top of page

(মাতৃ দিৱসত মাতৃৰ স্মৃতিত)


মা, আই, বৌ, মামী

যি নামৰেই মাতো

যি নামৰেই সম্বোধন কৰো

সকলোৰে অৰ্থ একেটাই--

" মাতৃ " মাথো "মাতৃ" ৷

আই, মা, বৌ মানে

এখনি হৃদয়,

স্নেহৰে উপচি থকা

এখনি হৃদয় ৷

মাতৃ মানে এক নিৰাপদ আশ্ৰয়,

মাতৃ মানে আশ্ৰয়ৰ ডেউকা,

মাতৃ মানে এক সাহসৰ প্ৰতীক,

সুখে দুখে কাষতে থাকি

আলফুলে সাৱটি থকা

এখনি স্নেহাসিক্ত হৃদয় ৷

পিতৃ- মাতৃ ত্যাগৰ প্ৰতীক ,

প্ৰতিটো ক্ষণ সন্তানৰ সুখৰ বাবেই পাৰ কৰি নিজৰ জীৱন শেষ কৰা ত্যাগৰ

এক বাস্তৱ প্ৰতীক ৷

আমি আইক মানে মাক

মাতিছিলো "বৌ" বুলি ৷

বুকুত হাজাৰ সপোন লৈ

এদিন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে

মৰমৰ ঘৰখন,তেতেলীসৰা নামৰ অখ্যাত গাওঁখন,

স্নেহৰ বৌ- দেউতা,খূড়া-খূড়ীহতঁক এৰি দূৰৰ উজনিৰ চহৰ ডিব্ৰুগড় অভিমুখী হৈছিলো

হৃদয়ৰ আহ্বানৰ তাগিদাত ৷

নঙঠা শৈশৱ, ৰূপোৱালি কৈশোৰক

প্ৰাণৰ নিশাৰী নদীখনৰ বুকুত এৰি

এক অচিন ভৱিষ্যতৰ মাজত

নতুন স্বপ্নৰ ৰেঙণিৰ পম খেদি,

নিৰৱে চকুলো টুকি আতৰি গৈছিলো ৷

লালুঙণী গাইজনী, ম'হ পোৱালি এটাৰ বিক্ৰীৰ ধনৰে চিকিৎসক হ'বলৈ পঠিয়াই দিছিল

অযুত আশাৰে সেই ৬০ দশকৰ এটি প্ৰভাতত ৷

লালুঙণী গাইজনী, ম'হ পোৱালিটোক

বৰকলাৰ গ্ৰাহকে টানি টানি নিবৰ সময়ত

বৌৱে সিহঁতৰ গাত হাত বুলাই কৈছিল --

" দুখ নকৰিবি ৷ ল'ৰাক ডাক্তৰ কৰিবৰ বাবে তহঁতক ত্যাগ কৰিব লগা হৈছে অ' আইজনী ৷

মাজে মাজে তহঁতক চাই আহিমগৈ ৷

চিন্তা নকৰিবি ৷ যা এতিয়া ৷"

বৌ ততালিকে পাকঘৰৰ খিড়িকীখনৰ কাষলৈ গৈছিল,

আৰু চাদৰখনৰে চকু দুটি মচিছিল ৷

মোৰ বুজিবলৈ বাকী নাথাকিল

বৌৱে চাদৰৰ আচলৰ আঁৰত কি কৰিছিল

গাইজনী আৰু ম'হ পোৱালিটোৰ বিদায়ৰ ক্ষণত ৷

তাহানিৰ্ সেই বেদনাৰেভৰা দৃশ্যটিয়ে

আজিও মোৰ লগ এৰা নাই

হয়তো নেৰিব ওৰেটো জীৱন ,

পাৰ কৰিছো নিদ্ৰাহীন অলেখ শৰ্ব্বৰী ৷

যাবৰ সময়ত দেউতাই  ঢাকাই পট্টিৰ

বাটা কোম্পানীৰ দোকানৰ পৰা কিনি আনিছিল

এযোৰ জোতা ৷

মোৰ জীৱনৰ প্ৰথম জোতা ।



বৌৱে  শীতৰ পৰা ৰক্ষা পাবলৈ লগত দিছিল

এখনি এৰীয়া চাদৰ ৷

কৈছিল - " এইখন মই দাঠ কৰি বৈছো,

দামী ছুৱেটাৰটকৈ বেছি গৰম পাবি,

বৰ উমাল এৰীয়া চাদৰ এইখন ৷

দেউতাৰে ছুৱেটাৰ এটাৰ বাবে হিচাব মিলাব নোৱাৰিলেগৈ অ' বোপাই ৷

চিন্তা নকৰিবি,

মাজতে আহিলে কিবা এটা কৰিম দে,

বুবুলকে বেচি দিম লাগিলে",

মই কলো " নালাগে দে বৌ বুবুলক বেচিব ৷

আমাৰ মৰমৰ লালুঙণী গাইজনীৰ বুবুলেই একমাত্ৰ চিন, একমাত্ৰ স্মৃতি, শেষ স্মৃতি ,

বুবুল নামটো দেখুন ময়েই দিয়া ৷

তই দিয়া এৰীয়া চাদৰ খনৰেই হৈ যাব ৷"

হয়, সচাকৈয়ে হৈ গৈছিল ৷

এতিয়া বৌ নাই,

আছে বৌৰ স্নেহৰ স্মৃতি হৈ

সেই এৰীয়া চাদৰখনি,

আলফুলে, সযতনে সাচি থৈছো ।

এৰীয়া চাদৰখনিৰ বয়স বাঢ়িল,

১৯৬৬ চনতে বৌৱে বোৱা এৰীয়া চাদৰ ,

অলপ অলপ ফিচিকিছে ৷

এৰা, ময়োটো এতিয়া জীৱনৰ অপৰাহ্ণৰ পথিক,

আশীৰ জপনাৰ মুখত বয়সৰ ৰান্ধনী ৰ'দ পুৱাই

নিয়তিৰ এটি হাতবাউলৰ অপেক্ষাত বন্দী ৷

এৰীয়া চাদৰখনি ফিচিকিছে,

কিন্তূ এৰীয়া চাদৰখনিত নিহিত হৈ থকা মৰমখিনি,

স্নেহখিনি ফিচিকা নাই।

ফিচিকিব নোৱাৰে কাহানিও,

কাৰণ সেই স্নেহ শাশ্বত ৷

ছাত্ৰ জীৱনত ঘৰৰ পৰা

পঠিয়াই মাহিলী এশ টকা ৷

হোষ্টেলত খোৱাৰ খৰচত যায় ৬৫ টকা

বাকী থাকে পয়ত্ৰিশ টকা

চলি যায় কষ্টে মষ্টে ৷

দত্ত পিয়নে মনিঅৰ্ডাৰখন দি কয়

" ছাৰ, এশ টকাহে পঠাইছে ৷ কেইবাজনো ছাৰৰ দুশ তিনিশকৈ আহিছে ৷"

মই একো উত্তৰ নিদিও

দত্ত নামৰ পোষ্ট অফিচৰ পিয়নজনক ৷

এশ টকা হাতত ললেই মোৰ চকুৰ আগত ভাঁহি উঠে দেউতা, বৌ, দদাইদেউহতঁৰ

কপাল আৰু পিঠিৰ ঘামৰ এখনি বেদনাৰে ভৰা ছবি,

পথাৰৰ প্ৰখৰ ৰ'দত কৰ্মৰত

বৌ- দেউতাহঁতৰ ঘামৰ ছৱি,

আন কোনোৱেই নেদেখা, উপলব্ধি কৰিব নোৱাৰা

এখনি কৰুণ ছবি ৷

মোৰ হৃদয়ৰ বেদনা আনক প্ৰকাশ কৰিয়েই বা লাভ কি?

আমাৰ গাৱলীয়া, কষ্টৰে উপাৰ্জন কৰা

দেউতা- বৌহঁতৰ নাই

কোনো মহাবিদ্যালয় ,বিশ্ববিদ্যালয়ৰ ডিগ্ৰী,

আছে মাথো এখন বিশাল পথাৰ

নাঙল-যুৱলীয়ে দিয়া শিক্ষা

কষ্টৰে কৰা জীৱন সংগ্ৰামৰ অভিজ্ঞতা ৷

বিশাল পথাৰখনেই জানো কৃষকৰ বিশ্ববিদ্যালয় নহয় ?

ঘৰ এৰিবৰ সময়ত দেউতাই কৈছিল -

আনৰ লগত নিজৰ জীৱনৰ তুলনা কৰোতে

মনত ৰাখিবি এটা কথা ৷

ধনীৰ দুলালৰ লগত তুলনা নকৰিবি কেতিয়াও

তেনে কৰিলে পাবি মনত কষ্ট ৷

কিন্তূ দৰিদ্ৰ, ভোকাতুৰ এজনৰ লগত তুলনা কৰিলে

পাবি মনত প্ৰেৰণা ৷

কাৰণ তইটো এসাজ খাবলৈকে পাইছ ঈশ্বৰৰ কৃপাত,

কোনো কোনোৱে যে এমুঠি আহাৰৰ বাবে

কৰি আছে হাহাকাৰ ৷

ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবি

সদায় দৰিদ্ৰ, ভোকাতুৰ জনেও যেন পায় এমুঠি আহাৰ ৷

কথাষাৰ মই নাই পাহৰা কোনোদিন ৷

দেউতাৰ অভিজ্ঞতা অধিক,

জীৱনত কৰিছে বহুত ত্যাগ,

বিয়াল্লিছৰ স্বাধীনতা সংগ্ৰামত কামপুৰৰ

মাজৰ আটি গাঁৱৰ ৰেল গেটৰ ওচৰত

ব্ৰিটিছৰ মালবাহী ৰেল বগৰায় ।

দেখা সাক্ষীৰ অভাৱত

ফাচী কাঠৰ পৰা সাৰি সূদূৰ

চিলেটৰ কাৰাগাৰত কাৰাবন্দীৰ জীৱন কটাই

আহৰণ কৰিছিল বাস্তৱ শিক্ষা , হৈছিল অভিজ্ঞ ৷

মনত পৰিছে আজি বৌৱে কোৱা এষাৰ কথা—

" তহঁতৰ সুখৰ দিনত আমাক মনত নেপেলালেও

একো আক্ষেপ নকৰো ৷

তহঁতৰ কিবা দুখ কষ্ট হলে খবৰ এটা দিবি ৷

তহঁতৰ দুখ কষ্ট যে সহ্য কৰিব নোৱাৰো আমি ৷

কোনো পিতৃ- মাতৃয়েই নোৱাৰে কৰিব সহ্য

সন্তানৰ দুখ কষ্ট এই সংসাৰত ৷

সেয়ে সুখৰ দিনত নিবিচাৰিলেও

দুখৰ দিনত মনত পেলাবি আমাক ৷

বিচাৰিবি এবাৰ আমাক ৷"

আজি দেউতা নাই,নাই বৌও ৷

দেউতাই মই চিকিৎসক হোৱা কথাটো

নোৱাৰিলে কৰিব উপলব্ধি,

দেউতাৰ স্মৃতি শক্তি লোপ পাইছিল  ,

দেউতাই ডিমেনচিয়াত ভুগিছিল ৷

পুত্ৰক চিকিৎসক ৰূপে দেখাৰ সপোন পূৰণ হোৱাৰ আনন্দ অনুভৱ কৰিব নোৱাৰিলে দেউতাই

মোৰ জীৱনৰ আটাইতকৈ দুখৰ মূহূৰ্ত আছিল সেইটো ৷

বৌও এদিন আতৰি গ'লগৈ

দেউতা যোৱাৰ পথটিৰে,

এবাৰ গ'লে পুনৰ ঘূৰি আহিব নোৱাৰা পথটিৰে ৷

প্ৰত্যেক জন ব্যক্তিৰ আচল ঘৰখনলৈ

উভতনি যাত্ৰাৰ কথাটোৱে, পথটোৱে

জীৱনৰ বাস্তৱ ৰূঢ় সত্য নহয় জানো ?

এৰীয়া চাদৰখন দেখিলেই

আজিও মই বুকুখনত এটা বুজাব নোৱাৰা

বিষ অনুভৱ কৰো  ৷

অতীত স্মৃতিয়ে হেঁচা মাৰি ধৰে  ৷

সকলো মাতৃ একেই এই পৃথিৱীত,

একেই হৃদয় সকলো মাতৃৰ,

একেই স্নেহ সন্তানৰ প্ৰতি ৷

মাতৃ আৰু মাতৃস্নেহ শাশ্বত

মোৰ বাবে প্ৰতিটো দিনেই মাতৃ দিৱস ৷

কাৰণ বৌৰ স্নেহে মোক যে

আকাশীলতাৰ দৰে আবৰি,

সাৱটি ৰাখিছে ৷

সেয়ে প্ৰতিটো দিন মোৰ বাবে মাতৃ দিৱস,

প্ৰতিটো ক্ষণ মাতৃ ক্ষণ ৷

আই, মা, বৌ

তোমাক জনালোঁ প্ৰণাম,

জনালোঁ প্ৰণাম শতকৌটি ।



ডা° টঙ্কেশ্বৰ ভূ্ঞা ,

প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় মুৰব্বী,

শল্য চিকিৎসা বিভাগ,

অসম চিকিৎসা মহাবিদ্যালয়,

ডিব্ৰুগড় ৷

Recent Posts

See All
ভিৰ

আছে বহুত গীতিকাৰ, কবি ইয়াত , আহিছে দেখি অভিভূত সকলোকে; আনিছে গীত-কবিতা পেৰা ভৰাই, পাব কিছু দামত..আন যে বিনামূল্যে... নালাগে মোক, নুশুনো এনেবোৰ, আধা..অংশ কিম্বা পুৰাকৈ ..নালাগে একোকে; নিজেই পুৰণিত

 
 
 
সজাগ

এটি এটি উশাহ সময়ৰ নিঃশব্দ সোঁত হৃদয় চুই যায় এটুপি চকুৰ পানীয়ে কৈ যায় গভীৰ কষ্টৰ ভাষা। এটি এটি দীৰ্ঘ উশাহে নোপোৱাৰ নীৰৱ ব্যৰ্থতা সোঁৱৰাই যায়। উশাহ বন্ধ কৰা যন্ত্ৰণাবোৰ পিতৃ-মাতৃৰ শূন্যতা অনুভৱ । প্

 
 
 
সম্পৰ্কৰ এনাজৰী

সম্পৰ্ক এক নীৰৱ সুৰ কেতিয়াবা হাঁহিৰে কেতিয়াবা চকুলোৰে হৃদয়ত এৰি যায় অনুৰাগ । 'মা'ৰ স্নেহৰ কোমল স্পৰ্শ, 'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ, ভাই-ভনীৰ হাঁহিৰ মাজত সম্পৰ্কই পায় নতুন স্বাদ। জীৱনৰ পৃষ্ঠাবোৰত স

 
 
 

Comments


bottom of page