top of page

শেষ আশ্বাস

..."হেৰা, শুনিছানে এইটো লোৱাচোন ।যেনেতেনে মাহৰ বাজেট মিলাই এই পোন্ধৰ হাজাৰ টকাটো তোমাৰ বাবে আনিছো । ককায়েৰাৰ বিয়াখন পালেহিয়েই নহয়। নগাঁওলৈ গৈ এযোৰ ধুনীয়া পাটৰ কাপোৰ লৈ লবা দেই ।"


এনেতে কলিংবেলটো বাজি উঠিল । দুৱাৰখন খুলি সিহঁতৰ ঘৰতে কাম-বন কৰা জোনাকী সোমাই আহিল । মুখত অনবৰতে লাগি থকা সেই ধুনীয়া হাঁহিটো আজি দেখোন নাই । বৰ উদাস যেন লাগিছে তাইক দেখি ।


তাইক বহিবলৈ দি সুধিলো- "জোনাকী ৰিপোৰ্ট বোৰ চাই ডাক্তৰে কি ক'লে অ ..!!"


তাই ক'লে -"কি ক'ব আৰু বৌ ... এইবোৰ লগতে যোৱা বেমাৰ অ ..!! " তেওঁ  অপাৰেশ্যনটো যিমান পাৰি সোনকালে কৰিবলৈ দিছে । মায়ে কিবা কৰি অলপমান টকা গোটালে আৰু পোন্ধৰ হাজাৰ মান টকা কমি আছে বৌ ..!!


আপোনালোকেতো জানেই আমাৰ নিচিনা মানুহক কোনে টকা ধাৰলৈ দিব ?.. গতিকে বৰ আশাৰে আহিছোঁ আপোনালোকৰ ওচৰলৈ । এইখন ঠাইত আমাৰ প্ৰথম আৰু শেষ আপোন মানুহ বুলি ক'লে আপোনালোক দুজনৰ মুখ খনেই মনলৈ আহে দেখোন বৌ ..!!!


তাইৰ কথা খিনি শুনাৰ পিছত লাহেকৈ কাষলৈ গৈ কলো- -" কিনো চিন্তা কৰি আছ তই ?.. তোৰ একো হ'ব নোৱাৰে অ ...!!"


অলপ আগতে গিৰিয়েকে তাইৰ হাতত গুজি দিয়া টকা কেইটা জোনাকীৰ হাতত তুলি দি ক'লে ,"ল এইকেইটা এতিয়া আৰু লাগিলে কʼবি দেই ..!!"


‌তাই ওলাই যোৱাৰ পাছত মিনাক্ষীয়ে গিৰিয়েকৰ পিনে চাই ক'লে-" হ'ব দিয়া ভণ্টীৰ বিয়াত লোৱা কাপোৰযোৰ আছে নহয় । সেইযোৰেই কাম চলাই দিম দিয়া। অন্ততঃ তাই ভাল হৈ আহক । তুমি চাকৰিলৈ গুছি যোৱাৰ পাছত পাহাৰীয়া এই আওহতীয়া ঠাই খিনিত তাইয়েতো মোৰ একমাত্ৰ ‌বিশ্বাসযোগ্য সাৰথি জানা ..".



বৰ্ষা বৰা

পশ্চিম কাৰ্বি আংলং ।

দূৰভাষ নং ৭০৮৬৫ ৮৬৩ ৮৬ 


Recent Posts

See All
দংশন

দেওবাৰ ,চাকৰিয়াল সকলৰ এটা প্ৰত্যাশিত দিন ।পুৱাই স্বামীয়ে ল'ৰা -ছোৱালী দুটাক লৈ গাৱৰ ঘৰলৈ গৈছে ।নামঘৰত বছেৰেকীয়া বৰ সবাহ ।তেওঁ তাহানিতে চহৰ মুখী হ'ল যদিও গাৱৰ শিপাডাল খামুচি ধৰি ৰাখে । মোৰ বাবে এইবোৰ স

 
 
 
ভালপাওঁ মাথো তোমাক

"হারানো চাবির মতো কতো শব্দ হারিয়ে যায় কিন্তু দুটি শব্দ আমি বুকের ভেতর রাখি, সেই শব্দ আমি কাউকে বলবো না বুকের ভিতরে নিয়ে এই শব্দ আমি তোমার কাছে যাবো ।" -মহাদেব সাহা হাঁহ কণী আকাৰৰ সৰু খিৰিকীখনেৰে পুৱা

 
 
 
মা

(মাতৃ দিৱসত মাতৃৰ স্মৃতিত) মা, আই, বৌ, মামী যি নামৰেই মাতো যি নামৰেই সম্বোধন কৰো সকলোৰে অৰ্থ একেটাই-- " মাতৃ " মাথো "মাতৃ" ৷ আই, মা, বৌ মানে এখনি হৃদয়, স্নেহৰে উপচি থকা এখনি হৃদয় ৷ মাতৃ মানে এক নিৰাপদ

 
 
 

Comments


bottom of page