বন্ধু
- যশ গৌৰৱ বৰদলৈ

- Dec 1, 2025
- 1 min read
Updated: Dec 2, 2025
হেৰৌ বন্ধু
জীয়াই থকাৰ পথটো
বহুত জটিল,
আছে খলা বমা,
আৰু যে আন্ধাৰে ঘিত্ মৰা
তথাপিও জীৱনটো
কিমান যে সুমধুৰ !
আজিৰ যুগত মানুহ পাবলৈ টান ,
শুনিছোঁ
মৰম দিলেই মানুহ পোৱা যায়
তথাপিও সেইটো বহু জটিল...
সেয়ে বন্ধু
আঁচল পাতি ধৰ চোন
মোৰ মৰমবোৰেই ধৰ. ....
সাঁচি ৰাখিবি মৰমবোৰ
হৃদয়ৰ চন্দুকত,
সেইবোৰ স্মৃতি কৰি
জীয়াই ৰাখিবা মনৰ মাজত...
জীৱন নামৰ নৌকাখন
বায় মই ভাগৰি পৰিছোঁ
মোৰো হৈছে এতিয়া
জিৰণিৰ সময়...
হেৰৌ বন্ধু,
সকলোৱে এদিন যাব লাগিব যে বৈতৰণী পাৰ হৈ..
বানে খহাই নিয়া গৰাৰ দৰেই,
তুমি খহি নপৰিবা....
সাহসৰে যাবা আগুৱাই. .
মইও থাকিম তোমাৰ
স্মৃতিত সদায় জীয়াই,
হয়তো কেতিয়াবা ঘৰৰ
চালত পৰি
কান্দি ৰোৱা
কাউৰীৰ চিঞৰেই
মোকেই সোঁৱৰাই যাব
সেয়ে বন্ধু
পাহৰি নাযাবা...
হেৰৌ বন্ধু দুখ নকৰিবা,
ভাঙি নপৰিবা...
সূৰুযৰ জ্যোতিৰ
পৰিধি নাই জানাই
ঠিক তেনেদৰেই আগুৱাই যোৱা জীৱনত বাধাৰ
সকলো দুৱাৰ ভাঙি...
সকলো দুখক ভেদি
শতৰুক দমন
কৰি, অসম জননীক
ভাষা জননী, মোৰ
আই মাতৃক জীয়াই ৰাখিবা...
জীৱনৰ কন্টকময় পথত
ঘাট প্ৰতিঘাটৰ মাজেৰে বন্ধু
সাহসেৰে আগুৱাই যোৱা,
মইও থাকিম তোমাৰ স্মৃতিত সদায় জীয়াই. .
বন্ধু পাহৰি নাযাবা,
বন্ধু পাহৰি নাযাবা ।।
যশ গৌৰৱ বৰদলৈ
মো:নং ৬০০০৯৪৩৭৪৮
(দ্বাদশ কলা)
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়





Comments