top of page

ভিৰ

আছে বহুত গীতিকাৰ, কবি ইয়াত ,

আহিছে দেখি অভিভূত সকলোকে;

আনিছে গীত-কবিতা পেৰা ভৰাই, 

পাব কিছু দামত..আন যে বিনামূল্যে... 

নালাগে মোক, নুশুনো এনেবোৰ,

 আধা..অংশ  কিম্বা পুৰাকৈ ..নালাগে একোকে;

নিজেই পুৰণিত হয় যে মচগুল,

ভিৰত হৈছে সেয়ে এনে গণ্ডগোল।


থাকিলেও খবৰ যোগাত্মক এনে বহুতো ,

নাপায় সময় মোবাইলৰ প্ৰজাই জানিবলৈ..

বন্ধ মগজুৰ তলা..খোলা নহয় যে সহজ বৰ;

নিবিচাৰে নিজেও চাবি, 

নহয় যে ইচ্ছুক সপোন ভগাৰ।


ভাল কথা আছে বহুতো বেয়াৰ মাজত,

নাজানে নুবুজে কোনেও নিজা কাৰনত;

ধূলিৰে ভৰপূৰ ছবি  দেখি সকলোতে,

স্বাস্থ্যকৰ পৰিৱেশ যদিওবা আছে;

গণিত হয় যে সেইয়া বৰ্জিত বুলি.. 

সময়ৰ প্ৰভাৱত সকলোঁ হয় পৰিষ্কাৰ।


আছে গীত গীতিকাৰ বহুত, 

পেৰা ভৰ্তি নতুবা খালী কলম;

নাই মহী কিম্বা বোৱতী নদী..

দাম নাই হয়তো চৰা দাম,

লিখনী আছে নতুবা পৃষ্ঠা খালী-

লাভ নাই কৈ.. নুবুজে কোনেও.. 

প্ৰবৰ্তিত ৰীতি শ্ৰৱণহীনতাৰ পিছে আজিকালি



শোণিত বৰঠাকুৰ,

বৈদ্যটুপ,নগাওঁ(অসম),

দূৰভাষ -৭০০২২৪০৬০


Recent Posts

See All
সজাগ

এটি এটি উশাহ সময়ৰ নিঃশব্দ সোঁত হৃদয় চুই যায় এটুপি চকুৰ পানীয়ে কৈ যায় গভীৰ কষ্টৰ ভাষা। এটি এটি দীৰ্ঘ উশাহে নোপোৱাৰ নীৰৱ ব্যৰ্থতা সোঁৱৰাই যায়। উশাহ বন্ধ কৰা যন্ত্ৰণাবোৰ পিতৃ-মাতৃৰ শূন্যতা অনুভৱ । প্

 
 
 
সম্পৰ্কৰ এনাজৰী

সম্পৰ্ক এক নীৰৱ সুৰ কেতিয়াবা হাঁহিৰে কেতিয়াবা চকুলোৰে হৃদয়ত এৰি যায় অনুৰাগ । 'মা'ৰ স্নেহৰ কোমল স্পৰ্শ, 'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ, ভাই-ভনীৰ হাঁহিৰ মাজত সম্পৰ্কই পায় নতুন স্বাদ। জীৱনৰ পৃষ্ঠাবোৰত স

 
 
 
অভিমানী তুমি

তুমি আহিলা নীৰৱে মোৰ হৃদয়ে সাৰ পালে কিন্তু তোমাৰ সেই নিঃশব্দ উপস্থিতিয়ে মোৰ অন্তৰত অলেখ প্ৰশ্নৰ জঁটাই দিলে। কেতিয়াবা ভাবো, এয়া কি সঁচাকৈ এক অনুভব? নে কোনো অন্য অনুভূতিৰ প্ৰতিফলন? ইয়াৰ কোনো ব্যাখ্যা না

 
 
 

Comments


bottom of page