অভ্ৰভেদী সুৰ হৈ আহা !!
খাৰঘূলিৰ বাঘটো জোনালীৰ জোনটো কাহিলীপাৰাৰ দেউতাকৰ গল্ডিটো গৰিমাৰ হিয়াৰ আমঠু বঙহৰদেউ লুইতৰ পাৰৰ নিভাঁজ তেজাল ডেকাটো সাগৰৰ বুকুত এৰি অহাৰে পৰা বাকৰুদ্ধ হৈ পৰিল তাৰ চিৰপ্ৰবাহিত , মৌ -বৰষা দুটি ওঁঠে নিগৰা লুইত-কন্ঠ ..!! এতিয়া কাৰ গান শুনি শুনি ৰ'দত হাঁহিম জোনাকত কবিতা লিখিম বৰষুণৰ দিনবোৰত স্মৃতি সজীৱ কৰিম আঁউসীৰ জোনটো চাই চাই চকুলো নিগৰাম নিৰৱে তোমাকে সূৱৰি ! উশাহবোৰ চোন ইমান গধূৰ .... কিয় আজি ...??... এইবাৰ ব'হাগত অসমত বিহু নহয় স্বৰ্গদেউবিহীন অসম আজি ৰাঙলী নহয় ফুল বসন্তৰ আগমনত নাহৰৰ পাতত...