top of page

দেওবাৰ ,চাকৰিয়াল সকলৰ এটা প্ৰত্যাশিত দিন ।পুৱাই স্বামীয়ে ল'ৰা -ছোৱালী দুটাক লৈ গাৱৰ ঘৰলৈ গৈছে ।নামঘৰত বছেৰেকীয়া বৰ সবাহ ।তেওঁ তাহানিতে চহৰ মুখী হ'ল যদিও গাৱৰ শিপাডাল খামুচি ধৰি ৰাখে । মোৰ বাবে এইবোৰ সস্তীয়া চেন্টিমেণ্ট ।নিজৰ পৃথিৱীত বিচৰণ কৰি ভাল পাওঁ ।পুৱাৰ কাম -বন সামৰি আধা পঢ়া মোৰ প্ৰিয় লেখক গৰাকীৰ উপন্যাস 'মেঘমল্লাৰ কথাৰে' খন হাতত ল'লো ।


ক্ৰিং ক্ৰিং,কলিং বে'লটো বাজি উঠিল ।


কি আপদ ,চৰম বিৰক্তিৰে ওলাই গ'লো ।


এমুখ কেচা -পকা ডাড়িৰে,ওখ,ক্ষীণাঙ্গী এখন ভাবলেশ হীন মুখেৰে এজন লোক ।পিন্ধা সাজযোৰো নিষ্প্ৰভ ,চকু অৱশ্যে ডাঙৰ আৰু উজ্জ্বল ।দৃষ্টি তীক্ষ্ণ ।


---- কাক বিচাৰিছে ?


ই সৌৰভ নাই নেকি?


-- নাই ,(মোৰ চমু উত্তৰ)


আগন্তুকে ক্ষন্তেক কিবা ভাবি বাৰাণ্ডালৈ উঠি আহি চকী এখন টান মাৰি বহি ল'লেহি ।


সন্দেহ আশঙ্কা ভয় বিৰক্তিৰে মোৰ মন ভৰি পৰিল।


" --- সি কেতিয়া আহিব ? "আগন্তুকৰ প্ৰশ্ন ।


"আজি নাহেই " মই উত্তৰ দিলো ।


"--- ফোন নং টো পাম নেকি ?"


একো নেমাতিলোঁ । মানুহ জনে চকীৰ পৰা উঠি যাওঁ নাযাওঁ কৈ গেট খুলি ওলাই গ'ল ।


''উস ৰক্ষা "-ধাঁচকৈ দুৱাৰখন মাৰি ভিতৰলৈ আহিলোঁ ।


এই জধলা লোক জনৰ মোৰ স্বামীৰ লগতনো কি কাম থাকিব পাৰে ? সহায় বিচাৰি আহিছিল চাগৈ ।মিছা মিছি সময় বৰবাদ ।ইফালে মোৰ প্ৰিয় ঔপন্যাসিক সূদৰ্শন চলিহাৰ 'মেঘমল্লাৰ কথাৰে ' মোক হাত বাউল দি মাতি আছে ।


কিতাপ খন হাতত লৈ বেটুপাতত জিলিকি থকা সুদৰ্শন চলিহা নামটোৰ ওপৰত আলফুলে হাত ফুৰাই ভাবত বিভোৰ হ'লো ।


কি চমৎকাৰ লেখনি ,অলঙ্কাৰ পূৰ্ণ ফুলাম ভাষা ।নাৰী মনৰ সুক্ষ্ম অনুভূতি বোৰৰ কি সুন্দৰ বিশ্লেষণ,পঢ়ি পাগল হৈ যাওঁ । প্ৰতি খন কিতাপেই বেষ্ট চে'লাৰ । এবাৰ দেখা পোৱা হ'লে-----


বন্ধু মহলত আলোচনা হয় লেখক গৰাকীৰ কথা ।অভিজাত লেখক গৰাকীৰ জীৱন শৈলী ৰহস্যময় ।সভা সমিতিৰ আমন্ত্ৰণ ৰক্ষা নকৰে ।ব'টা বাহনো নিজে নলয়। আত্মীয়ই লয়হি ।


বহেমিয়ান স্বভাৱৰ ,খেয়ালী মন ,লিখাৰ সমল বিচাৰি বেদুইনৰ দৰে দিহিঙে -দিপাঙে ঘূৰি ফুৰে ।


বিয়লি এওঁলোক আহিল ।ইচ্ছা কৰিয়েই মানুহজন অহাৰ কথা নক'লোঁ ।পিচে মনটো খু -দুৱাই থাকিল। ৰাতি খোৱা টৈবুলত কথাটো ক'লো ।বিৱৰণো দিলোঁ।


"--কি ?--ধীৰাজ আহিছিল "- তেওঁ উচপ খাই উঠিল ।


"ইচ ৰাম ,কিমান বছৰ যে তাক দেখা নাই ।মোলৈ ফোন নকৰিলা কিয়?তাক মোৰ ফোন নম্বৰটো দিছিলানে ? ভালকৈ চাহ -জলপান খুৱালানে ? তুমি আকৌ দ্ৰেচ পাতি চাইহে মানুহক মানুহ বোলা ।"-এওঁ উত্তেজিত হৈ পৰিল। 


"-- কোননো ধীৰাজ ?ইমান যে উত্ৰাৱল হৈছা ।"-


মই লাহেকৈ ক'লো ।


-"--- নহ'ম নে ,তুমি কি বুজিবা এইবাৰ কথা ।"


সি মোৰ বাল্যবন্ধু ।কিমান যে কাহিনী তাৰ আৰু মোৰ । কিমান আশা কৰি আহিছিল চাগৈ সি । বিৰাট টেলেণ্টেড ,পিচে নিজৰ মৰ্জিত চলে ।আমাৰ নিচিনা মানুহৰ ঘৰলৈ সি অহাটোৱেই ডাঙৰ কথা, ছেঃ তাৰ ফোন নং টো ৰাখিছিলানে ?


"--থোৱা ,থোৱা ইমান ব্যাকুল হ'ব নেলাগে ।যিটোহে পট,যিটোহে চেহেৰা তোমাৰ বন্ধুৰ।"


"-- ধীৰাজ কোন জানো জানা ?যাৰ কিতাপ পঢ়ি তুমি পাগল হৈ থাকা -- "


"-- ইস ,হ'বই নোৱাৰে ,তেওঁ সূদৰ্শন চলিহাহে ,তুমি ক'লেই হ'বনে ?"


"---- সেইটো ছদ্ম নামহে "-তেওঁ খঙেৰে ক'লে ।


-'--কি '-মই জিকাৰ খাই উঠিলোঁ ।মূৰটো যেন ঘূৰাবলৈ ধৰিলে ।চাৰিওফালে এন্ধাৰ মুধাৰ দেখিলোঁ ।নিজৰ সংকীৰ্ণতা ,ভণ্ডামী আৰু স্বাৰ্থপৰতাক ধিক্কাৰ দি ওৰেটো ৰাতি বিচনাত ছটফটাই থাকিলোঁ ।


দীপ্তি দেৱী শৰ্মা

ৰহা,নগাঁও।

দূৰভাষ নং  ৭৮৯৬১২৬৬১৪

Recent Posts

See All
ভালপাওঁ মাথো তোমাক

"হারানো চাবির মতো কতো শব্দ হারিয়ে যায় কিন্তু দুটি শব্দ আমি বুকের ভেতর রাখি, সেই শব্দ আমি কাউকে বলবো না বুকের ভিতরে নিয়ে এই শব্দ আমি তোমার কাছে যাবো ।" -মহাদেব সাহা হাঁহ কণী আকাৰৰ সৰু খিৰিকীখনেৰে পুৱা

 
 
 
মা

(মাতৃ দিৱসত মাতৃৰ স্মৃতিত) মা, আই, বৌ, মামী যি নামৰেই মাতো যি নামৰেই সম্বোধন কৰো সকলোৰে অৰ্থ একেটাই-- " মাতৃ " মাথো "মাতৃ" ৷ আই, মা, বৌ মানে এখনি হৃদয়, স্নেহৰে উপচি থকা এখনি হৃদয় ৷ মাতৃ মানে এক নিৰাপদ

 
 
 
ভিৰ

আছে বহুত গীতিকাৰ, কবি ইয়াত , আহিছে দেখি অভিভূত সকলোকে; আনিছে গীত-কবিতা পেৰা ভৰাই, পাব কিছু দামত..আন যে বিনামূল্যে... নালাগে মোক, নুশুনো এনেবোৰ, আধা..অংশ কিম্বা পুৰাকৈ ..নালাগে একোকে; নিজেই পুৰণিত

 
 
 

Comments


bottom of page