ভালপাওঁ মাথো তোমাক
- নিবেদিতা শইকীয়া
- May 23
- 4 min read
"হারানো চাবির মতো
কতো শব্দ হারিয়ে যায়
কিন্তু দুটি শব্দ আমি
বুকের ভেতর রাখি,
সেই শব্দ আমি কাউকে বলবো না
বুকের ভিতরে নিয়ে এই শব্দ
আমি তোমার কাছে যাবো ।"
-মহাদেব সাহা
হাঁহ কণী আকাৰৰ সৰু খিৰিকীখনেৰে পুৱাৰ ৰ'দ আহি তাইৰ মুখত পৰিল।কোমল, উমলগা। কিবা এটা আমেজত চকু মুদি থাকোতেই মিচিকি হাঁহি এটি ফুলি উঠিল তাইৰ দুওঁঠত । এয়াৰহষ্টেছ এজনী আহি তাইক দুবাৰ মেম, মেমকৈ মাতিলে। পুৱতি নিশাতে ফ্লাইটত উঠিছিল তাই। বাংগালোৰৰ পৰা অসম অভিমুখী।টিকেটৰ লগত ব্ৰেকফাষ্ট সোমাই আছিল। জুৱে টিকেট কৰিছিল, গতিকে সেইটো সি কৰি দিছিল। সি জানে তাই যে নিজে ব্ৰেকফাষ্ট নকৰিব।জু মানে তাইৰ স্বামী নভোদ্বীপ চলিহা।
এনেইও তাই কৰবালৈ যাবলগীয়া থাকিলে তাইতকৈ তাৰ চিন্তা হয় বেছি। সি তাইক মানে তাৰ মানুহজনী খুব আলসুৱা বুলি ভাবে।
তাই ব্ৰেকফাষ্ট কৰিলে।একাপ কফি ,চেণ্ডুইচ এটা।
আচলতে তাই সিমান আলসুৱা নহয়।তাই এটা অফিচ চম্ভালি থাকে।কিন্তু ঘৰখনত,তাৰ কাষত তাই নিচেই আদৰুৱা হৈ পৰে। মাক দেউতাকৰ হিয়াৰ মণি আছিল তাই। সি যেতিয়া তাইৰ প্ৰেমত হাবুডুবু খাই ফুৰিছিল, তাই তেতিয়া বান্ধৱীৰ লগত আইছক্ৰীম, পিয়াঁজী পকোৰা খোৱাত ব্যস্ত আছিল। তাইৰ এটা আকুল চাৱনিৰ বাবে সি যেতিয়া অপেক্ষা কৰিছিল, তাই তাৰ গা - ৰ কাষেৰেই লগৰীয়াৰ লগত চিনেমা চাবলৈ গুচি গৈছিল।
মুঠতে এজনী বান্ধোনহীন পখিলা আছিল তাই।
তাইৰ ৰূপৰ ফোঁৱাৰাত সি তিতিবুৰি চপ চপিয়া হৈছিল। গুণৰ কথা নকলোৱেই বা! সৰু চহৰখনৰ জাকত জিলিকা ছোৱালীজনী পঢ়াই শুনাই, গানে বাজনাই সকলো ফালে আগৰণুৱা আছিল। সি নীৰৱে মাথোঁ তাইক চাইছিল।আৰু এদিন সাহস কৰি তাইৰ মাক দেউতাকৰ সমুখত বিয়াৰ প্ৰস্তাৱ দাঙি ধৰিছিল। পিছৰ খিনি চমু আছিল।আদৰৰ জীয়েকৰ বাবে নভোদ্বীপ উপযুক্ত হয়নে নহয় সেই লৈ অলপ ভবা গুণা চলিছিল।
সেই সময়খিনিতে তাই তালৈ চকু তুলি চাইছিল ।সদায় দেখি থকা ল'ৰাজনে যে মনত এনে এটা ভাব লৈ আছে, সেইটো চোৱাৰ আহৰি তাই ইমানদিনে পোৱাই নাছিল।তাই চাইছিল,মুগ্ধতাৰে ভৰি থকা চকুযুৰিলৈ, তাত তাইৰ প্ৰতি অকল মুগ্ধতা নাছিল,আছিল সম্ভ্ৰমো । কোনোদিনে বিশেষ ভাৱ মনত ৰখা নাছিল যদিও এই চকুযুৰিক দুখ দিয়াৰ কথাটো ভাবিয়েই তাই কঁপি উঠিল।নিজকে সুধিলে তাই, এয়াই কি প্ৰেম? বিশেষ একো নভবাকৈ তাই বিয়াত মত দিছিল।দেউতাক আচৰিত হৈছিল তেওঁৰ choosy ছোৱালীজনীয়ে বিয়াৰ দৰে ডিচিচন এটা ইমান সহজে লৈ পেলোৱা দেখি।
তেতিয়াই তেওঁ নভোদ্বীপক মাতি আনি কৈছিল, তাই মত দিছে বাবেই তাইক তোমালৈ গতাম।কিন্তু মোৰ ছোৱালীক মই জানো।আদৰত উঠা অভিমানী ছোৱালী। চাবা,তাই যাতে কোনো কাৰণতে মনত কষ্ট নাপায়।
তাইক তেনেকৈয়ে ৰাখিছে সি এতিয়ালৈকে।কেতিয়াবা তাই নিজেই আচৰিত হৈ যায়, কেনেকৈ মানুহ ইমান সমৰ্পিত হ'ব পাৰে।তাই নিজক যিমান বুজি পায়, তাতকৈও যেন সি তাইক বেছি বুজি পায়! সৰু - সুৰা ডিচিছনবোৰ লওঁতে তাইৰ কিবা খেলিমেলি লাগিলেই সি সমাধান দিয়ে। গমি পিতি চালে দেখে ,উচিত সমাধান।লাহে লাহে তাই নিৰ্ভৰশীল হৈ পৰিছে তাৰ ওচৰত।ইতিমধ্যে তাই তাৰ কম্পেনীতে জইন কৰিছিল তাৰ অনুৰোধ মৰ্মেই। কম্পেনীৰ অধীনৰ এটা অফিচ তাই সুন্দৰকৈ পৰিচালনা কৰিছিল।বিজনেছ মেনেজমেণ্টৰ মেধাৱী ছাত্ৰী উপাসনাই নিজৰ প্ৰতিভা ইয়াত সুন্দৰকৈ প্ৰয়োগ কৰিছিল।এটা সফল বিজনেছ যুটী হিচাপেও সিহঁত ইতিমধ্যে সমাজত পৰিচিত।এইবাৰ তাই যিটো প্ৰজেক্ট লৈ বাংগালোৰলৈ আহিব লগীয়া হ'ল সেইটোত সি সংগ দিব নোৱাৰিলে। সাতদিনৰ বাবে হ'বলগীয়া আন্তৰ্জাতিক চেমিনাৰখনলৈ সি আহিব
নোৱাৰাত তাই নিজেই অলপ নাৰ্ভাছ হৈছিল।বাহিৰত তাই সেয়া নেদেখুৱালে।স্কুল কলেজত থাকোঁতে সকলোতে আগৰণুৱা ছোৱালীজনীক আকৌ এবাৰ নিজৰ মাজত চাবলৈ তাইৰো মন গ'ল।
সিহঁতৰ কোম্পানীৰ সাতজনীয়া দলটোত তাইয়েই লীড লৈ আহিল।বাকী আটাইকেইজন তাইতকৈ সৰু।চাৰিজন ল'ৰা আৰু দুজনী ছোৱালীৰ কেউটাই সপ্ৰতিভ । নভোদ্বীপে কৈছিল , ইহঁতৰ লগত তাই একো অসুবিধা নাপায়।
এই সাতদিন ধুমুহাৰ গতিৰে পাৰ হৈ গল।কিন্তু এই দিনকেইটাত তাই এখন বেলেগ জগতো দেখিলে।
চেমিনাৰত লগ পোৱা মানুহখিনি এইকেইটা দিনতে চিনাকি হৈ বন্ধু হৈ উঠিল।
তাই মন কৰিছিল তাৰে ভিতৰত কেইবাজনো
যেন অলপ বেলেগ ধৰণৰ আত্মীয়তাৰ সূতাৰে বন্ধা। দলত থাকিও প্ৰায় সময়তে যুটি বান্ধি থকা তিনিটামান কাপলে তাইক অলপ বিস্মিত কৰিলে।প্ৰথম অৱস্থাত তাই সেইকেইজন পতি পত্নী বুলিয়ে ভাবিছিল।কিন্তু পিছত গম পালে তেওঁলোক দম্পতী নহয়।বন্ধুহে হেনো।
কৰ্পৰেট জগতখনত এয়া হেনো সাধাৰণ কথা।
মানুহে ঘৰৰ প্ৰাত্যহিক জীৱনৰ একঘেয়ামী (!) হতাশা এইদৰেই এইবোৰ ট্যুৰত আহি পাহৰিবলৈ যত্ন কৰে।কিছুমানে ইয়াক ব্যৱসায়িক উন্নতিত ব্যৱহাৰ কৰে।
তাইৰ জু লৈ মনত পৰিল।এইকেইটা দিন সি নাথাকিও অনবৰতে কাষতে আছে। ৰাতি তাই খোৱা গৰম পানীৰ গিলাচটোলৈকে তাইক সোঁৱৰাই দিছে । এই লৈ তাইৰ ৰুমত গধূলি আড্ডা মাৰিবলৈ অহা জুনিয়ৰ কেইজনীৰ সমুখত তাই অস্বস্তিতো পৰিছে । কিন্তু তাইৰ ভালো লাগিছে।
বিয়াৰ ইতিমধ্যে তিনিবছৰ পাৰ হৈ গৈছে।
সিহঁতৰ মাজলৈ কোনো নতুন আলহী অহা নাই। জু ৰ মতে উপাসনা অৰ্থাৎ তাৰ কুঁহিজনী নিজৰ ফালৰ পৰা সাজু হোৱালৈ সি ৰ'ব। সঁচা কথা কবলৈ গলে সি তাইক আৱৰি ৰাখিছে ।অন্তৰ্মুখী চৰিত্ৰৰ তাই যেন তাক বিয়াত অনুমতি দিয়েই বহুত কিবা কৰিলে।তাইক পায়েই সি যেন সকলো পালে।আজি এইদিন কেইটাত জু - ৰ পৰা আঁতৰি থাকি তাই অনুভৱ কৰিছে, তাই তাৰ বাবে একো বিশেষ কৰা নাই।মাত্ৰ সি আগবঢ়োৱা প্ৰেমৰ নৈবেদ্য তাইৰ প্ৰাপ্য বুলি নিৰ্বিকাৰ চিত্তেৰে গ্ৰহণ কৰিছে। হয় ,সেয়া তাইৰ প্ৰাপ্য।কিন্তু তাই তাক কি দিছে! তাইৰ মুখেৰে এবাৰো কিজানি ওলাই অহা নাই "মই তোমাক ভালপাওঁ" বুলি।অথচ সেই বাক্যশাৰী জুৰ মুখেৰে নুশুনিলে তাইৰ উকা উকা লাগে। সিও জানো প্ৰত্যুত্তৰ আশা নকৰে ?
তাই নিজকে সুধিলে, খুঁচৰি চালে নিজক।কৰবাত অপ্ৰাপ্তি আছে নেকি, হতাশা..? নে অহংকাৰ ,গৰ্ব? যাৰ কাৰণে তাই চিঞৰিব নোৱাৰে ,মই তোমাক ভালপাওঁ বুলি?জু - ক বাদ দি তাইৰ কিবা আছে? ভাবি শিয়ৰি উঠিল তাই।নজনাকৈয়ে দেখো জু সোমাই আছে তাইৰ ভিতৰত।আচলতে মানুহে নিজৰ আশে পাশে থাকি আৱৰি ৰখা মানুহখিনিক উচিত মূল্য নিদিয়ে। চিৰাচৰিত ভাৱেই চলি থাকে জীৱন।কিন্তু অলপ স্বীকৃতি, অলপ আত্ম সমৰ্পণ জীৱনত জৰুৰী।তাই অনুভৱ কৰিলে তাই মুখেৰে চিঞৰি নকলেওঁ এটা মুহূৰ্তৰ জীৱনো জু - ৰ অবিহনে তাই কল্পনা কৰিব নোৱাৰে। মানুহৰ মন সঁচাই বিচিত্ৰ।বিবাহক জীৱনৰ এটা সময়ৰ এটা কৰ্তব্য বুলি আৰু জু ব্যক্তি হিচাপে অনুপযুক্ত নহয় বুলি তাই তাৰ জীৱনলৈ আহিছিল।
বাকীখিনি অত দিনে প্ৰাত্যহিকতাৰ মাজেৰেই পাৰ হৈছিল। কিন্তু আজি তাইৰ মন গৈছে জু- ক কবলৈ ,"মই তোমাক ভালপাওঁ!" কিমান কোৱা কথা, শব্দ হেৰাই যায়, এই কেইটা শব্দ তাই কিজানি সাঁচি ৰাখিছিল কাকো নোকোৱাকৈ মাথোঁ তাৰ বাবে।প্ৰত্যেকটো কথা কোৱাৰ চাগে নিৰ্দিষ্ট সময় থাকে।অন্ততঃ তাইৰ বাবে। শব্দৰ লগত অন্তৰৰ সংযোগ থাকে। স্বতঃস্ফূৰ্ত আৰু সততা থকা শব্দহে পৰম ব্ৰহ্মস্বৰূপ।আজি তাই এই শব্দকেইটা বুকুত বান্ধিয়েই তাৰ কাষলৈ যাব।
এজনী নতুন কুঁহি হৈ।নতুন ফুল ফুলিব।এইবাৰ বহাগত। হাঁহিটো বহল হৈ জিলিকি পৰিল তাইৰ মুখত।প্লেন লেণ্ড কৰিবলৈ বেছি সময় নাই।
নিবেদিতা শইকীয়া
নগাঁও ,অসম ।
দূৰভাষ নম্বৰঃ৯৭০৬০৩৭৫৬৯


Comments