অভ্ৰভেদী সুৰ হৈ আহা !!
- বৰ্ষা বৰা

- Dec 1, 2025
- 1 min read
Updated: Dec 2, 2025
খাৰঘূলিৰ বাঘটো
জোনালীৰ জোনটো
কাহিলীপাৰাৰ দেউতাকৰ গল্ডিটো
গৰিমাৰ হিয়াৰ আমঠু বঙহৰদেউ
লুইতৰ পাৰৰ নিভাঁজ তেজাল ডেকাটো
সাগৰৰ বুকুত এৰি অহাৰে পৰা
বাকৰুদ্ধ হৈ পৰিল
তাৰ চিৰপ্ৰবাহিত , মৌ -বৰষা
দুটি ওঁঠে নিগৰা লুইত-কন্ঠ ..!!
এতিয়া কাৰ গান শুনি শুনি
ৰ'দত হাঁহিম
জোনাকত কবিতা লিখিম
বৰষুণৰ দিনবোৰত
স্মৃতি সজীৱ কৰিম
আঁউসীৰ জোনটো চাই চাই
চকুলো নিগৰাম
নিৰৱে তোমাকে সূৱৰি !
উশাহবোৰ চোন ইমান গধূৰ
.... কিয় আজি ...??...
এইবাৰ ব'হাগত অসমত বিহু নহয়
স্বৰ্গদেউবিহীন অসম আজি
ৰাঙলী নহয় ফুল
বসন্তৰ আগমনত
নাহৰৰ পাতত নাহে সৃষ্টিৰ ঠিকনা
প্ৰিয়জনৰ বাবে শালত শিপিনীয়ে
বাচিব পৰা নাই সপোনৰ ৰঙীন ফুল
ডালে ডালে ৰৈ কুলিজনীয়ে
বিনাব পৰা নাই তাইৰ অমিয়া সুৰ ..!!
তুমি নথকাৰ অনুভৱ
যিদিনা হ'ল আমাৰ
মন্দিৰ, মছজিদ, গীৰ্জাৰ
দুৱাৰ এখন হ'ল
ঈশ্বৰ, আল্লা, গড, ৱাইগুৰু
প্ৰভেদ নোহোৱা হ'ল
ভাগৱত,গীতা , কোৰান, বাইবেল
হ'ল একাকাৰ
তোমাক হেৰুৱাৰ বেদনাত
জ্বলি জ্বলি ছাই হ'ল
সহস্ৰজনৰ অনুভূতি
সোণাপুৰ হ'ল আজি
বৰ অসমৰ ভেটি
বাটৰ শেষতে বাট চাম তোমালৈ
আহিবা তুমি আকৌ এই ধৰালৈ
কাঞ্চনজংঘাৰ অভ্ৰভেদী সুৰ হৈ।।
বৰ্ষা বৰা
পশ্চিম কাৰ্বি আংলং
মো;নং ৭০৮৬৫ ৮৬৩৮৬





Comments