top of page

আমাৰ প্ৰশান্তিৰ অসম


"বাৰীৰ পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু (ৰান্ধনি ঘৰ) আৰু দক্ষিণে গৰুৰ গোহালি!"-- ৰঙালী আকাশৰ তলত মুকলি পথাৰত বিহু ঢোলৰ তালে তালে গছ-বন, কপৌফুল আৰু কুঁহিপাতৰ সুৰভিৰ মাজত নৃতৰত ডেকা-গাভৰুৰ স্বত:স্ফূৰ্ত উল্লাস । আমাৰ বাৰু মনলৈ কেতিয়াবা আহেনে -- এনে পৰিৱেশসমূহ ইমান পৰিপূৰ্ণ আৰু নিখুঁত যেন কিয় লাগে ?


আচলতে আমি ইয়াৰ প্ৰয়োজনবোধেই নকৰোঁ । এই সুকীয়া তাল-ছন্দ আমাৰ মজ্জাত প্ৰকৃতিগত । অসমভূমিত আমি সকলো প্ৰকৃতিৰ সন্মোহিনী পৰশেৰে আপডালিত । কিন্তু অসমীয়া সংস্কৃতিৰ বিশ্লেষণ সংগীত, সাজসজ্জা, খাদ্য আদিৰ মাজেৰে আলোচনা কৰাৰ সময়ত ব্যক্তিগত ভাৱে এগৰাকী ভূচিত্ৰ স্থপতিবিদ (Landscape Architect) হিচাপে মই ইয়াৰ গভীৰতাত স্থান নিৰ্দিষ্টতা (site specificity)ৰ এক প্ৰাচীন আৰু জটিল দিশ কিছুমান অনুভৱ কৰোঁ ।


      ইংৰাজী পৰিভাষাত প্ৰকাশিত “Vernacular Landscape”লৈ মোৰ মনত পৰে। কোনো নিৰ্দিষ্ট অঞ্চলৰ স্থানীয় লোকে পৰম্পৰাগতভাৱে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰৰ মাধ্যমেৰে স্থানীয় জলবায়ুৰ সৈতে খাপ খুৱাই গঢ়ি তোলা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশক স্থানীয় দৃশ্যপট বা স্থানীয় ভূমিচিত্ৰ (vernacular landscape) বুলি কোৱা হয় । অসমৰ স্থানীয় দৃশ্যপট হৈছে স্থানীয় পৰম্পৰা, সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে খাপ খাই পৰা এখন স্বকীয় আৱাসিক ভূমিচিত্ৰ য'ত বাঁহ-বেতৰ জোপোহা, তামোল-পাণৰ বাৰী, পুখুৰী আৰু পথাৰৰ অপূৰ্ব মিশ্ৰণত গঢ় লৈ উঠা পৰিৱেশে প্ৰতিফলিত কৰে ইয়াৰ স্বকীয় জীৱনশৈলী আৰু সাংস্কৃতিক পৰম্পৰা‌ ।


         আধুনিক গৱেষণাৰ বিচাৰত মানসিক স্বাস্থ্য মাথোঁ এক অভ্যন্তৰীণ অৱস্থা নহয়, বৰঞ্চ ই শৰীৰ আৰু প্ৰকৃতিৰ নৃত্য-ৰচনা (choreography)ৰ মাজৰ এক অবিৰত কথোপকথন । ৰূপাংকন (design)ৰ ক্ষেত্ৰখনত বৰ্তমান প্ৰত্যক্ষ কৰা যায় এক বিশ্বব্যাপী বিচ্ছিন্নমুখী উপসৰ্গ (global disconnection syndrome)। স্পৰ্শীয় জগতখনৰ জৈৱিক প্ৰয়োজনৰ দিশত মানৱসৃষ্ট পৰিৱেশৰ স্বীকৃতিপ্ৰদানত এক দুৰ্ভাগ্যজনক ব্যৰ্থতা ।


        যিদৰে জাপানী 'শিনৰিন-য়োকু' (Forest bathing) চৰ্চা আৰু 'মনোযোগ পুনৰুদ্ধাৰ তত্ত্ব' (Attention Restoration Theory)ৰ দৰে ধাৰণাবোৰে প্ৰকৃতিৰ নিৰাময়ী সামৰ্থ্যক স্বীকাৰ কৰে, অসমৰ ভূদৃশ্যও ঠিক সেইদৰে বহু কাল ধৰি আমাৰ দৈনন্দিন জীৱনত এক পুনৰ-সঞ্জীৱনী অংশীদাৰী সম্পদ হৈ আহিছে। এয়া আৱেগপ্ৰৱণতাৰ কথা নহয়, বৰং ভূ-সংস্থানিক ছন্দৰ প্ৰতি দেহৰ এক স্বাভাৱিক সঁহাৰি। যেতিয়া আমি বাঁহনিৰ আবৃত আশ্ৰয়ৰ পৰা মুকলি ধাননিপথাৰৰ বিস্তীৰ্ণতালৈ ওলাই আহোঁ, আমাৰ স্নায়ুতন্ত্ৰই পুনৰ সমন্বয় ঘটায়। এই ভূমি এক নিষ্ক্ৰিয় পটভূমি নহয়; ই এক সক্ৰিয় স্থানিক নঙৰ যি নিজৰ বাহ্যিক ৰূপৰ জৰিয়তে মানুহৰ অভ্যন্তৰীণ পৰিৱেশক নিয়ন্ত্ৰণ কৰে।


      আমি যদি বিহুৰ গাঁথনি বিশ্লেষণ কৰোঁ, তেন্তে দেখিম যে বিহু এটি উৎসৱতকৈ বহু বেছি। বিহু হৈছে বতৰীয় দৃশ্যপটৰ এক বিশেষ সক্ৰিয়তা । এয়া 'অংশীদাৰী সম্পদ'ত এক সমাৱেশ ("commons") যি সকলো সামাজিক গাঁথনিৰ ভিতৰত আটাইতকৈ প্ৰাণৱন্ত; সকলো শ্ৰেণীৰ লোকৰ এক সমাৱেশ যি সামাজিক প্ৰকাৰতত্ত্বৰ অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । হুঁচৰিৰ তালে তালে নাচোঁতে আমি একেলগে গতি কৰোঁ; সমসুৰত একত্ৰিত হওঁ। আমি অজানিতে সেই পথাৰবোৰকো উদযাপন কৰোঁ যি একালত আমাৰ পূৰ্বপুৰুষক ভৰণ-পোষণ কৰিছিল। আমি অৱচেতন ভাৱে প্ৰকৃতিৰ সৈতে সংযোগ স্থাপনৰ বাবে এক তালবদ্ধ পৰিবেশনত অংশ লওঁ । বৃক্ষৰ দৰে বতাহত হাতৰ দোলনেৰে তথা পক্ষীৰ গতি-সঞ্চালন অনুকৰণ কৰাৰ মাধ্যমৰে সকলোৰে মন-মগজুৰ সন্তুলন স্থাপন কৰাৰ যেন এইয়া এক অভিনৱ ৰূপাংকন । চেপা আবেষ্টনীৰ পৰা মুক্ত অৱস্থাত জলৰ সামীপ্য আৰু ভূমিৰ সমূহীয়া ব্যৱহাৰে সকলোৰে মাজত সক্ৰিয় কৰি তোলে প্ৰকৃতিৰ সুৰক্ষা প্ৰদান আৰু পুষ্টিসাধনৰ বাবে প্ৰবল তাড়না । অসমীয়া মানুহ স্বভাৱগত ভাৱে আছিল নৈপৰীয়া । মহাবাহু ব্ৰহ্মপুত্ৰক পাৰ্শ্ব হিচাপে গণ্য কৰা নহয় --ব্ৰহ্মপুত্ৰ এক প্ৰধান অক্ষ ।


ব্যক্তিগত ভাৱে যোৰহাটত থকাৰ সময়ত মাজে সময়ে পিছবেলা নিমাতী ঘাটত পাৰ কৰা মুহূৰ্তবোৰ মোৰ বাবে মাথোঁ বিনোদন নাছিল, বৰং তাত বহিলে যেন সকলো বোজা লঘু হৈ পৰিছিল। পিছলৈ নিউকে্ছলতো একেই অনুভৱ হৈছিল, টাইন নদীৰ কাষেৰে খোজ কাঢ়োঁতে। পানীয়ে কিবা যেন কয়। ডিজাইনাৰসকলে এতিয়া ইয়াক 'নীলা মন' (blue mind) বোলে । নীলা মন হৈছে পানীৰ সান্নিধ্যত থকাৰ ফলত মানুহৰ মনত সৃষ্টি হোৱা শান্ত, প্ৰশান্ত আৰু ইতিবাচক মানসিক অৱস্থা । পানীৰ দৃশ্য আৰু শব্দই সৃষ্টি কৰা ই এক ধ্যানমগ্নতা । আধুনিক ৰূপাংকনত 'নীলা স্থান' (blue space) হৈ পৰিছে চৰ্চাৰ এক গুৰুত্বপূৰ্ণ বিষয় যি 'নীলা মন' (blue mind)ৰ সৃষ্টিত প্ৰভাৱিত কৰে । এইয়া হৈছে গতিশীল নীল-সেউজ নেটৱৰ্কৰ সৈতে হোৱা এক গভীৰ সংস্থিতি । বিল, পুখুৰী বা বাৰিষাৰ জলমগ্ন ধাননি পথাৰসমূহ কোনো জলনিষ্কাশন বা ভৌগলিক সমস্যা নহয় । এইয়া হৈছে আমাৰ পূৰ্বপুৰুষসকলে সংহতপূৰ্ণ ভাৱে নিজৰ বসবাসস্থলীত ৰাখি যোৱা মানসিক স্বাস্থ্যৰ স্থানীয় আন্ত:গাথনি, এক পৰিৱেশবিজ্ঞান আৰু মনস্তাত্বিক ব্যৱস্থাপনা ।


    বৰ্তমান এই জনজীৱন আৰু প্ৰকৃতিৰ সৈতে  গঢ় লৈ উঠা অনন্য  সংহতি নিৰ্মম ৰূপত  অৱৰোধৰ কবলত  পৰিছে । আমাৰ চকুৰ আগতেই অতীতৰ ভূমিচিত্ৰখনি হৈ পৰিছে চূৰ্ণ-বিচূৰ্ণ । মহানগৰীৰ  জলাশয়-বিলসমূহ  বিভিন্ন নিৰ্মাণৰ উদ্দেশ্যেৰে পুতি    পেলোৱপ্ৰক্ৰিয়াৰ মাজত যেন হৈ পৰিছে শ্বাসৰুদ্ধ ।চহৰৰ উপকন্ঠ অঞ্চলৰ বিভাজন তথা ব্যাপক  পথ নিৰ্মাণৰ ফলস্বৰূপে অসমীয়া মানুহৰ ঘৰৰ  পৰম্পৰাগত বাৰীখন - তামোল গছ,  শাক-খাৰদীৰ উৎকৃষ্ট  সেই বহুতৰপীয়া  চৌহদবোৰো সংকুচিত হৈ আজি প্ৰায় নিশ্চিহ্ন । এইয়া মাথোঁ পৰিৱেশ বিনষ্ট হোৱা ঘটনাই নহয়, বৰঞ্চ এক মনস্তাত্বিক আৱাসস্থলীৰ বিনাশ । 


প্ৰাকৃতিক পৰিৱেশ তথা দিগন্তৰ মুকলি দৰ্শনৰ  অবিহনে লালিত-পালিত  হোৱা শিশুসকলৰ  মনোনিৱেশ কৰাৰ ক্ষমতা আৰু আৱেগৰ নিয়ন্ত্ৰণ  যথেষ্ট পৰিমাণে সংকুচিতহৈ পৰে ।           কল্যাণকামী ভূখণ্ড খণ্ড-বিখণ্ড হৈ পৰাত  নৱপ্ৰজন্মই ভুগিব লগা  হয় তাৰ নানান কুফল ।


প্ৰতিটো ৰঙালী বিহুত প্ৰকৃতিক কৃতজ্ঞতা যাচি নতুন এক বৰ্ষক বিভিন্ন  ধৰণৰ উদযাপনেৰে  আদৰা হয় কিন্তু ভূখণ্ডলৈ দৃষ্টি ৰখা সকলৰ বাবে বিহু হৈ পৰিছে ৰূপাংকনৰ এক নিৰৱচ্ছিন্ন 

প্ৰত্যাহ্বান । আমি বাৰু নিজে বৰ্তি থকাৰ উদ্দেশ্যেৰেই  আমাৰ বসবাসস্থলীৰ  ৰক্ষণাবেক্ষনৰ প্ৰতি  কিমান সজাগ আৰু সক্ৰিয়? পৰম্পৰাগত দৃশ্যপট তথা সাংস্কৃতিক ছন্দেৰে সমৃদ্ধ অসমখনি হৈছে 

বিশ্বৰ আটাইতকৈ উৎকৃষ্ট প্ৰকৃতি-ভিত্তিক  সমাধানৰ অধিকাৰী প্ৰাচীন বৃক্ষৰ ছাঁৰ তলৰ অনুজলবায়ু, গাঁৱৰ  শ্বাসযন্ত্ৰ হিচাপে পুখুৰী-বিলসমূহ, ধাননি পথাৰ আমাৰ ঋতুৰ ঘড়ী! ক্ৰিয়াত্মক  দৃষ্টিকোণৰ পৰা এই  স্থানসমূহ নিতান্তই  প্ৰয়োজনীয় ।এইয়া আমাৰ বাবে  নিৰাপত্তা প্ৰদানৰ অমূল্য সম্পদ । এই ঠাইবোৰ কাৰ্যকৰীভাৱে অপৰিহাৰ্য।


বৰ্তমানৰ প্ৰশ্নটো হৈছে - পকীকৰণৰ পূৰ্বে এই স্থানীয় প্ৰাকৃতিক স্থাপত্যৰ সঠিক মূল্য দিবলৈ আমি সক্ষম হ'মনে? আমাৰ পিছৰ প্ৰজন্মই বিহু নৃত্য পৰিৱেশন কৰিবলৈএখন মুকলি অখণ্ডিত  পথাৰ পাবনে ? মাটিয়ে বহুদিন ধৰি অপেক্ষা কৰি আছে। এতিয়া সময় হৈছে সঠিক পৰিকল্পনাৰ মাজেৰে তাৰ কাষলৈ ঘূৰি অহাৰ।আমাৰ মাটি অপেক্ষাৰত; পৃথিৱী অপেক্ষাৰত । এতিয়া সময়-  সেই দৃশ্যপটলৈ সঠিক  ৰূপাংকনৰ মাজেৰে  উন্নয়নৰ সৈতে উভতি যোৱাৰ আৰু একেসময়তে ইয়াক সংৰক্ষণ কৰাৰ ।

(মূল ইংৰাজীৰ পৰা  অসমীয়ালৈ অনুবাদ :_ কৃষ্ণ দুলাল বৰুৱা)



জাহ্নৱী বৰুৱা

ভূচিত্ৰ স্থপতিবিদ

লণ্ডন, ইংলেণ্ড

দূৰভাষ নং ৮৪০৪০১৮৯৫৪ 

Comments


bottom of page