লজ্জা
- গীতা মহন্ত শইকীয়া

- Dec 2, 2025
- 3 min read

অফিচ' টোত সোমায়েই মই হতভম্ব!
কােনেও কাৰো মুখলৈ চাবলৈ সময় নাই। মানুহবোৰনো ইমান ব্যস্ত নে? আমাৰ এওঁ দেখোন নিজৰ 'অফিচ'ত 'বেল' টিপিলেই পিয়ন হাজিৰ হয়হি। কিন্তু এইটো 'অফিচ'ত এওঁলৈ চাবলৈ পিয়ন জনৰো সময় নাই।
'আলী, আলী, শুনাচোন। ' এওঁ পিয়নজনৰ খোজত খোজ মিলাই আগলৈ গৈ থাকিল।
'ছাৰ, আপুিন ইয়াতে পাঁচ মিনিট ৰওক। মই সাউতকৈ এইখিনি ('ফাইল' কেইটামান) ছাৰক দি আহো।'
হয়, আলী ঠিক পাচ মিনিটতে আহিল।
'আলী, মোৰ কামটো আজি যেনেতেনে কৰি দিয়া। '
'আপোনাৰ ফাইলটো কোনজন ছাৰৰ টেবলুত আছেবা। ছে: মস্কিলেই হ'ল। '
আলীয়ে মূৰটো খজুৱাই এওঁ লৈ পিৰিক্-পাৰাককৈ চাবলৈ ধৰিলে। এওঁ টকা পাচশ আলীৰ হাতত গুজি দিলে। লগে লগে মুখত হাহিঁ বিৰিঙাই সি টোপাকাঁড় যোৱাদি তাৰপৰা আতিৰ গ'ল। যাওঁতে কৈ গ'ল-
'হ'ব ছাৰ, আপুনি চাহ-তােমাল খাই আহঁকগৈ। '
ক'ত জানো পঢ়িছিলো, বাপেকে পুতেকক সুধিছে-'ডাঙৰ হ'লে তই কি
হ'বি বোপাই? '
'ডাঙৰ অফিচৰ পিয়ন। '
'তই পিয়নহে হ'বি? '
হয় দেউতা, মানুহে কোৱা শুনো ডাঙৰ অফিচৰ পিয়ন বিলাকে বােলে জোতাৰ দৰে গাড়ী সলায়। '
'তুমি পিয়নটোক পাঁচশ টকা দিলা? '--মোৰ বিস্ফোৰিত নেত্র।
'নিদি কি কৰিম কোৱা, নহ'লে সি ফাইলটােকে হেৰাল বুলি ক'ব। '
'হে ভগবান! বিয়াৰ দহ বছৰৰ পিছতো মই পাটৰ কাপোৰ এযোৰ কিনিবলৈ সাহস কৰিব পৰা নাই, পুৰণা কােপাৰ পিন্ধিব লগা বাবেই
বিয়া-সবাহে যাবলৈকে এৰিলো। ইফালে পিয়নটােৱে ইটো ৰুমৰ
ৰ পৰা সিটো ৰুমলৈ ফাইলটো কঢ়িৱাওতেই-----! তাৰ ঘৈণীয়েকে বাৰু মোৰ দৰে নতুন পাটৰ কাপাৰ এযোৰৰ অভাৱত বিয়া-সবাহে নােযোৱাকৈ থাকিব লগা হয়নে?
' তোমাৰ গা বেয়া লাগিছে নেকি? 'এওঁ সুধিলে।
এনেয়েও মোৰ গাটো ভাল নহয়। গুৱাহাটীৰ ডাক্তৰ এজনলৈ ৰেফাৰ কৰাতহে এওঁৰ লগত আহিছো। তাতে এইবোৰ আদৱ-কায়দা দেখি গাটো সচাঁই বেয়া লাগি আহিছে। এওঁ মোক এগৰাকী মহিলা
কৰ্মচাৰীৰ লগত চিনাকি কৰি দিলে। তেওঁ লৰালৰিকৈ চকী এখন অনাই মোক বহাৰ ব্যৱস্থা কৰি দিলে। কোঠােটাত তেৱেঁই একমাত্র মহিলা। তেখেত মোৰ দেহাৰ খা-খবৰ লৈ সহৃদয়তা দেখুৱালে। এতিয়া মোৰ 'ফাষ্ট ইছু' নে 'ছেকণ্ড ইছু' সুধিলে। তেখতৰ ল'ৰা-ছোৱালীহালক দিল্লীত পঢ়ুৱাইছে, 'হাজবেন্ড' মি:কাকতি এজন 'গেজেটেড অফিচাৰ'। কিন্তু আচিৰত হ'লো, তেখতৰ অফিচলৈনো আমি কিয় আহিছো এবাৰো নুসুুধিলে। মইহে উপযাচি ক'লো- আমাৰ সমস্যাটোৰ কথা। সমস্যা মানে কি আৰু, এওঁক বদলি কৰিছে । ঘৰৰপৰা বহুত দূৰলৈ। এনেয়েও চৰকাৰী চাকৰি, বদলি হ'বই। কিন্তু আমাৰ সময়টো বৰ বেয়া হ'ল। মই অন্ত:সত্বা। ইফালে তিনিবছৰীয়া এজনী ছোৱালী আছেই। লগত শহুৰ-শাহু থাকে।শহুৰে চকুৰে ভালকৈ নেদেখে বাবে শাহু অনবৰতে তেখেতৰ লগত ব্যস্ত থাকিব লাগে। দুয়ােৰ যথেষ্ট বয়সো হৈছে। মােৰো সৰুকৈ হ'লেও চাকৰি এটা আছে। গতিকে এনে অৱস্থাত এওঁ বদলি হ'লে সময়ত দৰৱ এটা আনিবলৈও মানুহ এটা নোলাব। সেয়ে যিমান পাৰো সিমান চেষ্টা কৰিছো বদলিকৰণ স্থগিত ৰাখিবলৈ। কাৰোবাৰ বুদ্ধিমতে বিভাগীয় মুৰব্বীলৈ মই আবেদন এখনো প্ৰেৰণ কৰিলো। সেই সংক্রান্তত এওঁ ইতিমধ্যে কেইবাবাৰো গুৱাহাটী লৈ অহা-যোৱা কৰিব লগা হ'ল। প্ৰত্যেক বাৰতে মোক সােধে 'তোমাৰ হাতত টকা কেইটামান হ'বনে বাৰু? 'মই বিপদে আপদে লাগিব বুলি সাঁচি থোৱা টকাখিনিও এইটো কামত লাগি
থাকােতে খৰচ হ'ল। পিছ ভগৱানে চকু মেলি চালে হ'বলা। 'ষ্টে' অৰ্ডাৰ নিবলৈকে আজি ইয়ালৈ আহিছে। নহ'লে অফিচিয়েলি পঠিয়ালে বহুত পলম হ'ব বােলে। মই পিয়নজনৰ কথা ক'লো মিছেছ কাকতিক। তেওঁ মিচিককৈ হাঁহিলে।তাৰ পিছত আকৌ আৰম্ভ হ'ল আমাৰ মাজত শাক-ভাতৰ পৰা দেশৰ ৰাজনীতৰ কথালৈকে। চিনমা-সংগীতৰ পৰা জুবিন গাৰ্গৰ মহানুভৱতা লৈকে। 'এনেবাৰ ভাল ভাল মানুহ আছে বাবেই পৃথিৱীখন এতিয়াও সুন্দৰহৈ আছে। '
ভাল লাগিল মানুহ গৰাকীৰ সততাত। ইতিমধ্য এওঁ ৰ 'ষ্টে অৰ্ডাৰটো টেবলু বাগৰি বাগৰি আহি মিছছ কাকতি ৰ টেবলু পালেহি। এখেত হেনা 'ইছু'ৰ কাম কৰে৷ ঘড়ীৰ চালো। চাৰি বাজো-বাজো। পাঁচ বজাত ডাক্তৰৰ ওচৰত 'এপইণ্টেমন্ট' লোৱা আছে। সেয়ে কওঁ-নকওঁকৈ ক'লল-' আমাৰ কামটো অলপ আগতীয়াকৈ কৰি দিব নেকি? '
'চাও বাৰু, পেন্ডিং কামেই বহুত আছে নহয়'। তেখেত বৰ ব্যস্ত হৈ পৰিল। মোৰ বৰ বেয়া লাগিল, তেখেতক তেনে অনুৰোধ কৰি। নিজকে বৰ সুবিধাবাদী যেন লাগিল। এগৰাকী নীতি-পৰায়না মহিলাৰ ওচৰত যেন মই বৰ সৰুহৈ গ'লো।
ইতিমধ্যে এওঁ মোক বাহিৰলৈ ওলাই আহিব লৈ ইংগিত দিলে। কিন্তু নিজে দেখোন মিছেছ কাকতিৰ ওচৰ চাপিহে গ'ল। মই একো বুজি নাপালো। সন্দেহ হে জাগিল, গুৱাহাটীলৈ সঘনাই অহা-যাৱা কৰোতে মিছেছ কাকতিৰ লগত এওঁৰ কিবা গোপন সম্পৰ্ক গঢ়ি উঠা নাইতো? আচিৰত! এওঁ দেখোন মিছেছ কাকতিক টকাও দিছে? এতিয়াহে উৰহী গছৰ ওৰ পালো। মোৰ সাঁচতীয়া টকাবোৰ আনি আনি এওঁ এই গৰাকী ৰ লগত লীলা কৰি থাকেহি।
এওঁ আকৌ মোৰ ওচৰ পালেহি। সেই জনীয়ে মোক ইমান ভাল ভাল কথা কৈছিল। আনকি ঘোচখোৱা মানুহৰ ল'ৰা-ছোৱালী যে অধ:পতনে যায় সেই পৰ্য্যন্ত। সেই জনী মানুহে আকৌ ঘোচ খাবনে? '''এনেকৈয়ে তোমমলােকে দুৰ্নীতিক প্ৰশ্ৰয় দিছা? '
কিন্তু ওলোটাই এওঁ মোকহে ধমক দিলে।
'সেই জনী মানুহক তুমি মোতকৈ বেছি জানা নেকি? পাঁচশ টকা নিদিলে তেওঁ কাগজ খনকে নােচােৱে। তেতিয়া এই সামান্য কামটোৰ বাবে গুৱাহাটী লৈ আকৌ তাঁত-বাতি কৰি থাকিব লাগিব। গৰমত অহা-যোৱা ৰ কষ্টটো আছেই।লগতে আৰু এগাল খৰচ। '
তেনেতে পিয়নটােৱে এওঁক ভিতৰলৈ মাতি নিলেহি।তেওঁ কাগজ খন আনি মোৰ হাতত দি হাঁহি হাঁহি ক'লে- 'দেখিলা পাঁচশ টকাৰ কামাল। '
মিছেছ কাকিতৰ ওপৰত মোৰ ঘৃণা উপজিল। তেখেতেটো মোক বহুত কাম 'পেন্ডিং'আছে বুলি কৈছিল? তাৰমানে কৰ্মস্থলীত মহিলা এতিয়া আৰু অৱলা হৈ থকা নাই। নিজ চকুৰে দেখিলো বাবেহে। আনে কোৱা হ'লে মোৰ বিশ্বাসেই নহ'লহেতন।ছি:, এনে মহিলাও তেন্তে আমাৰ সমাজত আছে! কথাটো ভাবি এওঁৰ ওচৰত মোৰ ভীষণ লাজ লাগিল।
গীতা মহন্ত শইকীয়া



Comments