মা
- ডা° টঙ্কেশ্বৰ ভূঞা

- May 23
- 4 min read
(মাতৃ দিৱসত মাতৃৰ স্মৃতিত)
মা, আই, বৌ, মামী
যি নামৰেই মাতো
যি নামৰেই সম্বোধন কৰো
সকলোৰে অৰ্থ একেটাই--
" মাতৃ " মাথো "মাতৃ" ৷
আই, মা, বৌ মানে
এখনি হৃদয়,
স্নেহৰে উপচি থকা
এখনি হৃদয় ৷
মাতৃ মানে এক নিৰাপদ আশ্ৰয়,
মাতৃ মানে আশ্ৰয়ৰ ডেউকা,
মাতৃ মানে এক সাহসৰ প্ৰতীক,
সুখে দুখে কাষতে থাকি
আলফুলে সাৱটি থকা
এখনি স্নেহাসিক্ত হৃদয় ৷
পিতৃ- মাতৃ ত্যাগৰ প্ৰতীক ,
প্ৰতিটো ক্ষণ সন্তানৰ সুখৰ বাবেই পাৰ কৰি নিজৰ জীৱন শেষ কৰা ত্যাগৰ
এক বাস্তৱ প্ৰতীক ৷
আমি আইক মানে মাক
মাতিছিলো "বৌ" বুলি ৷
বুকুত হাজাৰ সপোন লৈ
এদিন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে
মৰমৰ ঘৰখন,তেতেলীসৰা নামৰ অখ্যাত গাওঁখন,
স্নেহৰ বৌ- দেউতা,খূড়া-খূড়ীহতঁক এৰি দূৰৰ উজনিৰ চহৰ ডিব্ৰুগড় অভিমুখী হৈছিলো
হৃদয়ৰ আহ্বানৰ তাগিদাত ৷
নঙঠা শৈশৱ, ৰূপোৱালি কৈশোৰক
প্ৰাণৰ নিশাৰী নদীখনৰ বুকুত এৰি
এক অচিন ভৱিষ্যতৰ মাজত
নতুন স্বপ্নৰ ৰেঙণিৰ পম খেদি,
নিৰৱে চকুলো টুকি আতৰি গৈছিলো ৷
লালুঙণী গাইজনী, ম'হ পোৱালি এটাৰ বিক্ৰীৰ ধনৰে চিকিৎসক হ'বলৈ পঠিয়াই দিছিল
অযুত আশাৰে সেই ৬০ দশকৰ এটি প্ৰভাতত ৷
লালুঙণী গাইজনী, ম'হ পোৱালিটোক
বৰকলাৰ গ্ৰাহকে টানি টানি নিবৰ সময়ত
বৌৱে সিহঁতৰ গাত হাত বুলাই কৈছিল --
" দুখ নকৰিবি ৷ ল'ৰাক ডাক্তৰ কৰিবৰ বাবে তহঁতক ত্যাগ কৰিব লগা হৈছে অ' আইজনী ৷
মাজে মাজে তহঁতক চাই আহিমগৈ ৷
চিন্তা নকৰিবি ৷ যা এতিয়া ৷"
বৌ ততালিকে পাকঘৰৰ খিড়িকীখনৰ কাষলৈ গৈছিল,
আৰু চাদৰখনৰে চকু দুটি মচিছিল ৷
মোৰ বুজিবলৈ বাকী নাথাকিল
বৌৱে চাদৰৰ আচলৰ আঁৰত কি কৰিছিল
গাইজনী আৰু ম'হ পোৱালিটোৰ বিদায়ৰ ক্ষণত ৷
তাহানিৰ্ সেই বেদনাৰেভৰা দৃশ্যটিয়ে
আজিও মোৰ লগ এৰা নাই
হয়তো নেৰিব ওৰেটো জীৱন ,
পাৰ কৰিছো নিদ্ৰাহীন অলেখ শৰ্ব্বৰী ৷
যাবৰ সময়ত দেউতাই ঢাকাই পট্টিৰ
বাটা কোম্পানীৰ দোকানৰ পৰা কিনি আনিছিল
এযোৰ জোতা ৷
মোৰ জীৱনৰ প্ৰথম জোতা ।
বৌৱে শীতৰ পৰা ৰক্ষা পাবলৈ লগত দিছিল
এখনি এৰীয়া চাদৰ ৷
কৈছিল - " এইখন মই দাঠ কৰি বৈছো,
দামী ছুৱেটাৰটকৈ বেছি গৰম পাবি,
বৰ উমাল এৰীয়া চাদৰ এইখন ৷
দেউতাৰে ছুৱেটাৰ এটাৰ বাবে হিচাব মিলাব নোৱাৰিলেগৈ অ' বোপাই ৷
চিন্তা নকৰিবি,
মাজতে আহিলে কিবা এটা কৰিম দে,
বুবুলকে বেচি দিম লাগিলে",
মই কলো " নালাগে দে বৌ বুবুলক বেচিব ৷
আমাৰ মৰমৰ লালুঙণী গাইজনীৰ বুবুলেই একমাত্ৰ চিন, একমাত্ৰ স্মৃতি, শেষ স্মৃতি ,
বুবুল নামটো দেখুন ময়েই দিয়া ৷
তই দিয়া এৰীয়া চাদৰ খনৰেই হৈ যাব ৷"
হয়, সচাকৈয়ে হৈ গৈছিল ৷
এতিয়া বৌ নাই,
আছে বৌৰ স্নেহৰ স্মৃতি হৈ
সেই এৰীয়া চাদৰখনি,
আলফুলে, সযতনে সাচি থৈছো ।
এৰীয়া চাদৰখনিৰ বয়স বাঢ়িল,
১৯৬৬ চনতে বৌৱে বোৱা এৰীয়া চাদৰ ,
অলপ অলপ ফিচিকিছে ৷
এৰা, ময়োটো এতিয়া জীৱনৰ অপৰাহ্ণৰ পথিক,
আশীৰ জপনাৰ মুখত বয়সৰ ৰান্ধনী ৰ'দ পুৱাই
নিয়তিৰ এটি হাতবাউলৰ অপেক্ষাত বন্দী ৷
এৰীয়া চাদৰখনি ফিচিকিছে,
কিন্তূ এৰীয়া চাদৰখনিত নিহিত হৈ থকা মৰমখিনি,
স্নেহখিনি ফিচিকা নাই।
ফিচিকিব নোৱাৰে কাহানিও,
কাৰণ সেই স্নেহ শাশ্বত ৷
ছাত্ৰ জীৱনত ঘৰৰ পৰা
পঠিয়াই মাহিলী এশ টকা ৷
হোষ্টেলত খোৱাৰ খৰচত যায় ৬৫ টকা
বাকী থাকে পয়ত্ৰিশ টকা
চলি যায় কষ্টে মষ্টে ৷
দত্ত পিয়নে মনিঅৰ্ডাৰখন দি কয়
" ছাৰ, এশ টকাহে পঠাইছে ৷ কেইবাজনো ছাৰৰ দুশ তিনিশকৈ আহিছে ৷"
মই একো উত্তৰ নিদিও
দত্ত নামৰ পোষ্ট অফিচৰ পিয়নজনক ৷
এশ টকা হাতত ললেই মোৰ চকুৰ আগত ভাঁহি উঠে দেউতা, বৌ, দদাইদেউহতঁৰ
কপাল আৰু পিঠিৰ ঘামৰ এখনি বেদনাৰে ভৰা ছবি,
পথাৰৰ প্ৰখৰ ৰ'দত কৰ্মৰত
বৌ- দেউতাহঁতৰ ঘামৰ ছৱি,
আন কোনোৱেই নেদেখা, উপলব্ধি কৰিব নোৱাৰা
এখনি কৰুণ ছবি ৷
মোৰ হৃদয়ৰ বেদনা আনক প্ৰকাশ কৰিয়েই বা লাভ কি?
আমাৰ গাৱলীয়া, কষ্টৰে উপাৰ্জন কৰা
দেউতা- বৌহঁতৰ নাই
কোনো মহাবিদ্যালয় ,বিশ্ববিদ্যালয়ৰ ডিগ্ৰী,
আছে মাথো এখন বিশাল পথাৰ
নাঙল-যুৱলীয়ে দিয়া শিক্ষা
কষ্টৰে কৰা জীৱন সংগ্ৰামৰ অভিজ্ঞতা ৷
বিশাল পথাৰখনেই জানো কৃষকৰ বিশ্ববিদ্যালয় নহয় ?
ঘৰ এৰিবৰ সময়ত দেউতাই কৈছিল -
আনৰ লগত নিজৰ জীৱনৰ তুলনা কৰোতে
মনত ৰাখিবি এটা কথা ৷
ধনীৰ দুলালৰ লগত তুলনা নকৰিবি কেতিয়াও
তেনে কৰিলে পাবি মনত কষ্ট ৷
কিন্তূ দৰিদ্ৰ, ভোকাতুৰ এজনৰ লগত তুলনা কৰিলে
পাবি মনত প্ৰেৰণা ৷
কাৰণ তইটো এসাজ খাবলৈকে পাইছ ঈশ্বৰৰ কৃপাত,
কোনো কোনোৱে যে এমুঠি আহাৰৰ বাবে
কৰি আছে হাহাকাৰ ৷
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবি
সদায় দৰিদ্ৰ, ভোকাতুৰ জনেও যেন পায় এমুঠি আহাৰ ৷
কথাষাৰ মই নাই পাহৰা কোনোদিন ৷
দেউতাৰ অভিজ্ঞতা অধিক,
জীৱনত কৰিছে বহুত ত্যাগ,
বিয়াল্লিছৰ স্বাধীনতা সংগ্ৰামত কামপুৰৰ
মাজৰ আটি গাঁৱৰ ৰেল গেটৰ ওচৰত
ব্ৰিটিছৰ মালবাহী ৰেল বগৰায় ।
দেখা সাক্ষীৰ অভাৱত
ফাচী কাঠৰ পৰা সাৰি সূদূৰ
চিলেটৰ কাৰাগাৰত কাৰাবন্দীৰ জীৱন কটাই
আহৰণ কৰিছিল বাস্তৱ শিক্ষা , হৈছিল অভিজ্ঞ ৷
মনত পৰিছে আজি বৌৱে কোৱা এষাৰ কথা—
" তহঁতৰ সুখৰ দিনত আমাক মনত নেপেলালেও
একো আক্ষেপ নকৰো ৷
তহঁতৰ কিবা দুখ কষ্ট হলে খবৰ এটা দিবি ৷
তহঁতৰ দুখ কষ্ট যে সহ্য কৰিব নোৱাৰো আমি ৷
কোনো পিতৃ- মাতৃয়েই নোৱাৰে কৰিব সহ্য
সন্তানৰ দুখ কষ্ট এই সংসাৰত ৷
সেয়ে সুখৰ দিনত নিবিচাৰিলেও
দুখৰ দিনত মনত পেলাবি আমাক ৷
বিচাৰিবি এবাৰ আমাক ৷"
আজি দেউতা নাই,নাই বৌও ৷
দেউতাই মই চিকিৎসক হোৱা কথাটো
নোৱাৰিলে কৰিব উপলব্ধি,
দেউতাৰ স্মৃতি শক্তি লোপ পাইছিল ,
দেউতাই ডিমেনচিয়াত ভুগিছিল ৷
পুত্ৰক চিকিৎসক ৰূপে দেখাৰ সপোন পূৰণ হোৱাৰ আনন্দ অনুভৱ কৰিব নোৱাৰিলে দেউতাই
মোৰ জীৱনৰ আটাইতকৈ দুখৰ মূহূৰ্ত আছিল সেইটো ৷
বৌও এদিন আতৰি গ'লগৈ
দেউতা যোৱাৰ পথটিৰে,
এবাৰ গ'লে পুনৰ ঘূৰি আহিব নোৱাৰা পথটিৰে ৷
প্ৰত্যেক জন ব্যক্তিৰ আচল ঘৰখনলৈ
উভতনি যাত্ৰাৰ কথাটোৱে, পথটোৱে
জীৱনৰ বাস্তৱ ৰূঢ় সত্য নহয় জানো ?
এৰীয়া চাদৰখন দেখিলেই
আজিও মই বুকুখনত এটা বুজাব নোৱাৰা
বিষ অনুভৱ কৰো ৷
অতীত স্মৃতিয়ে হেঁচা মাৰি ধৰে ৷
সকলো মাতৃ একেই এই পৃথিৱীত,
একেই হৃদয় সকলো মাতৃৰ,
একেই স্নেহ সন্তানৰ প্ৰতি ৷
মাতৃ আৰু মাতৃস্নেহ শাশ্বত
মোৰ বাবে প্ৰতিটো দিনেই মাতৃ দিৱস ৷
কাৰণ বৌৰ স্নেহে মোক যে
আকাশীলতাৰ দৰে আবৰি,
সাৱটি ৰাখিছে ৷
সেয়ে প্ৰতিটো দিন মোৰ বাবে মাতৃ দিৱস,
প্ৰতিটো ক্ষণ মাতৃ ক্ষণ ৷
আই, মা, বৌ
তোমাক জনালোঁ প্ৰণাম,
জনালোঁ প্ৰণাম শতকৌটি ।
ডা° টঙ্কেশ্বৰ ভূ্ঞা ,
প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় মুৰব্বী,
শল্য চিকিৎসা বিভাগ,
অসম চিকিৎসা মহাবিদ্যালয়,
ডিব্ৰুগড় ৷


Comments