top of page

সুখৰ সন্ধানত

সুখবোৰ কৰবাত

কিনিব পৰা হলে

কাঁইটীয়া পথটোৱেদি গৈ

দুভৰি তেজাল কৰি

আঁচল ভৰাই আজুৰি

অনিলোঁ হয় তোৰ বাবে

সুখবোৰ ...!!


দুখৰ বিনিময়ত

সুখবোৰ কৰবাত

বন্ধক দিব পৰা হলে

মোৰ কলিজা দি

উশাহবোৰ ভগাই

ললোঁ হয় !!


তথাপি তোৰ বাবে

অলপমান সুখ কিনি

লৈ আহিলো হয় !!..

মোৰ দুহাতৰ জোলোঙা

ভৰাই ভৰাই ...!!..


সুখ বোৰ এবাৰ

চুই চালো হয়

কিমান কোমল

কিমান কঠোৰ

কিমান গভীৰ

কিমান স্পৰ্শ কাতৰ ...!!

কিমান উচ্চাকাংক্ষী ...!!

যাৰ বাবে হৃদয় নিৰূপায়

কোনোবা এক অনামী ক্ষণত ..!!



বৰ্ষা বৰা

পশ্চিম কাৰ্বি আংলং

দূৰভাষ নং ৭০৮৬৫ ৮৬৩৮৬ 

Recent Posts

See All
মানুহ আৰু ঘৰ

মানুহৰে ভৰি থকা ঘৰখন আজি উদং হ'ল সকলো নিজক লৈ ব্যস্ত দুৱাৰত ওলমি আছে তলা । কাৰো হাতত সময় নাই কৰ্তব্যৰ দোহাই দি ভৱিষ্যত সুৰক্ষাৰ সন্ধানত মানুহে সপোনৰ সৈতে সখি পাতিছে । জোনাকৰ কোমল পোহৰ বিচাৰি ধোঁৱা -

 
 
 
মূৰ্ত প্ৰকাশ

আইতায়ে কৈছিল,_ "তললৈ চাবি উজুটি নাখাৱ " তেতিয়া -- আত্মবিভোৰ মনত ক্ষোভৰ উষ্ণতা নাছিল। এদিন ককায়ে ক'লে,- "শিৰোন্নত কৰি চলিবি আকাশ চুমিবি "। শিৰতুলি দেখিলোঁ -- চৌদিশে অহংকাৰৰ মূৰ্ত প্ৰকাশ যেন জোন -বেল

 
 
 
শিলৰ কথাৰে

শিল মানুহতকৈ প্ৰাচীন ; চিকাৰী শিলবোৰ খঙত অগ্নিশৰ্মা হোৱাৰ দিন ধৰি পূজা কৰি আহিছো শিলক । এদিন শিলাকূটীয়ে কুন্দত কাটি উলিয়াইছিল বুৰঞ্জীৰ নিৰ্জৰ শৰীৰ , যি সেতুবন্ধন হৈ মাটি- পানী সকলোতে আজিও বিদ্যমান । উ

 
 
 

Comments


bottom of page