top of page

প্রথমগৰাকী অসমীয়া মহিলা কবি পদ্মপ্রিয়া আইৰ গীত

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ প্রধান শিষ্য আছিল শ্রীশ্রী মাধৱদেৱ। মাধৱদেৱে যি বাৰ গৰাকী ধর্মাচাৰ্যক মুখ্য দায়িত্ব অর্পন কৰিছিল তাৰ এগৰাকী আছিল শ্রীশ্রী গোপালদেৱ, যাক ভৱানীপুৰীয়া গোপাল আতা নামেৰে জনা যায়। আন ধর্মাচার্য কেইগৰাকী আছিল ক্রমে মথুৰা দাস বুঢ়াআতা (বৰপেটা), বদলা পদ্মআতা (সুন্দৰীদিয়া), হৰিদেৱ (লাইআটি), লেচাকনীয়া গোবিন্দ (খটৰা), বৰবিষ্ণু আতা (চমৰীয়া), লক্ষ্মীকান্ত (ধূপগুৰি), কেশৱচৰণ (বৰজহা),পঢ়িয়া আতৈ (হেৰেমদৈ ) আদি।


     নাজিৰাৰ ওচৰৰ নাচনীখাটত গোপালদেৱ এক বিশেষ পৰিস্থিতিত বৰপেটালৈ আহে আৰু শ্রীমন্ত শঙ্কৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱৰ সান্নিধ্য লাভ কৰে। দুয়োগৰাকী ধর্মগুৰুৱে প্রচাৰ কৰা একশৰণ হৰিনাম ধৰ্মৰ প্রতি আকর্ষিত হৈ গোপালদেৱে বৰপেটাত মাধৱদেৱৰ ওচৰত শৰণ লয়। শৰণ লোৱাৰ পিছত মাধৱদেৱৰ পৰমর্শমতে কালজাৰ, ভবানীপুৰ আদি ঠাইত একাধিক থান-সত্র প্রতিষ্ঠা কৰি নামনি অসমত হৰিনাম ধর্ম প্রচাৰ কৰি থাকে। উজনি অসমতো তেঁও শ্রীশ্রী অনিৰুদ্ধ দেত্তক শৰণ দি কৈৱর্ত মৰাণ, মটক আদি জনগোষ্ঠীৰ মাজত শঙ্কৰদেৱৰ ধর্ম আৰু সংস্কৃতিৰ প্রসাৰ ঘটায়।


     গোপালদেৱে পাণি গ্রহণ কৰিছিল বৰপেটাৰ হৰিয়া কাথৰ (হৰিৰাম কাথ) জীয়ৰী বৃন্দাৱতীক। গোপালদেৱ আৰু বৃন্দাৱতীৰ দুটা সন্তানৰ এগৰাকী হ'ল দামোদৰ আৰু আনগৰাকী হ'ল পদ্মপ্রিয়া। এইগৰাকী পদ্মপ্রিয়াই হ'ল অসমৰ প্রথমগৰাকী মহিলা কবি আৰু গীতিকাৰ।


পদ্মপ্রিয়াক বৈষ্ণৱ সমাজত পদ্মপ্রিয়া আই নামেৰে জনা যায়। "কথাগুৰু চৰিত", ৰামানন্দ দ্বিজৰ ' গুৰু চৰিত', পূর্ণানন্দ দ্বিজৰ "গুৰু চৰিত" আদিত উল্লেখ থকা মতে পদ্মপ্রিয়া আই শঙ্কৰদেৱৰ ধৰ্ম ব্যৱস্থাৰ অনুৰাগী আছিল আৰু তাকে কেন্দ্র কৰি তেঁও অনেক গীত ৰচিছিল যিবোৰ গীতি কবিতা নামেৰে অসমীয়া বৈষ্ণৱ সাহিত্যত পৰিচিত হৈ আছে।


   পদ্মপ্রিয়া আইৰ প্রাপ্ত গীতি কবিতাসমূহ বিচাৰ কৰিলে দেখা যায় যে, তেঁওৰ বেছিভাগ গীতত আছে শঙ্কৰদেৱ, মাধৱদেৱ আৰু গোপালদেৱৰ উল্লেখ। অর্থাৎ এই তিনিগৰাকী ধর্মচাৰ্যৰ নীতি আদর্শৰ প্রতি অনুৰক্ত হৈ পদ্মপ্রিয়া আয়ে গীতি কবিতাসমূহ ৰচিছিল। উদাহৰণস্বৰূপে:


"শ্রীমন্ত শঙ্কৰ        শ্ৰীমন্ত মাধৱ

        শ্ৰী মন্ত গোপাল দেৱ।

তিনিও ঈশ্বৰ       একো ভিন্ন নাই

       পাৱে পৰি কৰো সেৱ।।

অসংগী জীৱক        সংগ কৰাইলন্ত

          শংকৰ স্বৰূপে হৰি।

মাধৱ স্বৰূপে         ভকতি বঢ়াইল

           নিজ মায়া বশ্য কৰি।।

গোপাল স্বৰূপে     সেহি অনুৰূপে

           ভকত বঢ়াইলন্ত।

আনন্দ সমুদ্ৰে         মজিয়া ৰহিলা

          অসম যত মহন্ত।।

গৌৰাঙ্গ  শৰীৰ       শ্যাম কলেবৰ

         গোপাল ৰাতুল বর্ণ।

তিনিও ঈশ্বৰৰ          একো ভিন্ন নাই

        জানিয়া লৈলো শৰণ।।"


    তিনিওগৰাকী ধর্মগুৰুৰ প্রতি অচলা ভক্তিভাৱ প্রকাশ কৰা পদ্মপ্রিয়া আইৰ অনেক গীতি-কবিতা প্রফুল্ল চন্দ্র মহন্ত সম্পাদিত 'অসমৰ প্রথম মহিলা কবি পদ্মপ্রিয়া আইৰ গীত, (১৯৯১), নিত্যানন্দ মহন্ত সম্পাদিত "শ্রীশ্রীগোপালদেৱৰ গীত-ঘোষা আৰু পদ্মাপ্রিয়া আইৰ গীত-ঘোষা (১৯৯৮-২০০৪) আদি গ্রন্থত সংকলিত হৈ আছে। এই গীতবোৰ পদ্মপ্রিয়া আয়ে সুৰ কৰি গাইছিল বুলি জনা যায়। শ্রীশ্রী গোপালদেৱৰ অনুগামী সকলে পদ্মপ্রিয়া আইৰ গীতি কবিতাবোৰ শঙ্কৰদেৱৰ "কীর্তন-ঘোষা" মাধৱদেৱৰ "নামঘোষা" আদি পুথিৰ পদ আৰু ঘোষাৰ লেখিয়াকৈ গাই ভকতৰ সমাজত প্রচাৰ কৰে।


   পদ্মপ্রিয়া আইৰ গীতি কবিতাবোৰক বিভিন্ন ভাগত ভাগ কৰা হৈছে। যেনে- ঝুনা, দলড়ি, ছবি, ঘোষা, পদ আদি। পদ্মপ্রিয়াৰ গীতি কবিতা শঙ্কৰদেৱৰ ধর্মতত্ত্বৰ উল্লেখৰ উপৰি জীৱনতত্ত্বৰ উল্লেখ পোৱা যায়। যেনে-শঙ্কৰদেৱৰ "পাৱে পৰি হৰি" শীর্ষক বৰগীতত উল্লেখ থকা "অথিৰ ধনজন জীবন যৌবন, অথিৰ এহো সংসাৰ "ৰ লেখিয়া পদ্মপ্রিয়াৰ গীতি কবিতাতো জীৱনৰ অর্থ আৰু সংসাৰৰ অসাৰতাৰ কথা পোৱা যায়।


   ঈশ্বৰক সাধনা নকৰি বৈষয়িক সুখ ভোগৰ জীৱন যে অসাৰ সেই কথা উল্লেখ কৰি পদ্মপ্রিয়া আয়ে গীতি কবিতাত কৈছে:


"পুত্ৰ পতি ধন      সবে অকাৰণ

       যেন জল বিম্ব হমে।

এই আছে নাই  সবে হৈব ছাই

      সকলো কালে গৰামে।।

জীৱন যৌৱন    সবে অকাৰণ

         যেহেন সপোন নিধি।

মিছা দুখ লাগে  ব্ৰহ্মাক ত্যাগী

      নভৈল কিছুতে সিদ্ধি।।


     পদ্মপ্রিয়া আইৰ গীতি কবিতাবোৰৰ কোনো ধৰণৰ লিখিত তথ্য কুৰি শতিকাৰ মাজভাগলৈকে নাছিল। পিছে তেঁও এগৰাকী বৈষ্ণৱ কবি আছিল সেই কথা শঙ্কৰদেৱ, মাধৱদেৱ, গোপালদেৱ আদি ধর্মগুৰু সকলৰ বিষয়ে ৰচিত চৰিত পুথিসমূহত উল্লেখ আছে।  শ্রীশ্রী গোপালদেৱৰ অনুগামী ভকত বৈষ্ণৱসকলৰ মুখৰ পৰা গীতি কবিতাসমূহৰ উদ্ধাৰ কৰি লিখিত ৰূপ দিয়া হয়। বিহুনাম, বিয়ানাম, উল্টা-পুৰাণৰ গীত, জিকিৰ আদি মৌখিক ভাবে মুগ যুগ ধৰি চলি অহাৰ বাবে বিভিন্নজনে যেতিয়া সেইবোৰৰ লিখিত ৰূপ দিয়ে তেতিয়া ভিন্নজনৰ মুখ বাগৰি অহা গীতবোৰে লিখিত আকাৰত ভিন ভিন ৰূপ লয়। বিষয় বস্তু একে যদিও শব্দ, পদ, ঘোষা আদিৰ ভিন্নতা কিদৰে আহি গৈছে তাৰে দুটামান উদাহৰণ হ'ল-


    "গুৰু পদ নুভুলিবি তই মন

       গতি মোৰ গুৰু দুই পাৱে।

    ভৱ হৈতৰণী তৰিতে তৰণি

          আন  মতে কৈকা পাৰে।। (প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সংগ্ৰহ)


আনহাতে নিত্যানন্দ মহন্তৰ সংগ্ৰহত  উক্ত ঘোষাটি পাঠ এনেদৰে দিয়া হৈছে-


"গুৰু  পদ নুভুলিবি  তই মন।

         গতি দুই গুৰুৰ চৰণ।।"


আন কিছুমান পদতো এই ভিন্নতা পৰিলক্ষিত হয়। যেনে-প্রফুল্ল চন্দ্র মহন্তৰ দ্বাৰা সংগৃহীত সংকলনত এটা পদত আছে-


         "নিৰ্মল ভকতি     গোপালত থাপি

                 মাধৱ বৈকুণ্ঠ গৈলা।।

         গোপাল স্বৰূপে     সেহি অনুৰূপে

                ভকতিক প্রচাৰিলা।।"


উক্ত পদটিৰ পাঠ নিত্যানন্দ মহন্ত সংগৃহীত সংকলনত এনেদৰে পোৱা যায়-


"নিৰ্মল ভকতি    গোপালত অৰ্পি

      লোকক দেখায় কার্য,

শ্ৰীমন্ত মাধৱ    বৈকুণ্ঠক গৈল

     গোপালক দিয়া ৰাজ্য।।"


   ইয়াত ৰাজ্য বুলি যি উপমা ব্যৱহাৰ কৰা হৈছে সেয়া ভৌগোলিক ৰাজ্য নহয়, ভকতিৰ ৰাজ্যহে। এনেধৰণৰ অনেক উপমা পদ্মপ্রিয়া আইৰ ভক্তিতত্ত্বমূলক গীতি কবিতাত প্রয়োগ কৰা দেখা যায়।


     চৰিত পুথি বা আন সূত্রসমূহত পদ্মপ্রিয়া আইৰ জন্মৰ চন তাৰিখৰ কথা উল্লেখ নাই যদিও তেঁও অনেক বছৰকাল জীৱন পাইছিল বুলি ভকতৰ মুখে মুখে প্রচলিত। পদ্মপ্রিয়া দেখাত ধুনীয়া আৰু সুমধুৰ কণ্ঠৰ গৰাকী আছিল। কিছুমান গীতত পদ্মপ্রিয়াৰ নামৰ উল্লেখ থকালৈ চাই ক'ব পৰা যায় যে ,তেঁও নিজেই জনসমাজক গীতবোৰ প্ৰচাৰ কৰোঁতে ভণিতাৰ ৰূপ দি নিজৰ নাম সংযোজন কৰিছিল। তদুপৰি গীতি কবি গৰাকীৰ অনুৰাগী সকলেও তেওঁক উদ্দেশ্য কৰি প্ৰচাৰ কৰা ভণিতাত তেওঁৰ নাম উল্লেখ আছে।


    যোল্ল-সোতৰ শতিকাৰ অসমৰ এইগৰাকী মহিলা গীতি কবিৰ গীতৰ ভণিতা থকা মুঠ ১৮৬ টা পদ লিপিবদ্ধ হোৱা বুলি বিভিন্ন সূত্ৰৰ পৰা জনা যায়। শব্দৰ উচ্চাৰণ ৰীতি আৰু ভাষাৰ গঠন প্রণালীত কিছু পৰিমাণে আধুনিকতাৰ স্পৰ্শ পৰিলেও এইগৰাকী কবিৰ গীতি কবিতাৰ সাহিত্য মূল্য নুই কৰিব নোৱাৰি। উপযুক্ত গবেষণা হ'লে তেঁওৰ গীতি কবিতাৰ মাজৰ অনেক অন্তনির্হিত কথা পঢ়ুৱৈ সমাজে জানিবলৈ সক্ষম হ'ব।



ৰূপাঞ্জলি বৰুৱা বৰদলৈ

কলিয়াবৰ, নগাঁও

দূৰভাষ-৭০০২০১৫৬৬৪

Comments


bottom of page