ?


সচাকৈয়ে চেনেহ যেন এক নিৰৱধি নৈ ৷ সীমাহীন, অনন্ত সোঁতৰ  এক অবিৰত ধাৰা ৷


ডা° টঙ্কেশ্বৰ ভূ্ঞা ,

অবসৰপ্ৰাপ্ত অধ্যাপক আৰু বিভাগীয় মুৰব্বী,

শল্য চিকিৎসা বিভাগ,

অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় ৷

দূৰভাষ নং— ৯৪৩৫০৩০৪৬৪  .

Comments


bottom of page