top of page

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান

Updated: Dec 2, 2025


বৰ্তমান সময়ত সমগ্ৰ বিশ্বত এক প্ৰধান আলোচ্য বিষয় হৈছে জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ কু-প্ৰভাৱসমূহ। সময়ৰ লগে লগে লাহে লাহে শীতৰ প্ৰকোপ কমি আহিবলৈ ধৰিছে। অসমীয়াৰ এক প্ৰচলিত আপ্তবাক্য, "মাঘৰ আদি পুহৰ শেহ, তেহে চাবা জাৰৰ ঠেহ" অৰ্থাৎ পুহ মাহৰ শেষ ভাগৰ পৰা মাঘ মাহৰ প্ৰথম অংশ লৈকে ভীষণ ঠেঁটুৱৈ ধৰা জাৰৰ প্ৰকোপৰ কথা উল্লেখ আছে। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত এই বাক্য শাৰীৰ অৰ্থ লাঘৱ হৈ আহিছে। জাৰকালিৰ সময় লাহে লাহে হ্ৰাস পাই আহিবলৈ ধৰিছে। আজিকালি সাধাৰণতে বছৰৰটোৰ অতি বেছি ৩ মাহ মানহে ঠাণ্ডা অনুভৱ কৰা যায়। ইয়াৰো মাত্ৰ ১০-১৫ দিন মানহে অতি বেছি মাত্ৰাত জাৰৰ অনুভৱ কৰা যায়। এই ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তন সমূহ লাহে লাহে আমাৰ চকুত পৰিবলৈ আৰম্ভ কৰিছে।


জলবায়ু হৈছে যিকোনো এটি অঞ্চলৰ বতৰৰ ধৰণ তথা বতৰৰ চলক সমূহৰ গড় পৰিৱৰ্তনশীলতা। সাধাৰণতে গড়ে ৩০ বছৰ মানৰ বতৰৰ প্ৰতিবেদনৰ ভিত্তিত জলবায়ুৰ এক ধাৰণা পাব পৰা যায়। এই জলবায়ু সময়ৰ লগে লগে কিছু পৰিৱৰ্তন লক্ষ্য কৰা যায়। সাধাৰণভাৱে কবলৈ গলে পৃথিৱীৰ গোলকীয় উষ্ণতা আৰু বতৰৰ আৰ্হিৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনকে জলবায়ু পৰিৱৰ্তন বুলি কব পৰা যায়। এই পৰিৱৰ্তনসমূহ স্বাভাৱিক প্ৰক্ৰিয়াৰ দ্বাৰাও হব পাৰে। কিন্তু মানুহৰ কাৰ্য্যকলাপৰ ফলত দেখা দিয়া জলবায়ুৰ ব্যাপক পৰিবৰ্তনকে মুখ্যতঃ আলোচনাৰ বিষয় হিচাপে গণ্য কৰা হয়। কিয়নো ইয়াৰ ফলত এক অস্বাভাৱিক হাৰত পৃথিৱীপৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি লক্ষ্য কৰা হৈছে।


১৮০০ শতিকাৰ প্ৰাক-উদ্যোগীকৰণৰ যুগৰ গড় গোলকীয় উষ্ণতাৰ পৰা বৰ্তমান ২০২৩ চনলৈ প্ৰায় ১.১° গড় উষ্ণতা বৃদ্ধি লক্ষ্য কৰা গৈছে। এই অস্বাভাৱিক বৃদ্ধিৰ কুফলসমূহ মানৱ সমাজে লাহে লাহে দেখিবলৈ পাইছে। কিয়নো ১৮০০ শতিকাৰ পৰাই বিশ্বত উদ্যোগীকৰণ তথা নগৰীকৰণৰ সূত্ৰপাত হয়। ইয়াৰ ফলত বিভিন্ন ধৰণৰ কল-কাৰখানা তথা শক্তি আহৰণ কৰিবলৈ কয়লা তথা আন জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰম্ভ হবলৈ ধৰে। তদুপৰি পৰিবহণৰ ক্ষেত্ৰখনত এক ব্যাপক গতিশীলতা আৰম্ভ হয় এই শতিকাতে। জীৱাশ্ম ইন্ধন তথা কয়লা দহনৰ ফলত বিভিন্ন সেউজ গৃহ গেছ (greenhouse gas) যেনে কাৰ্বন ডাই অক্সাইড (CO2), মিথেন আদিৰ ব্যাপক হাৰত জলবায়ুলৈ নিৰ্গমন হোৱা আৰম্ভ হয়। তদুপৰি বনাঞ্চল সমূহৰ ধ্বংসৰ ফলত পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাই আহে। কিয়নো গছ সমূহে কাৰ্বন ডাই অক্সাইড শোষণ কৰি বিশুদ্ধ অম্লজান বা অক্সিজেন পৰিৱেশলৈ এৰি দিয়ে। নিৰ্বনানিকৰণৰ ফলত দেখা দিয়া আন এক সমস্যা হৈছে অত্যাধিক হাৰত হোৱা বায়ু প্ৰদূষণ। শক্তি, উদ্যোগ, পৰিৱহণ, কৃষি আদি খণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সুস্পষ্ট হৈ পৰিছে। সেউজগৃহ গেছ সমূহে তাপমাত্ৰা শোষণ কৰে আৰু ইয়াক জলবায়ুৰ বাহিৰলৈ ওলাই যোৱাত বাধা প্ৰদান কৰে। এই গেছসমূহ পৃথিৱীৰ জলবায়ুৰ ওপৰত এক আচ্ছাদনৰূপে থাকি জলবায়ুৰ তাপমাত্ৰা বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ ফলস্বৰূপে গোলকীয় উষ্ণতা তথা পৃথিৱী পৃষ্ঠৰ তাপমাত্ৰাৰ ব্যাপক পৰিৱৰ্তন লক্ষ্য কৰা যায়। ১৮৫০ চন মানৰ পৰাই এই বৃদ্ধি লক্ষ্য কৰা গৈছে। অসম তথা ভাৰতবৰ্ষত জলবায়ুৰ পৰিৱৰ্তনৰ ওপৰত হোৱা গৱেষণাসমূহ এতিয়াও চালুকীয়া অৱস্থাতেই আছে। কিন্তু ইউৰোপীয় তথা উন্নত দেশ সমূহত এই ক্ষেত্ৰত বহুতো যুগান্তকাৰী কাৰ্যসূচী হাতত লোৱা হৈছে। কিন্তু জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিৰ কিছু কুফল অসমতো পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অসমৰ ডিমা হাছাও জিলাত হোৱা প্ৰাকৃতিক বিপৰ্যয়, কেইবাখনো নদীৰ জলস্তৰ হ্ৰাস পোৱা, চৰাইদেউ জিলাৰ মৰাণত যোৱা বছৰ আকস্মিকভাবে হোৱা প্ৰচণ্ড শিলাবৃষ্টি আদিক উল্লেখ কৰিব পাৰি।

ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদন মৰ্মে ২০২৩ বৰ্ষটোৱে তাপমাত্ৰা বৃদ্ধিৰ ক্ষেত্ৰত কেইবাটাও অভিলেখ ভংগ কৰে। এই বছৰটিত গড় গোলকীয় উষ্ণতা আছিল ১৪.৯৮°C যি আছিল যোৱা প্ৰায় ৫০-৬০ বছৰৰ ভিতৰতে সৰ্বাধিক। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (world meteorological organization) শেহতীয়া তথ্য মতে ২০২৩ বৰ্ষই গড় তাপমাত্ৰাৰ ক্ষেত্ৰত ২০১৬ আৰু ২০২১ চনক অতিক্ৰম কৰি ১৮৫০ পাছৰ সৰ্বোচ্চ উষ্ণ বৰ্ষ হিচাপে পৰিগণিত হৈছে। সংস্থাটোৰ সমীক্ষা মৰ্মে বৰ্তমানৰ ২০২৪ বৰ্ষটোৱে ২০২৩ চনকো অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। তদুপৰি ২০২৩ বৰ্ষত জলবায়ুত কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ পৰিমাণ ক্ৰমে ২.৪ ppm আৰু ১১ ppm বৃদ্ধি পাই ২০২২ বৰ্ষৰ তুলনাত। ফলস্বৰূপে ই হৈ পৰে মানৱ ইতিহাসৰ নথিভুক্ত সবাতোকৈ গৰম বৰ্ষ।


তদুপৰি উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে মেৰু অঞ্চলৰ বৰফ সমূহ গলি যাব ধৰিছে আৰু ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা দেখা গৈছে। এনেকৈ তাপমাত্ৰা বাঢ়ি গৈ থাকিলে এটা সময়ত সমগ্ৰ বিশ্বৰ অধিকাংশ অঞ্চল পানীত বুৰ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত বিশ্বব্যাপী হোৱা গৱেষণা সমূহৰ পৰা বিজ্ঞানীসকলে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি ১.৫ °C ৰ তলত ধৰি ৰখাত গুৰুত্ব আৰোপ কৰিছে। কিন্তু বৰ্তমানৰ হাৰত যদি কাৰ্বনৰ নিৰ্গমন বাঢ়ি গৈ থাকে তেনেহলে এই শতিকাৰ শেষত প্ৰায় ৩ °C ৰ পৰা ৪ °C লৈ গোলকীয় উষ্ণতা বৃদ্ধি পাব আৰু ই সমগ্ৰ মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব।


জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ সমূহ লাহে লাহে মানৱ স্বাস্থ্য আৰু কৃষি খণ্ডত দেখা পোৱা গৈছে। এই দিশত কাম কৰি অহা বিশ্বৰ এক অগ্ৰণী সংস্থা "বিশ্ব অৰ্থনৈতিক মঞ্চ" (world economic forum) ৰ শেহতীয়া প্ৰতিবেদন "Quantifying the impact of climate change on human health" ত প্ৰকাশিত তথ্য অনুসৰি ২০৫০ চনলৈ জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বিশ্বৰ প্ৰায় ১৪.৫ মিলিয়ন মানুহৰ মৃত্যু তথা ১২.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হব। এই সংকটৰ জোৰা মাৰিবলৈ স্বাস্থ্য খণ্ডত ১.১ ট্ৰিলিয়ন ডলাৰৰ অতিৰিক্ত খৰচৰ প্ৰয়োজন হব আৰু অনুৰূপ আন্তঃগাঁথনিৰ প্ৰয়োজন হব। এই পৰিৱৰ্তনৰ ফলস্বৰূপে জলবায়ু সংবেদনশীল ৰোগৰ বীজাণুৰ প্ৰাদুৰ্ভাবৰ ফলত COVID ১৯ জাতীয় কিছু কিছু নতুন ধৰণৰ ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। উক্ত প্ৰতিবেদনত জলবায়ুৰ পৰিৱৰ্তনৰ ফলত হোৱা চৰম অৱস্থা যেনে বানপানী, খৰাং, গৰম ঢৌ, ক্ৰান্তীয় ধুমুহা, বনজুই, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ প্ৰভাৱ সমগ্ৰ মানৱ সভ্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰা হৈছে । মেৰু অঞ্চলৰ বৰফসমূহ গলিবলৈ ধৰাৰ ফলত ১৮৮০ চনৰ পৰা বৰ্তমানলৈ সমুদ্ৰপৃষ্ঠৰ উচ্চতা ২০ চেণ্টিমিটাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এই অস্বাভাৱিক বৃদ্ধিৰ ফলত সাগৰৰ উপকূলত অৱস্থিত চহৰ, দেশ তথা সৰু সৰু দ্বীপ সমূহৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে। এই অৱস্থাতে যদি ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেনেহলে আমাৰ চুবুৰীয়া বাংলাদেশকে আদি কৰি বহুতো ৰাষ্ট্ৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিব আৰু বিশ্বৰ অধিকাংশ অঞ্চল পানীৰ তলত বুৰ যাব। ইতিমধ্যেই ২০২২ চনৰ মে’ মাহৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহৰ আৰম্ভণিলৈকে ইউৰোপত দেখা দিয়া অভিলেখ সংখ্যক গৰম লহৰ তথা তাপমাত্ৰা বৃদ্ধিৰ ফলত প্ৰায় ৬২০০০ ৰ অধিক লোক মৃত্যু মুখত পৰিছে। ২০২৫ ত এই বৃদ্ধি অধিক পৰিমানে লক্ষ্য কৰা গৈছে।


জলবায়ুৰ পৰিৱৰ্তনৰ বাবে যে অকল কাৰ্বন নিৰ্গমনেই জগৰীয়া এনে নহয়। জলবায়ুৰ ক্ষেত্ৰত বিভিন্ন উপাদান যেনে নদী, জলাশয়, ভূমি আদিও ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে। এটা উপাদানক বাদ দিও আমি এই পৰিস্থিতিৰ পৰা হাত সাৰিব নোৱাৰো। নিৰ্বনানিকৰণৰ ফলত হোৱা ভূমিৰ অৱক্ষয়, বায়ু প্ৰদূষণ, মৰুভূমিকৰণ, পানীৰ লৱণীয়তাৰ তাৰতম্য আদিৰ ফলত কৃষি খণ্ডত ব্যাপক ক্ষতি লক্ষ্য কৰা গৈছে। তদুপৰি ইয়াৰ ফলত বিভিন্ন দেশত খাদ্য সংকট, শ্বাস- প্ৰশ্বাসজনিত ৰোগ, সংক্ৰামক ৰোগ, তাপ সম্পৰ্কীয় ৰোগ আদিয়ে দেখা দিছে। আন এক সমস্যা হৈছে প্লাষ্টিকৰ দহন। প্লাষ্টিক সমূহ জ্বলাই দিয়াৰ ফলত বিভিন্ন ধৰণৰ মাৰাত্মক গেছ, সেউজগৃহ গেছৰ উৎপত্তি হয়। এই সকলোবোৰ মিলি জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে।


বিংশ শতিকাৰ সত্তৰ দশকত সমগ্ৰ বিশ্বতে দেখা দিয়া শক্তি সংকটৰ সময়তে পশ্চিমীয়া দেশসমূহে পেট্ৰলজাত ইন্ধনৰ বিকল্প হিচাপে নৱীকৰণযোগ্য সেউজ ইন্ধনৰ বিকাশৰ বাবে বৈজ্ঞানিক গৱেষণাত মনোনিবেশ কৰে। জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বিগত দশক কেইটাত সৌৰ শক্তি, জলবিদ্যুৎ, আণৱিক শক্তি আৰু বায়ুচালিত শক্তিয়ে যথেষ্ট প্ৰতিশ্ৰুতি বহন কৰিছে। এই নৱীকৰণযোগ্য ইন্ধনৰ দহনৰ ফলত কোনো ধৰণৰ সেউজগৃহ গেছৰ উৎপাদন নহয় ফলত ই গোলকীয় উষ্ণতা বৃদ্ধিত কোনোধৰণৰ ঋণাত্মক প্ৰভাৱ নেপেলায়। বৰ্তমান সেউজ হাইড্ৰজেন ইন্ধনৰ উৎপাদন, ব্যৱহাৰ আৰু সংৰক্ষণৰ দিশত বিভিন্ন গৱেষণা চলি আছে আৰু অতি শীঘ্ৰে এক গ্ৰহণযোগ্য প্ৰযুক্তিৰ বিকাশৰ সম্ভাৱনা দেখা গৈছে।


জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান সমূহৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ দেশসমূহে কিছু নিৰ্দিষ্ট কৰ্মপন্থা গ্ৰহণ কৰি আহিছে। এই দিশত ৰাষ্ট্ৰসংঘৰ পৰিৱেশমূলক কাৰ্যসূচীসমূহ অন্যতম। এক প্ৰতিবেদন মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰধানত জগৰীয়া সেউজগৃহ গেছ সমূহৰ প্ৰায় ৫০% নিৰ্গমন কৰে ব্ৰাজিল, ভাৰত, চীন, ইউৰোপীয় সংঘ, ইন্দোনেছিয়া, ৰুচ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ (United Nations Climate Change Conference চমুকৈ UNCCC) অন্তৰ্গত দলসমূহৰ সন্মিলনত (Conference of the Parties চমুকৈ COP) পৰিৱেশ তথা জলবায়ুৰ পৰিৱৰ্তন নিয়ন্ত্ৰনৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সেইমৰ্মে ২০১৫ চনত ফ্ৰান্স ৰাষ্ট্ৰৰ পেৰিছ চহৰত অনুষ্ঠিত হোৱা জলবায়ু সন্মিলনত পোনপ্ৰথমবাৰৰ বাবে সকলো সদস্য ৰাষ্ট্ৰ একগোট হৈ গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ হাৰ ২ °C ৰ তলত ৰাখিবলৈ কিছুমান নীতি প্ৰস্তুত কৰে। পাছলৈ ইয়াক ১.৫ °C লৈ অৱনমিত কৰা হয়। ঠিক তেনেদৰে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত বিকশিত আৰু উন্নত দেশসমূহে ২০৩০ চনৰ ভিতৰত ৫০% কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে যাতে গড় শূণ্য নিৰ্গমন (Net Zero emission) ৰ লক্ষ্যত উপনীত হব পৰা যায়। নৱীকৰণযোগ্য ইন্ধনৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উন্নত দেশসমূহে কর্মপন্থা গ্ৰহণ কৰিছে। এই দেশসমূহে লাহে লাহে ইলেকট্ৰিক বাহনৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ডুবাই জলবায়ু সন্মিলনত (COP 28) কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা যায়। ইয়াৰ ভিতৰত জীৱাশ্ম ইন্ধন সমূহ পৰ্যায়ক্ৰমে আঁতৰাই অনা, নৱীকৰণযোগ্য ইন্ধনৰ উৎপাদন বৰ্তমানৰ অৱস্থাতকৈ ৩ গুণ বৃদ্ধি কৰা, কয়লাক পৰ্যায়ক্ৰমে ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ পৰা অব্যাহতি দিয়া, কয়লা ব্যৱহৃত তাপ বিদ্যুৎ প্ৰকল্প সমুহত কাৰ্বন বন্দী কৰা আৰু সংগ্ৰহ কৰা ব্যৱস্থা (Carbon Capture and Storage Facility) অন্তৰ্ভুক্ত কৰা ইত্যাদি অন্যতম। আন এক সফলতা হিচাপে এই বছৰৰ সন্মিলনত প্ৰায় ৫০ টা বিশ্বৰ বিভিন্ন প্ৰান্তৰ তৈল প্ৰতিষ্ঠানে আগন্তুক ৫ বৰ্ষত মিথেন গেছৰ উৎপাদন ৮০-৯০% হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে। কিয়নো বৰ্ধিত তাপমান প্ৰায় ৩০% আহে মিথেন গেছৰ পৰাই।


ভাৰতবৰ্ষই শেহতীয়া ভাৱে নৱীকৰণযোগ্য ইন্ধনৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত বৰ্তমান বিশ্বৰ ৩য় বৃহৎ নৱীকৰণযোগ্য শক্তি উৎপাদনকাৰী দেশ আৰু ভাৰতৰ মুঠ শক্তিৰ ৩০ শতাংশ আহে নৱীকৰণযোগ্য শক্তিৰ পৰা যেনে জলবিদ্যুৎ প্ৰকল্প, সৌৰ শক্তি আদি। ভাৰতে ২০৩০ চনৰ ভিতৰত এই সমূহ উৎসৰ পৰা ৫০% বিদ্যুতৰ চাহিদা পূৰণ লক্ষ্য বান্ধি লৈছে আৰু ২০৭০ চনৰ ভিতৰত Net Zero Emission ৰ লক্ষ্য আগত ৰাখি অগ্ৰসৰ হৈছে। এই উদ্দেশ্যে শেহতীয়াকৈ ভাৰত চৰকাৰে ইলেকক্ট্ৰিক বাহনৰ বিক্ৰীৰ ক্ষেত্ৰত উৎসাহ যোগোৱা পৰিলক্ষিত হৈছে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত পৰিৱেশ বিষয়ক পাঠ্যক্ৰম আৰু ব্যৱহাৰিক দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে।


জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰিবলৈ সাধাৰণ নাগৰিকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰৰ সেউজ শক্তিৰ আঁচনি সমূহৰ সফল প্ৰয়োগ তথা অযথা বিদ্যুৎ বা শক্তি ক্ষতিৰ প্ৰতি সকলো শ্ৰেণীৰ জনগণ সজাগ হব লাগিব। তদুপৰি ইন্ধনৰ খৰচ হ্ৰাস কৰিবলৈ হলে চৰকাৰে ব্যক্তিগত বাহনৰ বিপৰীতে ৰাজহুৱা পৰিবহণ ব্যবস্থাটোৰ উন্নতিৰ বাবে কাম কৰিব লাগিব। ইলেকট্ৰিক যান-বাহনৰ বাবে ব্যৱহৃত বিদ্যুৎ নৱীকৰণযোগ্য (কয়লা চালিত তাপ বিদ্যুৎ প্ৰকল্প সমূহ বাদ দি আন বহনক্ষম উৎস যেনে জলবিদ্যুৎ, সৌৰ শক্তি আদি) কৰি তোলাৰ বাবে ইয়াৰ উৎসসমূহৰ সংৰক্ষণ কৰিব লাগিব। জনসাধাৰণে পৰাপক্ষত ব্যক্তিগত বাহন ব্যৱহাৰ নকৰি ৰাজহুৱা পৰিবহণৰ সুযোগ গ্ৰহণ কৰিব লাগে। বৰ্তমান গুৱাহাটী চহৰত প্ৰায় ২০০ খন ইলেকট্ৰিক বাছৰ আগমন নিশ্চিতভাৱে এক যোগাত্মক পদক্ষেপ। ইয়াৰ ওপৰিও উন্নত দেশ সমূহত থকাৰ দৰে বাট পথৰ কাষেদি চাইকেল চলোৱা পথৰ নিৰ্মাণ কৰি ইয়াৰ বাবে জনসাধাৰণক উৎসাহিত কৰিব পৰা যায়। এই ধৰণৰ পদক্ষেপে মানৱ স্বাস্থ্যৰ লগতে জলবায়ুৰ প্ৰতিও সকলোকে সজাগ কৰি তুলিব। এই ক্ষেত্ৰত সকলোৱে মিলি জুলি আগবাঢ়ি গলে নিশ্চিতভাৱে সফলতা আশা কৰিব পাৰি। আহক আমি সকলো মিলি জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ সফলভাৱে মোকাবিলা কৰোঁ আৰু এক সুন্দৰ, সেউজ পৃথিৱী ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াই থৈ যাওঁ।


ডঃ শশাংক শেখৰ বৰকটকী

পৰামৰ্শদাতা (মানকীকৰণ গতিবিধি), গুৱাহাটী শাখা

ভাৰতীয় মানক ব্যুৰো, ভাৰত চৰকাৰ

9706847075


Comments


bottom of page