উপহাৰ: সাধাৰন মানুহৰ পৰা জননেতালৈ
- ড০ শৰৎ বৰকটকী

- Dec 1, 2025
- 5 min read
Updated: Dec 2, 2025

উপহাৰ মানৱ সংস্কৃতিৰ এক সুকীয়া ভাষা,যাৰ শব্দ নাথাকিলেও হৃদয়ৰ বাণী থাকে। উপহাৰ মানুহৰ প্রতি স্নেহ নিবেদন ,হৃদয়ৰ মাজত ঠাই বিচাৰি পোৱাৰ এক অমূল্য মাধ্যম। কোনো আনন্দ, মৰম বা সামাজিক দায়িত্ব বুজাবলৈ মানুহে উপহাৰ বিনিময় কৰে। উপহাৰ মানে মানসিক, সাংস্কৃতিক আৰু সামাজিক মূল্যবোধৰ প্ৰতীক। বিভিন্ন পৰিস্থিতিত উপহাৰ বাচনিৰ উদ্দেশ্য আৰু অৰ্থ বেলেগ হয়। উপহাৰ হৈছে সৌজন্য আৰু মৰমৰ সূক্ষ্ম কলা। উপহাৰ হৈছে সম্পৰ্ক গঢ়ি তোলাৰ এক সেঁতু।
উপহাৰৰ সৈতে মান-সম্মান বা সামাজিক মর্যাদা প্ৰকাশ পায়। বহু সময়ত উপহাৰ দিয়া মানে দায়িত্ব, কৃতজ্ঞতা আৰু সম্বৰ্ধনা জনোৱা বুজায়। উপহাৰৰ মূল্য টকা- পইচাৰে নিৰূপণ কৰিব নোৱাৰি। ইয়াৰ লগত সদিচ্ছা নিহিত হৈ থাকে।উপহাৰ সঠিক সময়ত আৰু সঠিক ব্যক্তিক সঠিক প্ৰসঙ্গত দিয়া অত্যন্ত গুৰুত্বপূর্ণ। বয়স, ধৰ্ম, চৰিত্ৰ আদি বুজি উপহাৰ বাছনি কৰাটো প্ৰয়োজন। উপহাৰ মানে দীৰ্ঘস্থায়ী সম্পৰ্কৰ প্ৰতিফলন। মনস্তাত্বিক বিশ্লেষণ মতে নাৰীয়ে উপহাৰৰ মাজত বিচাৰি পায় অনুভৱৰ কোমলতা, স্মৃতি আৰু আত্মিক সংযোগ। পুৰুষে উপহাৰৰ মাজত বিচাৰে দায়িত্ব, মর্যাদা আৰু ব্যৱহাৰিক মূল্যবোধ।উপহাৰক নাৰীয়ে সম্পর্কৰ মানচিত্র হিচাপে গণ্য কৰে। পুৰুষে উপহাৰটো কিমান কামত আহিব তাৰহে বিচাৰ কৰে।এক কথাত কব পাৰি ,উপহাৰ মানৱ সমাজৰ এক অত্যন্ত সূক্ষ্ম আৰু গভীৰ মনস্তাত্ত্বিক আচৰণ । পুৰুষ আৰু নাৰীৰ মাজত উপহাৰ লৈ বেলেগ বেলেগ উপলব্ধি আছে।এনে পাৰ্থক্য জন্মগত নহয়; সামাজিক ভূমিকা, সাংস্কৃতিক প্ৰেক্ষাপট, অভিজ্ঞতা আৰু মানসিক গঠনৰ ওপৰত নিৰ্ভৰশীল। উপহাৰ বাছনিৰ মাজত সামাজিক-অনুভূতিমূলক, পৰিয়ালৰ চিন্তা ধাৰা, স্মৃতি, ৰঙ-বোধ, স্নিগ্ধতা আদি বিষয় সোমাই থাকে। নাৰীয়ে ফুল, কাপোৰ,অলংকাৰ, আদি উপহাৰ হিচাপে দিয়া - লোৱাত প্ৰাধান্য দিয়ে, অন্যহাতে পুৰুষে গছৰ পুলি,ঘড়ী ,ইলেকট্ৰনিক্স সামগ্ৰীত গুৰুত্ব দিয়ে।
অতি গুৰুত্বপূৰ্ণ ব্যক্তিৰ বাবে উপহাৰ, নবজাত শিশুৰ বাবে উপহাৰ, জন্ম দিনৰ উপহাৰ, বিবাহ দিনৰ উপহাৰৰ লগত মান-সম্মান, ব্যৱহাৰিক মূল্য জড়িত হৈ থাকে। নতুন শিশুৰ আগমন মানে পৰিয়ালৰ বাবে উদযাপন, আশীৰ্বাদ আৰু আনন্দৰ উৎস। সেইবাবে নবজাত শিশুৰ বাবে উপহাৰ বাচনি হৈছে স্নেহ,যত্ন আৰু শুভেচ্ছাৰ প্ৰতীক। নবজাতকৰ বাবে উপহাৰৰ তালিকাত শিশুৰ বাবে কাপোৰ, আঠুৱা, সৰু বিচনা, কোমল কাপোৰ, শিশুৰ দেহত সনা ক্ৰীম,ডাইপাৰ, বাথ-ছেট, মিল্ক-ৱাৰ্মাৰ আদিয়েই থাকে।বিয়াত সাধাৰণতে দিয়া উপহাৰৰ মানদণ্ড সম্পৰ্কে ভাবিবলগীয়া।মুঠতে স্বাস্থ্যকৰ আৰু সুৰক্ষিত সামগ্ৰী উপহাৰ দিব লাগে।
বিয়াৰ বাবে উপহাৰ বিচাৰি গলে বিক্ৰেতাই অলাগতিয়াল, ভৱিষ্যতে কামত নহা একেবোৰ সামগ্ৰীকে উলিয়াই দিয়ে। নৱ দম্পতীৰ পছন্দৰ প্ৰতি দৃষ্টি ৰাখি উপহাৰ বাছনি কৰা নহয়।সেই উপহাৰ বোৰ বিয়াৰ পিছত দৰা বা কইনাই বেলেগৰ বিয়াত দি নিজৰ ঘৰৰ উপহাৰ ভৰাই থোৱা কোঠালী আজৰি কৰে।এনেকৈ কেতবোৰ উপহাৰ এখন বিয়াৰ পৰা আন এখন বিয়ালৈ ভ্ৰমণ কৰি ফুৰে বুলি সু -লিখক আৰণ্যক শইকীয়াই এঠাইত লিখিছিল।

মন্ত্ৰী, উচ্চ পদস্থ, সমাজত প্ৰভাৱশালী বা জনপ্ৰিয় ব্যক্তিৰ বাবে উপহাৰ বাছনি কৰোতে দিওঁতা সকলে যথেষ্ট মনোযোগ দিয়ে। ইয়াৰ কাৰণ হৈছে উপহাৰটোৰ লগত মান-সম্মান আৰু পেশাগত সৌজন্য সাঙোৰ খাই থাকে। এইক্ষেত্ৰত উপহাৰ দিওঁতে বিনয়ী বোধ আৰু পেশাগত সমতা বজাই ৰখা মুখ্য কথা।উচ্চ-মানৰ হস্তশিল্প, ঐতিহ্যবাহী সামগ্ৰী, কলা-কর্ম আদিৰ লগতে বিখ্যাত লেখকৰ কিতাপও দিয়া হয়। অসমত বেছিভাগ ঠাইত শৰাই উপহাৰ হিচাপে দিয়ে। এগৰাকী জনপ্ৰিয় বক্তাই এদিন এখন সভাত কৈছিল যে, সভা- সমিতিত উপহাৰ হিচাপে পোৱা শৰাই থবলৈ তেওঁৰ ঘৰত ঠাই নোহোৱা হৈছে,পাৰিলে শৰাইৰ সলনি ভাত খোৱা কাঁহী এখন দিলে ভাল পাব ।কাৰণ কাঁহীখন কামত আহিব। এনে ব্যক্তিক অতি মূল্যৱান উপহাৰ দিলে কেতিয়াবা ভুল বুজাবুজি বা অসম্মানজনক পৰিবেশ সৃষ্টি হব পাৰে। উপহাৰ দিওঁতে দৈনন্দিন জীৱনত সহায় কৰা,স্মৃতি বহনকৰা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ যাতে সম্বন্ধ দৃঢ় কৰিব পাৰে।অতি আড়ম্বৰপূর্ণ ভাৱে অথচ অপ্রয়োজনীয় সামগ্ৰী উপহাৰ দিলে বেয়া অভিপ্ৰায় আছে বুলি সন্দেহৰ ভুল ধাৰণা সৃষ্টি কৰে।স্থানীয় সংস্কৃতি আৰু পৰিস্থিতি নুবুজাকৈ উপহাৰ দিলে অপমানৰ আশংকা থাকে।
গৌতম বুদ্ধৰ মতে উপহাৰৰ বস্তুগত মূল্য নাই, মনৰ পবিত্রতাই হল আচল উপহাৰ। বুদ্ধই কৈছিল দাতাৰ মন পবিত্ৰ হ’লে ক্ষুদ্রতম উপহাৰো মহৎ হয়।
মহাত্মা গান্ধীযে উপহাৰ গ্ৰহণৰ ক্ষেত্ৰত বুদ্ধৰ দৰে নৈতিকতা, সংযম আৰু সমতাৰ ওপৰত গুৰুত্ব দিছিল। গান্ধীৰ ক্ষেত্ৰত উপহাৰ দৰ্শন অধিক ৰাজনৈতিক,নৈতিক আৰু স্বাৱলম্বন-ভিত্তিক আছিল।মহাত্মা গান্ধীয়েই নিজে যঁতৰৰ চকৰি ঘূৰাই খাদী সূতাৰ কাপোৰ চিলাই, সেই কাপোৰ বহু লোকক উপহাৰ দিছিল।সেই সময়ৰ ৰাণী এলিজাবেথৰ বিবাহত তেওঁ খাদীৰ কাপোৰ উপহাৰ দিছিল। গান্ধীজীৰ এই উপহাৰ বিলাসী বা ব্যয় বহুল নাছিল কিন্তু অহিংসা, সহজ জীৱন, মূল্যবোধৰ গভীৰ প্ৰতীক আছিল। গান্ধীজীয়ে উপহাৰ মানে মানৱীয় অনুভৱ, সততা আৰু নম্ৰতাৰ প্ৰতীক হব লাগে বুলি লিখি থৈ গৈছে।তেওঁ অতি দামী উপহাৰ যেনে সোন, মণি-মুক্তা, মূল্যবান ঘড়ী আদি উপহাৰ হিচাপে লোৱা নাছিল। দামী উপহাৰ গ্ৰহণ কৰাটো তেওঁৰ আদৰ্শৰ বিপৰীত আছিল। গান্ধীয়ে তেওঁৰ আত্মজীৱনীতো মানুহক সহজ, সংযমী জীৱন পালনৰ উপদেশ দিছিল ।গান্ধীজীক এবাৰ এগৰাকী বিধৱাই নিজ হাতে চিলোৱা এটা ছাতি উপহাৰ দিয়াত তেওঁ কৈছিল " এইয়া মোৰ বাবে সোনৰ মূল্যতকৈো বেছি মূল্যবান।” গান্ধীৰ মতে বিনয়,দয়া,আত্মত্যাগেই হৈছে ডাঙৰ উপহাৰ।

চাণক্যই "কৌটিল্য অর্থশাস্ত্ৰ”ত ৰাজনৈতিক নৈতিকতা, দায়িত্ববোধ আৰু ৰাজধৰ্মৰ বিষয়ে বহু গুৰুত্বপূর্ণ কথা লিখি থৈ গৈছে। তাৰে ভিতৰত উপহাৰ দিয়া আৰু লোৱা বিষয়ে চাণক্যৰ মতামত অত্যন্ত কঠোৰ আছিল।চাণক্যৰ দৃৃষ্টিত উপহাৰ দিয়া–লোৱাই ৰাজনীতিবিদ, ৰাজপুৰুষ বা চৰকাৰী কৰ্মচাৰীক পথভ্ৰষ্ট, পক্ষপাতদুষ্ট, লোভী আৰু সমাজবিৰোধী কৰিব পাৰে।সেয়ে তেওঁ উপহাৰ গ্ৰহণ প্ৰায় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল।চাণক্যই কৈছিল “উপহাৰ দিয়া–লোৱা ৰাজনীতিত ভ্ৰষ্টাচাৰৰ মূল।” চানক্যৰ মতে বিশেষভাৱে চৰকাৰী পদত থকা মানুহে যদি উপহাৰ লয়, তেন্তে সিদ্ধান্তত পক্ষপাত দুষ্ট হ’ব পাৰে,ন্যায়বিচাৰ নহব পাৰে,প্ৰজাৰ বিশ্বাস ভাঙিব,শাসন দুর্বল হব।চাণক্যৰ মতে উপহাৰ গ্ৰহণ কৰি ন্যায়পালন অসম্ভৱ। চাণক্যৰ ভাষাত—“যি উপহাৰ দিয়ে, তেও কিবা পাওঁ বুলি আশা কৰে।”
সাধাৰণ সমাজত “উপহাৰ” মানে সৌজন্য, সম্পর্ক, স্নেহ অথবা কৃতজ্ঞতাৰ চিহ্ন ।কিন্তু হিটলাৰৰ শাসনৰ সময়ত এই শব্দটোৰ অৰ্থ সম্পূর্ণ বেলেগ আছিল।হিটলাৰৰ দিনত উপহাৰ বিশেষকৈ উচ্চপদস্থ সামৰিক আৰু প্ৰশাসনিক ব্যক্তিক দিয়া উপহাৰ—এক ৰাজনৈতিক অস্ত্ৰ, আনুগত্য স্থাপন আৰু ক্ষমতাৰ জৰী কটকটীয়া কৰিবলৈ ব্যৱহৃত হৈছিল।ইয়াৰ বিপৰীতে চাণক্য, গৌতম বুদ্ধ বা মহাত্মা গান্ধীৰ দৰ্শনত উপহাৰ মানে নৈতিকতা, নিৰ্লোভ মানসিকতাৰ মূল্যায়ন আৰু সমতা স্থাপন আদি বুলি গণ্য কৰিছিল।
উইনষ্টন চাৰ্চিললৈ বহু ৰাষ্ট্ৰনায়ক, বন্ধু আৰু সাধাৰণ মানুহে উপহাৰ পঠাইছিল। তেওঁ উপহাৰ সমূহ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছিল: “All the gifts … were scrupulously acknowledged.” তেওঁক দিয়া উপহাৰ সমূহৰ ভিতৰত কেতিয়াবা জীৱন্ত সিংহ, কেংগেৰু আদিও আছিল।
হিটলাৰৰ উপহাৰ গ্ৰহণ নৈতিক বা দৰ্শন নাছিল। তাৰ বিপৰীতে উপহাৰ গ্ৰহন কৰি তেওঁৰ প্ৰতি কোন কিমান আনুগত্য প্ৰকাশ কৰে তাৰ প্ৰমাণ লৈছিল। উপহাৰ মানে হিটলাৰৰ আদেশক প্রশ্নবিহীনভাবে মানিবলৈ বাধ্য কৰা,সম্ভাব্য বিদ্ৰোহী মানসিকতা দমনৰ উপায় বুলি ভাবিছিল।উপহাৰ গ্ৰহন কৰাটো হিটলাৰৰ এক কৌশল আছিল।হিটলাৰৰ উপহাৰ গ্রহণ কেৱল ব্যক্তিগত সৌজন্যতা নহয়; এইয়া আছিল এক ৰাজনৈতিক কৌশল। কূটনৈতিকভাবে মান-সম্মান দেখুৱাবলৈ বিভিন্ন দেশৰ নেতাসকলে হিটলাৰ প্রতি শ্রদ্ধা ও আনুগত্য দেখুৱাবলৈ ঐতিহাসিক বস্তু উপহাৰ দিছিল। সাধাৰণ মানুহৰ পৰা হিটলাৰে উপহাৰ হিচাপে মৌ, হাতেৰে চিলাই কৰা ৰুমাল আদি পালে Unreserved thanks বুলি কৃতজ্ঞতা প্রকাশ কৰি উত্তৰ দিছিল। হিটলাৰৰ শাসনত 'কন্টো- ৫ 'হল গোপন উপহাৰ তহবিল। এডলফ হিটলাৰে নাজী যুগত উচ্চ পদস্থ জাৰ্মান সামৰিক বিষয়া আৰু চৰকাৰী বিষয়াসকলক কৰবিহীন, নিয়মীয়া উৎকোচৰ ধন দিবলৈ ব্যৱহাৰ কৰা এটা গোপন পুঁজি। এনে দৰে উপহাৰ দিয়া -লোৱাৰ নামত জনগণক মানসিকভাবে নিয়ন্ত্ৰণ কৰা, হিটলাৰক এজন দেবতা বুলি কৰা ধাৰণা জীয়াই ৰখা অস্ত্ৰ বুলি গুৰুত্ব দিছিল।
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে এখন সভাত ছাত্ৰ-ছাত্ৰীলৈ তেওঁ উপদেশ দিছিল “আদৰ্শহীন উদ্দেশ্যৰে দিয়া উপহাৰ গ্ৰহণ নকৰিবা।” বিভিন্ন দেশৰ পৰা পোৱা উপহাৰ বোৰ তেওঁ চৰকাৰী কোষাগাৰত জমা দিছিল। এ. পি. জে. আব্দুল কালাম উপহাৰ গ্ৰহণ-বিষয়ত ভাৰতৰ ইতিহাসত আটাইতকৈ কঠোৰ নৈতিক মানদণ্ড স্থাপন কৰা ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উপহাৰ গ্ৰহন কৰা ক্ষেত্ৰত নীতি নিৰ্দ্ধাৰণ কৰিছে। দেশৰ মন্ত্ৰী সকলকো উপহাৰ গ্ৰহণ কৰা ক্ষেত্ৰত নিয়ম বান্ধি দিছে।প্ৰধানমন্ত্ৰী গৰাকীয়ে লাভ কৰা উপহাৰ সমূহ "নমামি গংগা"ৰ দৰে জনকল্যাণ মূলক কামৰ বাবে চৰকাৰী কোষত জমা দিয়ে। দুয়ো গৰাকী নেতাই প্ৰমাণ কৰিছে যে,ৰাজনৈতিক নেতৃত্ব বা ৰাজহুৱা পদত থকা ব্যক্তিৰ ক্ষেত্ৰত উপহাৰ গ্ৰহণ সদায় নৈতিকতা, স্বচ্ছতা আৰু দায়িত্ববোধৰ সৈতে জড়িত। ব্যক্তিগত উপহাৰ জনহিতকৰ কামত লগোৱাৰ বাবে ভাৰতীয় নেতা দুয়োগৰাকীয়ে জনোৱা আহ্বান গুৰুত্বপূৰ্ণ।
ড:শৰৎ বৰকটকী
মো:নং ৯৪৩৫০ ৬৩০১৪





Comments