top of page

অপৰাহ্নৰ ৰং


বগেনভেলিয়া জোপাই আৱৰি ধৰা বেলকনিখনৰ এচুকত বহি চাই আছোঁ ব্যস্ত চহৰখনৰ ব্যস্ত পথচাৰীক।চ'তমাহৰ প্ৰখৰ ৰ'দক আওকান  কৰি সকলো ব্যস্ত  নিজকলৈ। এটা সময়ত  ময়ো চাইকেলখনলৈ  ৰ'দ বৰষুণ  একাকাৰ কৰি পদূলিয়ে  পদূলিয়ে ঘূৰি ফুৰিছিলো। সেই সময় আৰু এতিয়াৰ  সময়ৰ মাজত  বহু তফাৎ। জীৱন  আৰু জীৱিকাই মানুহক ক'ৰ পৰা ক'লৈ লৈ যায়, সেইয়া কোনেও  নাজানে ।নদীৰ পানীৰ দৰেই চলমান  এই জীৱন। লক্ষ্য  সাগৰ যদিও  দুৰত্বৰ উমান  নোপোৱাকৈয়ে নদী আগবাঢ়ে । ভৰিখন আগবঢ়াবলৈকে কিমান সম্বন্ধ বিসৰ্জন দিব লগা হয় ,সেইয়া বুজাৰ অৱকাশ কাৰো নাই। এটা সময়তহে অনুভৱ কৰা হয়, স্থাৱৰ - অস্থাৱৰ সম্পত্তিৰ বাবে কিমান  আবেগৰ কিনা বেচা কৰা হ'ল!  বিয়োগৰ আয়তনে মনলৈ বিষাদ  নমায় যদিও ঘড়ীৰ কাটাৰ দৰে সময় একান্ত আজ্ঞাবাহক হৈ চলি গৈ আছোঁ। 


    সময় বৰ কঠোৰ ।এৰা,এদিন সময়ে নিক্ষেপ কৰা কাড়পাতৰ বলি হৈছিল এজন পঁছিশ  বছৰীয়া যুৱক। পেটৰ  জুইৰ দৰে ভয়ানক জুই এই পৃথিৱীত  হয়তো আন একো নাই।তাতোকৈও  ভয়াৱহ  পত্নী,সন্তানৰ পেটৰ ক্ষুধা নিবাৰণ কৰিব  নোৱাৰা ব্যৰ্থতা । কনমানি শিশুটিক এচামুচ জলপান   যোগাৰ দিব  নোৱাৰা পৰাজিত যুৱকজন সময়ৰ তাগিদাত ওলাই আহিছিল সুদূৰ বিহাৰৰ পৰা কাম বিচাৰি অসমলৈ ।সম্বল  বুলিবলৈ আছিল মাত্ৰ এটা সুঠাম শৰীৰ আৰু দুখন শক্তিশালী  হাত।  সময়ৰ আহ্বানত হাৰ মানিছিল  পত্নীৰ আকুল চাৱনি আৰু দেৱশিশু এটাৰ কল-কলনি।


   কেতিয়াবা কথাবোৰ ভাবি দোমোজাত পৰোঁ ,সময়ে আমাক গতি দিয়ে নে আমি সময়ক গতি  দিও!সময়ে বৈঠা ধৰা নাওঁখনত উঠি ঘূৰি  ফুৰিছো পৃথিৱী নামৰ সাগৰখনত।কেতিয়াবা ঢৌৱে উটুৱাই  নি মাজ সাগৰ পোৱাইছে আৰু কেতিয়াবা  পাৰত  নমাই দিছে সুকলমে। সম্বন্ধীয় মানুহ এজনৰ লগত কাম বিচাৰি অসমলৈ আহোঁতেই সলনি হৈছিল  ভাগ্যৰ চকৰিটো।  ঘৰত থকা কণমানিটো আৰু মানুহজনীলৈ 


বৰকৈ মনত পৰিছিল যদিও  পেটৰ  ভোকৰ ওচৰত বৰ বেয়াকৈ পৰাস্ত হৈছিল আবেগ। ক্ৰমাৎ ঘৰখনৰ   বাবে ভৰষাৰ  এযোৰ কান্ধ  হৈ দায়িত্ববোৰ পালন কৰি গৈছিলো। দিনৰ দিনটো চাইকেল কোবোৱা দেহাই কপাহ  কোমল তোচকৰ সলনি খহটা তক্তাপোচতে নিদ্রাদেৱীক আদৰি লব লগা হৈছিল।  


     মানুহজনীৰ হাঁহিভৰা মুখখন আৰু পোনাটিৰ আবদাৰবোৰ ক্ৰমাৎ  এটি   বিলাসী কল্পনালৈ পৰিণত হ'ল। উদং পকেট আৰু শুকান এখন মুখখনলৈ সিহঁতৰ  ওচৰলৈ যোৱাৰ  সাধ্য  তাৰ নাই। কোনে কয় পুৰুষে কান্দিব নাজানে  ! পুৰুষেও কান্দে , নিৰৱে । দায়িত্বৰ ভৰে হলাই পেলোৱা কান্ধ  আৰু  শিলৰ  দৰে কঠিন  হোৱা অভিনয়ৰ নেপথ্যটো থাকে এখন কঁহুৱা কোমল হৃদয়। সিহঁতৰ ওচৰলৈ যোৱাতকৈ দুপইছা বচাই বেছিকৈ টকা কেইটামান  পঠোৱাৰ  চিন্তা  কৰোঁতে  সময়ে কোন পলকত হাতৰ বান্ধ খুলি লৰ মাৰিলে গমকে  নাপালোঁ।মাজে মাজে  তাৰ নিজকে এটা আবেগ অনুভূতিশূন্য ৰবট যেন অনুভৱ  হয়। নিয়ন্ত্ৰক মাথোঁ সময়। কেইখনমান ৰঙীন কাগজৰ বিনিময়ত   বন্ধকত  থোৱা হ'ল  নেকি সম্বন্ধবোৰ ? কেতিয়াবা ফোনতে  দেৱশিশুটোৰ মাত শুনো।আপোন ঠাইখন আপোন মানুহবোৰৰ মৰমসনা মাত এষাৰৰ অভাৱ  বৰকৈ অনুভৱ কৰোঁ।পানীকেঁচুৱাতে এৰি থৈ অহা কনমানিটো এতিয়া চাগৈ বৰ এটা  হ'ল।


   বিহাৰৰ ঘৰখনৰ লগত এতিয়া কথা পতা নহয়। মা- দেউতা কোনো নাছিলেই। ভাই -ককাইবোৰো এতিয়া ভাগ ভাগ হল।মানুহজনী আৰু ল'ৰাটো ,  সেইয়াও এক  কৰুণ অধ্যায়! মই  ঘৰৰপৰা অহাৰ চাৰিবছৰমানলৈকে সকলো ঠিকেই চলি আছিল। ঘৰলৈ নিয়মিত টকা পঠিয়াও, ফোন কৰি খা- খবৰ  লওঁ। এদিন হঠাতে  ঘৰলৈ ফোন কৰোঁতে  ফোনটো   সংযোগসীমাৰ বাহিৰত  পালোঁ।  এনেকৈয়ে  তিনি চাৰিদিন গ'ল ।মনটোৱে যেন  ক'লে -কিবা এটা হৈছে! নহ'লে ইমান দিন ফোন নোপোৱাকৈ থাকে জানো? সেয়ে ঘৰৰ পৰা অলপ আঁতৰত  থকা আত্মীয় এঘৰলৈ ফোন কৰিলোঁ। তেওঁলোকে যিখিনি  ক'লে সেইয়া মোৰ সপোনৰো অগোচৰ আছিল। ৰখীয়াই চুৰ কৰা লেখীয়া হ'ল ! টানে আপদে সহায় কৰিব  বুলি   কথা দিয়া বন্ধুজনেই শেষত  বুকুত  দকৈ  শালিলে। মোৰ মানুহজনীয়ে এতিয়া মোৰ নামৰ সেন্দুৰকণ মচি  বন্ধুজনৰ নামত দীঘলকৈ সেন্দুৰ লয় , তাৰ লগত উশাহৰ বিনিময় কৰে। পাছত লৰাটোৱেও  এদিন তাক  দেউতা বুলি  মাতিবলৈ ল'লে। খিড়িকী নাইকিয়া কোঠাটোৰ এচুকত  বহি থাকিলো ওৰেটো নিশা। কিন্তু  সেই উচুঁপনি শুনিবলৈ কোনো নাছিল।  দুদিনমান কামলৈ নোযোৱাকৈ থাকিলো,  কিন্তু  এনেকৈ আৰু কেইদিন  ? হাৰিব নোখোজা মনটোৱে বিদ্ৰোহ  ঘোষনা কৰে । মনৰ সপক্ষে  গৈয়ে আকৌ নামিলো জীৱন  যুদ্ধত। কিন্তু  ভূতৰ ওপৰত দানহ পৰাৰ  দৰে আৰম্ভ  হ'ল ক'ভিডকাল। আপোন মানুহ নথকা ঠাই এখনত এই ভয়ংকৰ দূৰ্যোগৰ  সময়ত  কিমান কষ্টৰে চলিব লগীয়া হব পাৰে ,সেইয়া সহজেই অনুমেয়। যাৰ ঘৰত যি কাম পাওঁ তাকেই কৰিলোঁ। লগ- সংগ দুটামানো গোটালো। দিনত কাম কৰোঁ আৰু ৰাতি হ'লেই  বেদনাবোৰ পাতলাবলৈকে মাতাল  হওঁ। সেইয়া সংগদোষ  নাছিল  ,আছিল মাথোঁন অতীতক পাহৰি যোৱাৰ মিথ্যা চেষ্টা।  অলপ দিনৰ পৰা ভাটিটোলৈ যাওঁতে পৰ্দাৰ আঁৰলৈ বাহিৰলৈ চাই থকা এযুৰি চকু দেখা পাওঁ।নাজানো চকুযুৰিত  কি মায়া সনা আছিল ! পাহৰিব খুজিও  পাহৰিব  নোৱাৰা, যেন  সৃষ্টিকৰ্তাই পৃথিৱীৰ  সমস্ত  বিষাদ  এই চকুযুৰিতে বোলাই দিছে।   গিলাছটোৰ তলীতে অকনমান  মদলৈ  সদায়  নিৰ্দিষ্ট একেঠাইলৈ দৃষ্টি নিক্ষেপ কৰোঁ, একে ঠাইতে এযুৰি সজল চকু। এদিন সকলো নিচাত মাতাল হৈ থকাৰ সুযোগতে ভিতৰ পালোগৈ। তাই হয়তো মোৰ এই পদক্ষেপৰ বাবে মুঠেই সাজু নাছিল।  সেয়ে কিংকৰ্তব্য বিমূঢ় হৈ শিল পৰা কপৌৰ  দৰে ৰৈ থাকিল।  তাইৰ শুধ বগা কাপোৰসাজে বহু  প্ৰশ্নৰে উত্তৰ  দিলে।কিছুকথা ময়ো ইজন সিজনৰ পৰা শুনিছিলো।তাইৰ ইচ্ছাৰ  বিৰুদ্ধে গৈ মাক দেউতাকে তাইক মদৰ ব্যৱসায়ত লগোৱা কথাও গম পাইছিলো।সেয়ে সকলো ভাবি- চিন্তি তাইক তাৰ পৰা লৈ যোৱাৰ  সিদ্ধান্ত  ল'লো আৰু নিজৰ কথাবোৰো লুক-ঢাক নকৰাকৈ জনাই কথা দিলোঁ যে   কাহানিও বিহাৰলৈ ঘূৰি নাযাওঁ। তাইয়ো কুটাডালকে খেৰ বুলি ভাবি সন্মত হ'ল। অলপ সাহস কৰিয়ে চহৰৰ নাতিদূৰত থকা হস্পিটালখনৰ কাষতে দুটা সৰু কোঠা ভাড়াত ল'লো। শুভকাৰ্য তৎকালে কৰিব লাগে ভাবিয়েই  এদিন মন্দিৰত সেন্দুৰকণ পিন্ধাই  বৰ্ণালীক ঘৰ সোমোৱালোহি। 


     বৰ্ণালীৰ লখিমী হাতৰ পৰশত  সৰুকৈ আৰম্ভ কৰা হোটেলখনো  ঠন ধৰি   উঠিল।  আবেলি বৰ্ণালীৰ হাতৰ চাহ খাবলৈ মানুহৰ ভিৰ লাগে।  ল'ৰা- ছোৱালী  ভাগে -ভাগে বিদ্যালয়লৈ পঠাই  তাই  হোটেললৈ যায়।কাম কৰা মানুহৰ হাতত একো কাম এৰি নিদিয়ে।  সময় উৰে পক্ষীৰাজ ঘোৰাঁত উঠি।  এতিয়া মই  আগৰ দৰে আনৰ  চোতালে চোতালে বহি  তুলী  চিলাব নালাগে ।হোটেলৰ বজাৰ সমাৰো তাই কৰিব  নিদিয়ে।  মাত্ৰ  জিৰাব  লাগে। দুটা কোঠাৰ ঘৰটোৰ  ঠাইত  অত্যাধুনিক সুবিধাযুক্ত  দুমহলীয়া  ঘৰ এটা   হ'ল। চাহৰ সৰু হোটেলখন এতিয়া এখন ডাঙৰ হোটেল হ'ল।  পেটৰ তাড়নাত বিহাৰৰ  পৰা অসমলৈ অহা যুৱকজনে এতিয়া  দহজনক  বিনামূল্যে খুৱাব পৰা হ'লো। অৱশ্যে এই সকলোৰে আৰঁত বৰ্ণালীৰ  বহু কষ্ট আৰু ত্যাগ জড়িত হৈ আছে। 


      দয়া,মৰম ,কৰুণা এই সকলোবোৰ প্ৰেমৰে আদিপাঠ।  প্ৰেমৰ সেই আদিতম ছাতিটোৰে ৰ'দ- বৰষুণ নেওচি আজীৱন সন্তানক আৰু মনৰ মানুহজনীক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হলো, কিন্তু    জীৱনৰ শেষ প্ৰহৰত উপস্থিত হৈ ভাবিছো- এগৰাকীৰ  মুখত  হাঁহি  বিৰিঙাব পাৰিছোঁ ঠিকেই, কিন্তু  আন গৰাকীৰ হাঁহি  কাঢ়ি অনাৰ পাপে জানো মোক নুচুব? বৰ্ণালীয়ে  মোক শ্ৰেষ্ঠ  পুৰুষৰ শাৰীত ৰাখে ,কিন্তু  আন গৰাকীৰ দৃষ্টিত মই  চাগৈ এজন জীৱন যুজঁত পৰাজিত সৈনিক।  তেওঁৰ হৃদয়ৰ আদালতত মই  চিৰদিন এজন পলাতক আচামী হৈয়ে থাকিব লাগিব । লৰাটোৰ চাগৈ মোৰ কথা মনতেই নাই।  এতিয়া মুখামুখি হ'লেও চিনি নেপাম ! দুখন ভিন্ন  চহৰত মোৰ দুজন উত্তৰ  পুৰুষ। ভাগ্যচক্ৰই  দুয়োকে মুখামুখি কৰিলেও কোনোজনে নাজানিব  দেহত প্ৰবাহিত   শোণিতৰ  আঁৰ কথা। এইয়াই  হয়তো বিধাতাৰ লিখন !  আবেলিৰ  বেলিটোৱে পশ্চিম আকাশত হেঙুলীয়া ৰহন সানিছে, ময়ো অতীতৰ কথাবোৰ ভাবি  অস্তাচলত  ডুব  যাব খোজা বেলিটোলৈ  কৰুণ দৃষ্টিৰে চাই  থাকিলো।


জ্যোতিৰ্ময়ী বৰুৱা।

নগাঁও,অসম।


   


Comments


bottom of page