অৰণ্যৰ উচুপনি
- পলী মজুমদাৰ

- Apr 25
- 1 min read

সুদীৰ্ঘ আঠ বছৰীয়া এটি প্ৰেম কাহিনী। গৌতম আৰু মনাৰ প্ৰেম কেৱল এটা শব্দ নাছিল, আছিল এটা উশাহ। যিদিনা গৌতমে বন বিভাগৰ ফৰেষ্টাৰ হিচাপে নিযুক্তি পালে, সেইদিনাই যেন তেওঁলোকৰ সপোনবোৰে আশাৰ পোখা মেলিছিল । দুয়োৰে কিমান যে স্ফুৰ্তি ।এবছৰৰ ভিতৰতে বিয়াৰ দিন ধাৰ্য হ'ল। দুয়োখন ঘৰতে বিয়াৰ এক উখল-মাখল পৰিবেশ ...বজাৰ কৰা,মানুহ মতা ইত্যাদি।
অৰণ্য ভালপোৱা গৌতমে মনে বিচৰা চাকৰিটো পাই অত্যন্ত সুখী হৈছিল। কিন্তু চাকৰিত যোগদান কৰাৰ পিছতেই গৌতমে অৰণ্যৰ ভিতৰচৰাত এক কদৰ্য ৰূপ দেখা পালে। অৰণ্যৰ ভিতৰত এন্ধাৰৰ সুযোগ লৈ চলা চোৰাং চিকাৰী আৰু গছ কাটা চক্ৰৰ বিৰুদ্ধে গৌতম ঠিয় দিলে।
তেওঁৰ আপোচবিহীন স্বভাৱটোৱে চোৰাং চিকাৰীৰ চক্ৰটোৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰিছিল। বিহুত ঘৰত যাওতে গৌতমে ভনীয়েক লিজাক কৈছিল ---
"ভন্তি নাজানো মোৰ কি হয় কিন্তু অৰণ্য ধংসকাৰীক কেনেকৈ চাই থাকোঁ ক'চোন !"
বিয়ালৈ মাত্ৰ দহটা দিনমানহে বাকী। মনাৰ হাতত জেতুকাৰ ৰং সানিবলৈ নৌপাওঁতেই খবৰটো আহিল ,কাজিৰঙাৰ অটব্য অৰণ্যৰ মাজত উদ্ধাৰ হ'ল তাইৰ হিয়াৰ আপোন গৌতমৰ মৃতদেহ। অৰণ্য ৰক্ষা কৰিবলৈ গৈ নিজৰ জীৱন আহুতি দিলে! যিখন ঘৰত বিয়াৰ মাংগলিক শংখ বাজিব লাগিছিল, সেইখন ঘৰত কান্দোনৰ ৰোল উঠিল।
আজি ২০ টা বসন্ত পাৰ হ'ল। সময় থমকি ৰোৱা নাই, কিন্তু মনাৰ পৃথিৱীখন সেইদিনাই স্থবিৰ হৈ পৰিল। ভাগ্যৰ লিখন,,মনা আজিও অবিবাহিতা হৈয়ে থাকিল।তেওঁৰ শিৰত সেন্দুৰ নাই হয় কিন্তু মনত আজিও গৌতমৰ সেই পবিত্ৰ প্ৰেম ভালপোৱা জিলিকি আছে।
মনা প্ৰতি বছৰে কাজিৰঙালৈ আহে সেই দিনটোতেই আৰু সেই ঠাইখিনিলৈ ,য'ত গৌতম চিৰদিনৰ বাবে শুই পৰিছিল।
অৰণ্যৰ গছৰ ফাঁকে ফাঁকে সৰি পৰা ৰ'দজাকত মনাই আজিও গৌতমৰ হাঁহিটো বিচাৰি পায়। এক বৃহৎ প্ৰেমৰ সাক্ষী হৈ আজিও মনাই কঢ়িয়াই ফুৰিছে এক অবুজ যন্ত্ৰণা আৰু পবিত্ৰ ভালপোৱাৰ এক চানেকি!
(সচাঁ ঘটনাৰ আলম লৈ)
পলী মজুমদাৰ
মৰিগাঁও, অসম
দূৰভাষ নং ৮৬৩৮৮৭১০৬০





Comments