কেকটাছৰ বাগিছা
- পর্ণা বশিষ্ঠ

- Dec 1, 2025
- 1 min read
Updated: Dec 2, 2025
বুকুজুৰি গঢ়িছোঁ
এখন বিশাল মৰুভূমি
তাতে ৰুইছোঁ কেকটাছৰ পুলি,
লহপহকৈ বাঢ়ি আহি
মোৰ বুকুৰ মৰুভূমিৰ পৰিধি চুমি
হ'ব এখন বাগিছা-
কেকটাছৰ কাঁইটীয়া বাগিছা...
তাতে উমলিব হেজাৰ হেঁপাহৰ
ৰুক্ষ কল্পনাৰ মৰিচিকা;
কাঁইটীয়া শৰীৰে আজুৰি ছিঙিব
ধূলিয়ৰী বতাহৰ শুষ্ক কণ্ঠেৰে নিগৰা
শেঁতা কলিজাৰ বিষন্নতাৰ স্বৰলিপি..
গঢ়িছোঁ সেয়ে বুকুৰ গোপন মৰুভূমিত
কেকটাছৰ এখন কাঁইটীয়া বাগিছা
বিষন্ন হৃদয়ৰ অতন্দ্ৰ প্ৰহৰী ৰূপে
চিৰদিন চিৰকাললৈ।।
পর্ণা বশিষ্ঠ, নগাঁও বিশ্ববিদ্যালয়
মো:নং ৮৭৬১৮৫৫৫৩২





Comments