মহিলা সৈনিকৰ অশ্ৰু আৰু নীৰৱ আৰ্তনাদ
- ড০ শৰৎ বৰকটকী

- May 23
- 8 min read

আমেৰিকা–ইজৰাইল আৰু ইৰানৰ সংঘাতৰ দৰে পৃথিৱীৰ দেশে দেশে চলাৰ বিভিন্ন যুদ্ধই যুদ্ধৰ নিষ্ঠুৰ আৰু কৰুণ বাস্তৱতাক উন্মোচিত কৰি আহিছে। ইতিহাসৰ পৃষ্ঠাই বাৰে বাৰে দেখুৱাইছে—যুদ্ধ কেতিয়াও কেৱল সীমান্ত, শক্তি বা ৰাজনৈতিক আধিপত্যৰ যুদ্ধ নহয়; যুদ্ধ মানে অসংখ্য পৰিয়ালৰ হাঁহি হেৰুওৱা, অগণন সপোনৰ অকাল মৃত্যুক আলিংগন কৰা। যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা প্ৰতিজন সৈনিকৰ থাকে এখন ঘৰ, সপোন, অপেক্ষা আৰু মানৱীয় বেদনা।যিসকল সৈনিকে দেশৰ দায়িত্ব পালন কৰিবলৈ জীৱনটো হাতৰ মুঠিত লৈ যুদ্ধক্ষেত্ৰলৈ যায়, তেওঁলোক কেৱল অস্ত্ৰধাৰী যোদ্ধা নহয়; তেওঁলোক কোনোবাৰ সন্তান, কোনোবাৰ জীৱনসংগী, কোনোবাৰ পিতৃ-মাতৃ বা কোনোবাৰ আশাৰ দীপশিখা। যুদ্ধৰ জুইত যেতিয়া এজন সৈনিকৰ মৃত্যু হয়, তেতিয়া কেৱল সেনা শিবিৰত নহয়, এটা পৰিয়াললৈও নীৰৱতাৰ ছাঁ নামি আহে। ঘৰলৈ ঘূৰি অহাৰ অপেক্ষাত থকা সৰু সন্তানৰ চকুত তেতিয়া সপোনৰ ঠাই লয় অশ্ৰুৱে; জীৱনসংগীৰ হৃদয়ত জন্ম লয় এক অনন্ত শূন্যতা।
বিশ্বৰ বহু সংঘাতত দেখা গৈছে—সাহস, কৰ্তব্যবোধ আৰু বীৰত্বৰ গৌৰৱৰ আঁৰত লুকাই থাকে গভীৰ মানৱীয় বেদনা। যুদ্ধত নিহত বহু সৈনিকৰ কাহিনীয়ে এই সত্যক অধিক স্পষ্ট কৰি তোলে যে, বিজয়ৰ উল্লাসৰ অন্তৰালতো বহু অদৃশ্য কান্দোন নীৰৱে বাজি থাকে। যি ঘৰখন কেতিয়াবা হাঁহি, সপোন আৰু আশাৰে ভৰি আছিল, যুদ্ধৰ এটা মুহূৰ্তই সেই ঘৰখনক শোক আৰু স্মৃতিৰ নিস্তব্ধতাত ডুবাই দিয়ে।
ফৰাচী সাহিত্যিক ভিক্টৰ হিউগে কৈছিল—“War is the crime which involves all other crimes.” সঁচা কথা , যুদ্ধ কেৱল ৰণক্ষেত্ৰৰ ধ্বংস নহয়; ই মানুহৰ হৃদয়ত সৃষ্টি কৰা অপূৰণীয় এটা ঘাঁ । যুদ্ধত মৃত্যু হোৱা প্ৰতিজন মানুহ কেৱল এখন দেশৰ সৈনিক নহয়; তেওঁ কাৰোবাৰ মৰম, কাৰোবাৰ জীৱনৰ ভৰসা, কাৰোবাৰ সপোনৰ পোহৰ। সেইবাবেই যুদ্ধৰ ইতিহাস শেষত কেৱল জয়–পৰাজয়ৰ ইতিহাস নহয়; ই মূলতঃ মানুহৰ অশ্ৰু, বিচ্ছেদ আৰু অন্তহীন বেদনাৰ ইতিহাস।
আমেৰিকা–ইজৰাইলৰ ইৰান আক্ৰমণৰ প্ৰেক্ষাপটত যুদ্ধৰ কঠোৰ বাস্তৱতা পুনৰ বিশ্ববাসীৰ আগত আকৌ এবাৰ উন্মোচিত হৈছে। এই সংঘাতত যিকেইগৰাকী আমেৰিকান মহিলা সৈনিকৰ মৃত্যু হৈছে, তেঁওলোকৰ প্ৰতিটো কাহিনীয়ে যুদ্ধৰ নিষ্ঠুৰতা আৰু মানৱীয় বেদনাক গভীৰভাৱে প্ৰতিফলিত হৈছে। ৩৯ বছৰীয়া ছাৰ্জেণ্ট নিকোল এম. আমৰে দীৰ্ঘ ২৫ বছৰ ধৰি আমেৰিকাৰ সেনা বাহিনীত নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিল। ১ মাৰ্চ তাৰিখে ইৰানৰ ড্ৰোন আক্ৰমণত তেওঁ যুদ্ধক্ষেত্ৰতেই জীৱন হেৰুৱায়। তেওঁৰ মৃত্যুৱে কেৱল এটা সেনা ইউনিটৰ শূন্যতা সৃষ্টি কৰা নাই; এটা পৰিয়ালৰ সুখৰ ঘৰখনো শোকত ডুব গৈছে। স্বামী জ’য়ে আমৰ আৰু দুটা কন- কন সন্তান এৰি তেওঁ চিৰবিদায় লয়। নিকোল এম. আমৰৰ স্বামীয়ে সেই অশ্রুসিক্ত নয়নেৰে বিলাপ কৰি আছে -যদি এই আক্ৰমণ নহ’লহেঁতেন, তেন্তে নিকোল ঘূৰি আহিলেহেঁতেন, ঘৰখন পুনৰ হাঁহি আৰু আশাৰে ভৰি পৰিলেহেঁতেন।
এই একেই সংঘাতৰ বাবেই জীৱন হেৰুৱালে ৩১ বছৰীয়া কেপ্টেইন আৰিয়ানা জি. ছাভিন’ৱে। সেনাৰ বিমান পাইলট হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ এক উজ্জ্বল অধ্যায় আৰম্ভ কৰিছিল। ২০২৫ চনত কে.চি.-১৩৫ বিমানৰ পাইলট হিচাপে যোগ্যতা অৰ্জন কৰা এইগৰাকী সাহসী মহিলা সৈনিক ২০২৬ চনৰ ১২ মাৰ্চ তাৰিখে ইৰাকত আকাশত ৰিফুৱেলিংৰ সময়ত হোৱা দুৰ্ঘটনাত নিহত হয়।
সদায় হাঁহি-মুখেৰে সহযোদ্ধাসকলৰ মাজত উৎসাহ সৃষ্টিকাৰী এইগৰাকী সৈনিকৰ মৃত্যু পৰিয়াল আৰু সহকৰ্মীসকলৰ বাবে অসহনীয় বেদনা হৈ পৰিছে। যুদ্ধক্ষেত্ৰত বীৰত্বৰ গৌৰৱ থাকিলেও, মৃত্যুৰ পিছত ৰৈ যায় কেৱল নীৰৱতা আৰু অনন্ত শূন্যতা।
আন গৰাকী নিহত মহিলা সৈনিক ৩৪ বছৰীয়া এছলী বি. প্ৰুইট। আকাশত অন্য বিমানলৈ ইন্ধন যোগান ধৰাৰ দায়িত্ব পালন কৰা আৰু প্ৰশিক্ষক হিচাপে কাম কৰা এইগৰাকী সৈনিকো এক দুৰ্ঘটনাত জীৱন হেৰুৱায়। তেওঁ স্বামী গ্ৰেগৰী প্ৰুইট আৰু দুটা সন্তান এৰি চিৰদিনৰ বাবে বিদায় লৈছে। কেন্টাকিত থকা তেওঁৰ স্বামীৰ অশ্রুসিক্ত কণ্ঠই এই মৃত্যুৰ বেদনাক আৰু গভীৰ কৰি তুলিছিল।তেওঁ কৈছিল “ঘৰখনত যদি পোহৰ আছিল, সেই পোহৰ আছিল এছলীৰ।” এই কথাটোৱেই বুজাই দিয়ে, যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা এজন সৈনিক কেৱল এখন দেশৰ যোদ্ধা নহয়; তেওঁ কাৰোবাৰ সপোন, কাৰোবাৰ আশা আৰু কাৰোবাৰ জীৱনৰ পোহৰ।
এছলী বি. প্ৰুইটৰ নামটোৰ লগত মিল থকা "এছলী ৱাৰ' (Ashley’s War)নামৰ এখন বিখ্যাত কিতাপ আমেৰিকান সাংবাদিক, লেখিকা আৰু গৱেষক গেইল টজেমাখ লেমনে লিখিছে । এই কিতাপখন হৈছে এটা সময়ত আফগানিস্তানত আমেৰিকাৰ বিশেষ বাহিনীৰ সৈতে কাম কৰা মহিলা সৈনিকসকলৰ এক হৃদয়স্পৰ্শী বাস্তৱ কাহিনী। ইয়াত যুদ্ধৰ গৌৰৱৰ বৰ্ননা নাই, বৰঞ্চ মহিলা সৈনিকসকলৰ সাহস, নেতৃত্ব, ত্যাগ আৰু মানৱীয় অনুভূতিৰ জীৱন্ত ছবি অংকিত কৰা হৈছে। এক কথাত ক'ব পাৰি যে, “এছলীৰ ৱাৰ” এখন প্ৰেৰণাদায়ক আৰু যুদ্ধ-কাহিনীৰ কিতাপ , য’ত যুদ্ধক্ষেত্ৰত মহিলা সৈনিকসকলৰ সাহস আৰু আত্মত্যাগৰ এক উজ্জ্বল চিত্ৰ অঙ্কিত হৈছে। এই কাহিনীৰ কেন্দ্ৰবিন্দু হৈছে এছলী হোৱাইট নামৰ এগৰাকী সাহসী মহিলা সৈনিক। তেওঁৰ দলটোৱে আফগানিস্তানত আমেৰিকাৰ বিশেষ বাহিনীৰ সৈতে কাম কৰিছিল। আফগানিস্তানত অভিযান চলোৱাৰ সময়ত স্থানীয় মহিলা সকলৰ সৈতে যোগাযোগ স্থাপন আৰু গোপন তথ্য সংগ্ৰহৰ বাবে মহিলা সৈনিকৰ প্ৰয়োজন হৈছিল। সেই উদ্দেশ্যেৰে এছলী হোৱাইটক আমেৰিকাৰ পৰা আফগানিস্তানলৈ বদলি কৰা হৈছিল।
তেওঁ সহযোদ্ধাসকলৰ সৈতে অতি বিপদসংকুল অঞ্চলত অভিযান চলাইছিল, দূৰ্গম গ্ৰাম্য অঞ্চললৈ গৈ মহিলা সকলৰ সৈতে কথা পাতিছিল আৰু শত্রুৰ পৰা গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছিল। তেওঁলোকৰ কাম আছিল অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিপজ্জনক। ২০১১ চনত আফগানিস্তানত এক অভিযানৰ সময়ত বোমা বিস্ফোৰণত এছলী হোৱাইট গুৰুতৰভাৱে আহত হয় আৰু পাছত মৃত্যুক আলিঙ্গন কৰে। যুদ্ধৰ গৌৰৱময় ইতিহাসৰ আঁৰত লুকাই থকা এই ধৰণৰ অসংখ্য নীৰৱ ত্যাগেই বিশ্ববাসীক সজাগ কৰি তোলে যে যুদ্ধৰ শেষত জয় বা পৰাজয় নহয়—মানৱীয় ক্ষতিয়েই অধিক স্পষ্ট হৈ উঠে।
আমেৰিকাৰ বিমানবাহিনীৰ সাহসী হেলিকপ্টাৰ পাইলট মেৰী জেনিংচ হেগাৰে অৱসৰৰ পিছত লিখা "শ্বুট লাইক এ গাৰ্ল" নামৰ আত্মজীৱনীমূলক যুদ্ধ-স্মৃতিচাৰণমূলক কিতাপখনো যুদ্ধৰ এক তীব্ৰ আৰু অন্তৰস্পৰ্শী দলিল হিচাপে পৰিগণিত হৈছে।
এই কিতাপখনত আফগানিস্তানৰ যুদ্ধকালীন সময়ত উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা তেওঁ লোমহৰ্ষক অথচ হৃদয়বিদাৰক ভাষাত বৰ্ণনা কৰিছে। যুদ্ধক্ষেত্ৰত গুলীবিদ্ধ হৈ জীৱন-মৃত্যুৰ সন্ধিক্ষণত থকাৰ পিছতো তেওঁ আহত সৈনিকসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি গৈছিল। নিজৰ শাৰীৰিক যন্ত্ৰণা আৰু মৃত্যুভয়ক অৱজ্ঞা কৰি অন্যৰ জীৱন ৰক্ষা কৰাৰ এই সাহসী মানসিকতাই তেওঁক কেৱল এজন সৈনিক নহয়, বৰঞ্চ মানৱতাৰ এক জীৱন্ত প্ৰতীক হিচাপে পৰিচিত কৰিছে।
কিতাপখন কেৱল যুদ্ধৰ কাহিনী নহয়; বৰং এগৰাকী মহিলাৰ জীৱনৰ দীঘলীয়া সংগ্ৰামৰ ইতিহাস। মেৰী জেনিংচ হেগাৰে নিজৰ ব্যক্তিগত জীৱনৰ দুখ-কষ্ট, যুদ্ধক্ষেত্ৰৰ কঠোৰ বাস্তৱতা, মহিলা সৈনিক হিচাপে সন্মুখীন হোৱা বৈষম্য আৰু সমাজত মহিলাৰ ভূমিকা সম্পৰ্কে বিস্তৃত ভাৱে আলোচনা কৰিছে। তেওঁ দেখুৱাইছে যে যুদ্ধক্ষেত্ৰত মহিলাসকলে কেৱল শত্রুৰ সৈতে নহয়, সমাজৰ মানসিকতাৰ সৈতেও যুঁজিব লগা হয়। সমাজে বহুদিন ধৰি মহিলাক যুদ্ধৰ বাবে অনুপযুক্ত বুলি গণ্য কৰি আহিছে; কিন্তু এই ভুল ধাৰণাৰ বিপৰীতে লেখিকাই নিজৰ জীৱনৰ জৰিয়তে প্ৰমাণ কৰিছে যে সাহস, নেতৃত্ব আৰু ত্যাগৰ ক্ষেত্ৰত মহিলাও পুৰুষৰ দৰে সমান শক্তিশালী।সেই কাৰণে “ শ্বুট লাইক এ গাৰ্ল" এক শক্তিশালী কণ্ঠস্বৰ বুলি গণ্য হৈছে। যুদ্ধৰ পিছতো মেৰী জেনিংচ হেগাৰে মহিলা সৈনিকসকলৰ অধিকাৰৰ বাবে আদালতৰ দুৱাৰত খটখটাইছিল। আদালতলৈ যোৱা ঘটনা মানসিক দৃঢ়তা আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন বুলি বিবেচিত হৈছে।
যুদ্ধ আৰু নাৰীৰ অভিজ্ঞতাৰ এই গভীৰ বৰ্ণনাক বিশ্বসাহিত্যত এক নতুন উচ্চতালৈ লৈ গৈছে ছোভিয়েত লেখিকা স্বেতলানা আলেক্সিয়েভিচৰ "দ্য আন উইমেনলী ফেচ অফ ৱাৰ" (“The Unwomanly Face of War) নামৰ বিখ্যাত কিতাপখনে। দ্বিতীয় বিশ্বযুদ্ধত অংশ লোৱা ছোভিয়েত মহিলা সৈনিকসকলৰ হৃদয়বিদাৰক বাস্তৱ অভিজ্ঞতাৰ ওপৰত আধাৰিত এই গ্ৰন্থখন বিশ্বসাহিত্যৰ এক অনবদ্য সৃষ্টি হিচাপে স্বীকৃতি লাভ কৰিছে। এই কিতাপখনৰ বাবে স্বেতলানা আলেক্সিয়েভিচে ২০১৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে। ১৯৮৫ চনত প্ৰথম প্ৰকাশ হোৱা এই অ-কাল্পনিক( নন ফিকচন) কিতাপখন প্ৰায় ৫০০ গৰাকী ছোভিয়েত মহিলা সৈনিকৰ সাক্ষাৎকাৰৰ ওপৰত আধাৰিত, য’ত যুদ্ধৰ পুৰুষকেন্দ্ৰিক বৰ্ণনাৰ সলনি নাৰীৰ যন্ত্ৰণা, প্ৰেম, ভয়, মৃত্যু আৰু মানসিক জটিলতাক এক অসাধাৰণ সাহিত্যিক ৰূপ দিয়া হৈছে।এই কিতাপখনক “অগনন মহিলা কণ্ঠৰ ইতিহাস” বুলি কোৱা হয়, কাৰণ ইয়াত যুদ্ধৰ ইতিহাস একক কণ্ঠত নহয়, বৰঞ্চ অসংখ্য মহিলাৰ স্মৃতি আৰু অনুভূতিৰ মাজেৰে প্ৰকাশ পাইছে। যুদ্ধক্ষেত্ৰত নাৰীৰ অদৃশ্য অৱদান—নাৰ্ছ, চিকিৎসক, ৰান্ধনী, যোগাযোগকাৰী আৰু সাধাৰণ যুঁজাৰু—এই সকলোবোৰ কাহিনীক লেখিকাই গভীৰ সহানুভূতিৰে সংৰক্ষণ কৰিছে। আলেক্সিয়েভিচে দেখুৱাইছে যে যুদ্ধৰ ইতিহাস সাধাৰণতে পুৰুষৰ বীৰত্বৰ কাহিনীৰে পূৰ্ণ হৈ থাকে, কিন্তু মহিলাৰ নীৰৱ বেদনাবোৰ অধিকাংশ সময়ে ইতিহাসৰ পৃষ্ঠাৰ বাহিৰতেই ৰৈ যায়।
লেখিকাই স্পষ্টকৈ বুজাব বিচাৰিছে যে যুদ্ধতকৈ মানুহ ডাঙৰ, বিজয়তকৈ মানৱতা গুৰুত্বপূৰ্ণ। সেয়েহে এই কিতাপখন বিজয়ৰ কাহিনী নহয়; ই মহিলা সৈনিকসকলৰ স্মৃতি, বেদনা আৰু নীৰৱ কান্দোনৰ ইতিহাস। আলেক্সিয়েভিচে লিখিছে যে যুদ্ধৰ স্মৃতি মহিলাসকলেই বুকুত কঢ়িয়াই লৈ ফুৰিছিল—তেওঁলোকৰ কান্দোন, তেওঁলোকৰ গান, তেওঁলোকৰ নীৰৱতা—সকলোবোৰেই যুদ্ধৰ প্ৰকৃত ইতিহাস। বিদ্যালয় আৰু গ্ৰন্থাগাৰত যুদ্ধৰ কিতাপে ভৰি থকাৰ দৃশ্য দেখুৱাই লেখিকাই সমাজৰ যুদ্ধমুখী মানসিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ অনুভৱ কৰিছে যে স্মৃতি মানে কেৱল অতীতৰ কাহিনী নহয়; স্মৃতি হৈছে অতীতৰ পুনৰ জন্ম দিয়া। মানুহে নিজৰ জীৱনৰ কাহিনী কোৱাৰ সময়ত নিজৰ দুখ, আনন্দ আৰু যন্ত্ৰণাক পুনৰ গঢ়ি তোলে। যুদ্ধভূমিৰ নাৰ্ছ, ৰন্ধনকৰ্মী, কাপোৰ ধোৱা মহিলা আৰু সাধাৰণ মানুহৰ জীৱনৰ কাহিনীত লেখিকাই উপলব্ধি কৰিছে যে এই সাধাৰণ মানুহবোৰেই আচলতে যুদ্ধৰ অসাধাৰণ ইতিহাসৰ বাহক। যুদ্ধক্ষেত্ৰত বীৰত্ব প্ৰদৰ্শন কৰাৰ পিছতো ঘৰলৈ উভতি আহি তেওঁলোকে সামাজিক বৈষম্য, নীৰৱতা আৰু মানসিক আঘাতৰ সৈতে যুঁজিব লগা হৈছিল,সেইবোৰ ঘটনা কিতাপখনত অত্যন্ত সংবেদনশীলভাৱে প্ৰকাশ পাইছে।
এই মৌখিক ইতিহাসধর্মী গ্ৰন্থখনত লেখিকাই নিজৰ ভাৱ প্ৰকাশৰ সলনি সাক্ষাৎকাৰ দিয়া সকলৰ কণ্ঠক উজলাই তুলিছে। সেই সকলৰ অনুভূতিয়ে এক গভীৰ সত্য উন্মোচিত কৰে কাৰন তেওঁলোকৰ বাবে যুদ্ধহীন পৃথিৱী এখন কেতিয়াও চিনাকি নাছিল; যুদ্ধই আছিল তেওঁলোকৰ জগত, যুদ্ধৰ মানুহেই আছিল তেওঁলোকৰ মানুহ। বিদ্যালয়তেই মৃত্যুক ভাল পাবলৈ শিকোৱা হৈছিল, দেশৰ বাবে মৃত্যুৰ সপোন দেখিবলৈ শিকোৱা হৈছিল। এই কঠোৰ বাস্তৱতাই প্ৰমাণ কৰিছে যে, যুদ্ধৰ সংস্কৃতি সমাজৰ মানসিকতাত কিমান গভীৰভাৱে প্ৰোথিত হৈ আছে।
এই কিতাপখনত লেখিকাই এক ঐতিহাসিক দিশ এটা পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ উল্লেখ কৰিছে যে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাতেই মহিলাসকলে এথেন্স আৰু স্পাৰ্টাৰ গ্ৰীক সেনাবাহিনীত যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু পিছত তেওঁলোকে আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ অভিযানতো নিজৰ সাহসৰ স্বাক্ষৰ ৰাখিছিল। অৰ্থাৎ যুদ্ধক্ষেত্ৰত নাৰীৰ উপস্থিতি কোনো আধুনিক ঘটনা নহয়; ইতিহাসৰ গভীৰ স্তৰতেই নাৰীৰ সাহস আৰু ত্যাগৰ দিশটো লুকাই আছিল। ৰাছিয়াৰ ইতিহাসবিদ নিকোলাই কাৰামজিনৰ ঐতিহাসিক লেখনীৰ উল্লেখ কৰি আলেক্সিয়েভিচে বুজাব বিচাৰিছে যে আমাৰ পূৰ্বপুৰুষসকলৰ ইতিহাসত নাৰীৰ ভূমিকা বহু আগতেই বিদ্যমান আছিল, কিন্তু সময়ৰ সৈতে সেই কাহিনীবোৰ নীৰৱ হৈ পৰিছিল।বিখ্যাত লেখিকাগৰাকীয়ে কৈছে যে ,তেওঁ বহু সাধাৰণ মহিলা সৈনিকৰ সৈতে সাক্ষাৎ কৰিছিল, যিসকল আচলতে অসাধাৰণ কাহিনীকাৰ আছিল। তেওঁলোকৰ জীৱনৰ কিছুমান পৃষ্ঠা বিশ্বসাহিত্যৰ সৰ্বোত্তম পৃষ্ঠাৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে বুলি তেওঁ অনুভৱ কৰিছিল। কাৰণ যুদ্ধক্ষেত্ৰত মহিলা সৈনিকে অনুভৱ কৰে যে,নিজৰ জীৱনৰ সম্পূৰ্ণ পথটো হৈছে দেৱদূতৰ দৰে কোমল আৰু পশুৰ দৰে নিষ্ঠুৰ অথচ তাৰ মাজেৰে যাত্ৰা কৰিব লাগে।। তেওঁলোকে দুয়োটা অভিজ্ঞতা একেলগে অনুভৱ কৰে। সেই অভিজ্ঞতাই মানুহৰ মনত এক গভীৰ সত্যৰ জন্ম দিয়ে, যি সাহিত্যৰ ৰূপ লৈ বিশ্বমানৱতাৰ সম্পদ হৈ পৰে।
আলেক্সিয়েভিচে স্মৃতিৰ গভীৰ দাৰ্শনিক ব্যাখ্যাও আগবঢ়াইছে। তেওঁৰ মতে স্মৃতি মানে কেৱল অতীতৰ কাহিনী কোৱা নহয়; স্মৃতি হৈছে অতীতৰ পুনৰ জন্ম। সময় যেন স্মৃতিৰ মাজেৰে বিপৰীত দিশে গতি কৰে আৰু মানুহে নিজৰ জীৱনৰ ঘটনাবোৰ পুনৰ অনুভৱ কৰে। এইটো এক সৃষ্টিশীল প্ৰক্ৰিয়া, য’ত মানুহে নিজৰ কাহিনী কোৱাৰ সময়ত নিজৰ জীৱন নিজেই লিখে, কেতিয়াবা পুনৰ গঢ়ে। কিন্তু এই সৃষ্টিশীলতাৰ মাজতো এটা বিপদ থাকে—যদি সত্যৰ পৰা আঁতৰি যায়, তেন্তে ইতিহাস বিকৃত হ’ব পাৰে। সেয়েহে লেখিকাই সাৱধান কৰি দিয়ে যে যন্ত্ৰণাই সকলো মিছাক বিনাশ কৰে আৰু দুখৰ উত্তাপে সত্যক অধিক উজ্জ্বল কৰি তোলে।
যুদ্ধভূমিৰ নাৰ্ছ, ৰন্ধনকৰ্মী, কাপোৰ ধোৱা মহিলা আৰু সাধাৰণ মানুহৰ সৈতে কথা পাতি লেখিকাই উপলব্ধি কৰিছিল যে -এই সাধাৰণ মানুহবোৰেই আচলতে যুদ্ধৰ গভীৰ সত্যৰ বাহক। তেওঁলোকৰ জীৱন সহজ-সৰল, কিন্তু অভিজ্ঞতা অসীম গভীৰ। যুদ্ধক্ষেত্ৰত বীৰত্ব প্ৰদৰ্শন কৰাৰ পিছতো ঘৰলৈ উভতি আহি তেওঁলোকে সামাজিক বৈষম্য, নীৰৱতা আৰু মানসিক আঘাতৰ সৈতে যুঁজিব লগা হৈছিল। সমাজে তেওঁলোকক বীৰ হিচাপে সন্মান দিয়াৰ সলনি বহু ক্ষেত্ৰত উপেক্ষা কৰিছিল, যাৰ ফলত তেওঁলোকৰ অন্তৰৰ দুখ আৰু বেদনা অধিক গভীৰ হৈ পৰিছিল।
শৈলীগত দিশত এই কিতাপখন এক অসাধাৰণ মৌখিক ইতিহাস। এই বহু-কণ্ঠী বৰ্ণনাবোৰে পাঠকে যুদ্ধৰ এক জীৱন্ত বীভৎস আৰু হৃদয়বিদাৰক ছবি বিচাৰি পায়। সাক্ষাৎকাৰ দিয়া মহিলা সৈনিকসকলৰ কণ্ঠত এক গভীৰ বেদনা আৰু অদ্ভুত সত্য ধ্বনিত হয়,সেইয়া হৈছে তেওঁলোকৰ বাবে যুদ্ধহীন পৃথিৱী বুলি কোনো জগত নাছিল। বিদ্যালয়তেই তেওঁলোকক মৃত্যুক ভাল পাবলৈ শিকোৱা হৈছিল; দেশ আৰু আদৰ্শৰ বাবে কেনেকৈ মৃত্যু হ’ব বিচাৰে তাৰ ওপৰত ৰচনা লিখিবলৈ কোৱা হৈছিল। তেঁওলোকে সপোনতো যুদ্ধ আৰু মৃত্যুৰ ছবি আঁকিছিল। এই কঠোৰ বাস্তৱতাই বুজাই দিছে যে যুদ্ধ কেৱল ৰণক্ষেত্ৰত নহয়, সমাজৰ শিক্ষা আৰু মানসিকতাৰ মাজতো গভীৰভাৱে প্ৰোথিত হৈ থাকে।দুখনকৈ বিশ্বযুদ্ধৰ পিছতো আজিও পৃথিৱীৰ বহুদেশৰ বিদ্যালয় আৰু সামাজিক শিক্ষাৰ ব্যৱস্থাত এক অদৃশ্য যুদ্ধ-সংস্কৃতিৰ বীজ ৰোপণ কৰা দেখা যায়, য’ত মানৱতাৰ কোমলবোধক নাশ কৰি মৃত্যুক বীৰত্বৰ চিহ্ন ৰূপে উপস্থাপন কৰা হয়। জীৱনৰ সৌন্দৰ্য আৰু সহানুভূতিৰ মূল্য বুজোৱাৰ সলনি যুদ্ধ, সংঘাত আৰু যুদ্ধত মহিমামণ্ডিত কৰা এই ধাৰণাই সমাজক এক অন্ধকাৰ দিশলৈ ঠেলি নিয়ে। যুদ্ধৰ বিভীষিকা আৰু মানৱতাৰ ক্ষত-বিক্ষত বাস্তৱতাৰ সন্মুখীন হোৱাৰ আগতেই যুৱ প্ৰজন্মক শত্ৰুক বধ কৰাটো বীৰত্বৰ আদৰ্শ হিচাপে শিকোৱা হয়। আজি যুদ্ধৰ ফলত ইৰান, ইজৰাইলত বহু লোকৰ মৃত্যু হৈছে, কন, কন শিশুৰ পৰা বৃদ্ধলৈকে বিস্ফোৰণত জীৱন হেৰুৱাইছে।
যুদ্ধৰ স্মৃতি, যুদ্ধৰ সাহিত্য, যুদ্ধ-দিনলিপি আৰু সৈনিকৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত ৰচিত বহু কিতাপে মিছা গৌৰৱৰ আঁৰ কাপোৰ আঁতৰাই যুদ্ধৰ অন্তৰালৰ দুখ, বেদনা আৰু মানৱীয় হাহাকাৰক উদঙাই তুলিছে। এনেবোৰ কিতাপ যুদ্ধৰ জয়গান গোৱা নহয়, বৰঞ্চ যুদ্ধত জড়িত মানুহৰ ভাঙি পৰা মন, নিঃস্ব পৰিয়াল, আহত স্বপ্ন আৰু অকালমৃত্যুৰ কাহিনীয়ে অধিক স্থান লাভ কৰে। এই স্মৃতিসমূহে দেখুৱাই দিয়ে যে যুদ্ধৰ বাহিৰত যি গৌৰৱ দেখা যায়, তাৰ অন্তৰত লুকাই থাকে অসংখ্য অশ্ৰু আৰু নীৰৱ আৰ্তনাদ।বিশেষকৈ যুদ্ধক্ষেত্ৰত থকা মহিলা সৈনিকসকলৰ অভিজ্ঞতাই এই সত্যক অধিক স্পষ্ট কৰি তুলিছে। তেওঁলোকে যুদ্ধৰ কঠোৰ বাস্তৱতা, মানৱতা ধ্বংস কৰা আৰু মানসিক আঘাত নিজ চকুৰে দেখি উপলব্ধি কৰিছে যে যুদ্ধ কেতিয়াও মানৱতাৰ সমাধান নহয়। তেওঁলোকৰ অভিজ্ঞতাই বুজাই দিছে যে বন্দুক আৰু বোমাই কোনোদিনে স্থায়ী শান্তি আনিব নোৱাৰে; শান্তি আহে সহানুভূতি, সহমর্মিতা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে।
সেয়েহে যুদ্ধ-স্মৃতি আৰু সাহিত্যৰ মূল বাৰ্তাই আমাক পুনৰ সজাগ কৰি তোলে—জীৱনৰ সলনি মৃত্যুক আদৰ্শ ৰূপে প্ৰতিষ্ঠা কৰাটো সভ্য সমাজৰ লক্ষ্য হ’ব নোৱাৰে। শান্তি, সহানুভূতি, মানৱীয় মৰম আৰু সহিষ্ণুতাইহে মানুহৰ প্ৰকৃত গন্তব্য। যুদ্ধৰ অন্ধকাৰ স্মৃতিৰ মাজতো এই মানৱতাৰ আলোকেই ভবিষ্যতৰ পথ প্ৰদৰ্শন কৰিব পাৰে।এই কথা যুদ্ধপ্ৰিয় সকলে কেতিয়া বুজি পাব সেইয়া ডাঙৰ প্ৰশ্ন হৈ আছে।
ডo শৰৎ বৰকটকী
নগাঁও
দূৰভাষ নং: ৭০০২২ ৫৮১৭৩ .


Comments