top of page

একাকীত্বৰ প্ৰাসঙ্গিকতা

Updated: Dec 4, 2025


বৰ্তমান সময়ত “একাকীত্ব” শব্দটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। প্রযুক্তি, সামাজিক মাধ্যম আৰু ব্যস্ততাৰ এই যুগত মানুহে বাহ্যিকভাৱে যিমানেই ব্যস্ত নহওঁক, মানসিকভাৱে বহুসংখ্যক মানুহে একাকী অনুভৱ কৰে।একাকীত্ব মানে কেৱল শাৰীৰিক ভাৱে একেলগে নথকা নহয়; ই মানসিক একান্ততা, অভাৱবোধ আৰু অসহায়তাৰ অনুভূতিৰ সৈতে সম্পৰ্কিত। সমাজত বহুত মানুহৰ মাজত থাকিও মানুহে নিজকে অকলশৰীয়া অনুভৱ কৰে। এই অনুভৱে জীৱনত এক ধৰণৰ শূন্যতা সৃষ্টি কৰে যাক আমি একাকীত্ব বুলি কব পাৰো ।


বৰ্তমান প্ৰযুক্তিবিদ্যাই জীৱনৰ সকলো ক্ষেত্ৰতে বিপ্লৱ ঘটাইছে — যোগাযোগ, শিক্ষণ, বাণিজ্য, বিনোদন আদি সকলো ক্ষেত্ৰতে আমাৰ জীৱন সহজ কৰিছে। কিন্তু এই সুবিধাৰ মাজতেই লুকাই আছে এক গভীৰ সামাজিক সমস্যা — মানুহ মানুহৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। Facebook, Instagram, WhatsApp আদি মাধ্যমৰ জৰিয়তে মানুহে একেলগে আছে বুলি ভাবিছে, কিন্তু বাস্তৱত এই মাধ্যমসমূহে মানুহক মানুহৰ পৰা বিছিন্ন কৰিছে। মানুহৰ মাজত মুখামুখি কথা-বতৰা, অনুভৱৰ আদান-প্ৰদান আদি কমি গৈছে। ফলস্বৰূপে, মানসিক একাকীত্ব বৃদ্ধি পাইছে ।


নতুন প্ৰজন্ম নিজে নজনাকৈয়ে ক্ৰমান্বয়ে এটা নতুন ডিজিটেল জগতত সোমাই পৰিছে যিটোক মেটাভাৰ্ছ (Metaverse) বুলি কোৱা হয় । মেটাভাৰ্ছ হৈছে ইন্টাৰনেটৰ সহায়ত মানুহে নিৰ্মাণ কৰা এখন কৃত্ৰিম পৃথিৱী ।বৰ্তমান প্ৰজন্মই বাস্তৱ জগতৰ লগতে ভার্চুৱেল (virtual) বা ডিজিটেল জগততো জীৱন যাপন কৰিব পৰাৰ লগতে বিভিন্ন কাম, খেলা -ধুলা ,শিক্ষা, ব্যৱসায় আদি কৰিব পাৰে।ভাৰ্চুৱেল পৃথিৱী (Virtual World)ত ইন্টাৰনেট, কৃত্ৰিম বুদ্ধিমত্তা (AI), ভাৰ্চুৱেল বাস্তৱতা(Virtual Reality --VR) আৰু বৰ্দ্ধিত বাস্তৱতা ( Augmented Reality ---AR) একেলগ হৈ মানুহক প্ৰায় বাস্তৱ পৃথিৱী যেন অনুভৱ কৰায়।মানুহে মেটাভাৰ্ছত থকা অফিচ বা বিদ্যালয়ত নিজৰ অৱতাৰ (avatar)ৰ মাধ্যমেৰে কাম বা অধ্যয়ন কৰিব পাৰে। নিজৰ সম্পত্তি বা সামগ্ৰী মেটাভাৰ্ছৰ ভাৰ্চুৱেল স্পেচত কিনা -বেচা কৰিব পাৰে।সংগীতানুষ্ঠান , খেল, চিনেমা আদি বাস্তৱত উপস্থিত থাকি উপভোগ কৰাৰ দৰে উপভোগ কৰিব পাৰি। মানুহে দূৰত থাকিও মেটাভাৰ্ছত মিলি কথা পাতিব পাৰে, যেন একেলগে ঘৰত বহি আছে।মেটাভাৰ্ছৰ যুগত ডিজিটেল বাস্তৱতা আৰু বাস্তৱ জগতৰ সীমা একাকাৰ হৈ পৰে। মানুহে দুয়ো জগতৰ মাজত সহজে স্থানান্তৰ কৰিব পাৰে। ই এক নতুন সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ সূচনা — য’ত প্ৰযুক্তি, চিন্তা আৰু বাস্তৱ জীৱন একেডাল সূতাত গাঁথি লোৱা হয়।


বিশ্ব এক দ্ৰুত গতিত পৰিবৰ্তনৰ মাজেৰে আগবাঢ়ি গৈছে। প্ৰযুক্তি, শিক্ষা, যোগাযোগ আৰু চিন্তাধাৰাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব বিপ্লৱ সংঘটিত হৈছে। এই নতুন যুগটোৰ প্ৰতিনিধি হিচাপে জন্ম লৈছে ‘জেন আলফা প্ৰজন্ম’ ( ২০১০চনৰ পৰা ২০২৪ চনৰ ভিতৰত জন্ম) । এই প্ৰজন্ম একবিংশ শতিকাত জন্ম লোৱা প্ৰথম প্ৰজন্ম। এই সময়খিনিতেই প্ৰথম এপল আইপেড মুকলি আৰু ইনষ্টাগ্ৰাম সৃষ্টি হৈছিল যাৰ বাবে এই প্ৰজন্মক কেতিয়াবা "আইপেড কিডছ" বুলিও কোৱা হয়।এই প্ৰজন্মৰ ব্যক্তি সকল মানৱীয় সম্পৰ্ক আৰু সামাজিক মূল্যবোধৰ পৰা ক্ৰমে আতৰি গৈছে। বাস্তৱ জীৱনৰ খেল-ধেমালীৰ সলনি মোবাইল গেম, কথোপকথনৰ সলনি মেছেজ আদান-প্ৰদান, শিক্ষাৰ ক্ষেত্ৰত ই-লাৰ্নিং, অনলাইন ক্লাছ আৰু ডিজিটেল গেমৰ মাধ্যমত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে।এইবোৰে তেওঁলোকৰ মানসিক বিকাশত এক বিৰূপ প্ৰভাৱ পেলাইছে ।জেন আলফা প্ৰজন্মই জন্মৰ আগতেই মোবাইল, ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ লগত পৰিচিত হৈ পৰে । এজন জেন আলফা শিশুৰ বাবে তেওঁৰ আঙুলিৰ স্পৰ্শত বিশ্বৰ যিকোনো তথ্য পোৱা সম্ভৱ — যিটো ১৯৪৬ চনৰ আগত জন্ম গ্ৰহণ কৰা প্ৰজন্মৰ বাবে কল্পনাৰ বাহিৰৰ বিষয় আছিল। এই ডিজিটেল প্ৰজন্মৰ মাজত সামাজিক মাধ্যমৰ প্ৰতি অতিনিৰ্ভৰশীলতাই ভৱিষ্যতে একাকীত্বৰ অনুভূতি অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।“লাইক”( like) আৰু “ফলোৱাৰ” (follower)জগতত নতুন প্ৰজন্ম প্ৰকৃত সংযোগৰ পৰিৱৰ্তে কৃত্ৰিম সন্তুষ্টিত বিশ্বাসী হৈ পৰিছে ।শেহতীয়াকৈ বিশ্বজুৰি তিনিজন প্ৰাপ্তবয়স্কৰ ভিতৰত এজনে গভীৰভাৱে অকলশৰীয়া অনুভৱ কৰা বুলি গৱেষক সকলে স্বীকাৰ কৰিছে। এক সমীক্ষাত বেবী ব'মাৰ প্ৰজন্মৰ (জন্ম ১৯৪৬ পৰা ১৯৬৪চন) প্ৰায় ৪৪ %, জেন X প্ৰজন্মৰ(জন্ম ১৯৬৫ ৰ পৰা ১৯৮০চন) প্ৰায় ৫৯%,আৰু মিলেনিয়াল প্ৰজন্মৰ (জন্ম ১৯৮১ ৰ পৰা ১৯৯৬চন) প্ৰায় ৬৫% লোক বৰ্তমান একাকীত্বত ভুগিছে বুলি প্ৰকাশ পাইছে ।গৱেষক সকলৰ মতে একাকীত্ব কেৱল এটা আৱেগ নহয় ; ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰাৰ লগতে এটা সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে । অত্যাধিক প্ৰযুক্তি ব্যৱহাৰৰ ফলত জেন জি প্ৰজন্ম (জন্ম ১৯৯৭ ৰ পৰা ২০১২),জেন আলফা প্ৰজন্ম (জন্ম ২০১৩ চনৰ পৰা ২০২৫ চন )বা তাৰ পিছৰ প্ৰজন্ম (জেন বেটা প্ৰজন্ম

জন্ম ২০২৫ ৰ পৰা২০৩৯চন) ৰ মাজত একাকীত্বই মহামাৰী ৰূপ পাব বুলি গৱেষক সকলে মত প্ৰকাশ কৰিছে ।


একাকীত্বৰ বহু কাৰণ থাকিব পাৰে। আধুনিক প্রযুক্তিয়ে মানুহক বহুত সুবিধা দিছে যদিও সেই সুবিধাবোৰ স্ক্ৰিনৰ সীমাৰেখাত বন্দী।পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ গৱেষণাপত্ৰত উল্লেখ কৰিছে যে "ডিজিটেল প্লেটফৰ্মে ঘনিষ্ঠতাৰ ভ্ৰম প্ৰদান কৰে । ই বাস্তৱ,মুখামুখি পাৰস্পৰিক ক্ৰিয়া-কলাপক বাধা দি একাকীত্ব বৃদ্ধি কৰে ।" সামাজিক মাধ্যমত শতাধিক 'বন্ধু' থাকিলেও, বাস্তৱ জীৱনত সহানুভূতি, সঁহাৰি আৰু মনৰ কথা শুনিব পৰা কোনো নাথাকে। চাকৰি, শিক্ষাৰ চাপ, ব্যক্তিগত বিভিন্ন সমস্যাই মানুহক নিজৰ মাজতে আবদ্ধ কৰি ৰাখিছে । মোবাইল বা সামাজিক মাধ্যমৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰিব পৰা বাবে বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ খবৰ লবলৈ মানুহৰ সময়ৰ লগতে প্ৰয়োজন কমি আহিছে ।


একাকীত্বে কেতিয়াবা দুঃখ, মানসিক অসন্তুলন বা হতাশাৰ জন্ম দিব পাৰে ।তথাপিও ইয়াৰ এটা ধনাত্মক দিশো আছে। একাকী সময়খিনি চিন্তন, আত্মঅনুসন্ধান আৰু সৃষ্টিশীলতাৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ। বহু মহান চিন্তক, সাহিত্যিক আৰু শিল্পীয়ে নিজৰ একাকী সময়ত সৃষ্টি কৰিছে অমৰ কৃতিত্ব। সেয়েহে একাকীত্বক সম্পূৰ্ণ নেতিবাচকভাৱে দেখা উচিত নহয়। সমাজত এনে পৰিৱেশ সৃষ্টি কৰিব লাগে, য’ত মানুহে একেলগে থাকিবও পাৰে আৰু প্ৰয়োজনত নিজৰ চিন্তাৰ সৈতে একাকী হ’বও পাৰে। জীৱনৰ ভাৰসাম্য এই দুই অৱস্থাৰ মাজতেই লুকাই আছে — মানুহৰ সান্নিধ্যত সান্ত্বনা আৰু একাকীত্বত আত্মজ্ঞান।


একাকীত্ব জীৱনৰ অংশ, কিন্তু সেই অংশত নিমগ্ন হৈ আত্ম-বিচ্ছিন্নতা সৃষ্টি কৰা উচিত নহয়। একাকীত্বক আত্ম-উন্নয়নৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে ই জীৱনক সুন্দৰ আৰু অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।যেতিয়া একাকীত্বই বিষণ্নতা, সামাজিক বিৰোধিতা বা আত্ম-অবমূল্যায়নৰ ৰূপ লয়, তেতিয়া ই বিপজ্জনক হ’ব পাৰে। একাকীত্বক অৰ্থপূৰ্ণ কৰিবলৈ হ’লে সমাজ, পৰিয়াল আৰু শিক্ষা ব্যৱস্হাত মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন। একাকীত্বৰ মাজত নিজক হেৰুৱাই পেলোৱাৰ পৰিৱৰ্তে একাকীত্বৰ লগত সহবাস কৰি আত্মবিকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰাটো অধিক প্ৰয়োজন।পিতৃ-মাতৃৰ লগতে শিক্ষকৰ দায়িত্ব হৈছে নতুন প্ৰজন্মক সন্তুলিত জীৱনৰ দিকদৰ্শন কৰা— যাতে তেওঁলোকে প্রযুক্তিৰ সুবিধা ল’ব পাৰে, কিন্তু তাৰ দাস নহয়। প্ৰযুক্তিৰ সৈতে মানৱীয়তা, বিজ্ঞানৰ সৈতে নৈতিকতা আৰু বুদ্ধিৰ সৈতে হৃদয় — এইবোৰৰ সমন্বয়ৰে নতুন প্ৰজন্মক এক সফল আৰু সজাগ নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব। জেন জি আৰু জেন আলফা প্ৰজন্ম আমাৰ ভৱিষ্যতৰ ভেটি গঢ়োতা ।তেওঁলোক যদি সঠিক দিশত আগবাঢ়ে, তেন্তে এই বিশ্ব এক অধিক উন্নত, মানবিক আৰু সৃজনশীল স্থানত উপনীত হ’ব।



দীপিকা লস্কৰ

মো:নং ৯৪৩৫২২৪৩৬৩







Comments


bottom of page