ভাষা আৰু ব্যাকৰণৰ সমন্বয়
- ড০ খৰ্গেশ্বৰ ভূঞা

- Apr 25
- 4 min read

ভাষা, সাহিত্য আৰু ব্যাকৰণৰ জন্ম তাৰিখক লৈ ভালেমান বিতর্ক আছে। অৱশ্যে মানুহে পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰিবলৈ মুখৰ মাত উলিয়াই প্রথমে ভাষাৰ সৃষ্টি কৰিলে, তাৰ পৰা আহিল সাহিত্য আৰু ভাষা-সাহিত্যক সু-শৃঙ্খল ৰূপ দিবলৈ ব্যাকৰণৰ সূচনা হ'ল- এনে এটা ক্রম সাধাৰণ বুদ্ধিৰে ভাবি ল'ব পাৰি। ভাৰতৰ ক্ষেত্রত সংস্কৃত ভাষা আটাইতকৈ পুৰণি বুলি ধৰা হয়। সংস্কৃত ভাষাক লৈ দুটা বিশেষ কথা উল্লেখ কৰি থ'ব পাৰি, প্ৰথমটো হ'ল এই ভাষা (ধ্রুপদী সংস্কৃত) আৰম্ভণিৰ পৰাই সম্পূর্ণ বিকশিত যেন লাগে, অর্থাৎ বেদে লিখিত ৰূপ পোৱাৰ সময়ত। ভাষাৰ বিকাশৰ ইতিহাসৰ পৰা জনা যায় যে ভাষাই পূর্ণ বিকশিত ৰূপ পাবলৈ সহস্র বছৰো লগাব পাৰে। গতিকে লিখিত ধ্রুপদী সংস্কৃতৰ আবির্ভাব কমেও খ্রী.পূ. ৩০০০ মানতে হৈছিল। এনে এটা বিকশিত ভাষাৰ লিপি সহস্র বছৰ নথকা কথাটো মানিবলৈ টান।
দ্বিতীয় কথাটো হ'ল 'সংস্কৃত' শব্দটো ঋগবেদত আছে যদিও এই শব্দই ভাষা বুজোৱা নাছিল, বুজাইছিল 'সংস্কাৰ'। সংস্কৃত বা সংস্কাৰৰ ব্যাপক অর্থলৈ নগৈ কৈ থ'ব পাৰি যে সামগ্ৰীৰ পৰিষ্কাৰকৰণো এবিধ সংস্কাৰ। বেদৰ মন্ত্র উচ্চাৰণ কৰি কেতিয়াবা মন্ত্রপূত জল চটিয়াই, কেতিয়াবা বস্তুৰ ওপৰত হাত ৰাখি সেই বস্তুক যেতিয়া বৃহত্তৰ বৈদিক কৰ্মৰ বাবে যোগ্য কৰি তোলা হয়, তেতিয়াই ভবা হয় যে বস্তুটো 'সংস্কৃত' হৈছে। ঋগবেদৰ এটি মন্ত্রও কোৱা হৈছে 'তোমালোকে (অশ্বিনী কুমাৰ দ্বয়ে) এই সংস্কৃত যজ্ঞৰ হিংসা নকৰিবা।' যজ্ঞৰ আৰম্ভণিৰ সোমৰস থোৱা পাত্র 'ধর্ম'ক পৰিষ্কাৰ কৰি মন্ত্রপূত জলেৰে সংস্কৃত কৰা হৈছিল। ইন্দ্রই যেতিয়া যুদ্ধাস্ত্ৰৰে সু-সজ্জিত হৈ ৰণলৈ ওলাইছিল, তেতিয়া কোৱা হৈছিল 'বণায় সংস্কৃতঃ'। ইয়াত সংস্কৃত মানে সাজি-কাচি ওলোৱা। সেইদৰে বেদৰ এঠাইত কোৱা হৈছে- গৃহস্থৰ অতি প্রয়োজনীয় গৰুটিক যেন বলিদানৰ বাবে সংস্কৃত কৰা নহয়, জন্তুক সংস্কৃত কৰা মানে বলি দিবই লাগিব। ৰমণীক বিবাহৰ ক্ষেত্রত সংস্কৃত গৃহকহে নির্বাচন কৰিবলৈ কৈছে। এনেধৰণে সংস্কৃত শব্দটো বিভিন্ন সংস্কাৰৰ অৰ্থত ব্যৱহাৰৰ কৰিলেও এই শব্দই ভাষা বুজোৱা নাছিল। হয়তো কথিত ভাষ্যক মার্জিত ভাষালৈ পৰিবর্তিত কৰোঁতে বহুতো সংস্কাৰ কৰিব লগা হৈছিল, যাৰ বাবে ভাষাটোৰ নাম হ'লগৈ সংস্কৃত।
'অনুমান প্রমাণেৰে' সিদ্ধ কৰিব লগা অনেক বিষয় আছে, বিশেষকৈ প্রাচনী কালৰ কথা আহিলেই এইবোৰৰ আতিশয্য ঘটে। কিছু আধুনিক পণ্ডিতে ভাবে যে 'প্রত্যক্ষ প্রমাণ', যেনে পুৰাতাত্ত্বিক অৱশেষ, প্রাচীন লিপি আদি নেথাকিলে ইতিহাসৰ ঘটনা প্রমাণিত নহয়। পিছে ভাৰতৰ ক্ষেত্রত খ্রীষ্টপূর্ব চতুর্থ শতাব্দীৰ অতীতলৈ তেনে প্রমাণ পোৱাই টান, অথচ এই দেশৰ ইতিহাস কমেও পাঁচ হেজাৰ বছৰলৈ বিস্তৃত। সকলোতকৈ আশ্চর্যজনক কথাটো হ'ল সংস্কৃত ভাষাই বিকশিত ৰূপ পোৱাৰ পাছতো লিপিৰ দেখাদেখি নাই, তাৰ মানে ভাৰতৰ তথাকথিত প্রাগৈতিহাসিক অংশটোক পৰিহাৰ কৰিব লাগিব নেকি?
সেই সমস্যা সদ্যহতে গৱেষক পণ্ডিতসকললৈ এৰি ভাষাৰ লগত ব্যাকৰণৰ সম্বন্ধৰ কিছু কথা কোৱা যাওঁক। পণ্ডিতসকলৰ মতে বেদৰ সম্পূর্ণ সংকলন স্ত্রীপু ১৪০০ মানত ওলাইছিল। পশ্চিমীয়া পণ্ডিত প্রাচ্যবিদ মেক্সমূলাৰৰো মত সেয়াই। সেইদৰে ভালেমান উপনিষদ, যেনে ছান্দোগা, ঐতৰেয় আদি খ্ৰী:পূ: ৮০০ৰ আগৰ বুলি নিশ্চিত প্রমাণ আছে। সম্পূর্ণ শুদ্ধ ভাষাৰে উন্নত সাহিত্য বুলিব পৰা বেদ, উপনিষদ, ব্রাহ্মণ আৰু আৰণ্যকবোৰ সমৃদ্ধ। এইবোৰ প্ৰণালীবদ্ধ ব্যাকৰণ অবিহনে সম্ভৱ নহয়। শাস্ত্রৰ মতে প্রাচীন কালৰ ১৮ জন বৈয়াকৰণিক বিশেষভাবে প্রসিদ্ধ। ইয়াৰ ভিতৰতে পাণিনিক সংস্কৃত ব্যাকৰণৰ অগ্রদূত বুলিব পাৰি। তেওঁৰ 'অষ্টাধ্যায়ী' বা আঠোটা অধ্যায়ৰ ব্যাকৰণখন যেন ভাষাৰ অমূল্যখনি। এইখনত থকা অমূল্য সম্পদবোৰৰ মহত্ব অদ্যাপিও বহু প্রশংসিত।
পাণিনিৰ অষ্টাধ্যায়ীৰ জন্মকাল আনুমানিক ৫০০ খ্ৰীষ্টপূর্ব। তাৰ মানে ব্যাকৰণ নোহোৱাকৈয়ে বেদ আৰু বৈদিক শাস্ত্ৰবোৰ ৰচিত হৈছিল নেকি? কথাটো হয়তো তেনে নহয়। শাস্ত্রবচক সকলে নিয়ম মানিয়েই সংস্কৃত ভাষাত সেইবোৰ ৰচিছিল। পাণিনিয়ে সেইবোৰকে বোধহয় নিয়মৰ বান্ধোনেৰে নিকপকপীয়া কৰিলে। সি যি কি নহওক, ভাষাই ব্যাকৰণক অনুসৰণ নকৰে, ব্যাকৰণহে ভাষাৰ অনুক্রমে আগবাঢ়ে এই কথাৰ প্রতীকী জন্মাবলৈ দুটা উদাহৰণ আগবঢ়োৱা যাওক। পাণিনিৰ ব্যাকৰণ মতে দুটা নামবাচক বিশেষ্যৰ মাজত সন্ধি হ'লে কম আখৰযুক্ত শব্দটো আগতে আহিব, যেনে- ভীমার্জুন (ভীম আৰু অর্জুন)। পিছে পাণিনিৰ এটি সুত্র হৈছে 'বাসুদেবার্জুনাভ্যাং বুন'। ইয়াত বাসুদেৱ শব্দ চাৰি আখৰৰ হোৱাৰ বিপৰীতে অর্জুন শব্দত তিনিটা আখৰ আছে। গতিকে পাণিনিৰ ব্যাকৰণমতে সন্ধিযুক্ত শব্দটো হ'ব লাগিছিল 'অর্জুন বাসুদেবার্জনাভ্যাং'। পাণিনিয়ে হয়তো ইচ্ছাকৃত ভাবেই ভুলটো কৰিছিল। সেয়েহে খ্রীষ্টপূর্ব ১৪০ মানৰ বৈয়াকৰণিক পতঞ্জলিয়ে এটা নুতন নিয়ম সংযোজন কৰিলে । দুটা নামবাচক শব্দৰ মাজত সন্ধি হ'লে জ্যেষ্ঠ বা বেছি মাহাত্ম্য থকাজনৰ নাম আগতে আহিব, ইয়াত আখৰৰ সংখ্যা গৌণ। বাসুদেৱ কৃষ্ণ অর্জুনতকৈ বেছি বিখ্যাত গতিকে 'বাসুদেবার্জুনাভ্যাং' শুদ্ধ। এয়া ব্যাকৰণে ভাষাক অনুসৰণৰ উদাহৰণ।
বকে যুদ্ধিষ্ঠিৰিক সোধা এটা প্রশ্ন আছিল - পন্থা বা পথ কি? যুধিষ্ঠিৰৰ উত্তৰ - মহানজন যি পথেৰে যায় সেয়াই প্রকৃত পথ। ভাষাৰ ক্ষেত্ৰতো বিজ্ঞজনে কিবা ভুল শব্দ বা বাক্য ব্যৱহাৰ কৰিলেও তাকেই 'নিপাতনে সিদ্ধ 'বুলি ধৰি লব লাগিব। পাণিনিৰ দৰে ভাষাৰ পণ্ডিতে যি লিখিছে সেয়াই ব্যাকৰণৰ নিয়ম, কথাটো তেনেকুৱাই।
দ্বিতীয় উদাহৰণটো অর্জুনৰ পুত্র অভিমন্যুৰ নামটোক লৈ। এটা শিশুৱে ভৱিষ্যতে কি ৰূপ ল'বগৈ সেয়া আগতীয়াকৈ ক'ব নোৱাৰি যদিও শাস্ত্র লিখাসকলে কাহিনীৰ পৰিণতি আগতীয়াকৈ জানে বাবেই সেইমতে ভৱিষ্যতবাণী কৰাৰ ভাও ধৰে। মহাভাৰত ৰচকেও অর্জুন পুত্ৰৰ পৰৱর্তী বীৰত্বৰ কথা জানে বাবেই তেওঁৰ জন্মৰ সময়তে এটা শ্লোক লিখি ক'লে ''অভিশ্চ মন্যুমাংশ্চৈৱ ততস্তমৰিমর্দনম।" 'ভীঃ' মানে ভয়, 'অভীঃ' মানে ভয় নোহোৱা। 'মন্যু' মানে ক্রোধ বা খং। দুয়োটা শব্দ জোৰা দিলে হ'ব লাগে অভীঃমন্যু, পিছে নাম হ'লগৈ অভিমন্যু। ইয়াত ব্যাকৰণৰ সঠিক ব্যৱহাৰ হোৱা নাই। পিছে মহাকাব্য বচকৰঅভীঃমন্যু, পিছে নাম হ'লগৈ অভিমন্যু। ইয়াত ব্যাকৰণৰ সঠিক ব্যৱহাৰ হোৱা নাই। পিছে মহাকাব্য ৰচকৰ ভাষাত ভুল ধৰণৰ কথা নাই, গতিকে দীর্ঘ ঈকাৰৰ ঠাইত হ্রস্ব ই কাৰ হোৱাটোক বোলা হ'ল আর্য প্রয়োগ। সেইদৰে মন্যু, অর্থাৎ খঙাল শব্দটোও অভিমন্যুৰ চৰিত্ৰৰ লগত খাপ নেখায়। সেয়েহে মহাভাৰতৰ কবিয়েই ব্যাখ্যা দিলে অভিমন্যুৰ এই ক্রোধ সাধাৰণ নহয়, অন্যায়, অধর্ম, অত্যাচাৰৰ বিৰুদ্ধে মহাবীৰ বা মন্যুসানৰ ক্রোধ উদ্দীপ্ত হয়, অভিমন্যু তেনে এক মন্যুমান।
সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ আহিলেও 'মহানজনৰ পথ বা ভাষাই সাধাৰণৰ পথ বা ভাষা হৈ পৰা'ৰ উদাহৰণ আছে। কবিতাৰ দৰেই গীতো সাহিত্যৰ এটি অবিচ্ছেদ্য অঙ্গ। সাম্প্রতিক কালত আলোচিত হোৱা এটি বিষয়ৰ কথা এইখিনিতে উল্লেখ কৰিব পাৰি। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ "অ' মোৰ আপোনাৰ দেশ' ৰে আৰম্ভ হোৱা কবিতাটো জাতীয় সঙ্গীত হিচাপে লোৱা হৈছিল। কবিতাটোৰ শেষৰ ফালৰ শাৰীটো আছিল "চাই লওঁ তোমাৰ, মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই।" পিছে জাতীয় সঙ্গীত হিচাপে গাঁওতে বাক্যটো হৈ পৰিল "চাই লওঁ এবাৰ, মুখনি তোমাৰ, হেঁপাহ মোৰ পলোৱা নাই।" 'তোমাৰ' আৰু 'এবাৰ' শব্দ দুটাৰ স্থান প্রকাশিত কবিতাতকৈ গীতৰ ভাষাত বেলেগ হ'ল। প্রকাশিত কবিতাৰ আধাৰত বহুতেই গীতৰ কলিটো শুধৰাব লাগে বুলি কয়।
জনা মতে, প্রকৃত ঘটনাটো হ'ল বেজবৰুৱাৰ দিনতে তেওঁৰ সম্মতিক্রমেই গীতটো ৰাজহুৱাকৈ 'জাতীয় সঙ্গীত' ৰূপে গোৱাৰ সিদ্ধান্ত হৈছিল আৰু কবিতাৰ সুৰ দিয়াৰ ভাৰ লৈছিল কমল প্রসাদ আগৰৱালাই। সুৰকাৰেই গীতিকাৰক জনাই সালসলনি খিনি কৰিছিল ছ অধিক সাহিত্য ৰস আহৰণৰ স্বার্থত। জ্যোতিপ্রসাদ, বিষ্ণুপ্রসাদ, পদ্মনাথ গোহাঞি বৰুৱা, পার্বতী প্রসাদ বৰুৱা আদিয়েও সম্মানখিনিৰ ন্যায্যতা দিছিল, পিছত ড° ভূপেন হাজৰিকায়ো হেনো আপত্তি কৰা নাছিল। গতিকে প্রচলিত গীত এটা লিখনিৰ আধাৰত এতিয়া পুনৰ সালসলনি কৰা অনুচিত বুলি বিজ্ঞসকলে কয়, বিশেষকৈ বেজবৰুৱা আৰু বাকীসকলে জীয়াই নথকাৰ বাবে সার্বজনীনভাবে প্রচলিত গীতৰ অস্ত্রোপচাৰ কৰিলে ভাষা-সাহিত্যৰ প্রবাহতো বিঘিনি ঘটিব।
ভাষা-সাহিত্যত প্রচলিত শব্দৰ ভুল প্রয়োগ চলি থাকে। 'শিতান' মানে শিৰ থোৱা স্থান, সেইদৰে পথান হৈছে পদ আৰু স্থানৰ সমন্বিত ৰূপ, গতিকে 'মূৰ শিতান' আৰু 'ভৰি পথান' বোলাৰ অৰ্থ নাই যদিও শব্দটোৰ কথিত ভাষাত তেনেকৈয়ে ব্যবহৃত হয়। সেইদৰে 'বেচা-বিক্রী'ত দুয়োটাৰে অর্থ একেই যদিও তেনেদৰে ব্যৱহৃত হয়। এনে আর্য প্রয়োগৰ অনেক উদাহৰণ সকলো ভাষাতে আছে।
ড০ খৰ্গেশ্বৰ ভূঞা
নগাঁও, অসম ।
দূৰভাষ নং : ৮১৩৫৮৩৫২১৯





Comments